নিসংগতাই কাঢ়ি নিলে নেকি IPS শিলাদিত্য চেতিয়াক?
ৰাজ্যৰ এগৰাকী উজ্বল নক্ষত্রৰ অকাল বিয়োগ
— মৃদুস্মিতা শৰ্মা ,বোকাখাত ।
সমগ্ৰ ৰাজ্যতেই শোকৰ ছাঁ নামি আহিছে। আইপিএছ বিষয়া শিলাদিত্য চেতিয়াৰ অকাল বিয়োগত। পত্নীৰ মৃত্যুৰ মাত্র ২০ মিনিট পাছতে নিজেও মৃত্যুক সাৱটিলে শিলাদিত্য চেতিয়াই। আধুনিক যুগৰ নিসংগতাই নে ব্যক্তিগত জীৱনৰ বেদনাই এই মৰ্মান্তিক মৃত্যুৰ কাৰণ, সেই বিষয়ে প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ দেশজুৰি।
বিয়লি সময়, ৪ বাজি ১০ মিনিটত শিলাদিত্য চেতিয়াৰ পত্নী আগমণি বৰবৰুৱাৰ মৃত্যু হয়। জনম জনমলৈ এক হৈ থকাৰ প্রতিশ্রুতি দিয়া পত্নী আগমণিৰ নিথৰ দেহ বিছনাত পৰি আছিল, ঠিক তেতিয়াই শিলাদিত্য চেতিয়াই নিজৰ মূৰত গুলীয়াই শেষ নিশ্বাস ত্যাগ কৰে।চৰম সিদ্ধান্তৰ কাৰণ শিলাদিত্য চেতিয়াৰ জীৱনত কি দুখ আছিল কোনেও নাজানিলে। এজন সফল আইপিএছ বিষয়া হিচাপে তেখেতে বহু জনপ্ৰিয়তা আৰু সন্মান লাভ কৰিছিল, কিন্তু ব্যক্তিগত জীৱনত তেওঁৰ দুখৰ কাহিনী অকথিত হৈ ৰ’ল। আধুনিক যুগৰ নিসংগতা, মানসিক চাপ আৰু ব্যক্তিগত সমস্যাবোৰই হয়তো এই পথ বাছি ল’বলৈ বাধ্য কৰিলে তেখেতক।
আন্তঃৰাষ্ট্ৰীয় পৰিসৰৰ প্ৰতিনিধি শিলাদিত্য চেতিয়া আইপিএছৰ পদত থকা অৱস্থাত বহুবাৰ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ কামৰ প্ৰতি নিষ্ঠা আৰু কৰ্তব্যনিষ্ঠাই দেশৰ ভিতৰতো গভীৰ সন্মান পাইছিল। কিন্তু এজন সফল কৰ্মচাৰীৰ অন্তৰৰ বেদনাই হয়তো সদায় অকথিত হৈ ৰ’ল। সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ। তেওঁৰ মৃত্যুৱে সমগ্ৰ ৰাজ্যক শোকাকুল কৰি তোলাৰ লগতে আইপিএছ সমাজতো গভীৰ দুখৰ সঞ্চাৰ কৰিছে। এক সফল, প্ৰতিভাৱান আৰু নিষ্ঠাবান আইপিএছ বিষয়া হিচাপে তেওঁৰ অভাৱ অপূৰণীয়। শিলাদিত্য চেতিয়াৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।