কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ স’তে উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰিকা

কলিয়াবৰৰ হাতীমুৰাৰ কলং প্ৰকল্পত মন্ত্ৰী কেশৱ মহন্তৰ স’তে উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰিকা

অচিৰেই প্ৰাণ পাই উঠিব সত্তৰ দশকতে বন্ধ হৈ পৰা মৃতপ্ৰায় কলং

কলিয়াবৰৰ পৰা কিশোৰী কুমাৰ ডেকাঃ
কলিয়াবৰৰ হাতীমুৰাৰ কলং প্ৰকল্পত শুক্ৰবাৰে বিয়লি জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই পৰিদৰ্শন কৰি কলং বোৱতী কৰাৰ সম্পৰ্কত কামৰ বুজ লয়। মন্ত্ৰী পীয়ূষ হাজৰিকাক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তৰ লগতে জিতু গোস্বামীয়ে।

মন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমক ইতিমধ্যে ২৩ কিলোমিটাৰ কলঙৰ খননকাৰ্য অব্যাহত আছে বুলি মন্তব্য কৰে। ইতিমধ্যে সম্পূৰ্ণ হৈছে ৬ কি.মি. খননৰ কাম। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িলেই ঐতিহাসিক কলংখন এই বাৰিষাতে বোৱতী হ’ব বুলি ঘোষণা কৰে। উল্লেখ্য যে পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক লৈ কলিয়াবৰৰ হাতীমুৰাৰ কলংমুখৰ শ্লুইচ গেট পৰিদৰ্শন কৰি পীয়ূষ হাজৰিকাই এই বাৰিষাতে লুইতৰ পানী কলঙেৰে বৈ যাব বুলি কৰা ঘোষণাই বৰ্তমান সময়ত বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য যে নিয়ন্ত্ৰিতভাৱে পুনৰ প্ৰাণ পাই উঠিব মৃতপ্ৰায় কলঙে। কলিয়াবৰৰ হাতীমুৰাৰ কলং মুখত শ্লুইচ গেট নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰিতভাৱে বোৱাই অনা হ’ব কলঙলৈ।

নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ হাতীমূৰাৰ সমীপৰ ‘আৰিকটা’ নামৰ ঠাইৰ পৰা ওলাই অহা চঞ্চলা-চপলা কলং সুঁতি কলংপৰীয়া ৰাইজৰ সুখ-দুখৰ সমভাগী হৈ চন্দ্ৰপুৰৰ সমীপৰ ‘কাজলীমুখ’ত পুনৰ ব্ৰহ্মপুত্ৰ নদীত মিলিত হোৱা কলং শীঘ্ৰে পুনৰ প্ৰাণ পাই উঠিব। ১৩৫.৪০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কলং পুনৰ্জীৱিতকৰণ আঁচনিখন ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত। বিভিন্ন দল-সংগঠনৰ লগতে কলংপৰীয়া ৰাইজৰ প্ৰবল জনমত আৰু বিশেষজ্ঞ সমিতিৰ পৰামৰ্শত ৰাজ্য চৰকাৰে কলঙক পুনৰ বোৱতী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বৃহৎ পৰিমাণৰ পুঁজি আবণ্টন দিছিল। স্থানীয় বিধায়ক তথা তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ২০২০ চনৰ ৩০ অক্টোবৰত শুভাৰম্ভ কৰা কলং পুনৰ্জীৱিতকৰণ আঁচনিৰ লগতে ২০২১ বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীত কলং খনন আৰু নিষ্কাষণৰ কাম শুভাৰম্ভ কৰি মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ তথা নগাঁওবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল। আঁচনিখনৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠাত চলিত এটা পষেকৰ ভিতৰতে পৰীক্ষামূলক ভাৱে আৰম্ভ হ’ব কলংমুখলৈ ব্ৰহ্মপুত্ৰৰ পানী বোৱাই অনাৰ কাম।

৩ বছৰ ৬ মাহৰ অন্তত ব্ৰহ্মপুত্ৰৰ বুকুত হাতীমুৰা মন্দিৰৰ পৰা কলংমুখলৈ প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা নিৰ্মাণৰ কাম সম্পন্ন কৰি ইতিমধ্যে কলংমুখলৈ বোৱায় অনা হৈছে ব্ৰহ্মপুত্ৰৰ পানী। ইয়াৰ পিছতে জলসম্পদ বিভাগে আৰম্ভ কৰিব ব্ৰহ্মপুত্ৰৰ পানী শ্লুইচগেটেৰে কলঙত পেলোৱাৰ পৰীক্ষণৰ কাম। উল্লেখযোগ্য যে, জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই ২০২১ বৰ্ষৰ ২৩ মে’ আৰু ১৯ ডিচেম্বৰত কলিয়াবৰৰ হাতীমুৰাৰ কলং মুখৰ কাম পৰিদৰ্শন কৰি আঁচনি খনৰ অগ্ৰগতিৰ বুজ লৈ ২০২৫ ৰ পূৰ্বে কলং পুনৰ প্ৰৱাহিত হ’ব বুলি ব্যক্ত কৰিছিল। মধ্য অসমৰ সামাজিক তথা সাংস্কৃতিক জীৱনৰ দলিলস্বৰূপ এই কলং ৭০ দশকৰ পৰা মৃতপ্ৰায় হৈ আছিল। শেহতীয়াকৈ অভিজ্ঞ আন্তৰ্জাতিক খ্যাতিসম্পন্ন কেন্দ্ৰীয় জলসম্পদ বিভাগৰ অধীনস্থ প্ৰতিষ্ঠান WAPCOSক ২০১৯ চনত কলং উন্নয়নৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। WAPCOSয়ে জৰীপ, অনুসন্ধান, ক্ষেত্ৰ পৰিদৰ্শনৰ লগতে চলোৱা সমীক্ষাৰ অন্তত ২০২০ চনৰ জানুৱাৰী মাহত Rejuvenation of Kolong River (Construction of Intake and Appurtenant Structure) নামৰ এখন প্ৰাক্‌কলন প্ৰস্তুত কৰি কলঙৰ সামগ্ৰিক উন্নয়ন সম্পৰ্কীয় এই আন্তঃগাথঁনি নিৰ্মাণৰ ব্যয় আনুমানিক ১৩৫.৪০ কোটি টকা ধাৰ্য কৰি প্ৰকল্প প্ৰস্তুত কৰিছিল। কলং পুনৰ জীৱিত এই আঁচনিখন সম্পূৰ্ণ হৈ উঠাৰ খবৰে আজি যেন কলিয়াবৰ বাসীৰ লগতে নগাঁও জিলাবাসীকো অতিকৈ আনন্দিত কৰি তুলিছে।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস