হাতীমূৰা শ্লু’ইছ গেট পৰিদৰ্শন আছুুৰ

হাতীমূৰা শ্লু’ইছ গেট পৰিদৰ্শন আছুুৰ
জলসম্পদ বিভাগৰ বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী

ব্ৰহ্মপুত্ৰৰ পৰা কলঙলৈ অনিয়ন্ত্ৰিতভাৱে হোৰাহোৰে প্ৰবাহিত হৈছে বাৰিষাৰ ঢলঃ শংকিত কলিয়াবৰীয়া ৰাইজ

কিশোৰী কুমাৰ ডেকা, ৰাইজৰ খবৰ ডিজিটেল, কলিয়াবৰঃ কলিয়াবৰত জলসম্পদ বিভাগৰ বিয়াগোম প্ৰকল্পত ব্যাপক বিসংগতি। বুমেৰাং হোৱাৰ পথত কলং পুনৰুজ্জীৱিতকৰণ প্ৰকল্প। ঠিকাদাৰী প্ৰতিষ্ঠান জেড ইঞ্জিনিয়াৰ্ছৰ বিৰুদ্ধে নিম্ন মানৰ কামৰ অভিযোগ। জলসম্পদ বিভাগৰ অদূৰদৰ্শিতা আৰু ঠিকাদাৰী প্ৰতিষ্ঠান জেড ইঞ্জিনিয়াৰ্ছৰ নিম্নমানৰ কামৰ ফলত কোটি কোটি টকা পানীত পৰাৰ উপক্ৰম ঘটিছে কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখত। হাতীমূৰাৰ মুকলিৰ পূৰ্বেই একপ্ৰকাৰ অকামিলা হৈ পৰিছে প্ৰায় ২০ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে হাতীমূৰাৰ কলংমুখত স্থাপিত শ্লুইছগেট। মুকলিৰ পূৰ্বেই শ্লুইছগেটৰ তলেৰে অনিয়ন্ত্ৰিত ভাৱে সোমাইছে ব্ৰহ্মপুত্ৰৰ পানী। শ্লুইছ গেটেৰে ব্ৰহ্মপুত্ৰৰ পানী এৰি নিদিওতেই অনিয়ন্ত্ৰিতভাৱে কলঙলৈ বৈ অহাত শংকিত হৈ পৰিছে কলংপৰীয়া ৰাইজ। সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ এটা দল হাতীমূৰাত উপস্থিত হৈ জলসম্পদ বিভাগৰ কামৰ নমুনা দেখি ধিক্কাৰ দিয়াৰ লগতে জলদ্বাৰ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপনৰে জলসম্পদ বিভাগৰ ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰে৷ ব্ৰহ্মপুত্ৰৰ পানী এৰি নিদিওতেই কিদৰে শ্লুইছ গেটৰ তলৰে কলঙলৈ পানী প্ৰৱাহিত হৈছে বুলি জলসম্পদ বিভাগৰ বিষয়াক প্ৰশ্ন উত্থাপন কৰে আছু নেতৃত্বই। আছুৰ প্ৰশ্নত বিভাগীয় বিষয়াৰ অকপট স্বীকাৰোক্তি যে বৰ্তমান নিয়ন্ত্ৰণৰ বাহিৰত আছে শ্লুইছ গেটৰ প্ৰথম সুৰক্ষা দ্বাৰ। পানী নকমা পৰ্যন্ত শ্লুইছ গেটৰ বিসংগতি দূৰ কৰিব পৰা নাযাব বুলিও কয় জলসম্পদ বিভাগৰ নগাঁও সমণ্ডলৰ বিষয়াই। ইফালে, ব্ৰহ্মপুত্ৰৰ মুখত আওপুৰণি পদ্ধতিৰ শ্লুইছ গেট স্থাপন কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে স্থানীয় ৰাইজৰ। কেইবা দশকৰ পিছত মৃত কলঙৰ বুকুৰে ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱাহিত হোৱা দেখি স্থানীয় লোকসকল আপ্লুত হোৱাৰ সমান্তৰালকৈ কলংমুখৰ শ্লুইছ গেটৰে অনিয়ন্ত্ৰিত হাৰত পানীৰ প্ৰৱহন হোৱা দেখি ২০১৭ চনৰ দৰেই প্ৰলয়ংকৰী বানৰ আশংকাত ভূগিছে কলংপৰীয়া লোকসকল। আনহাতে, প্ৰায় ২০ কোটি ৫০ লাখ টকীয়া জলদ্বাৰ মুকলিৰ পূৰ্বেই একপ্ৰকাৰ অকামিলা হোৱা দেখি শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে যোৱা ২১ জুনৰ দিনা প্ৰথম বাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ পানী কিছু পৰিমাণে প্ৰৱাহিত হওতেই ভাগি গৈছিল শ্লুইছ গেটৰ খোলা-বন্ধ কৰা হেণ্ডেলৰ লগত সংলগ্ন লোৰ প্লেট। মুখ্যমন্ত্ৰীৰ জখলাবন্ধা ভ্ৰমণৰ সময়তে তেওঁক দেখুৱাবলৈ ২১ জুনৰ দুপৰীয়া পৰীক্ষামূলকভাৱে খুলি দিয়া হৈছিল কলঙৰ মুখ। কিন্তু, প্ৰথম পানীৰ ঢলতে ভাঙিল নৱনিৰ্মিত শ্লুইছ গেটৰ অংশ। এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই ভঙা শ্লুইছ গেট মেৰামতিৰ বাবে তৎপৰ হৈ পৰে জলসম্পদ বিভাগৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠান। যোৱা ২২ জুনৰ দিনা ভগা শ্লুইছ গেটত জ্বালাই মাৰি মেৰামতি কৰাত তৎপৰ হয় জলসম্পদ বিভাগৰ ঠিকাদাৰী প্ৰতিষ্ঠান। আনহাতে, সেই দিনাই দুপৰীয়া স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত হাতীমূৰাত উপস্থিত হৈ শ্লুইছ গেট পৰিদৰ্শন কৰি কোনো ধৰণৰ শংকাৰ কাৰণ নাই বুলি সদৰী কৰে। কিন্তু, ব্ৰহ্মপুত্ৰৰ পানী এৰি নিদিওতেই অনিয়ন্ত্ৰিত ভাৱে কলঙলৈ বৈ অহা কথা স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে, ব্ৰহ্মপুত্ৰৰ মুখত আওপুৰণি পদ্ধতিৰ শ্লুইছ গেট স্থাপন কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে স্থানীয় ৰাইজৰ। কেইবা দশকৰ পিছত মৃত কলঙৰ বুকুৰে ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱাহিত হোৱা দেখি স্থানীয় লোকসকল আপ্লুত হোৱাৰ সমান্তৰালকৈ কলংমুখৰ শ্লুইছগে’টৰ অংশ ভাঙি যোৱাত পানীৰ প্ৰৱহন নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ আশংকাত ভূগিছে কলংপৰীয়া লোকসকল। আনহাতে, প্ৰায় ২০ কোটি টকীয়া জলদ্বাৰৰ অংশ মুকলিৰ পূৰ্বে ভাগি যোৱাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে ব্ৰহ্মপুত্ৰৰ পানী নেৰোতেই কিদৰে শ্লুইছ গে’টৰ তলৰে কলঙলৈ প্ৰৱাহিত হৈছে পানী? মুকলিৰ পূৰ্বেই ২০ কোটি টকীয়া শ্লুইছ গেটৰ অংশ ভাগিল কেনেকৈ?

ঠিকাদাৰী প্ৰতিষ্ঠান জেড ইঞ্জিনিয়াৰছৰ এয়াই নেকি কামৰ নমুনা? উল্লেখ্য যে ১৩৫.৪০ কোটি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কলং পুনৰজীৱিতকৰণ আঁচনি খন ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত। বিভিন্ন দল সংগঠনৰ লগতে কলংপৰীয়া ৰাইজৰ প্ৰবল জনমত আৰু বিশেষজ্ঞ সমিতিৰ পৰামৰ্শত ৰাজ্য চৰকাৰে কলঙক পুনৰ বোৱতী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বৃহৎ পৰিমাণৰ পুঁজি আবণ্টন দিছিল। স্থানীয় বিধায়ক তথা তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ২০২০ চনৰ ৩০ অক্টোবৰত মাঙ্গলিক কাৰ্যৰে শুভাৰম্ভ কৰা কলং পুনৰজীৱিত কৰণ আঁচনিখনৰ লগতে ২০২১ বৰ্ষৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে কলং খনন আৰু নিস্কাশনৰ কাম শুভাৰম্ভ কৰি মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ তথা নগাঁওবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল। আঁচনিখনৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠাত চলিত এটা পষেকৰ ভিতৰতে পৰীক্ষামূলক ভাবে আৰম্ভ হ’ব কলংমুখলৈ ব্ৰহ্মপুত্ৰৰ পানী বোৱাই অনাৰ কাম। ৩ বছৰ ৬ মাহৰ অন্তত ব্ৰহ্মপুত্ৰৰ বুকুত হাতীমূৰা মন্দিৰৰ পৰা কলংমুখলৈ প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা নিৰ্মাণৰ কাম সম্পন্ন কৰি ইতিমধ্যে কলংমুখলৈ বোৱায় অনা হৈছে ব্ৰহ্মপুত্ৰৰ পানী। মনকৰিবলগীয়া যে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই ২০২১ বৰ্ষৰ ২৩ মে’ আৰু ১৯ ডিচেম্বৰত কলিয়াবৰৰ হাতীমূৰাৰ কলং মুখৰ কাম পৰিদৰ্শন কৰি আঁচনিখনৰ অগ্ৰগতি বুজ লৈ ২০২৫ৰ পূৰ্বে কলং পুনৰ প্ৰৱাহিত হ’ব বুলি ব্যক্ত কৰিছিল। মধ্য অসমৰ সামাজিক তথা সাংস্কৃতিক জীৱনৰ দলিলস্বৰূপ এই কলং ৭০ দশকৰ পৰা মৃতপ্ৰায় হৈ আছিল। পৰৱৰ্তী সময়ত অভিজ্ঞ আন্তৰ্জাতিক খ্যাতিসম্পন্ন কেন্দ্ৰীয় জলসম্পদ বিভাগৰ অধীনস্থ প্ৰতিষ্ঠান WAPCOS-ক ২০১৯ চনত কলং উন্নয়নৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। WAPCOS-এ জৰীপ, অনুসন্ধান, ক্ষেত্ৰ পৰিদৰ্শনৰ লগতে চলোৱা সমীক্ষাৰ অন্তত ২০২০ চনৰ জানুৱাৰী মাহত Rejuvenation of Kolong River (Construction of Intake and Appurtenant Structure) নামৰ এখন প্ৰাক্‌কলন প্ৰস্তুত কৰি কলঙৰ সামগ্ৰিক উন্নয়ন সম্পৰ্কীয় এই আন্তঃগাঁথনি নিৰ্মাণৰ ব্যয় আনুমানিক ১৩৫.৪০ কোটি টকা ধাৰ্য কৰি প্ৰকল্প প্ৰস্তুত কৰিছিল। মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জখলাবন্ধালৈ আহি কলং পুনৰ জীৱিতকৰণৰ এই আঁচনিখন পৰিদৰ্শন কৰাৰ পাছতে ২০ কোটি ব্যয়ৰে নিৰ্মিত আঁচনিখনৰ কৰা জলদ্বাৰৰ বিসংগতিয়ে সম্প্ৰতি শংকিত কৰি তুলিছে কলিয়াবৰীয়া ৰাইজক৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস