৩১ মে’লৈকে চলিব কাজিৰঙাৰ জীপ চাফাৰী
নিউজ ডেস্ক ৰিপ’ৰ্টঃ পৰ্যটকৰ বাবে সুখবৰ। অহা ৩১ মে’ পৰ্যন্ত চলিব কাজিৰঙাৰ জীপ ছাফাৰী৷ উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, বাৰিষা বতৰ হোৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা অর্থাৎ পর্যটকে জীপ ছাফাৰী কৰা পথবোৰ বোকাময় হৈ পৰে। পৰ্যটকৰ চলাচল কৰা বাহনবোৰ সমস্যাত পৰে।
অন্যহাতে, বাৰিষা কালত ৰাষ্ট্ৰীয় উদ্যানৰ দ এলেকাবোৰ পানী হৈ পৰাত কিছু বন্যপ্রাণীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা পথৰ ওপৰত বন্যপ্রাণীবোৰ উঠি আশ্ৰয় লৈ থাকে। তেনে সময়ত উদ্যানৰ ভিতৰত থকা পথত সঘনে পৰ্যটকৰ জীপছী গাড়ী চলাচল কৰিলে বন্যপ্রাণীয়ে অসুবিধা অনুভৱ কৰে। সেয়ে আগন্তুক নির্দেশনা নিদিয়া পর্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত অর্থাৎ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত ১৫ মে’ৰ পৰা জীপ ছাফাৰী সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ ঘোষণা কৰিছিল কাজিৰঙাৰ বন কৰ্তৃপক্ষই।
অৱশ্যে এই কেইদিন বতৰ কিছু ফৰকাল হোৱাত অহা ৩১ মে’লৈ পৰ্যন্ত কাজিৰঙাৰ জীপ ছাফাৰী বৃদ্ধি কৰা হৈছে। ইপিনে, যোৱা ৩০ এপ্ৰিলত কাজিৰঙাত বন্ধ হৈছিল হাতী ছাফাৰী। বনবিভাগৰ এক সূত্ৰ মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত বিত্তীয় বৰ্ষত পুৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে বুলি জনাইছে কাজিৰঙা বনবিভাগে। সেইমতে, ২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সুত্ৰত প্ৰকাশ। ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক৷ এই পৰ্যটক সকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ পৰিমানৰ ৰাজহ।