সদৌ অসম কবি সন্মিলন, উত্তৰ লক্ষীমপুৰ শাখাৰ উদ্যোগত প্ৰতিথযশা কবি যোগেন টাইডৰ স্মৃতিচাৰণ সভা সম্পন্ন

সদৌ অসম কবি সন্মিলন, উত্তৰ লক্ষীমপুৰ শাখাৰ উদ্যোগত প্ৰতিথযশা কবি যোগেন টাইডৰ স্মৃতিচাৰণ সভা সম্পন্ন


মায়াশ্ৰী শৰ্মা, উত্তৰ লক্ষীমপুৰঃ শব্দৰ যাদুৰে গোটেই অসমৰ কাব্য প্ৰেমীক মোহাচ্ছন্ন কৰি ৰখা লক্ষীমপুৰৰ সু সন্তান, ঘোণাসুঁতিৰ গৌৰব, অসমৰ বিশিষ্ট কবি যোগেন টাইডৰ যোৱা ০৯-১২-২০২৪ তাৰিখে আকস্মিক ভাৱে স্বৰ্গগামী হোৱাৰ খবৰে তেখেতৰ পৰিয়াল বৰ্গৰ লগতে অসমৰ জনসাধাৰণক হৃদয়ত এক গভীৰ শোকৰ ছাঁ পৰিছে।
যোৱা ১১ ডিচেম্বৰ তাৰিখে বিয়লি ৩-৩০ বজাত সদৌ অসম কবি সন্মিলন, উত্তৰ লক্ষীমপুৰ শাখাৰ তৰফৰপৰা প্ৰতিথযশা কবি যোগেন টাইড দেৱৰ এখন স্মৃতিচাৰণ সভা লক্ষীমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়। উপস্থিত কবি সকলে প্ৰয়াত যোগেন টাইডৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। সদৌ অসম কবি সন্মিলনৰ কেন্দ্রীয় প্ৰচাৰ সম্পাদক তথা উত্তৰ লক্ষীমপুৰ শাখাৰ সম্পাদক পংকজ সভাপণ্ডিতে আঁত ধৰা সভাখনত যোগেন টাইডৰ প্ৰতিছবিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে লখিমপুৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ আঁচনি প্ৰৱন্ধক তথা কবি দেবাংগ বিকাশ গগৈয়ে। যোগেন টাইডৰ কবিতা সুঁৱৰি দেবাংগ বিকাশ গগৈয়ে কয় যে প্ৰতিথযশা কবি যোগেন টাইডৰ কবিতা সমূহ ইংৰাজীলৈ অনুবাদ কৰিবৰ বাবে এক উদ্যোগ গ্ৰহণ কৰা উচিত যাতে দেশ বিদেশৰ কাব্য প্ৰেমীয়ে যোগেন টাইডৰ কবিতাৰ ৰস স্বাদন কৰিব পাৰে। প্ৰতিষ্ঠিত কবি দিলীপ গগৈয়ে ঘোণাসুঁতিৰ পাৰত যোগেন টাইডৰ লগত কটোৱা বহু সময়ৰ কথা ব্যক্ত কৰে। কবি গল্পকাৰ পংকজ সভাপণ্ডিতে তেখেতৰ সাক্ষৎকাৰ গ্ৰন্থ “মনৰ কথা জীৱনৰ কথা”ত সন্নিবিষ্ট থকা যোগেন টাইডৰ জীৱনৰ কথা আজি স্মৃতিচাৰণ সভাত উল্লেখ কৰে। পংকজ সভাপণ্ডিত সম্পাদনাত প্ৰকাশিত “লক্ষীমপুৰৰ কবিৰ কবিতা” যোগেন টাইডে উন্মোচন কৰাৰ স্মৃতি স্মৰণ কৰে। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই যোগেন টাইডক তেওঁৰ অন্যতম প্ৰিয় কবি বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। কবি দিগন্ত ডেকাই যোগেন টাইডৰ লগত বিগত দুকুৰি বছৰৰ সম্পৰ্কৰ কথা ৰোমন্থন কৰে। আজিৰ অনুষ্ঠানত উপস্থিত থকা কবি তথা সাহিত্যনুৰাগী ব্যক্তি ক্ৰমে লক্ষী বৰা, চন্দ্ৰকান্ত বৰা,লক্ষী প্ৰসাদ দাস, দিপ্তী ভূঞা,লাৱণ্য ৰানু ফুকন, ৰানাদ্বীপ কৌশিক, নৃপেন ফুকন, বাবুল চন্দ্ৰ হাজৰিকা, অবনী শৰ্মা,দিপজান গোঁহাই, মুকুতা নন্দন কাকতি,হেমন্ত ৰাজবংশী, ৰাতুল দিহিঙ্গীয়া,অচ্যুত কুমাৰ বৰা, লেখন চন্দ্ৰ বৰা, প্ৰনিতা বৰুৱাৰ লগতে সাংবাদিক ৰাহানুদ্দিন আহমেদে প্ৰয়াত কবি যোগেন টাইড দেৱৰ কাব্য যাত্ৰাৰ স্মৰণ কৰাৰ লগতে তেখেতৰ লগত কটোৱা সুবাসিত সময়ৰ কথা ব্যক্ত কৰে। সদৌ অসম কবি সন্মিলনৰ কবি বৃন্দৰ স্বাক্ষৰ সম্বলিত এক শোক প্ৰস্তাৱ শোকসন্তপ্ত পৰিয়াললৈ প্ৰেৰণ কৰে।

  • Related Posts

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰাম-এ যৌথভাৱে যোৱা ৩০ মাৰ্চত বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান কৰে৷…

    অন্যান্য বাতৰি

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন