কলিয়াবৰৰ হাতীমূৰাৰ কলং প্ৰকল্পত জলসম্পদ বিভাগ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিসংগতিৰ অভিযোগ
আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বেই ভাঙিল প্ৰায় ২০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলদ্বাৰৰ অংশ
কিশোৰী কুমাৰ ডেকা, কলিয়াবৰ, ৰাইজৰ খবৰ ডিজিটেলঃ কলিয়াবৰৰ হাতীমূৰাত কলং প্ৰকল্প নিৰ্মান কাৰ্যত জলসম্পদ বিভাগৰ ব্যাপক বিসংগতি সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। আনুষ্ঠানিক ভাৱে মুকলিৰ পূৰ্বেই ভাগিল কলিয়াবৰৰ হাতীমূৰাৰ কলং মুখত প্ৰায় ২০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলদ্বাৰৰ অংশ। ব্ৰহ্মপুত্ৰৰ পৰা মৃত কলঙৰ বুকুৰে পুনৰ ব্ৰহ্মপুত্ৰৰ পৰা পানী বোৱাই আনিবলৈ স্থাপন কৰা জলদ্বাৰ নিৰ্মাণত ব্যাপক বিসংগতি আৰু নিম্ন মানৰ কামৰ অভিযোগ উঠিছে জেড ইঞ্জিনিয়াৰছ্ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। অভিযোগঅনুসৰি, শুকুৰবাৰে প্ৰথম বাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ পানী কিছু পৰিমাণে প্ৰৱাহিত হওতেই ভাগি গৈছিল শ্লুইছ গেটৰ খোলা-বন্ধ কৰা হেণ্ডেলৰ লগত সংলগ্ন লোৰ প্লেট। মুখ্যমন্ত্ৰীৰ জখলাবন্ধা ভ্ৰমণৰ সময়তে মুখ্যমন্ত্ৰীক দেখুৱাবলৈ শুক্ৰবাৰে দুপৰীয়া পৰীক্ষামূলক ভাৱে খুলি দিয়া হৈছিল কলঙৰ মুখ। কিন্তু প্ৰথম পানীৰ ঢলতে ভাঙিল নৱনিৰ্মিত শ্লুইছগেটৰ অংশ। এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই ভঙা শ্লুইছগে’ট মেৰামতিৰ বাবে তৎপৰ হৈ পৰিছে জলসম্পদ বিভাগৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠান। শনিবাৰে ভগা শ্লুইছগে’টত জ্বালাই মাৰি মেৰামতি কৰাত তৎপৰ হয় জলসম্পদ বিভাগৰ ঠিকাদাৰী প্ৰতিষ্ঠান। উল্লেখ্য যে, প্ৰায় ২০ কোটি ৫০ লাখ টকাৰ ব্যয়ৰে নিৰ্মিত জলদ্বাৰ মুকলি নহওঁতেই ফাট মেলাত শংকিত হৈ পৰিছে কলংপৰীয়া ৰাইজ। শনিবাৰে দুপৰীয়া স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত হাতীমূৰাত উপস্থিত হৈ শ্লুইছগে’ট পৰিদৰ্শন কৰি কোনোধৰণৰ শংকাৰ কাৰণ নাই বুলি সদৰি কৰে। কিন্তু ব্ৰহ্মপুত্ৰৰ পানী এৰি নিদিওতেই অনিয়ন্ত্ৰিত ভাৱে কলঙলৈ বৈ অহা কথা স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে, ব্ৰহ্মপুত্ৰৰ মুখত আওপুৰণি পদ্ধতিৰ শ্লুইছগে’ট স্থাপন কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে স্থানীয় ৰাইজৰ। কেইবা দশক পিছত মৃত কলঙৰ বুকুৰে ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱাহিত হোৱা দেখি স্থানীয় লোকসকল আপ্লুত হোৱাৰ সমান্তৰালকৈ কলংমুখৰ শ্লুইছগে’টৰ অংশ ভাঙি যোৱাত পানীৰ প্ৰৱহন নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ আশংকাত ভূগিছে কলংপৰীয়া লোকসকল। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে- ব্ৰহ্মপুত্ৰৰ পানী নেৰোতেই কিদৰে শ্লুইছ গে’টৰ তলৰে কলঙলৈ প্ৰৱাহিত হৈছে পানী? মুকলিৰ পূৰ্বেই ২০ কোটি টকীয়া শ্লুইছগে’টৰ অংশ ভাগিল কেনেকৈ? ঠিকাদাৰী প্ৰতিষ্ঠান জেড ইঞ্জিনিয়াৰছৰ এয়াই নেকি কামৰ নমুনা ?
উল্লেখ্য, ৰাজ্য চৰকাৰে কলঙক পুনৰ বোৱতী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বৃহৎ পৰিমাণৰ পুঁজি আবণ্টন দিছিল। স্থানীয় বিধায়ক তথা তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ২০২০ চনৰ ৩০ অক্টোবৰ তাৰিখে মাঙ্গলিক কাৰ্য্যৰে শুভাৰম্ভ কৰে কলং পুনৰ জীৱিত কৰণ আঁচনি ৷ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই ২০২১ বৰ্ষৰ ২৩ মে’ আৰু ১৯ ডিচেম্বৰত কলিয়াবৰৰ হাতীমূৰাৰ কলং মুখৰ কাম পৰিদৰ্শন কৰি আঁচনি খনৰ অগ্ৰগতি বুজ লৈ ২০২৫ ৰ পূৰ্বে কলং পুনৰ প্ৰৱাহিত হ’ব বুলি ব্যক্ত কৰিছিল। অভিজ্ঞ আন্তজাৰ্তিক খ্যাতিসম্পন্ন কেন্দ্ৰীয় জলসম্পদ বিভাগৰ অধীনস্থ প্ৰতিষ্ঠান WAPCOS ক ২০১৯ চনত কলং উন্নয়নৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। শুক্ৰবাৰে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জখলাবন্ধালৈ আহি কলং পুনৰ জীৱিতকৰণৰ এই আঁচনিখন পৰিদৰ্শন কৰাৰ পাছতে ২০ কোটি ব্যয়ৰে নিৰ্মিত আঁচনিখনৰ কৰা জলদ্বাৰৰ বিসংগতিয়ে সম্প্ৰতি শংকিত কৰি তুলিছে কলিয়াবৰীয়া ৰাইজক ৷