চাহ গছ উভালি হোটেল নিৰ্মাণ মানি লোৱা নহ’ব
চাহ বাগিছা উচ্ছেদৰ প্ৰতিবাদত আটছাৰ নেতৃত্বত উত্তাল কাজিৰঙাৰ হাতীখুলি
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙা, ৫ জুনঃ
চাহ বাগিছা উচ্ছেদ কৰি পঞ্চ তাৰকা হোটেল নিৰ্মাণ কৰাৰ প্ৰতিবাদত আজি শতাধিক শ্ৰমিকে উত্তাল কৰি তোলে কাজিৰঙাৰ হাতীখুলি৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ নেতৃত্বত মুকলিলৈ ওলাই অহা শ্ৰমিকসকলে কয় যে চাহ বাগিছা আমাৰ প্ৰাণ, চাহ গছবোৰ আমাৰ একো একোটা জীৱন৷ আমাক হত্যা কৰি ইয়াত নামী দামী হোটেল সাজিবলৈ লোৱাটো কেতিয়াও মানি ল’ব নোৱাৰি৷ আটছাৰ নেতৃত্বত প্ৰতিবাদী শ্ৰমিকসকলে হাতীখুলি চাহ বাগিছাৰ মুখ্য কাৰ্যালয় তথা কলঘৰ ঘেৰাও কৰি চৰকাৰৰ শোষণ নীতি নচলিব, চাহ শ্ৰমিকক হত্যা কৰাৰ পৰিকল্পনা চৰকাৰ গ’ বেক, বাগিছা কৰ্তৃপক্ষৰ গোপন বুজাবুজি বন্ধ কৰক আদি শ্ল’গান দি সমগ্ৰ এলেকা উত্তাল কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি আটছাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অনিত গড়, গোলাঘাট জিলাৰ সম্পাদক কুমুদ কালিন্দী, বোকাখাত শাখাৰ সভাপতি সুৰজিত পাইক আৰু সম্পাদক অমৃত সাগৰে কয় যে কাজিৰঙাত চৰকাৰী পৃষ্ঠপোষকতাত তাজ হোটেল নিৰ্মাণ কৰিবলৈ লৈছে৷ কৰক, আপত্তি নাই৷ কিন্তু, চাহ বাগিছা উচ্ছেদ কৰি কিয় চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত লৈছে৷ এয়া কোনোপধ্যেই মানি লোৱা নহ’ব৷ উল্লেখ্য যে তাজ গ্ৰুপে হাতীখুলি চাহ বাগিছাৰ ভূমিত অচিৰেই পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হ’ব বুলি কিছুদিনৰ পূৰ্বে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমক অৱগত কৰিছিল৷ ইপিনে, এই দুঘণ্টীয়া প্ৰতিবাদৰ প্ৰতিবাদথলীত বোকাখাতৰ চক্ৰ বিষয়া চম্পক ডেকা উপস্থিত হোৱাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই বোকাখাত চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ পঞ্চতাৰকা হোটেল নিৰ্মাণক বিৰোধিতা কৰি স্মাৰকপত্ৰ প্ৰদান কৰে৷ তদুপৰি, বাগিছাৰ আঠ হেক্টৰ ভূমি হোটেল নিৰ্মাণৰ বাবে প্ৰদান কৰাৰ বিৰোধিতা কৰাৰ লগতে সংগঠনৰ নেতৃত্বই কয় যে দিনক দিনে চাহ শ্ৰমিকসকলক বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে কৰ্তৃপক্ষই৷ চাহ গছ উঠাই সেই ভূমিত অট্টালিকা নিৰ্মাণ কাৰ্য্যক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি উল্লেখ কৰে৷ নেতৃত্বই কয় যে চাহ বাগিছাৰ ভূমিত পঞ্চতাৰকা হোটেল স্থাপনৰ পাছত শ্ৰমিক সকল উপকৃত হব নোৱাৰে৷ যাৰ বাবেই চাহ শ্ৰমিকসকলৰ দাবী সমূহ পূৰণ নহ’লে কোনো কাৰণতে তাজ হোটেল নিৰ্মাণত সংগঠনটোৱে সমৰ্থন নকৰে বুলি স্পষ্ট কৰে৷ আনহাতে, মুখ্যমন্ত্ৰীলৈ প্ৰদান পৰা স্মাৰকপত্ৰৰ সুদুত্তৰ নোপোৱা পৰ্যন্ত এই প্ৰতিবাদ চলি থাকিব বুলি হুংকাৰ দিয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাই৷