কাজিৰঙাত বিশ্ব কবিতা দিৱস

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ

‘এটা তৰমুজ
বাহিৰে সেউজীয়া ভিতৰি ৰঙা
এখন অৰণ্য
কাজিৰঙা’— কাজিৰঙাখন দেখিবলৈ যেনেকুৱা সেউজীয়া, প্ৰকৃতাৰ্থত তেনেকুৱাই নহয়৷ কাজিৰঙাত ৰঙাৰো প্ৰভাৱ আছে৷— আজি চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত উদযাপন হোৱা বিশ্ব কবিতা দিৱসৰ অনুষ্ঠানত মুখ্য আলোচক হিচাপে উপস্থিত থাকি লেখক, পৰিৱেশকৰ্মী বুবুল শৰ্মাই এইদৰে কয়৷

অনুষ্ঠানত বুবুল শৰ্মাই গোলাঘাট জিলাৰ কাব্যঋষি নীলমণি ফুকন, মৰিয়াহোলাৰ কবি পুতুল হাজৰিকা, পুলিন শৰ্মা, চেনিৰাম গগৈ, সমীৰ তাঁতি, ৰফিকুল হুছেইন, অজিৎ গগৈ, জীৱন নৰহ, বিমান কুমাৰ দলে সহিতে প্ৰায় দুকৰি কবিক স্মৰণ কৰি এই কবিসকলৰ কবিতাৰ বিষয়ে বিতংভাৱে আলোচনা আগবঢ়ায়৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি
কয় যে – “কবিতা কোনোবাই লিখে,কোনোবাই নিলিখে,কিন্ত কবিতাৰ প্ৰেমিক আমি সকলোঁ৷ কবিতা লিখাটো বেয়া কাম হ’ব নোৱাৰে৷” বুবুল শৰ্মাই সন্তোষ প্ৰকাশ কৰি গৌৰৱেৰে কয় যে — “কাজিৰঙাত কেৱল ডাঙৰ ডাঙৰ হোটেল-ল’জেই নাই এখন কলেজো আছে, ইয়ো আমাৰ গৌৰৱ কৰিব লগা বিষয়৷” শৰ্মাই বিশেষভাৱে কাজিৰঙাৰ গ্ৰাম্য সমাজৰ প্ৰভাৱ কেনেকৈ চেনিৰাম গগৈৰ কবিতাক প্ৰভাৱিত কৰিছিল, তেওঁৰ সহজবোধ্য আৰু সৰল কবিতাবোৰ পঢ়িবলৈ সকলোকে আহবান জনায়৷ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত কবিতা গঠনৰ ক্ষেত্ৰত ৰং,চিত্ৰকল্প,ৰূপকৰ ব্যৱহাৰ সম্পৰ্কে খুব সহজ ভাষাত দিয়া বৰ্ণনাই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কলেজৰ প্ৰবক্তা আৰু উপস্থিত কবিতানুৰাগীসকলক আপ্লুত কৰে৷ কবি জীনা গগৈ,কলেজৰ উপাধ্যক্ষ পবিত্ৰ মিচং,ৰিমজিম বৰদলৈ,গীতিকা চহৰীয়া,পৰিস্মিতা ভূঞা,পংকজ ডেকা আদিয়ে কবিতা পাঠ কৰে৷ জ্যোতিস্মিতা গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত ছাত্ৰী খুৰছি মিৰ্জাৰ আৰু জ্যোতিস্মিতা গগৈয়ে কবিতা পাঠ কৰি বিশ্ব কবিতা দিৱসৰ উদযাপনৰ সামৰণি পৰে৷ সভাত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই সন্তোষ প্ৰকাশ কৰে আৰু আজিৰ আলোচকৰ ভাষণক প্ৰশংসা কৰে৷

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ