মৎস্য চিকিৎসকৰ ৰূপত মন্ত্ৰী অতুল বৰা

মৎস্য চিকিৎসকৰ ৰূপত মন্ত্ৰী অতুল বৰা, মৰিয়াহোলা অঞ্চলৰ পৰা ৫.৩৯ কোটি টকাৰ ৰঙালাউ ৰপ্তানি

বোকাখাত, ৰাইজৰ খবৰ ডিজিটেলঃ হাতত চিৰিঞ্জলৈ মাছক বেজী দি ডাক্তৰৰ ৰূপত বোকাখাতৰ বিধায়ক জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা। পশুপালন, পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই হাতত তুলি ল’লে চিৰিঞ্জ। হাতত চিৰিঞ্জ লৈ মন্ত্ৰী অতুল বৰাই দি গৈছে এটাৰ পিছত এটা বেজী। ৰ’ব, আচৰিত নহ’ব। মানুহক নহয়, এইবাৰ বোকাখাতত মাছক বেজী দিলে মন্ত্ৰী বৰাই। বোকাখাতৰ যোগনীয়াত গোলাঘাট জিলা মীন বিভাগৰ উদ্যোগত লোক নিৰ্মাণ আৰু কৃষি বিভাগৰ সহযোগত স্থাপন কৰা পৌনিক মাছ উৎপাদন “হেডচাৰী” কেন্দ্ৰত মাছক বেজী দি শুভাৰম্ভনি কৰে মন্ত্ৰী অতুল বৰাই। উল্লেখ্য যে এই পৌনিক মাছ পোনা উৎপাদন কেন্দ্ৰৰ জৰিয়তে বোকাখাতৰ লগতে গোলাঘাট জিলাৰ মাছৰ পোনাৰ নাটনি বহু পৰিমাণে হ্ৰাস হব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই। মাছৰ পোনা উৎপাদনৰ এই “হেডচাৰী” মুকলি কৰি মন্ত্ৰী গৰাকীয়ে বাৰিষাৰ বানৰ সময়তো উৎপাদন কৰি থাকিব পৰাকৈ ইয়াৰ ফিছাৰী সমূহৰ পাৰ ওখকৈ বন্ধা হৈছে বুলি উল্লেখ কৰি, উৎপাদন অব্যাহত ৰাখিব পাৰিব বুলি কয়। প্ৰসংগ ক্ৰমে মন্ত্ৰী গৰাকীয়ে কয় যে,এই অঞ্চলটো বান অধ্যুষিত অঞ্চল। বোকাখাত বিধান সভা সমষ্টিৰ এই অঞ্চলত বানৰ প্ৰতি লক্ষ্য ৰাখি কৃষকে মাহ, সৰিয়হ,কবি, বেঙেনা,বিলাহী, জলকীয়া,মৌ পালন,গোপালনত অধিক গুৰুত্ব দিছে।

ইফালে, এই অঞ্চলৰ পৰা ৬ কোটি টকাৰ ৰঙালাউ কৃষকে বহি:ৰাজ্যলৈ প্ৰেৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছিল। এই পৰ্যন্ত ৫.৩৯ কোটি টকাৰ ৰঙালাউ প্ৰেৰণ কৰিছে। আনহাতে মন্ত্ৰী পৰাকীয়ে আজি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সামূহিক উন্নয়ণ আঁচনিৰ অধীনত বোকাখাত পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন বিদ্যালয়ত গাহৰি আৰু ছাগলী পালনৰ এক প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে। অনুষ্ঠান মুকলি কৰি মন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে গৰিষ্ঠ সংখ্যক ৰাইজৰ জীৱিকাৰ পৰম্পৰাগত উপায়ক এক বহনক্ষম অৰ্থনৈতিক কাৰ্যকলাপলৈ ৰূপান্তৰ কৰিবৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস