বোকাখাতত বীৰ বীৰছা মুণ্ডাৰ ১২৪ সংখ্যক শ্বহীদ দিৱস উদযাপন

বোকাখাতত বীৰ বীৰছা মুণ্ডাৰ ১২৪ সংখ্যক শ্বহীদ দিৱস উদযাপন
৫৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাত, ৯ জুনঃ বোকাখাতত উদযাপন কৰা হয় বীৰ বীৰছা মুণ্ডাৰ ১২৪ সংখ্যক শ্বহীদ দিৱস৷ অসম মুণ্ডা মহাসভাৰ বোকাখাত আঞ্চলিক সমিতিৰ উদ্যোগত, বৰচাপৰি প্ৰাথমিক সমিতি আৰু ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা এই অনুষ্ঠানতে ৫৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ আজি পুৱাৰ ভাগত সিং বংগা থানত পৰম্পৰাগত পূজা-অৰ্চনা কৰাৰ পাছতে বোকাখাত আঞ্চলিকৰ সভাপতি বাবলু মুণ্ডাই পতাকা উত্তোলন আৰু আঞ্চলিকটিৰ ভাৰপ্ৰাপ্ত সম্পাদক যোগেশ মুণ্ডাই স্মৃতি তৰ্পন কৰে৷

ইয়াৰ পিছতে অসম মুণ্ডা মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা নাৰ্মি মুণ্ডা, সাংগঠনিক সম্পাদক প্ৰেমলাল মুণ্ডা, গোলাঘাট জিলা সমিতিৰ সভাপতি নিজেন মুণ্ডা, সাংস্কৃতিক সম্পাদক বিনোদ মুণ্ডা আদি উপস্থিত থকা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক তথা লেখক ধনীৰাম কুৰ্মীয়ে বৃক্ষ ৰোপণ কৰে৷ ইয়াৰ পিছতে দিনৰ ১-০০ বজাৰ পৰা স্মৃতিচাৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷

সভাত ওলগুলান খ্যাত মুণ্ডা বিদ্ৰোহৰ অন্যতম কণ্ঠ বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ বিষয়ে অসম চাহ জনগোষ্ঠী সাহিত্য সভা বোকাখাত শাখাৰ সভাপতি ৰাজু ৰাজোৱাৰ, গোলাঘাট জিলা আটছাৰ সম্পাদক কুমুদ কালিন্দী, সমাজকৰ্মী ভাস্কৰ কালিন্দী আদিকে ধৰি বিভিন্ন জনে শ্বহীদ জনাক শ্ৰদ্ধা জনাই বক্তব্য ৰাখে৷ আটছা কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অনিত গড়, অসম মুণ্ডা মহাসভাৰ বোকাখাত আঞ্চলিকৰ উপদেষ্টা দীপক মুণ্ডা, সমাজকৰ্মী লক্ষণ কৰ্মকাৰ আদি বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানতে সমগ্ৰ ভাৰতবৰ্ষত “ধৰতী আবা” হিচাপে পৰিচিত বীৰছা মুণ্ডাৰ ব্ৰিটিছ বিৰোধী সংগ্ৰাম আৰু কৰ্ম-আদৰ্শৰ আভাস দাঙি ধৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাত শাখাৰ সম্পাদক বিতোপন মাজিয়ে৷ সভাত চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি ধনীৰাম কুৰ্মীয়েও বীৰছা মুণ্ডাৰ নীতি, সমাজ আৰু সংগ্ৰামী জীৱন সন্দৰ্ভত আলোচনামূলক বক্তব্য আগবঢ়ায়৷

ইফালে, অনুষ্ঠানতে সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ১৯ গৰাকী আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ ৩৬ গৰাকীকে ধৰি মুঠ ৫৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা