গৰমৰ দিনত এইজোপা গছে দিব পৰিত্ৰাণ
তাপমাত্ৰা বৃদ্ধি পাইছে। বৰ্ধিত তাপমাত্ৰাই দহিছে শৰীৰ। আপোনাৰ ঘৰত যদি এইজোপা গছ আছে, তেন্তে এই জোপা গছে এই গৰমত আপোনাক কিছু সকাহ দিব।
এল’ভেৰা বা ছালকুঁৱৰী গছে আপোনাক দিব এই সমূহ লাভালাভ।
উৎকট গৰমে দহিছে শৰীৰ। লগে লগে ছালত চানবাৰ্ণ। তেনেক্ষেত্ৰত অতি ব্যৱহাৰ্য সামগ্ৰী হ’ল এলোভেৰা। অসমীয়াত কোৱা হয় ছালকুঁৱৰী। ঔষধি গুণবিশিষ্ট হোৱাৰ লগে লগে এই সেউজ উদ্ভিদে ঘৰখনকো সজীৱ কৰি ৰাখে। সৌন্দৰ্যৰ আকৰ হৈছে এলোভেৰা। চুলি ছালৰ পৰিচৰ্য্যাৰ বিশ্বস্ত বন্ধু এলোভেৰা। ইয়াৰ লগতে এলোভেৰা জুচ মাইগ্ৰেন, অৰুচি, এনিমিয়া, ভোক নলগা আদি ৰোগ নিৰ্মূলৰ সহায়ক স্বাস্থ্যসন্মত পানীয়।
এইবিধ উদ্ভিদে অতি বেছি ঠাণ্ডা সহ্য কৰিব নোৱাৰে। উষ্ণ আবহাৱাৰ উদ্ভিদ। সঠিক ৰূপত বৃদ্ধিৰ বাবে শুষ্ক মাটি সূৰ্যৰ পোহৰৰ প্ৰয়োজন। টাবত যদি লগোৱা যায় তেনেহ’লে ঘৰৰ বেলকনি বা বাৰান্দা এই গছ ৰখাৰ উপযুক্ত স্থান। পাতত থকা পাল্পত অনেক পৰিমাণে পানী থকাৰ বাবে এই উদ্ভিদত অতিৰিক্ত পৰিমাণে পানী দিব নালাগে। সপ্তাহত এবাৰেই যথেষ্ট। অত্যধিক পানী পালে ইয়াৰ পাতবোৰ কোমল আৰু তললৈ ওলমি পৰে, গছজোপা হালধীয়া হৈ যায় অথবা পাতত দাগ বহে। পানী একেবাৰে নাপালেও আকৌ পাতবোৰ শুকায় যায়।
কেৱল চুলি, ছাল অথবা শৰীৰৰ ক্ষেত্ৰত উপকাৰীয়েই নহয়, ই পৰিৱেশৰ বাবেও দৰকাৰী। এলোভেৰা এবিধ এণ্টি-পলিউচন প্লাণ্ট। এই উদ্ভিদে ঠাইডোখৰ প্ৰদূষণমুক্ত হোৱাত সহায় কৰে।
সংগ্ৰহ আৰু সম্পাদনাঃ গীতিৰেখা দত্ত
(উপৰোক্ত সমূহ তথ্য ইন্টাৰনেট, কিতাপ আদি বিভিন্ন উৎসৰ পৰা লোৱা হৈছে। উক্ত লেখাটো কেৱল সাধাৰণ জ্ঞানৰ বাবেহে৷ ৰাইজৰ খবৰ ডিজিটেলে ইয়াৰ সত্যসত্যতা দাবী নকৰে।)