টীয়কত সম্পন্ন তিনিদিনীয়া আবৃত্তি কৰ্মশালা
নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি মঞ্চ, টীয়ক শাখাৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা আবৃত্তি কৰ্মশালাখনিৰ দেওবাৰে সফল সামৰণি পৰে। দুকুৰিতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ আগবঢ়ায় আবৃত্তিৰত্ন শান্তিছায়া শইকীয়াই।
অসম আবৃত্তি মঞ্চৰ টীয়ক শাখাৰ সভানেত্ৰী, আবৃত্তিকাৰ ঋতুপৰ্ণা ভূঞা দাসে সঞ্চালনা কৰা সামৰণি অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ টীয়ক শাখাৰ সভাপতি দেৱজিত হাজৰিকা, যুৱনেতা ৰণ্টু ভূঞা, অসম আবৃত্তি মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰণৱ বৰপাত্ৰগোহাঞি, সাংস্কৃতিক কৰ্মী অণ্টু কাকতি, যুৱ সাংস্কৃতিক কৰ্মী ঋতম দত্ত, সাংস্কৃতিক কৰ্মী মৌচুমী বৰদলৈ, আবৃত্তি শিল্পী হৃদয়জিতা বৰা, ঋষিকন্যা বি দাসকে প্ৰমুখ্য কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি৷ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে তেওঁলোকৰ আবৃত্তিৰে অনুষ্ঠানটি জীপাল কৰি তোলে।
আবৃত্তি কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীকে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অসম আবৃত্তি মঞ্চৰ টীয়ক শাখাৰ মুখ্য সচিব বিমান শইকীয়াই আঁত ধৰা সামৰণি অনুষ্ঠানটিত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে অংশগ্ৰহণ কৰে। অসম আবৃত্তি মঞ্চৰ টীয়ক শাখাৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী সময়ত বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ বিষয়ে সভানেত্ৰী ঋতুপৰ্ণা ভূঞাই অৱগত কৰে।