ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠা দিৱস

ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠা দিৱস

২৫ ম’ ১৯৪৩

সুব্ৰত পুৰকায়স্থ, বোকাখাতঃ ভাৰতীয় জনগণৰ মাজত সাংস্কৃতিক সচেতনতা বৃদ্ধি কৰিবলৈ ২৫ মে’ৰ দিনটোতে জন্ম হৈছিল ভাৰতীয় গণনাট্য সংঘৰ। জন্ম লাভৰ পাছতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৰ্কীত বিষয় বস্তু প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় গণনাট্য সংঘই গুৰুত্ব প্ৰদান কৰিছিল। ভাৰতীয় গণনাট্য সংঘ ভাৰতৰ শিল্পী সকলৰ আটাইতকৈ পুৰণি সংস্থা।

গণনাট্য সংঘৰ প্ৰাৰম্ভিক সদস্য সকলৰ মাজত বিভিন্ন প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠী আৰু থিয়েটাৰ গোটৰ সদস্য তথা অন্যান্য প্ৰগতিশীল সাংস্কৃতিক কৰ্মী আছিল। বিশিষ্ট বিজ্ঞানী হোমি জাহাঙ্গীৰ ভাবাৰ পৰামৰ্শ মতে ‘গণনাট্য’ বা ‘Peoples Theater’ নামটো দিয়া হৈছিল।

১৯৯৪ চনত ভাৰতীয় গণনাট্য সংঘৰ সোণালী জয়ন্তী উপলক্ষে ভাৰতীয় ডাক বিভাগে এটা ডাক টিকট প্ৰকাশ কৰি উলিয়ায়।

ছবিৰ উৎসঃ ইন্টাৰনেট

বিশিষ্ট গণশিল্পী হেমাংগ বিশ্বাসৰ নেতৃত্বত অসমতো গণ সাংস্কৃতিক আন্দোলনে ঠন ধৰি উঠে। ভাৰতীয় গণনাট্য সংঘ অসম শাখাৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰতিষ্ঠাপক সম্পাদক গণশিল্পী হেমাংগ বিশ্বাসৰ নেতৃত্বত এই সংগ্ৰামে পূৰ্ণতা লাভ কৰে আৰু ১৯৪৭ চনত ভাৰতীয় গণনাট্য সংঘ অসম শাখাৰ জন্ম হয়। সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাই সভাপতিৰ আসন অলংকৃত কৰি গণনাট্য সংঘক আৰু গণমুখী কৰি তুলিছিল। অসমৰ বিভিন্ন শিল্পী, সাহিত্যিকৰ দৃষ্টিভংগী গণনাট্য সংঘৰ সান্নিধ্যৰ পোহৰে জ্যোতিস্মান হৈ পৰিছিল। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ ওপৰতো গণনাট্য সংঘৰ মতাদৰ্শই বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল। গণনাট্য সংঘই অসমৰ সাংস্কৃতিক আন্দোলনত সোণালী যুগৰ সৃষ্টি কৰিছিল।

ঢোলৰ যাদুকৰ মঘাই ওজাক আবিস্কাৰ কৰি ঢোলক বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিয়াৰ লগতে প্ৰগতিশীল সাংস্কৃতিক আন্দোলনৰ শাণিত অস্ত্ৰ কৰি তুলিছিল গণনাট্য সংঘই।

বিভিন্ন কাৰণত অসমৰ সাধাৰণ জনতা দিগভ্ৰান্ত হৈ পৰাৰ সময়তে গণনাট্য সংঘৰ নেতৃত্বত গঠিত সুৰ বাহিনীয়ে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ যাত্ৰা কৰি জাতি-বৰ্ণ-ভাষা-ধৰ্ম নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বান্ধি সমাজখন ৰক্ষা কৰিছিল।

এয়া ভাৰতীয় গণনাট্য সংঘৰ ৮১ সংখ্যক প্ৰতিষ্ঠা দিৱস। গণনাট্য সংঘৰ প্ৰতি গৰাকী সতীৰ্থলৈ প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ দেশখনে সন্মুখীন হোৱা এই জটিল সময়ত গণনাট্য সংঘই সন্মুখৰ পৰা নেতৃত্ব লৈ দেশবাসীক এক সঠিক পথৰ সন্ধান দিব বুলি আমি গভীৰ আশাবাদী।

Related Posts

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

“অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস