কাজিৰঙাত কাৰ বাবে এই উন্নয়ণৰ শ্ল’গান?

কাজিৰঙাত কাৰ বাবে এই উন্নয়ণৰ শ্ল’গান?

কোনে ল’ব এই আন্দোলনৰ নেতৃত্ব?

— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী।

ফ্ৰিকা ,এচিয়া মহাদেশৰ দৰে পিছপৰা কিন্তু প্ৰাকৃতিক সম্পদত চহকী দেশবোৰত উপনিৱেশ প্ৰতিষ্ঠা কৰি শোষণ চলাই বৃটিছে পুঁজি বৃদ্ধি কৰিছিল। অসমৰ খনিজ পদাৰ্থ, বনজ সম্পদ, চাহ, কপাহ, ভূমি ৰাজহ, সস্তীয়া শ্ৰম আদি ব্যৱহাৰ কৰা আৰু একচেতীয়া বেহা-বেপাৰৰ দ্বাৰা পুঁজি টনকিয়াল কৰাই ঔপনিৱেশিক শাসক বৃটিছ সকলৰ উদ্দেশ্য আছিল। তেওঁলোকৰ দ্বাৰা নিৰ্মাণ কৰা বন নীতি আইনবোৰো আছিল তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈহে ৷ তেওঁলোকৰ বাবে অসমৰ উৰ্বৰ ভুমি আছিল অতি গুৰুত্বপূৰ্ণ। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাৰুৱা মাটিৰ, ওপৰত বৃটিছ পুঁজিপতি সকলৰ দৰেই আমাৰ দেশৰ আজিৰ পুঁজিপতিসকলৰো দৃষ্টি। অনুমান কৰিব পাৰি ১৮২৩ চনত ৰৰ্বাট ব্ৰুচে অসমৰ হাবিত চাহ আৱিষ্কাৰ কৰা আৰু কুৰি শতিকাত আজিৰ “কাজিৰঙাত পৰ্যটনৰ সম্ভাৱনা আৰু প্ৰাকৃতিক সম্পদ” নিজৰ মুনাফাৰ কথা ভাৱিয়েই বৃটিছৰ দৰেই দেশৰ আম্বানি, আদানি, টাটা আদি পুঁজিপতি সকলৰ মনত অসম তথা কাজিৰঙাৰ প্ৰতি অধিক হাবিয়াস, হস্তক্ষেপ আৰু বৃদ্ধি পাইছে। দেশৰ জনতাৰ অৰ্থনৈতিক দুৰৱস্থাৰ মাজত দেশৰ ইমুৰৰ পৰা সিমূৰলৈ কেৱল ধন ঘটাৰ বিকল্পৰ সন্ধানত লাগিছে৷ এসময়ত অসমৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ লৈ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ যোগেদি বৃটিছে অসমৰ‌ শাসনভাৰ নিজৰ হাতলৈ নিয়া বৃটিছ শাসনৰ ছত্ৰছায়াত অসমত মধ্যশ্ৰেণী এটাৰ সৃষ্টি হৈছিল আৰু যিসকল বৃটিছ ঔপনিৱেশিক শাসন আৰু শোষণৰ অংশীদাৰ হৈছিল। আজিও একেদৰে এনে মধ্যশ্ৰেণীটোৱে কাজিৰঙাৰ সকলো সুবিধা, পুঁজি আৰু সা-সম্পদৰ অধিকাৰী হোৱাৰ চেষ্টাত উঠিপৰি লাগিছে৷ মণিৰাম দেৱান, আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱাৰ দৰে থলুৱা মধ্যবিত্ত শ্ৰেণীটোক বৃটিছ বিষয়া ডেভিদ স্কটে, জেনকিনছ্ চাহাবে, এগ্ নিউ চাহাবে, যদুৰাম ডেকা বৰুৱাক কেপ্তেইন ৱেটছ চাহাবে আৰু গংগা-গোবিন্দ ফুকনক ইডেন চাহাবে অনুগ্ৰহ কৰিছিল।বৃটিছসকলে এই চালুকীয়া মধ্যশ্ৰেণীটোৰ বিদ্বান সকলক দেখুৱা অনুগ্ৰহৰ আঁৰত তেওঁলোকৰ ঔপনিৱেশিক শাসনৰ স্বাৰ্থ থকা কথা অস্বীকাৰ কৰিব নোৱাৰি।

কাজিৰঙাত বাস কৰা স্থায়ী আৰু অস্থায়ী মধ্যবিত্ত তথা সুবিধাবাদী চৰিত্ৰৰ মানুহবোৰে চাহবাগিছাৰ মানুহৰ মাটি দখল কৰি হায়াত হোটেল বনোৱাৰ বিৰুদ্ধে কাহানিও মাত নিদিয়ে বা আন্দোলনকাৰীসকলক কোনো ধৰণৰ সমৰ্থন নিদিয়ে। তেওঁলোক পুঁজিপতিৰ উন্নয়ণৰ প্ৰতিহে আনুগত্যশীল লোক। কাজিৰঙাত দুই-এখন বৃহৎ হোটেলৰ বৃহৎ লাভালাভে এটা অঞ্চলৰ উন্নয়ণক প্ৰতিনিধিত্ব নকৰে। যেতিয়ালৈকে থলুৱা মানুহৰ জীৱিকা, ভূমি, সামাজিক সুৰক্ষা সম্ভৱ নহয়। গণ অভ্যুত্থানৰ অবিহনে কোনোবাই অকলে মণিৰাম দেৱানৰ দৰে বৃটিছক (শেষৰফাললৈ) কাজিৰঙাৰ কোনো সংগঠন বা শক্তিশালী ব্যক্তিয়ে উভতি ধৰিলে দুদিনতে তেনে শক্তিক ওফৰাই দিবলৈ বা মেনেজ কৰিবলৈ পুঁজিপতিৰ এই শক্তিশালী লবীটোৰ বেছি সময় নেলাগিব।

মনত ৰাখিব মণিৰাম দেৱানক ফাঁচী দিয়াইছিল থলুৱা অসমীয়াৰ হতুৱাই। বুৰঞ্জীৰ এই কথা পাহৰিলে নহ’ব। কাজিৰঙাক পৰ্যটন নগৰী হিচাপে দেধাৰ উন্নতি কৰা বুলি এই স্থানীয় আৰু বাহিৰা মধ্যবিত্তৰ লবীৰ আনুগত্যশীলসকলে (বিশেষকৈ বৃহৎ হোটেল বেপাৰীসকল আৰু তেওঁলোকৰ ঠিকাদাৰ-মহৰীসকলে) চিঞৰি থকা দেখা যায়।

কিন্ত বাস্তৱত কাজিৰঙাৰ সাধাৰণ থলুৱা মানুহৰ অৰ্থনৈতিক অধিকাৰ, ভূমিৰ সুৰক্ষা, সামাজিক, শৈক্ষিক সুৰক্ষা আদি এইবোৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত এইবোৰ মানুহে কিবা কৰিছেনে? তেওঁলোকৰ বৃহৎ ‘বচ’সকলক কাজিৰঙাৰ থলুৱা মানুহৰ স্বাৰ্থত এষাৰ কথা কয়নে? অৱশ্যে নিৰ্বাচনৰ সময়ত আজি উচ্ছেদ হোৱা মানুহবোৰেই এই হায়াত বনোৱা পুঁজিপতিসকলক সহায় কৰা ৰাজনৈতিক শক্তিবোৰক সমৰ্থন দিবলৈ হিলদল ভাঙি ওলাই আহিবলৈ আবেগৰ ঢল সৃষ্টি কৰিছিল।

স্থিতাৱস্থাৰ পোষকতা কৰা সকলৰ এটাই লক্ষ্য যেনে তেনে কাজিৰঙাত যিকোনো উপায়েৰে আয় বৃদ্ধি কৰিব পৰা এটা অৱস্থাৰ সৃষ্টি কৰা। তাৰবাবে কৃষক-শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ, শোষণ বাঢ়ি গ’লেও এই মধ্যবিত্ত শক্তিটোৰ একো নাযায়। তাৰবাবে কাজিৰঙাৰ পাৰিপাৰ্শ্বিকতাৰ লোকচান হ’লেও তেওঁলোকৰ একো নাযায়।

স্থানীয় এই শক্তিবোৰৰ কোনোবাই ডিঙি ফুলাই ফুলাই মাজে মাজে থলুৱাৰ চেণ্টিমেণ্ট দিয়া দেখা যায়। বাস্তৱত থলুৱা মানুহৰ সমস্যাৰ সম্পৰ্কত কোনো বৈজ্ঞানিক দৃষ্টিভংগীৰ অধিকাৰী নোহোৱা এইবোৰ লোকে কেনেকৈ বা যেনে তেনে পুঁজিপতিসকলৰ পৰা কেনেকৈ লাভৱান হ’ব পাৰে, কেনেকৈ সুবিধাবাদী ৰাজনীতিৰ পৰা লাভৱান হ’ব পাৰে, তাৰেই চিন্তাত মগ্ন হৈ থকা দেখা যায় আনকি থলুৱা নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰা অথবা বিভ্ৰান্ত কৰাত মচগুল হয়।

থলুৱা মানুহক বাহিৰৰ পুঁজিপতিসকলে গোলামৰ দৰে ব্যৱহাৰ কৰিলেও এই শ্ৰেণীটোৰ চকুপানী নোলায়! বন্যজন্তৱে ক্ষতি কৰা কৃষকক উপযুক্ত ক্ষতিপূৰণৰ কথা এওঁলোকে কাহানিও নক’য়৷ এইবোৰ মানুহেই আকৌ কাজিৰঙাত একাংশ ৰাজহুৱা অনুষ্ঠানৰ চকুৰ মণি হোৱা দেখা যায়।

কাজিৰঙাৰ পথাৰ শেষ। কাজিৰঙাৰ পাহাৰ-হোলা শেষ হোৱাৰ পথত। ঐক্যবদ্ধ থলুৱা লোকৰ আপোচবিহীন সংগ্ৰামৰ অবিহনে কাজিৰঙাৰ পাৰিপাৰ্শ্বিকতা আৰু থলুৱাৰ নিৰাপত্তা নিৰাপদ নহয়।

এই আন্দোলনৰ নেতৃত্ব কোনে দিব? চাহবাগিছাৰ শ্ৰমিকসকলৰ ভোটেৰে শাসনলৈ অনাৰ ক্ষেত্ৰত মহৰীৰ দৰে ভোট ভিক্ষা কৰা বাগানৰ নেতাসকলে এতিয়া চৰকাৰক থলুৱা মানুহৰ অধিকাৰক সুৰক্ষা দিবলৈ বাধ্য কৰাব পাৰিবনে?

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস