বিহাৰত সুৰা বন্ধ কৰি কি হ’ল

বিহাৰত সুৰা বন্ধ কৰি কি হ’ল!!

নিউজ ডেক্স, ৰাইজৰ খবৰ ডিজিটেলঃ বহুজনে বুজি পায়, বহুজনে নুবুজে। কিছুমানে আকৌ বুজিও নুবুজে। তৎস্বত্বেও বহুতেই স্বীকাৰ কৰিব যে বহু হিংসাৰ অন্যতম কাৰণ হ’ল সুৰাপান। ভাৰতবৰ্ষৰ পৰিৱেশে মানৱ শৰীৰত মদৰ প্ৰয়োজনীয়তা ৰাখে নে নাৰাখে সেয়া আজিৰ আলোচনাৰ বিষয় নহয়। কিন্তু, আমি সকলোৱেই জানো যে মদৰ বহুল প্ৰয়োগৰ বাবেই বিশেষকৈ স্বামী-স্ত্রী আৰু গার্হস্থ্য হিংসা বৃদ্ধি পায়।

নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ চকীত বহাৰ পাছতেই বিহাৰত নিষিদ্ধ কৰা হয় সুৰা। বহু চৰকাৰে পদূলিয়ে পদূলিয়ে সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰাৰ বিপৰীতে নীতিশ কুমাৰ চৰকাৰে এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰি সুৰা নিষিদ্ধৰ বাবে আইন প্ৰণয়ন কৰিছিল। সুৰাৰ পৰা ৰাজ্যৰ ৰাজহ বহুলাংশে বৃদ্ধি পায় যদিও বিহাৰ চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তত লাভান্বিত হৈছে ৰাজ্যখন৷ সেই সময়ত এই সুৰা নিষিদ্ধ আইনৰ বিভিন্ন পক্ষই বিৰোধিতা অথবা সমালোচনা কৰিলেও বিগত ৮ বছৰত বিহাৰত স্বামী-স্ত্রী আৰু গার্হস্থ্য হিংসাৰ ২১ লাখ ঘটনা নোহোৱা হ’ল। লেনছেট বিজিঅ’নেল হেল্থ ছাউথ-ইষ্ট এছিয়া নামৰ জার্নালখনৰ এটা গৱেষণাধৰ্মী প্ৰবন্ধত বিহাৰৰ সফলতাৰ এই ছবি প্ৰকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা সংস্থা, ৰাষ্ট্ৰসংঘৰ দৰিদ্রতা, স্বাস্থ্য আৰু পৰিপুষ্টি বিভাগৰ দলে চলোৱা এই গৱেষণাৰ তথ্যৰ ভিত্তিত প্ৰকাশ কৰা হৈছিল এই প্ৰবন্ধ। জার্নালখনৰ প্ৰবন্ধটোত লগতে উল্লেখ কৰিছে যে এই ৮ বছৰত সুৰাপানৰ পৰা বিৰত থকাৰ বাবে ৰাজ্যখনৰ ১৮ লাখ পুৰুষ মেহবহুলতাৰ পৰা ৰক্ষা পৰিছে।

২০১৬ চনৰ পূৰ্বে বিহাৰত পুৰুষৰ মাজত সুৰা গ্ৰহণ কৰাৰ হাৰ ১৫ শতাংশ থকাৰ বিপৰীতে সুৰা নিষিদ্ধ আইন কাৰ্যকৰী হোৱাৰ পাছত হিংসাৰ হাৰ যথেষ্ট হ্ৰাস পায়। সুৰা নিষিদ্ধৰ পিছতেই ৰাজ্যখনত বিগত সময়ত ‘আবেগিক হিংসা ৪.৬ শতাংশ আৰু যৌন হিংসা ৩.৬ শতাংশলৈ হ্রাস পাইছে।

  • Related Posts

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    “অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস