ভাৰতৰ এখন বিশেষ চাইকেল। চাইকেল খন আছে চুইডেনত। চুইডেনত কিয় এইখন ভাৰতৰ চাইকেল? পঢ়ক সবিশেষ —
World bicycle day
আৰু এজন নোবেল বঁটা বিজয়ী
ফটোৰ উৎসঃ ইন্টাৰনেট
চুইডেনৰ নোবেল বঁটা সংগ্ৰহালয়ৰ পৰম্পৰা হৈছে প্ৰতিজন পুৰস্কাৰ প্ৰাপকে ব্যৱহাৰ কৰা এটা বা দুটা সামগ্ৰী স্মৰণিকা হিচাপে সংৰক্ষণ কৰা । সামগ্ৰীবিধ এনেকুৱা হ’ব লাগিব যিবিধ সেই নোবেল প্ৰাপকৰ কাম বা সৃষ্টিৰ সৈতে সম্পৰ্কিত। বঁটা প্ৰাপক সকলে ইয়াক নিজে বাছনি কৰে। এই সংগ্ৰহালয়টিতে আছে এখন চাইকেল। এই চাইকেলখন বাৰু ইয়ালৈ কেনেকৈ আহিল ?
এই চাইকেলখন নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ আছিল। অমৰ্ত্য সেনে এই বিষয়ে এনেদৰে লিখিছে, “নোবেল ফাউণ্ডেচনে মোক নোবেল সংগ্ৰহালয়ত প্ৰদৰ্শনীৰ বাবে দীৰ্ঘম্যাদী ঋণ হিচাপে মোৰ কামৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত দুটা বস্তু বিচাৰিছিল। কিছু সংকোচেৰে সৈতে, মই নবেল সংগ্ৰহালয়ক ‘আৰ্যভাটিয়া’ (খ্ৰীষ্টপূৰ্ব ৪৯৯ ত লিখা গণিত বিষয়ক বিখ্যাত সংস্কৃত শাস্ত্ৰ) কিতাপখন দিছিলো যাৰ পৰা মই যথেষ্ট উপকৃত হৈছিলোঁ আৰু মোৰ পুৰণি চাইকেলখন , যিখন স্কুলীয়া দিনৰ পৰাই মোৰ সংগী আছিল। যেতিয়া মই ১৯৪৩ চনৰ বেংগল দুৰ্ভিক্ষ অধ্যয়ন কৰি আছিলো, মই পুৰণি ফাৰ্মহাউচ আৰু ৱেৰহাউচৰ দৰে দুৰ্গম স্থানৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ চাইকেল ব্যৱহাৰ কৰিছিলো। ইয়াৰ উপৰিও, মই শান্তিনিকেতনৰ চাৰিওফালৰ গাওঁবোৰত পাঁচ বছৰ বয়সৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ ল’ৰা আৰু ছোৱালীৰ ওজন জোখাৰ বাবে মোৰ চাইকেলত এটা ওজনৰ যন্ত্ৰ লৈ গৈছিলো। মই লিংগ বৈষম্য আৰু ছোৱালীৰ স্পষ্ট বঞ্চনাৰ পৰ্যায়ক্ৰমিক ছবিখন অন্বেষণ কৰিছিলো। ….. মই ডাঙৰ হোৱাৰ সময়ত মোৰ মা-দেউতাৰ পৰা উত্তৰাধিকাৰী হিচাপে পোৱা সাধাৰণ এটলাচ চাইকেলখন প্ৰাপ্তবয়স্কসকলৰ চাইকেলতকৈ সৰু আছিল। কিন্তু মই এইখন পঞ্চাশ বছৰতকৈও অধিক সময় ধৰি ব্যৱহাৰ কৰিছিলো, ১৯৪৫-১৯৯৮ পৰ্যন্ত, তাৰ পিছত ই নোবেল সংগ্ৰহালয়ৰ অধীনত আছে।
ফটোৰ উৎসঃ ইন্টাৰনেট
চাইকেলখন কেৱল মাত্ৰ শান্তিনিকেতনৰ ভিতৰত দ্ৰুত চলাচলৰ কাৰ্যত ব্যৱহাৰ কৰাই নহয়, বৰং চৌপাশৰ গাঁৱৰ যিবোৰ আদিবাসী ল’ৰা-ছোৱালীৰ প্ৰাথমিক শিক্ষা লাভৰ সুবিধা নাছিল, তেওঁলোকৰ বাবে যেতিয়া আমি নাইট স্কুল আৰম্ভ কৰিছিলোঁ, তেতিয়া যাতায়তৰ বাবে এই চাইকেলখন ব্যৱহাৰ হৈছিল। আমাৰ ক্লাছৰ কিছু বন্ধু তথা এই নাইট স্কুলৰ শিক্ষকৰ কোনো চাইকেল নাছিল। তেতিয়া তেওঁলোকক মোৰ চাইকেলৰ পিছত আনকি সমুখৰ বাৰৰ ওপৰত বহুৱাই নোলোৱাকৈ মোৰ চাইকেল চলোৱাটো তেনেই বিৰল আছিল।”
সংগ্ৰহ আৰু সম্পাদনাঃ গীতিৰেখা দত্ত