মৃত্যু কেৱল মাত্ৰ এটা প্ৰাণহীন দেহেই নে? নে মৃত্যু বিভিন্ন আৱেগ-অনুভূতিৰ বাৰ্তা? কাজিৰঙাৰ বুবুল গগৈয়ে ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন ইতিহাস কঢ়িয়াই ফুৰিছিল৷ কিন্তু, এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিলে বুবুল গগৈয়ে৷ সুদীৰ্ঘ একত্ৰিশ টা বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সেৱা আগবঢ়াই অহা কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ হেডমাউত বুবুল গগৈৰ মৃত্যুৱে সকলোকে বৰ ব্যথিত কৰিছে৷ কাজিৰঙাৰ নামত নিজৰ জীৱন-যৌৱন উৎসৰ্গা কৰা বুবুল গগৈৰ কৰ্ম জীৱনৰ কিয়দাংশ “হেডমাউত বুবুল গগৈ, লখিমী আৰু কৃষ্ণা!” শীৰ্ষক শিৰোনামেৰে ৰাইজৰ খবৰ ডিজিটেলৰ পাঠকলৈ বুলি তুলি ধৰিছে লেখক বুবুল শৰ্মাই৷
২১ জুনৰ বিয়লি কাজিৰঙাৰ বাগৰিত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত হেডমাউত বুবুল গগৈৰ অকাল বিয়োগ সম্বন্ধে চেপেনাকোবোৱাৰ ভণ্টী বন্দনা গগৈৰ মুখেৰে গম পাই সঁচাকৈয়ে ব্যথিত হ’লোঁ৷ আমি বহুতেই নাজানো কোন এই বুবুল গগৈ? দেশী-বিদেশী পৰ্যটক, ভি আই পি, ভি ভি আই পিৰ স’তে ব্যস্ত থকা আমিবোৰৰ বাবে বুবুল গগৈ কেৱল মাত্ৰ এগৰাকী বনবিভাগীয় কৰ্মী৷ কিন্তু, বুবুল গগৈ কেৱল মাত্ৰ এগৰাকী বিয়াগোম বিভাগটোৰ এগৰাকী কৰ্মীয়েই আছিল নে?
মাটিৰাম গগৈৰ পুত্ৰ বুবুল গগৈৰ জন্ম যদিও খুমটাইৰ লেটেকুআলিত হৈছিল, পিছে তেওঁ কাজিৰঙাৰ ককাকৰ ঘৰতে ডাঙৰ-দীঘল হৈছিল৷
মানুহৰ জীৱনবোৰ বিভিন্ন সংগ্ৰামেৰে ভৰি থাকে৷ বুবুল গগৈৰো আছিল সংগ্ৰামময় জীৱন৷ চেপেনাকোবোৱাৰ সমাজপ্ৰিয় ব্যক্তি তথা শিক্ষক প্ৰয়াত উমা গগৈ(ছাৰ)ৰ ঘৰতো কিছুদিন বুবুল গগৈ আছিল, বিদ্যালয়তকৈ কাজিৰঙাৰ প্ৰকৃতিৰ বুকুত মুকলি স্বাধীন জীৱনটোক ভালপোৱা গগৈয়ে পাহাৰত, হোলাবোৰত গৰু চৰাবলৈ যাবলৈহে ভাল পাইছিল৷ পিছলৈ কাজিৰঙাৰ বহু নাগৰিকৰ স’তে মিহিমুখত হাবি-জংঘল চাফা কৰি খেতি-খোলা কৰিবলৈ মন মেলিছিল৷ যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংবৰ্দ্ধনৰ স্বাৰ্থত ৰাইজে বনবিভাগৰ সৈতে বুজাবুজি কৰি মিহিমুখত খেতি কৰিবলৈ বাদ দিলে৷ সিও আলোচনাৰ অন্য এক অধ্যায়, পৰৱৰ্তী সময়ত আলোচনা কৰিম৷
সেই সময়ৰ ৰেঞ্জাৰ গুণীন শইকীয়াদেৱে গগৈক মাউতৰ কাম কৰাৰ পৰামৰ্শ দিয়াত, চেপেনাকোবোৱাৰ প্ৰয়াত শিক্ষক হৰ গগৈ(ছাৰ)ৰ দ্বাৰা আবেদন পত্ৰ লিখাই ধীৰেণ ফুকনক দিয়াত ফুকনে সময়ত খবৰ দিম বুলি কোৱাত ঘৰলৈ উভতি আহিলে৷ প্ৰায় ডেৰবছৰ মানৰ পাছত মাউত (প্ৰয়াত) অনিল ডেকা, কিৰণ ৰাভা, নগেন ইংতিয়ে বুবুল গগৈৰ ঘৰলৈ গৈ মাউত হ’বলৈ পাচিলে৷ তেওঁলোকৰ কথা মতে চাইকেল মাৰি আহি গগৈয়ে কহঁৰা ৰেঞ্জৰ বিষয়া (প্ৰয়াত) প্ৰমোদ মহন্তক লগ ধৰিলে৷ প্ৰমোদ মহন্ত অন্তৰ বহল মানুহ আছিল৷ গগৈক সুধিলে হাতী চলাব পাৰিবি?
পিছদিনাৰ পৰা ফটা-ছিটা ইউনিফৰ্ম পিন্ধি ৰূপকুমাৰী নামৰ হাতী পোৱালি চোৱা-চিতা কৰিবলৈ বুবুল গগৈ সাজু হ’ল৷ পুৰণি মাউত সকলৰ পৰা ধৰ, ডবল, দেলে আদি শব্দবোৰ আৰু ইয়াৰ ব্যৱহাৰ শিকি ল’লে৷ সেই সময়ত গুজৰা গগৈয়ে জয়মালা নামৰ হাতীটোৰ মাউত আছিল আৰু কহঁৰা ৰেঞ্জৰ হেডমাউত আছিল প্ৰয়াত তালি আঙু৷ কিছুদিনৰ পিছৰ পৰা গগৈয়ে মোহন নামৰ হাতীটো চোৱাচিতা কৰিব লগা হৈছিল৷ চন্দ্ৰ হাজৰিকাহঁতৰ উৎসাহত বিশাল দঁতাল ৰায়বাহাদূৰৰো দুদিনমান মাউত হিচাপে আছিল বুবুল গগৈ৷ ১৯৮৬ চনত গগৈৰ মাউতৰ চাকৰিটো নিয়মীয়া হ’ল৷
১৯৯১ চনত অভয়া নামৰ হাতীটোৰ পিঠিত উঠি গগৈ বাগৰি ৰেঞ্জত যোগদান কৰিছিল৷ লগত আছিল মাউত গজেন গগৈ৷ ১৯৯২ চনৰ দিন এটাত খবৰ আহিল— ডোঙা ভেটাৰ ওচৰত বাঘে জখম কৰা বনৰীয়া হাতী পোৱালি এটা পৰি আছে৷ গগৈয়ে দেৱৰাজ হাতীৰ পিঠিত বনবিষয়া পংকজ শৰ্মা আৰু শান্তিৰাম ছেত্ৰীক উঠাই ডোঙা ভেটালৈ অগ্ৰসৰ হ’ল৷ বাঘে মাইকী হাতী পোৱালিটোক ডিঙিত আৰু কাণত নখ বহুৱাইছিল৷ জখমী পোৱালি হাতীটোক প্ৰতিপালন আৰু প্ৰশিক্ষণ দিয়া কাৰ্য গগৈয়ে বৰ আন্তৰিকতাৰে কৰিছিল৷ পোৱালিটো ক্ৰমান্বয়ে সুস্থ আৰু সবল হৈ উঠিল৷ গগৈয়ে তাইক মৰমত মাতিছিল লখিমী বুলি৷ লখিমী নাম দিয়াৰ অৰ্থ আছে৷ বাগৰি ৰেঞ্জত আন এজনী লখিমী নামেৰে বৰ মৰমীয়াল হাতী আছিল, ১৯৮০ চনত প্ৰথমজনী লখিমীৰ মৃত্যু ঘটিছিল৷ লখিমীৰ স্মৃতিতে বোধহয় তাইৰ নাম লখিমী ৰখাত সকলোৱে বৰ ভাল পাইছিল৷ এদিন লখিমী গৰ্ভৱতী হ’ল৷ গগৈৰ কি ফূৰ্তি! কিন্তু, সেইবাৰ লখিমীয়ে মৃত সন্তান এটাহে জন্ম দিলে! তাৰপিছত লখিমীয়ে ২০১৪ চনত পদুমীক জন্ম দিলে৷
এনেকৈয়ে বুবুল গগৈ নামৰ সত্বাটো ৰাষ্ট্ৰীয় উদ্যান আৰু উদ্যানৰ হাতীবোৰৰ সৈতে একাত্ম হৈ পৰিছিল৷ বাগৰি ৰেঞ্জত থকা হেডমাউত বুবুল গগৈৰ অন্ধ হাতী কৃষ্ণাৰ প্ৰতি মৰম আৰু চেনেহ আছিল অপৰিসীম৷ গগৈয়ে প্ৰায়ে কৃষ্ণাক চেনেহেৰে মাত এষাৰ দিছিল৷ গা মোহাৰি দিছিল৷ এতিয়া কৃষ্ণাক মাত এষাৰ দিবলৈ, গা মোহাৰি দিবলৈ বুবুল গগৈ জীয়াই থকা নাই!!
শব্দবোৰো মোৰ থমকি ৰৈছে! মই লিখিব পৰা নাই! বুবুল গগৈদেৱক জীৱিত অৱস্থাত “কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতন্দ্ৰ প্ৰহৰী— হাতী আৰু মাউত” নামৰ মোৰ গ্ৰন্থখনৰ যোগেদি এই লেখাটো উপহাৰ দিয়াৰ সৌভাগ্য নঘটিল। গ্ৰন্থখন প্ৰকাশেই নাপালে! প্ৰকাশক নাই! কাজিৰঙাৰ সাধাৰণ মাউত আৰু পোহনীয়া হাতীবোৰক লৈ লিখা বাক্যবোৰতনো কি সাহিত্য থাকে! কি মূল্য থাকে!
বুবুল গগৈলৈ আমাৰ অশ্ৰু অঞ্জলি!!