সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ভিন্ন বিষয়ৰ ওপৰত আলোকপাতেৰে ড° জয়ন্ত দাসৰ নিয়মীয়া শিতান
অৱসান ঘটিল বৃটিছৰ দিনৰ আইন
আজিৰ পৰা বলবৎ হ’ব অপৰাধ আৰু শাস্তি বিষয়ক যুগান্তকাৰী নতুন আইন
— ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক,
ইংৰাজী বিভাগ, জে ডি এচ জি মহাবিদ্যালয়
আজি, সোমবাৰ, ইংৰাজী জুলাই মাহৰ ১ তাৰিখ, ২০২৪-ৰ পৰা সমগ্ৰ দেশজুৰি বলবৎ হ’ব বৃহৎ পৰিবর্তন আৰু ভাৰতীয় নামাকৰণেৰে অপৰাধীক ন্যায় ব্যৱস্থাৰ স’তে জড়িত তিনিখনকৈ গুৰুত্বপূর্ণ আইন৷ ১৬৩ বছৰ পুৰণি ভাৰতীয় দণ্ডবিধি বা আই.পি.চি-ৰ পৰিবর্তনেৰে ভাৰতীয় ন্যায় সংহিতা, পূর্বৰ ক্ৰিমিনেল প্ৰচিডিউৰ ক’ডৰ পৰিবর্তনেৰে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু পূর্বৰ এভিডেন্স এক্টৰ ব্যাপক সাল-সলনিৰে ভাৰতীয় সাক্ষ্য অধিনিয়ম৷ এই আইনকেইখনে জিৰ’ এফ আৰ আই, অনলাইন ব্যৱস্থাৰে পুলিচৰ ওচৰত গোচৰ পঞ্জীয়ন, এছ এম এছ ইত্যাদিৰ দৰে ইলেকট্ৰনিক মাধ্যমেৰে চমন জাৰি, সকলো জঘন্য অপৰাধ সংঘটিত হোৱা স্থানৰ বাধ্যতামূলক ভিডিঅ’গ্ৰাফী আদিৰ দৰে ব্যৱস্থা সংযোজন কৰি দেশখনলৈ এক আধুনিক ন্যায় ব্যৱস্থা অনাৰ বাট মুকলি কৰিলে৷
উপৰিউক্ত আইনকেইখনে সাম্প্ৰতিক কিছু সামাজিক বাস্তৱ আৰু অপৰাধৰ কিছু দিশ তথা সিবোৰৰকসময়-নির্দ্ধাৰিতভাৱে মোকাবিলা কৰাৰো ব্যৱস্থা কৰিছে৷ ইবোৰে সংবিধানৰ মূল লক্ষ্যৰ এক অন্যতম লক্ষ্য-‘ন্যায়’লাভ বা প্ৰদানৰ সময়-সীমাত ব্যাপক পৰিবর্তন অনাৰ লক্ষ্য স্থিৰ কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ভাষাত “এই আইনসমূহ ভাৰতৰ সংসদত ভাৰতীয়ৰ দ্বাৰা ভাৰতীয়ৰ বাবে ঔপনিৱেশিক অপৰাধিক ন্যায় ব্যৱস্থাৰ অৱসান ঘটাবলৈ প্ৰণয়ন কৰা হৈছে৷” আইনসমূহে আনিব খোজা পৰিবর্তন কেৱল নামাকৰণতেই নহয়, ইয়াৰ আত্মা, শৰীৰ আৰু সত্বালৈ এক সম্পূর্ণ পৰিবর্তনৰ উদ্দেশ্যৰে কৰা হৈছে৷ তেখেতে আৰু উল্লেখ কৰিছে যে এই আইনকেইখনে সংবিধানত উল্লেখিত ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক ন্যায়ৰ অভিধাৰণা তথা লক্ষ্যক ভাৰতীয় মূল্যবোধৰ ধ্যন-ধাৰণাৰ ভিত্তিত সাকাৰ ৰূপ দিব৷
আইনকেইখনে অপৰাধ-সংক্ৰান্তীয় ন্যায় ব্যৱস্থালৈ আনিব খোজা কিছু মূলভূত পৰিবর্তন এনেধৰণৰ:
১) নতুন আইনকেইখনে অপৰাধ-সংক্ৰান্তীয় গোচৰ ট্ৰায়েল শেষ হোৱাৰ ৪৫ দিনৰ ভিতৰত নিষ্পত্তিৰ ব্যৱস্থা তথা প্ৰথম শুনানিৰ ৬০ দিনৰ ভিতৰত অভিযোগনামা (চার্জ ফ্ৰেম) দাখিল কৰাৰ ব্যৱস্থা কৰিছে৷
২) বলাৎকাৰৰ চিকাৰ হোৱা ভুক্তভোগীৰ বক্তব্য এগৰাকী মহিলা আৰক্ষী বিষয়াই লিপিবদ্ধ কৰিব ৷ এই লিপিবদ্ধকৰণৰ সময়ত ভুক্তভোগীৰ অভিভাৱক বা সম্বন্ধীয় উপস্থিত থাকিব লাগিব৷ সকলো স্বাস্থ্য সম্বন্ধীয় প্ৰতিবেদন ৭ দিনৰ ভিতৰত আহি পাব লাগিব৷
৩) সংগবদ্ধ অপৰাধ আৰু সন্ত্ৰাসবাদক পুনৰ সংজ্ঞাবদ্ধ কৰা হৈছে৷ দেশদ্ৰোহ(sedition) ৰ অভিধাৰণাক দেশৰ প্ৰতি বিশ্বাসঘাটকতা (treason)ৰ দ্বাৰা বিতাৰিত কৰা হৈছে, যদিওবা দুয়োটা শব্দৰ মাজত হয়তো মূলভূত পার্থক্য বিশেষ নাই৷
৪) সকলো ধৰণৰ বিচাৰ-খোচাৰ (search) ৰ আৰু বাজেয়াপ্তকৰণ(seizure) কার্যৰ ভিডিঅ’গ্ৰাফী কৰাটো বাধ্যতামূলক কৰা হৈছে৷
৫) মহিলা আৰু শিশুৰ বিৰূদ্ধে কৰা অপৰাধৰ বাবে এটি নতুন অধ্যায় সংযুক্ত কৰা হৈছে৷ হত্যা আৰু দেশ বা ৰাজ্যৰ বিৰূদ্ধে কৰা অপৰাধক নতুন আইনত অগ্ৰণী স্থান দিয়া হৈছে৷ মহিলাৰ ক্ষেত্ৰত হোৱা কিছু অপৰাধৰ ক্ষেত্ৰত , ভুক্তভোগী মহিলাগৰাকীৰ বক্তব্য যিমানদূৰ সম্ভৱ এগৰাকী মহিলা মেজিষ্ট্ৰেটৰ দ্বাৰা ৰেকর্ড কৰাৰ ব্যৱস্থা কৰিছে৷ অন্যথা, এজন পুৰুষ মেজিষ্ট্ৰেটৰ সন্মুখত গৰাকী মহিলাৰ উপস্থিতিত এনে বক্তব্য ৰেকর্ড কৰাৰ ব্যৱস্থা কৰা হৈছে যাতে মহিলাগৰাকীৰ প্ৰতি এক উচিত, সংবেদনশীল আৰু সহায়ক বাতাবৰণ সৃষ্টি কৰিব পৰা যায়৷
সর্বোপৰি, বলাৎকাৰৰ বলি হোৱা ভুক্তভোগীৰ ক্ষেত্ৰত তেখেতৰ বক্তব্য অ’ডিঅ’-ভিডিঅ’-ৰ মাধ্যমেৰেও ৰেকর্ড কৰাৰ ব্যৱস্থা কৰা হৈছে যাতে ভুক্তভোগীৰ সুৰক্ষা আৰু স্বচ্চতা অধিকতৰ নিশ্চিত কৰিব পৰা যায়৷
৬) উপৰা-উপৰি হৈ থকা কিছু ধাৰা বা শাখাক বিমজ্জিত আৰু সহজ কৰি তোলা হৈছে৷ পূর্বৰ ভাৰতীয় দণ্ডবিধি আইনত থকা ৫১১ টা ধাৰাৰ বিপৰীতে নতুন আইনত ৩৫৮ টা ধাৰা সংযোগ কৰা হৈছে৷ উদাহৰণস্বৰূপে, পূর্বৰ ভা:দ:বি:-ৰ অপৰাধৰ বিবিধ সংজ্ঞা বিষয়ক ৬ৰ পৰা ৫২ লৈকে থকা বিস্তাৰিত হৈ থকা শাখাবোৰ চুটি আৰু সহজ কৰি কেৱল এটা শাখা কৰা হৈছে৷
৭) বিয়া কৰোৱাৰ ভুৱা প্ৰলোভন বা প্ৰতিশ্ৰুতি, দলবদ্ধ ধর্ষণ, দলগত বা সমূহীয়া, প্ৰহাৰ, চেইন কাঢ়ি লোৱা ইত্যাদি বিষয়বোৰ পূর্বতে কেৱল উল্লেখ কৰা হৈছিল যদিও এইসমূহৰ মোকাবিলা কৰিবলৈ বিশেষ কার্যকৰী সু-ব্যৱস্থা নাছিল৷ ভাৰতীয় ন্যায় সংহিতাত এইসমূহৰ বাবে ব্যৱস্থা কৰা হৈছে৷ বিয়া কৰাৰ ভুৱা প্ৰতিশ্ৰুতিৰে যৌন সম্পর্ক গঢ়ি তুলি পলায়ণ কৰাৰ ক্ষেত্ৰত নতুন বিধানৰ ব্যৱস্থা কৰা হৈছে৷
৮) ওপৰত উল্লেখ কৰাৰ দৰে নতুন আইনকেইখনে অপৰাধমূলক ঘটনা ৰিপ’র্ট বা জ্ঞাতকৰণৰ ক্ষেত্ৰত ভুক্তভোগীয়ে নিজে শাৰিৰীকভাৱে আৰক্ষী থানাত উপস্থিত নোহোৱাকৈ বৈদ্যুতিন মাধ্যমেৰে যোগাযোগ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ই আৰক্ষীক খৰতকীয়া কার্য ব্যৱস্থা গ্ৰহণত সহায় কৰিব বুলি আশা কৰা হৈছে৷ শূন্য এজাহাৰ (Zero FIR)ব্যৱস্থাৰ আৰম্ভণিয়ে এজন ব্যক্তিক যিকোনো আৰক্ষী থানাত গোচৰ দিয়াৰ সুবিধা প্ৰদান কৰিছে, য’ত পূর্বৰ কর্তৃত্বৰ ভৌগোলিক পৰিসীমাৰ (jurisdiction) কথা নোহোৱা কৰিছে৷ ই গোচৰ এটা তৰা বা ইয়াৰ অনুসন্ধান প্ৰক্ৰিয়াত হোৱা বিলম্ব নোহোৱা কৰিব বুলি আশা কৰা হৈছে৷
৯) গ্ৰেপ্তাৰৰ ক্ষেত্ৰত এই নতুন আইনৰ গুৰুত্বপূর্ণ এক সংযোজন হ’ল এই যে এই আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা এজন ব্যক্তিক গ্ৰেপ্তাৰৰ লগে লগে তেখেতৰ পচন্দৰ যিকোনো এজন ব্যক্তিক তেখেতৰ অৱস্থাৰ বিষয়ে অৱগত কৰাৰ অধিকাৰ দিছে যাৰ সহায়ত গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনে তাৎক্ষণিকভাৱে সহায় পোৱাৰ সুবিধা হ’ব৷ তদুপৰি গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ সবিশেষ তথ্য আৰক্ষী থানাৰ পৰিসৰৰ ভিতৰত আৰু জিলা সদৰত উপলব্ধ কৰাৰ ব্যৱস্থাৰ কথা কোৱা হৈছে যাৰ জৰিয়তে ব্যক্তিজনৰ পৰিয়াল তথা বন্ধুবর্গই সেই বিষয়ক গুৰুত্বপূর্ণ তথ্য লাভ কৰাত সুবিধা হ’ব৷
১০) গোচৰ আৰু অনুসন্ধান প্ৰক্ৰিয়া শক্তিশালী কৰাৰ বাবে গম্ভীৰ প্ৰকৃতিৰ অপৰাধৰ ক্ষেত্ৰত ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনা সংঘটিত হোৱাৰ স্থান ভ্ৰমণ কৰা আৰু সাক্ষ্য-প্ৰমাণ সংগ্ৰহ কৰাটো বাধ্যতামূলক কৰিছে৷
১১) নতুন আইনকেইখনে মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধৰ ক্ষেত্ৰত গোচৰৰ ৯০ দিনৰ ভিতৰত প্ৰগতিৰ ক্ষেত্ৰত নিয়মীয়াকৈ খবৰ পোৱাৰ ব্যৱস্থা কৰিছে৷ এই ব্যৱস্থাই ভুক্তভোগীক নিয়মীয়া তথ্য লাভৰ অধিকাৰৰ জৰিয়তে গোচৰীয়াক গোচৰ আৰু ইয়াৰ প্ৰগতিৰ স’তে সংযুক্ত কৰি ৰাখিব তথা ন্যায় প্ৰদান প্ৰক্ৰিয়াটোৰ স্বচ্ছতা আৰু ইয়াৰ প্ৰতি বিশ্বাস বৃদ্ধি কৰিব বুলি ভৱা হৈছে৷ তদুপৰি নতুন আইনে শিশু আৰু মহিলা ভুক্তভোগীৰ ক্ষেত্ৰত সকলো হাস্পতালত বিনামূলীয়া প্ৰাথমিক চিকিৎসা আৰু অন্য চিকিৎসা সেৱা লাভৰ ব্যৱস্থা কৰিছে৷
১২) গোচৰীয়া আৰু অভিযুক্ত দুয়োজনকে এজাহাৰ, আৰক্ষীৰ প্ৰতিবেদন, চার্জ-শ্বীট, বক্তব্য, স্বীকাৰোক্তি আৰু অন্যান্য নথিৰ নকল ১৪ দিনৰ ভিতৰত লাভ কৰাৰ অধিকাৰ দিয়া হৈছে৷
১৩) ক’র্টসমূহক শুনানীৰ বাবে সর্বোচ্চ দুটা তাৰিখ স্থগিতকৰণ (adjournment)-ৰ ব্যৱস্থাৰ কথা কোৱা হৈছে যাতে অলাগতিয়াল বিলম্ব পৰিহাৰ কৰি সময়-নির্দ্ধাৰিত ন্যায় প্ৰদান কৰিব পৰা যায়৷
১৪) নতুন আইনমতে সকলো ৰাজ্য চৰকাৰ সাক্ষী-বাদীৰ বাবে যথোপযুক্ত সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ বাধ্য৷
১৬) ‘লিংগ’-ৰ নতুন সংজ্ঞাত তৃতীয় লিংগ (transgender)ৰ ব্যক্তিসকলকো অন্তর্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে সমতা আৰু সকলোৰে অর্ন্তভুক্তিকৰণৰ ব্যৱস্থা নিশ্চিত কৰিব খোজা হৈছে৷
১৭) ১৫ বছৰৰ তলৰ মহিলা, ৬০-ৰ উর্দ্ধৰ ব্যক্তি আৰু শাৰিৰীকভাৱে অসমর্থ অথবা গুৰুতৰ ৰোগত আক্ৰান্ত ব্যক্তিক থানাত সোঁ-শৰীৰে উপস্থিত থকাৰ পৰা ৰেহাই দিয়া হৈছে৷ তেখেতেসকলে ঘৰত থাকিয়েই আৰক্ষীৰ সহায় পোৱাৰো ব্যৱস্থা কৰা হৈছে৷
বৃটিছ ঔপনিৱেশিক প্ৰভাৱবোৰৰ এটা এতিয়ালৈকে ভাৰতৰ আইনী ব্যৱস্থাটো আছিল বা এতিয়াও আছে৷ দেশত প্ৰচলিত সিংহভাগ আইনৰ মূল আধাৰ, প্ৰথম প্ৰণয়নৰ বছৰ আৰু আনহে নালাগে ইয়াৰ দর্শনতো আজিও ব্ৰিটেইনৰ প্ৰভাৱ স্পষ্ট৷ এনে বহু প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ এই তিনিওখন আইনে প্ৰথম, যুগান্তকাৰী প্ৰয়াস কৰিছে৷ সংবিধানক মানি চলা, শ্ৰদ্ধা কৰা এজন সাধাৰণ নাগৰিক হিচাপে আইনকেইখনক স্বাগতম জনাইছোঁ৷ আশা কৰিছোঁ ন্যায় প্ৰদান প্ৰক্ৰিয়াত এই নতুন আইনকেইখনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি, বহু সাধাৰণ মানুহৰ ন্যায় লাভৰ প্ৰক্ৰিয়াটোৰ প্ৰতি থকা কিছু সন্দেহৰ দৃষ্টি, আশাহীনতা আৰু হতাশাক আশালৈ পৰিবর্তন কৰিবলৈ সক্ষম হ’ব৷ বহুতৰে ধাৰণা, ভাৰত হয়তো বিশ্বৰ সর্বাধিক আইন থকা দেশসমূহৰ ভিতৰতে এখন শীর্ষ পর্যায়ৰ দেশ৷ বহুতে এনেকৈও ভাৱে যে আমাৰ ইয়াত আইন যিমান, সুৰুঙাও সিমান আৰু শেষ পর্যন্ত ধনাঢ্য, ৰাজনৈতিক ভাৱে শক্তিশালীসকলেহে ন্যায় লাভ কৰে৷ আশা আৰু বিশ্বাস কৰিছোঁ এই নতুন আইন কেইখনৰ বোকোচাত উঠি এই সকলো ধাৰণা সকলো ভাৰতীয়ই চিৰকালৰ বাবে বিদায় দিব পাৰিব৷
(লেখাটিত সন্নিবিষ্ট বহু তথ্য Dailyhunt-ৰ পৰা লোৱা হৈছে, যাৰ প্ৰকাশক Money Control, English )