গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷

গোলাঘাট জিলা সমিতিৰ উদ্যোগত, ফলঙনি শাখা সমিতিৰ আতিথ্যত আৰু জিলাখনৰ দেৰগাঁও, বৃহত্তৰ কাকডোঙা আঞ্চলিক, গোলাঘাট সদৰ, দৈয়াং-মেৰাপানী, কমাৰবন্ধা, বোকাখাত আৰু বৰপথাৰ শাখাৰ সহযোগত আয়োজিত এই অনুষ্ঠানৰ প্ৰথমদিনা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ পতাকা উত্তোলন কৰে ক্ৰমে গোলাঘাট জিলা সমিতিৰ সভাপতি ড° দীপালি গগৈ আৰু ফলঙনি শাখাৰ সভাপতি বিপুল চন্দ্ৰ গোস্বামীয়ে।

ইয়াৰ পাছতে জিলা সমিতিৰ মুখপাত্ৰ ড০ সুনীল সন্দিকৈয়ে আবৃত্তিকলা চৰ্চাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য দাঙি ধৰে। জাতীয় সংগীত পৰিৱেশনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে। দ্বিতীয় দিনৰ কাৰ্য্যসূচী ফলঙনি শাখাৰ উপদেষ্টা বুবুল শইকীয়াৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভণি কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কবিতা আবৃত্তি আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ উদ্বোধন কৰে ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দয়ানাথ ভট্টাচাৰ্য্যই।

আবৃত্তিকাৰ পাৰিজাত বৰুৱা, পাপৰি শইকীয়া বৰা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে। দিনৰ ১২-৩০ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাখন উদ্বোধন কৰে জিলা সমিতিৰ উপদেষ্টা ড° বিপুল ভূঞাই। জিলা সভাপতি ড০ দীপালি গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উজনি মণ্ডলৰ সাংগঠনিক সম্পাদক ড° মণ্টু কুমাৰ বড়া আৰু গুৱাহাটী মণ্ডলৰ সাংগঠনিক সম্পাদক গুণীন ফুকন নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আবৃত্তিকলা চৰ্চাৰ ইতিহাস, ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্ব গঠনত আবৃত্তিৰ ভূমিকা আৰু বৃত্তিমূলক বিষয় হিচাপে আবৃত্তিকলাৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য দাঙি ধৰে।

সভাত জিলা সমিতিৰ সাংগঠনিক উপ-সভাপতি ড° ধীৰেন তামুলী আৰু শিক্ষা কৰ্মশালাৰ উপ-সভাপতি যুগলজ্যোতি বৰা, জিলা আৰু শাখা সমিতিসমূহৰ বিভিন্ন বিষয়ববীয়াৰ লগতে ফলঙনি অঞ্চলৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। আবৃত্তি, গীত আৰু নৃত্যৰ সমাহাৰেৰে মুখৰিত সভাখনত ক্ৰমে গোলাঘাট সদৰ শাখা, ফলঙনি শাখা, বৃহত্তৰ কাকডোঙা আঞ্চলিক শাখা তথা দেৰগাঁও শাখাৰ লগতে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দলীয় আবৃত্তি পৰিবেশন কৰে। দুয়োটা দিনৰ কাৰ্য্যসূচীৰ আঁত ধৰে ক্ৰমে জিলা সম্পাদক দীপিকা ফুকন, ফলঙনি শাখাৰ উপ-সভাপতি গুণকান্ত ভৰালী আৰু সম্পাদক উৎপল হাজৰিকাই।

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন