বোকাখাতৰ জাতীয় বিদ্যালয়ৰ বাকৰিত বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ,২০২৪ ৰ শুভাৰম্ভ
ৰাইজৰ খবৰ ডিজিটেল, বোকাখাত,২৩ মে’: প্ৰায় চাৰিশ ছাত্র-ছাত্ৰীৰ সমাগমৰে বোকাখাতত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে বিংশতম(২০ সংখ্যক) ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ,২০২৪। জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত বোকাখাতৰ জাতীয় বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হোৱা এই ২০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ খনি প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বিৰুবালা ৰাভা সোঁৱৰণত উৎসৰ্গা কৰা হৈছে।
আজি প্ৰথমটো দিনৰ কাৰ্যসূচী হিচাপে পূৱা ৯ বজাত উদযাপন সমিতিৰ সভাপতি শৰৎ দত্ত আৰু জ্ঞান বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় সভাপতি তপন কুমাৰ শৰ্মাই পতাকা উত্তোলন কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰাৰ পাছতে প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বিৰুবালা ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ষষ্ঠৰ পৰা অষ্টম শ্রেণীৰ ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰা এই সমাৰোহত অংক, বিজ্ঞান, পৰিবেশ, অৰিগামী, জ্যোতির্বিজ্ঞান, গীত-নাট আদি শিকন কোণত আমোদ তথা খেলৰ মাজেৰে ছাত্ৰ ছাত্ৰী সকলক শিক্ষা প্রদান কৰা হয়। ইয়াৰ পিছতে গ্ৰন্থ মেলা, আৰু বোকাখাতৰ যুৱবিজ্ঞানী তথা প্ৰকৃতিপ্ৰেমী সকলৰ কৰ্মৰাজীৰ প্ৰদৰ্শনীৰ আয়োজন কৰাৰ লগতে অতিথি শিশু সকলৰ কাজিৰঙা ভ্ৰমন কাৰ্য্য সূচীৰে দিনটোৰ সামৰণি পৰে। সমাৰোহৰ প্ৰথম দিনটোত উপস্থিত থাকে কটন বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামীৰ লগতে জ্ঞান বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় সভাপতি তপন কুমাৰ শৰ্মা।
উল্লেখযোগ্য যে সমাৰোহত অংশগ্ৰহণৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ১০০ টি শিশু বোকাখাতৰ স্থানীয় এশটা পৰিয়ালৰ ঘৰত ৰাতি আলহী হিচাপে ৰখাৰ ব্যৱস্থাটো বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ এটি অন্যতম বৈশিষ্ট্য।
ইফালে সমাজত দেখা দিয়া সাম্প্রদায়িকতা, ধর্মীয় উন্মাদনা, কু-সংস্কাৰ অন্ধবিশ্বাস, অজ্ঞানতা, নিৰক্ষৰতা, অনগ্রসৰতাক আঁতৰাই বিজ্ঞান মনস্কতাৰ ভেটিত এখন সুস্থ সবল তথা এখন উন্নত সমাজ গঢ় দিয়াত একক আৰু অনন্য মাত্ৰা প্ৰদান কৰি আহিছে জ্ঞান-বিজ্ঞান সমিতি, অসমে।