বোকাখাত, কাজিৰঙাত আৰু অনলাইন মাধ্যমেৰে বিষ্ণু ৰাভা দিৱস পালন

বোকাখাত, কাজিৰঙাত আৰু অনলাইন মাধ্যমেৰে বিষ্ণু ৰাভা দিৱস পালন

পুৱতি সাহিত্য সভা, কহঁৰা সমন্বয় মহিলা সমিতি, সন্মিলিত মধ্য গুৱাহাটী লেখিকা সমাৰোহ সমিতিৰ পৃথক উদ্যোগ



পুৱতি সাহিত্য সভাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্‌যাপন

মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ বৃহস্পতিবাৰে পুৱতি সাহিত্য সভাৰ উদ্যোগত সাংস্কৃতিক মহাসভা বোকাখাত শাখা সমিতি, সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত মহকুমা কবি সম্মিলন আৰু বোকাখাত জিলা মইনা পাৰিজাতৰ সহযোগত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্‌যাপন কৰা হয়।

এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউণ্ড, সাংস্কৃতিক মহাসভা বোকাখাত শাখা সমিতিৰ সভাপতি মনোৰঞ্জন সেন, বোকাখাত মহকুমা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি মিনতি দলে আৰু বোকাখাত জিলা মইনা পাৰিজাতৰ সভাপতি ডালিমী সন্দিকৈ গগৈয়ে। বিপ্লৱী শিল্পীজনাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাই আৰু মাল্যাৰ্পণ কৰে বোকাখাত মহকুমা কবি সন্মিলনৰ উপ সভাপতি পোনা গগৈয়ে আৰু বিশিষ্ট ব্যক্তিসকলে পুষ্পাঞ্জলি অৰ্পণ কৰে।

সভাৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিসকলক আসন গ্ৰহণ কৰোৱা হয় আৰু সভাকক্ষত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বোকাখাত শিল্পী সমাজৰ সভাপতি বিজয় শৰ্মা আৰু পুৱতিৰ প্ৰাক্তন সভানেত্ৰী কল্পনা চেতিয়াই আৰু উপস্থিত সকলে।

পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা সভাত উদ্বোধনী ভাষণ আগবঢ়ায় পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে। পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সাংস্কৃতিক মহাসভা বোকাখাত শাখাৰ সভাপতি পতাকা উত্তোলক মনোৰঞ্জন সেনে বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত তেখেতৰ সান্নিধ্যৰ বিষয়ে কয় আৰু কবিতা পাঠেৰে বক্তব্য আগবঢ়ায়৷ পুৱতি সাহিত্য সভাৰ উপ সভাপতি, পতাকা উত্তোলক মিনতি দলেই বিষ্ণুৰাভাৰ কৰ্মৰাজিৰ বিষয়ে কয় আৰু বিপ্লৱী শিল্পীজনৰ বিষয়ে স্বৰচিত কবিতা পাঠেৰে সকলোকে আপ্লুত কৰে৷ আন এগৰাকী উত্তোলক ডালিমী সন্দিকৈ গগৈয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰি বক্তব্য আগবঢ়ায়৷ অসম চাহ জনজাতি সাহিত্য সভাৰ সহকাৰী সম্পাদক পংকজ কালিন্দীয়ে কবিতা পাঠ কৰে লগতে বোকাখাত শিল্পী সমাজৰ সভাপতি বিজয় শৰ্মাই গীত পৰিৱেশন, গোলাঘাট জিলা সাহিত্য সভাৰ কবি সন্মিলন সমিতিৰ কাৰ্যকৰী সভাপতি কল্পনা চেতিয়া, প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, গোলাঘাট জিলা সাংস্কৃতিক মহাসভাৰ সম্পাদক মুকুল বৰুৱা, বোকাখাত সাংস্কৃতিক মহাসভাৰ সম্পাদক দিলীপ বৰা, জ্যেষ্ঠ নাগৰিক সন্থাৰ সদস্য সিদ্ধেশ্বৰ ডেকা, শিল্পী সমাজৰ কাকলি গোস্বামী, বোকাখাত মহকুমা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক মৃদুস্মিতা শৰ্মা, বোকাখাত মইনা পাৰিজাতৰ সম্পাদক অনন্ত হাৰিকা আদিয়ে বক্তব্য প্ৰদান আৰু গীত, কবিতা, গল্প আদি পৰিৱেশন কৰে। সভাত সাংবাদিক প্ৰদীপ হাজৰিকা, ৰোমান বৰুৱা, সন্ধানীৰ সম্পাদিকা শান্তি দত্ত বৰদলৈ, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি আনিচুৰ ৰহমান, পুৱতি সাহিত্য সভাৰ কাৰ্য নিৰ্বাহক মুনীন্দ্ৰ বৰদলৈ, আৰতি হাজৰিকা আৰু কৌশল্যা দত্ত আদি উপস্থিত থাকে।

 

কাজিৰঙাত “বিষ্ণু ৰাভাৰ আভা” শীৰ্ষক অনুষ্ঠানেৰে বিষ্ণু ৰাভা দিৱস উদযাপন

গীতিৰেখা দত্ত, ৰাইজৰ খবৰ ডিজিটেলঃ আজীৱন অসমীয়া সমাজ জীৱনৰ উত্তৰণৰ প্ৰয়াস কৰা গণশিল্পী, কলাগুৰু, কমৰেড বিষ্ণু ৰাভাৰ এই মৃত্যু দিৱস সমগ্ৰ অসমৰ লগতে কাজিৰঙাতো পালন কৰা হয়। কাজিৰঙাৰ কহঁৰাত কহঁৰা সমন্বয় মহিলা সমিতিৰ উদ্যোগত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত “বিষ্ণু ৰাভাৰ আভা” শীৰ্ষক অনুষ্ঠানৰ আয়োজনেৰে পালন কৰা হয় বিষ্ণু ৰাভা দিৱস। কাজিৰঙাৰ অগ্ৰণী জ্যেষ্ঠ মহিলা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মঞ্জু পূজৰীয়ে মঞ্চ উদ্বোধন আৰু ডালিমী নাথে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰে। গীতিৰেখা দত্তই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে সমন্বয় মহিলা সমিতিৰ সভানেত্ৰী মামনি বৰাই। অনুষ্ঠানৰ আৰম্ভণিতে সমিতিৰ মহিলাসকলৰ দ্বাৰা বিষ্ণু ৰাভাৰ ৰচিত এটি গীত সমৱেত কণ্ঠত পৰিৱেশ কৰে। অনুষ্ঠানত বিষ্ণু ৰাভাৰ গীতত সৃষ্টিশীল নৃত্য পৰিৱেশন কৰে সুস্মিতা বৰুৱা, নীহাৰিকা দাস, নিকিতা গগৈ, শ্যামন্তিকা সাহা, খুচী নাথ, তন্ময়া নাথ, অন্তৰা নাথে। ঝুমইৰ জ্যোতি মাজি, দেৱাশীষ দত্ত, বিকি ৰজকৰ উপৰিও জিনা বৰঠাকুৰ পৰিচালিত তৰংগ সংগীত বিদ্যালয়ৰ ছাত্ৰ অনাদি বৰদলৈ, মানস জ্যোতি কলিতা, অৰ্ণৱ সাহা, চায়াংক নাথ, সুলতা কলিতাই বিষ্ণু ৰাভাৰ গীত পৰিৱেশ কৰে। বাদ্য সংগত কৰে ৰাহুল দলে, ঝুমইৰ জ্যোতি মাঝি, উজস্বিনী গগৈ, দেৱাশীষ দত্ত আৰু বিশিষ্ট তবলা বাদক বিপ্লৱ বৰুৱাই। কৰ্ণিচা ৰাজখোৱা, আদৰ গগৈ, কণমানি অনুশ্ৰী সাহাই কবিতা আবৃত্তি কৰে। বনকৰ্মী তৰুণ গগৈ, সুৰজ ৰাভা, স্বৰ্ণ বৰুৱা, কাজিৰঙাৰ উদ্যমী মহিলা পৰী গগৈ, সাংবাদিক স্বপন নাথকে ধৰি কাজিৰঙাৰ ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা সাংস্কৃতিক কৰ্মী ৰেখা শৰ্মা ফুকন আৰু অৰ্চনা ভট্টাচাৰ্যক সম্বৰ্দ্ধনা জনোৱা হয়। সাংবাদিক বিতোপন মাজি আৰু কৃতী শিক্ষক যতীন বৰদলৈয়ে বিষ্ণু ৰাভা গীত পৰিৱেশন কৰাৰ লগতে সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই মহিলা সকলৰ এনে কৰ্মোদ্যমৰ শলাগ লৈ বক্তৃতা প্ৰদান কৰে। ইফালে, উজস্বিনী গগৈ আৰু নিজৰা দত্তৰ ভায়লিন বাদনে অনুষ্ঠানটিক অধিক মনোগ্ৰাহী কৰি তোলে। বিষ্ণু ৰাভাৰ জীৱন আৰু আদৰ্শৰ আলমত গীতিৰেখা দত্তৰ দ্বাৰা ৰচিত তথা সমন্বয় মহিলা সমিতিৰ মহিলা সকলৰ দ্বাৰা পৰিৱেশিত “বিষ্ণু ৰাভাৰ আভা’’ শীৰ্ষক সংগীতালেখ্য খনি অনুষ্ঠানটিৰ আকৰ্ষণীয় অংশ ৰূপে পৰিগণিত হয়। শেষত অনুষ্ঠানত উপস্থিত সকলো ব্যক্তিৰ দ্বাৰা জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সফল সমাপ্তি ঘটে।

 

সন্মিলিত মধ্য গুৱাহাটী লেখিকা সমাৰোহৰ কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্‌যাপন

গুৱাহাটী, ৰাইজৰ খবৰ ডিজিটেলঃ বৃহস্পতিবাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উপলক্ষে সন্মিলিত মধ্য গুৱাহাটী লেখিকা সমাৰোহ সমিতিয়ে অনলাইন মাধ্যমেৰে এটি অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শাখাৰ সম্পাদিকা নিৰ্মিতা বৰগোহাঁয়ে । সহ-সম্পাদিকা কল্পনা দেৱীয়ে এটি শ্লোক পৰিবেশন কৰে। সভানেত্ৰী ছৈয়দা আঞ্জুম আৰা হুছেইনে সভাপতিত্বৰ দায়িত্ব পালন কৰি অনুষ্ঠানটি সূচাৰুৰূপে আগবঢ়াই নিয়ে। কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ বিত্তীয় সম্পাদিকা প্ৰণিতা শৰ্মা নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী সত্বা লগতে গীত আৰু কবিতাৰ বিষয়ে বৰ সুন্দৰকৈ বক্তৃতা আগবঢ়ায়। শাখাৰ উপ-সভানেত্ৰী অধ্যাপিকা ড° বিদুলা শৰ্মাৰ কবিতা আবৃত্তিয়ে অনুষ্ঠানটি জীপাল কৰি তোলে। সুন্দৰ কন্ঠৰ গৰাকী অধ্যাপিকা মিনু দাসে এটি বিষ্ণুৰাভাৰ গীত পৰিৱেশন কৰে। সৈনিক শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই কাৰ্যকৰী সভানেত্ৰী ইন্দু বৰুৱা আৰু কল্পনা দেৱীয়ে একোটাকৈ বিষ্ণুৰাভা গীত পৰিৱেশন কৰে। পত্ৰিকা সম্পাদিকা
অলকা মহন্ত বৰুৱাই বিষ্ণু প্ৰসাদ ৰাভাৰ বৈপ্লৱিক সত্বাৰ বিষয়ে চমুকৈ কোৱাৰ লগতে ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিখ্যাত কবিতা ‘বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’ কবিতাটো আবৃত্তি কৰে। মহান শিল্পী গৰাকীক সুঁৱৰি চন্দনা ভাগৱতী আৰু নিৰ্মিতা বৰগোহাঁই একোটাকৈ স্বৰচিত কবিতা পাঠ কৰে। বোকাখাতৰ পৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰচাৰ সম্পাদিকা তথা শাখাৰ মুখ্য সংগঠক মৃদুস্মিতা শৰ্মা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা গীতাঞ্জলি কলিতা উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনলাইন অনুষ্ঠানটিত শাখাৰ কাৰ্যকৰী সভানেত্ৰী ড° লখিমী গগৈ, উপদেষ্টা ৰঞ্জুশ্ৰী বৰ্মন,ৰুমা ভট্টাচাৰ্য্য আদি উপস্থিত থাকি সহাৰি জনায়। সভানেত্ৰী ছৈয়দা আঞ্জুম আৰা হুছেইনে বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন দৰ্শনৰ বিষয়ে সুন্দৰ বক্তব্য ৰাখে। সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰা নিৰ্মিতা বৰগোহাঁয়ে শলাগৰ শৰাই আগবঢ়ায়। অসম সংগীতেৰে অনলাইন অনুষ্ঠানটি সামৰণি পৰে।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস