মাটিৰ মানুহৰ মালিতা
“চাহেব মোৰ হাতত দিল্লীলৈ যাবলৈ টকা নাই, অনুগ্ৰহ কৰি মোলৈ পুৰস্কাৰ পোষ্টেল যোগে পঠিয়াই দিয়ক৷”
এই মন্তব্য আগবঢ়াইছিল পদ্মশ্ৰী সন্মান গ্ৰহণৰ বাবে যাবলৈ যাত্ৰাপথৰ ভাড়া নথকা এগৰাকী সাধাৰণ জীৱন যাপন কৰা কিন্তু অসাধাৰণ ব্যক্তিয়ে। এযোৰ চিগা হাৱাই চেন্দেল,ফ্ৰেম নোহোৱা এযোৰ চশমা আৰু বেঙ্ক ডিপোজিট ৭৩২ টকা—এয়াই আছিল তেখেতৰ আৰ্থিক স্থিতি।
তেওঁ হৈছে এগৰাকী কবি। নাম হলধৰ নাগ। উৰিষ্যাৰ এজন সম্বলপুৰী ভাষা (কোছালি ভাষা)অৰ্থাৎ তেওঁৰ মাতৃভাষাতে কাব্যচৰ্চা কৰি তেঁও হৈ পৰিল “লোক কবি ৰত্ন” ৰূপে খ্যাত। গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ ৰচনা কৰা প্ৰতিটো কবিতাই তেখেতৰ কণ্ঠস্থ তথা হৃদয়ত খোদিত। ‘ধোধো বড়গাছ’ অৰ্থাৎ ‘পুৰণা বটগছ’ তেওঁৰ প্ৰথমটো কবিতা। এইজনা লোককবিয়ে দৰিদ্ৰতাক নস্যাৎ কৰি অসাধ্যকো সাধন কৰি ২০১৬ চনত ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰ অধিকাৰী হবলৈ সক্ষম হৈছিল।
তেখেতৰ জন্ম হৈছিল ১৯৫০ চনত উৰিষ্যাৰ বাৰগড় গাঁৱৰ এটি অতি দৰিদ্ৰ পৰিয়ালত। সৰুতে পিতৃহাৰা হোৱা হলধৰ নাগে সৰুৰে পৰাই ঘৰৰ আৰ্থিক দায়িত্ব পালন কৰিবলগীয়া হোৱাত মাত্ৰ তৃতীয় শ্ৰেণীতে পঢ়া সামৰি মিঠাইৰ দোকানত বাচন ধোৱা কাম কৰিছিল। হলধৰৰ অৱস্থা বুজি গাঁৱৰ গাওঁবুঢ়াই গাঁৱৰেই হাইস্কুললৈ লৈ গৈছিল আৰু তাতে ৰন্ধা-বঢ়া কামত লগাই দিছিল।এনেকৈয়ে চলিছিল ১৬ টা বছৰে তেখেতৰ জীৱন পৰিক্ৰমা।
গুণীয়েহে গুণীৰ মোল বুজে। ২০১৯ চনত সম্বলপুৰ বিশ্ববিদ্যালয়ে তেখেতক সন্মানীয় ডক্টৰেট ডিগ্ৰীৰে বিভূষিত কৰে। “হলধৰ গ্ৰন্থাৱলী ২’’ তেখেতৰ কবিতা সঙ্কলন পুথি ইতিমধ্যে সম্বলপুৰ বিশ্ববিদ্যালয়ে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। তেখেতৰ কবিতা হৈ পৰিছে ডক্টৰেট ডিগ্ৰীৰ গৱেষকৰ গৱেষণাৰ বিষয়। বহু ভাষালৈ অনুদিত হৈছে তেওঁৰ কবিতাৰাজি।
মাটিত খোজ থৈ আকাশ স্পৰ্শ কৰা এইগৰাকী কিংবদন্তি কবি সকলোৰে প্ৰেৰণা হওক।
—গীতিৰেখা দত্ত