এক লাখ গছ পুুলি ৰোপণৰ উদ্যোগ

এক লাখ গছ পুুলি ৰোপণৰ উদ্যোগ, কাজিৰঙাত বিশ্ব পৰিৱেশ দিৱস পালন

ৰাইজৰ খবৰ ডিজিটেল, ৫ জুন, কাজিৰঙাঃ এজাক কণমানি৷ হাতে হাতে একোটাকৈ গছপুলি লৈ কণমানিজাক ওলাই আহিছে কাজিৰঙাৰ ৰাজপথলৈ৷ উদ্দেশ্য হ’ল, পৰিৱেশ সুৰক্ষাৰ আহ্বান জনাই সকলোকে সচেতন কৰা৷ “গছ থাকিলেহে মানুহ থাকিব৷ সেয়ে গছ নাকাটিব৷”— এই আহ্বানেৰে কণমানিজাকে উলিয়াইছে সমদল৷ আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলে কণমানিজাকৰ জৰিয়তে লৈছে এই আদৰণীয় পদক্ষেপ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভূৱন খতিয়ৰা, পৰিচালনা সমিতিৰ সভাপতি ডায়েৰী প্ৰসাদ উপাধ্যায়, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মঞ্জু পূজাৰী তথা সমূহ শিক্ষক-শিক্ষয়ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় আজিৰ পৰিৱেশ দিৱসৰ দিনজোৰা কাৰ্যসূচী৷ পুৱা প্ৰাতঃসভাত পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যাৰ পাছতে বিদ্যালয়খনৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে Keep Kaziranga Clean and Green শিৰোনামৰ সমদল উলিয়ায়৷ বিদ্যালয়ৰ পৰা কাজিৰঙা বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহলৈকে গৈ পুনৰ বিদ্যালয়লৈ উভতি অহা সমদলটোৱে ৰাজপথত গছ সুৰক্ষা তথা পৰিৱেশ সুৰক্ষাৰ শ্ল’গান দিয়ে৷ কণমানি শিক্ষাৰ্থীসকলে তথাকথিত উন্নয়নৰ নামত গছ-বন নাকাটিবৰ বাবেও আহ্বান জনায়৷ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মঞ্চ আৰু অভিভাৱক-সচেতন ৰাইজে সহযোগিতা আগবঢ়োৱা পৰিৱেশ দিৱসৰ কাৰ্যসূচীটিত বিদ্যালয় চৌহদত কেইবাজোপা গছপুলি ৰোপণ কৰা হয়৷ ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীৰ মাজত অৱসৰপ্ৰাপ্ত বনবিষয়া তথা চিত্ৰশিল্পী চিন্ময় ধৰ আৰু অসম পৰ্যটনৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰাণ চন্দ্ৰ ঘোষৰ নেতৃত্বত চিত্ৰাংকন প্ৰতিযোগিতা আৰু দ্য কৰবেট ফাউণ্ডেচনৰ কৰ্মকৰ্তা দিব্যজ্যোতি শইকীয়াৰ দ্বাৰা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ ইপিনে, ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা অনাৰ প্ৰয়াসেৰে এখনি সভা অনুষ্ঠিত কৰা হয়৷ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মঞ্চৰ হৈ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলে, আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিৱেশ কৰ্মী মনোজ গগৈ, বিদ্যালয়খনৰ শিক্ষয়িত্ৰী অৰ্চনা ভট্টাচাৰ্যই বক্তব্য আগবঢ়ায়৷ সাংবাদিক তৰালি শইকীয়া, কাজিৰঙা অধ্যয়ন চক্ৰৰ সঞ্চিতা দে’, ভাৰতী দৰ্জীৰ লগতে বিভিন্নগৰাকী অতিথি উপস্থিত থকা সভাত তাই আহোম ছাত্ৰ সন্থাৰ কাজিৰঙা আঞ্চলিকৰ হোমেন গগৈকে ধৰি বিভিন্ন বিষয়-ববীয়া উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক পৰিৱেশ সজাগতা সম্বন্ধীয় বক্তব্য আগবঢ়ায়৷ সভাতে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়তে অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয়৷

এক লাখ গছ পুলি ৰোপণৰ লক্ষ্যৰে উদ্যোগ দুই জাতীয় সংগঠনৰ
টাই আহোম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ বুধবাৰে কাজিৰঙাত লোৱা হয় কেইবাটাও আদৰণীয় কাৰ্যসূচী৷ কাজিৰঙাৰ বহুকেইখন শিক্ষানুষ্ঠানত তেওঁলোকে গছপুলি ৰোপণৰ সমান্তৰালভাৱে পৰিৱেশ সজাগতা সম্বন্ধীয় কাৰ্যসূচী হাতত লয়৷ আগন্তুক সময়ত এক লাখ গছপুলি ৰোপণেৰে সমগ্ৰ এলেকাটো অধিক সেউজ কৰাৰ মানসেৰে প্ৰথম পদক্ষেপ হিচাপে আজিৰ অনুষ্ঠান কৰে সংগঠনদ্বয়ে৷ টাই আহোমৰ গোলাঘাট জিলা সমিতিৰ সহকাৰী সম্পাদক শংকৰ জ্যোতি বৰা, কাজিৰঙা আঞ্চলিক সমিতিৰ সভাপতি বিমান বৰুৱা, সম্পাদক ভৰত মণি গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিকৰ উপদেষ্টা অনন্ত গগৈৰ নেতৃত্বত শিক্ষানুষ্ঠানসমূহত উপস্থিত হৈ গছপুলি ৰোপণ তথা সজাগতাৰ কাৰ্যসূচী লয়৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস