চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ উদ্যোগ

চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ উদ্যোগ

বুবুল দত্ত, বোকাখাত, ৰাইজৰ খবৰ ডিজিটেলঃ চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ উদ্যোগত অনলাইন শিক্ষাৰ জনপ্ৰিয় অনুষ্ঠান ই-কুঁহিপাঠ (e-kuhipath)ৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞান চৰ্চাৰ অনুসন্ধিৎসা সৃষ্টি তথা প্ৰতিযোগিতামূলক পৰীক্ষা সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে ২০২৩ বৰ্ষৰ পৰা অনুষ্ঠিত হৈ অহা প্ৰজ্ঞা অনুসন্ধান শীর্ষক প্ৰতিভা সন্ধানী পৰীক্ষাটি দেওবাৰে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ মুঠ ছয়টাকৈ কেন্দ্ৰত সম্পন্ন হয়।

নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত পৰীক্ষাটিত ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সৰ্বমুঠ ছটা পৰীক্ষা কেন্দ্ৰ ক্ৰমে চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰ; ডিফুৰ ক্লীৰদাপ শংকৰদেৱ শিশু বিদ্যা নিকেতন, বোকাজানৰ বিদ্যাসাগৰ হাইস্কুল, তেলগৰমৰ প্ৰয়াস বিদ্যামন্দিৰ, বোকাখাতৰ বেষ্ট একাডেমী আৰু গোলাঘাটৰ ৰিলায়েন্স চিনিয়ৰ চেকেণ্ডাৰী স্কুলত পৰীক্ষাটো অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে অসম বুৰঞ্জী, স্বাধীনতা আন্দোলন, সাম্প্ৰতিক ঘটনা প্ৰৱাহ, ৰিজ’নিং আদি বিষয়ক সন্নিৱিষ্ট কৰি সম্পূৰ্ণ ৰূপে প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত OMR যোগে অনুষ্ঠিত হোৱা পৰীক্ষাটোৰ প্ৰশ্নৰ মানদণ্ড আৰু ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্যৰ বাবে অভিভাৱক আৰু বিদ্যায়তনিক মহলে চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰ আৰু ই-কুঁহিপাঠৰ যৌথ প্রচেষ্টাক ভূয়সী প্রশংসা কৰিছে। স্মৰ্তব্য যে অনাগত দিন সমূহত পৰীক্ষাটো সমগ্ৰ অসমজুৰি অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথা চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ অধ্যক্ষ ডঃ দীপক কুমাৰ বৰাই জানিবলৈ দিয়ে।

Related Posts

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

“অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস