অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান
শ্ৰেষ্ঠা অভিনেত্ৰী
—অজন্তা তালুকদাৰ।
(অৰ্পণঃ পৰম্পৰা, ৰীতি, বান্ধোন, দায়বদ্ধতাৰ কটকটীয়া অন্তৰকৰ মাজত জীৱন পাৰ কৰি নিজৰ সপোন জলাঞ্জলি দিয়া এখিনি নিষ্পেষিতা, অসহায় নাৰীলৈ)
বুকুৰ সকলো অনুভূতি এমোকোৰা হাঁহিৰে গাপ দি থ’ব পাৰে তাই। সকলো দুখ পি নীলকণ্ঠী হ’ব পাৰে তাই। আপোনজনৰ সুখৰ বাবে নিজৰ সুখৰ ঈষৎ ৰেঙনিকন হেলাৰঙে ত্যাগ কৰি বুকুৰ আন্ধাৰখিনিতে নিগাজী ঘৰ সাজি জীৱন কটাব পাৰে তাই। তাইৰ অলেখ ৰূপ- জী, বোৱাৰী, আই, খুৰী, বৰমা, মাহী, পেহী, ননদ, জা, শাহু আই, আইতা.. ! অলেখ চৰিত্ৰ! আটাইবোৰৰ ভিতৰত কিন্তু একেজনীয়েই.. তায়েই। তাই শ্ৰেষ্ঠা অভিনেত্ৰী। তাই নাৰী।
জন্মৰ পাছৰে পৰা কেৱল ত্যাগ কৰিবলৈ শিকে তাই। সহোদৰ ভাই-ককাইৰ সুখৰ বাবে সৰুতে আয়ে কয়- ‘সিহঁত ল’ৰা। তই ছোৱালী। সমানে সমানে সকলো কথা নহয়। তই নধৰিবি, এৰ’। তাই নধৰে। এৰি দিয়ে। যৌৱনত আই বোপায়ে কয়- ‘ছোৱালী তই, সকলো কথাত লাগি নাথাকিবি। সিহঁত ল’ৰা। আই বোপাই এই জগতত কত দিনৰ আলহী? বিয়াৰ পাছত ভাই-কাকয়েই চাব লাগিব। কিছু কথা এৰ’। বচ্, তাই এৰি দিয়ে। বুকুৱে কান্দিলেও আই বোপাই, সহোদৰকে দেখুৱাই তাই হাঁহে।
কুশ চিগি বিদায় দিয়া পিতৃ, জন্ম দিয়া মাতৃ আৰু আশৈশৱ ওমলি জামলি ডাঙৰ হোৱা সহোদৰ, ঘৰখন, সমাজ এৰি অজান মানুহ এখিনিক ভাৰসা কৰি এজনক হিয়া মন সপি এঘৰৰ বোৱাৰী হৈ অহাৰ পাছতে তাই বুজি উঠে যে তাই যেন কোনোবা পিতৃ মাতৃয়ে জন্ম দিয়া সন্তান নহয়। তাইৰ প্ৰাণত প্ৰত্যাশা হোৱা অনুচিত। নিজৰ দৃষ্টিত তাই অনুভূতি বিহীন চলন্ত ৰবট ! তাইৰ স্বকীয় সত্তাৰ কোনো স্বীকৃতি নাই। তাইৰ ব্যক্তিগত মত, হেঁপাহ, অভিৰুচি বুলি কোনো কথা নাই। প্ৰতি নিয়ত আনৰ ভাল লগা, বেয়া লগাবোৰ, সুবিধা-অসুবিধাৰ হিচাপ-নিকাচ কৰি আনে ভাল পোৱাকৈ সকলো সুবিধা কৰি দিয়া মাথো এজনী মানুহহে তাই। ‘স্বামীৰ ঘৰখনেই নিজৰ ঘৰ’ বিজ্ঞাপনৰ আঁৰত সৰ্বস্ব এৰি দিয়া এজনী নিঃস্ব মানুহ তাই। ইয়াতো তাইৰ সত্তা নিৰুদ্দেশ। চকুপানীৰ টোপালবোৰ আঁচলেৰে টুকি লৈ নিজক লুকুৱাই তাই স্থিতপ্ৰজ্ঞ হয়। বোৱাৰী, আনে দেখিলে বেয়া বুলিব। ঘৰৰ বোৱাৰী আনৰ নিন্দাৰ পাত্ৰ হোৱা অনুচিত। এয়াতো জীৱন্ত অভিনয়!
সকলো হেৰুৱাইও তাই পুনৰ ঠন ধৰি উঠে নাড়ী চিগি উদৰৰ পৰা পৃথিৱীৰ পোহৰ দেখা তাইৰ কলিজাৰ এটুকুৰাক বুকুৰ পিয়াহ খোৱাই! আন্ধাৰৰ মাজতে এধানিমান ধিমিক-ধামাক পোহৰ-বিন্দুহেন পেটৰ সন্তানক মানুহ কৰিবলৈ তাই পৰাৰ পৰা উঠে, উঠি পৰে, আকৌ উঠে.. ! শৰীৰ, মনৰ সকলো যন্ত্ৰণা নেওচি তাই হাঁহে। তাই যে এতিয়া আই! আই মানেই ত্যাগ, মমতাৰ মেটমৰা ভঁৰাল, দুখৰ বিহবোৰ লুকুৱাই থ’ব পৰাকৈ সাগৰৰ দৰে গভীৰ বুকু। বাঢ়ি অহা সন্তানৰ পিছে পিছে তাইৰ জীৱন প্ৰত্যাশাৰ পাৰা-স্তম্ভ উৰ্ধমুখী হয়..! তাইৰ এতিয়া বহুত দায়িত্ব। তাইৰ ভালবোৰ সন্তানে ল’ব। তাইৰ বেয়াবোৰ প্ৰকাশ হ’লে সন্তানৰ জীৱন পথত অশুভ প্ৰভাৱ পৰিব। গতিকে জীৱনৰ বৰ বিহ পি হ’লেও তাই পোহৰমুখী হোৱাৰ নিখুঁত অভিনয়!
ক’ৰবাত কেতিয়াবা ভাগ্যত কেৰোণ লাগি স্বামী গৃহৰ পৰা উভতি গৈ তাই ভাই-ককাইৰ মুখলৈ চাব লগীয়া হয়। ভাই-ককায়ে তাইক আঁকোৱালি ল’বও পাৰে, নল’বও পাৰে। ল’লে কথা নাই, নল’লে তাই যৌৱনত সিহঁতৰ বাবে এৰি অহা কথাবোৰ অবান্তৰ হয়। হয়, সিহঁতৰো সংসাৰ আছে। তাইকে চাই থাকিবনে? তাই বুজে, সিহঁতৰ অৱহেলাক তাই দেখিও নেদেখাৰ অভিনয় কৰে। তাইক আশ্ৰয়ৰ প্ৰয়োজন। ধৰোঁ বুলিও ধৰিব নোৱাৰা কথবোৰ যৌৱনত এৰাৰ দৰে তাই আকৌ এবাৰ এৰি দিয়ে। জীৱনক প্ৰবোধ, সাহস দিবলৈ তাই জোৰকৈ হাঁহে। বুকু বিষায়, অথচ তাই কন্দাটো নিয়ম বিৰুদ্ধ। অনৰ্থক হাঁহিৰ অভিনয়।
এই সকলোবোৰ জীৱনৰ একো একোখন মঞ্চ। এনে মঞ্চ আৰু অলেখ আছে। ইয়াত তাই নিখুঁতভাৱে চৰিত্ৰ ৰূপায়ণ কৰে। নাৰীত্ব তাইৰ আভূষণ, মনোবল তাইৰ শৃংগাৰ আৰু ত্যাগ তাইৰ অঞ্জন। সুন্দৰ সাজ-সজ্জা, অভূতপূৰ্ব অভিনয় পাৰদৰ্শিতা। শক্তিশালী উপস্থাপন। অথচ তাইৰ কোনো সংলাপ শুনা নাযায়। কিয়নো তাই মূক; তাইৰ কোনো কণ্ঠ নাই। কণ্ঠৰে প্ৰতিবাদ কৰিব বিচাৰিলেই সমাজ আৰু পৰম্পৰাই তাইক ৰুদ্ধ কৰে। নীৰৱে নিতালে তাই চৰিত্ৰাভিনয়ত মগ্ন হয়। তাই নিজৰ চৰিত্ৰটোক দায়বদ্ধতা আৰু বদ্ধমূল ধ্যান ধাৰণাৰ পৰা মুক্তি দি নতুনত্বৰ বোল সনাৰ তিলমাত্ৰও অৱকাশ নাপায়। সময়ৰ লগে লগে সমাজ, দেশৰ বহু কথা সলনি হ’ল, অথচ সংস্কাৰ সাধন নহ’ল তাইৰ সেই মান্ধাতা যুগীয়া চৰিত্ৰৰ। পৰম্পৰা, সমাজ ব্যৱস্থাই আঁকি দিয়া লক্ষ্মণ ৰেখা, বান্ধি দিয়া নিৰ্ধাৰিত ৰীতি মানিয়েই তাই অতি সীমাবদ্ধতাত চৰিত্ৰাভিনয় কৰি গৈছে নিখুঁতভাৱে। কোনোৱে চাই হাঁহিছে, কোনোৱে নিন্দা কৰিছে, কোনোৱে কান্দিছে, কোনোৱেবা সাৰ-সিকতি বিহীন হৈ কেৱল উপভোগ কৰিছে। তাই মাথো যুগ যুগান্তৰৰ পৰা চৰিত্ৰৰ নিৰহ-নিপানীকৈ অভিনয় কৰি গৈছে। নিখুঁত! হয়, তাই শ্ৰেষ্ঠা অভিনেত্ৰী!