বিপন্ন সময়ঃ পঢ়ক প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী
বুবুল শৰ্মাৰ নিয়মীয়া শিতান
শৈশৱৰ চিনাকি !
ফুটকলা আৰু ফুটুকাৰ যখিনী,কেঁকোৰা ইত্যাদি
—বুবুল শৰ্মা, পৰিৱেশ কৰ্মী
স্কুলৰ পৰা আহি চিধাই কাজিৰঙাৰ আমাৰ ঘৰৰ সন্মুখৰ কাঠনি আৰু কাষতে থকা কাৰ্বি পাহাৰৰ গাত লাগি থকা গেজেপনি মৰা হাবিবোৰত ঘূৰি ফূৰাটো মোৰ দৰে হয়তো বহুতৰে চখ আছিল৷ সকলোৰে হকা-বাধা, সাৱধানবাণী – যখিনী ওলাব! বৰ জয়াল, ইত্যাদি ইত্যাদি অনেক সাৱধানবাণী৷ হাতত এখন কটাৰী থাকেই, কিহৰ ভয়৷ মোৰ উদেশ্য কিন্ত সিবোৰত পোৱা নানা চিনাকি-অচিনাকি ফলৰ সোৱাদ লোৱা আৰু বনৰীয়া মুৰ্গী,চৰাই আদিয়ে ক’ত বাহ সাজিছে,ক’ত কি আছে ইত্যাদি ইত্যাদি জনাৰ আগ্ৰহ৷ গতিকে সাৱধানবাণী এখন কাণেৰে সোমাই এখন কাণেৰে ওলাই গৈছিল৷
সেই ফুটুকানি হাবিৰ পৰা ঘৰলৈ আহি প্ৰায়েই গালি খাইছিলোঁ, বিশেষকৈ সেই হাবিৰ ফল খাই দাতঁ-মুখ নীলা কৰি অনাৰ বাবে৷ মনত পৰিছেনে সৰু ফল বিধ আকৃতিও কিছু পৃথক,খালে যে নীলা বা ক’লা হৈ পৰে মুখখন৷ মনত পৰিছেনে ফলবিধৰ নাম – ফূটকলা আকৌ!ফূটকলাৰ ফলবিধ যে! পকি ফাটি বেঙুনীয়া বা নীলা হৈ থাকে! আস! আধা পকা অৱস্থাত ৰঙা হৈ থাকে ! খাবলৈ কিমান সোৱাদ নুসুধিব৷ কৈশোৰ অৱস্থাতটো জিভাত সকলোবোৰেই অমৃত যেনেই লাগিছিল৷ এবাৰ তেনে ওখ এবিধ বনৰীয়া ফল খাই ডাঙৰ দাদাৰ গোটেই গাতে ঘাঁৰ সৃষ্টি হৈছিল৷ সেই ৰঙচুৱা ফল লগা গছৰ নাম চাহ মজদুৰ সকলৰ মতে হেনো ভেলা৷ চাহ মজদুৰ সকলে সেই গছৰ আঠা বোধহয় ব্যৱহাৰ কৰে৷ কিন্ত তেওঁলোকৰো গাতটো এই গছে প্ৰতিক্ৰিয়া সৃষ্টি কৰে৷ বগৰিজুৰিত এজোপা ভেলা গছ আছিল৷ আৰু বেলেগ ঠাইত সেই গছ দেখা নাই৷
ফুটুকনী হাবি , ফুটুকাৰ ফেন , ফুটুকাৰ যখিনী বুলি কেইটামান অসমীয়া শব্দ আছে৷ মনত পৰিছেনে? এই নামবোৰৰ মূলতে হ’ল – এবিধ সৰু গছ৷ সাধাৰণতে ধ্বংস হোৱা বনাঞ্চল বা এৰা গাঁও বা বাৰী আদিত চাপৰ আকৃতিৰ মানে একঁকাল ওখ গছ বোৰে গেজেপ মাৰি থাকে৷ চৰণীয়া পথাৰ, আলিকাষ আদিত গজে ৷ শৈশৱৰ পৰাই এই গছ আমাৰ কিন্ত বেচ চিনাকি৷
বিজ্ঞজনৰ পৰা গম পালোঁ ইয়াৰ অসমীয়া নাম – ফুটকলা৷ বৈজ্ঞানিক নাম (Melastoma malabathricum), মেলষ্টমা শব্দৰ অৰ্থ হ’ল ক’লা মুখ , অৰ্থাত ইয়াৰ গুটি খালে মুখ খন ক’লা হয় ।ইয়াৰ ইংৰাজী নাম হ’ল Malabar melastome/Indian rhododendron/Singapore rhododendron বা senduduk৷ এই গছ এৰাবাৰী বোৰত হয়৷ এইবোৰত গাগিনী ফৰিঙৰ দৰে সৰু সৰু প্ৰাণী থাকে , ই যেতিয়া কণী পাৰে এবিধ ফেনৰ দৰে আকাৰ বনাই , যাক ফুটুকাৰ ফেণ বোলে৷ ফুটুকা ফেনৰ অৰ্থ আমি সকলোৱে জানো যে অলাগতীয়াল । আনহাতে এই গছ phytoremediation ৰ বাবে বিখ্যাত অৰ্থাৎ এলুমিনিয়াম আদিকে ধৰি বহু গধুৰ পদাৰ্থ শোধন কৰা গছ , এনে ঠাইত মানুহৰ মনস্তাত্বিক চিন্তা ধাৰা প্ৰভাৱিত কৰিব পাৰে৷ অলৌকিক ভাব আহে বা দেখে , সেয়ে ফুটুকাৰ যখিনী।
এই গছবিধৰ উচ্চতা সাধাৰণতে ১-৩ মিটাৰ পৰ্যন্ত হয়। দেখাত তেজপাতৰ দৰে পাতবোৰৰ দৈঘ্য ৪-১১ চেণ্টিমিটাৰ আৰু প্ৰস্থ ১-২ চেণ্টিমিটাৰ পৰ্যন্ত হয়। পাতত ৫ৰ পৰা ৭ ডাললৈকে মুখ্য শিৰা থাকে। পাতবোৰ সাধাৰণতে খহটা। ইয়াৰ ফুলবোৰ গাঢ় বা পাতল বেঙুনীয়া ৰঙৰ।ফল ৰঙচুৱা ভিতৰত ক’লা, পকিলে ফল ফাটি যায়। ফলবোৰ খোৱাৰ যোগ্য। এই গছৰ ফল খালে দাঁতত ৰঙা ৰঙ ধৰে বাবে এই গছক দাঁত ৰঙা বুলিও কোৱা হয়।
এতিয়াহে জানিব পাৰিছোঁ যে বনৌষধি হিচাপেও এই গছৰ ব্যৱহাৰ হয়৷ আমাৰ গাঁৱৰ চাহ মজদুৰ ভাই-ভনী সকলেও নিশ্চয় এই গছ ভিন ভিন কাৰণত ব্যৱহাৰ কৰে৷
কোষ্ঠকাঠিন্য ৰোগৰ লগতে কেন্সাৰ, হৃদ ৰোগৰ বাবেও স্থানীয়ভাৱে এই গছৰ হেনো ব্যৱহাৰ হয়। ইয়াৰোপৰি পেটৰ বিষ, দাঁতৰ বিষ, উচ্চ ৰক্তচাপ চৰ্ম ৰোগ, মধুমেহ ইত্যাদি ৰোধৰ বাবেও এই গছ ঔষধি হিচাপে ব্যৱহাৰ হয়। অসমীয়া তথা বিভিন্ন লোক সাহিত্যত এই গছৰ নামৰ উল্লেখ দেখা যায়। এই গছৰ পাত জনজাতীয় পাৰম্পৰিক দেশীয় সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে। এৰাবাৰীৰ দৰে পৰিত্যক্ত ঠাইত এই গছবোৰ অধিক পৰিমাণে গজে বাবে অসমীয়া লোক সমাজত এই গছত প্ৰেত থাকে বুলি বিশ্বাস কৰে৷
আজিও গাঁৱলৈ গ’লে সেই গছবোৰ বিচাৰি চকুবোৰ টিপটিপাই ফূৰে৷ গাঁৱৰ ঘৰলৈ গ’লে, ঘৰত নথকাটোৱেই মোৰ চৰিত্ৰ৷ হাবিখন, গাঁওখন পাক মাৰি নহালৈকে মনত শান্তি নাই৷
আনহাতে এৰাবাৰীৰ সৰু হাবিয়নী বোৰত কোনো লাগতিয়াল বস্তু নাথাকে, জয়াল , সেয়ে হেনো কোৱা হয় ফুটুকনী হাবি। এই হাবিত গাৰ চাল কাটে ,গেজেপ মৰা ।আনহাতে ইয়াৰ পাত শিপা ফল বহু ঠাইত ঔষধি হিচাপে ব্যৱহাৰ কৰে৷ গতিকে এই উদ্ভিদ দেখিলেই কাটি নেপেলাব৷ সিঁহতকো এই পৃথিৱীত জীয়াই থকাৰ সুযোগ দিয়ক৷ মানুহৰ ভয়ত সকলো পলাই পত্ৰং দিলে!অন্তত যখিনীবোৰ থাকিবলৈ ঠাই অকণমান নালাগেনে!
গাঁৱৰ মানুহ হিচাপে আমাৰ স্মৃতিক সদাই চেঁপা দিয়া এবিধ প্ৰাণী হ’ল কেঁকোৰা৷
কেঁকোৰা বুলিলেই ককা-আইতাই তাহানিতে কোৱা বাঘ আৰু কেঁকোৰা আৰু বগলী আৰু কেঁকোৰাৰ সাধু দুটালৈ মনত পৰে৷ সৰু জীৱ হ’লেও কেঁকোৰাৰ বুদ্ধি দেখি শৈশৱতে কেঁকোৰা নামৰ প্ৰাণীটোৰ প্ৰতি কিবা এটা আকৰ্ষণ বুকুখনত ৰৈ গৈছিল৷ বাৰিষাত ভেকুলী, জোনাকী পৰুৱা,নানা পোক,চৰাই আদিৰ মাতত জিপাল হৈ পৰা আমাৰ গ্ৰাম্য সমাজখনৰ ৰূপ আৰু সৌন্দৰ্য সঁচাকৈ অনন্য৷ আমাৰ পুখুৰী,পথাৰ,নদী-বিলবোৰত কিমান ধৰণৰ বিচিত্ৰ আৰু বিস্ময়কৰ প্ৰাণীয়ে শুৱনি কৰি ৰাখিছে৷ এই প্ৰাণীবোৰৰ অবিহনে আপোনাৰ গাঁওখনৰ পৰিবেশটোৰ সৌন্দৰ্য কল্পনা কৰিব পাৰিনে? আমাৰ মাজৰ পৰা পথাৰ,পুখুৰী, জলাশয় আদিবোৰ হেৰাই যোৱাৰ বাবে দায়ী কিন্ত আমি থলুৱা মানুহবোৰেই!
শৈশৱৰ স্মৃতিত কেঁকোৰাৰ সৈতে মুখামুখি হোৱাৰ কথা মনলৈ নাহেনে? পথাৰত জপংজপংকৈ ঘূৰি ফুৰোতে,পথাৰত থোহা-চেঁপা পাতিবলৈ যাওঁতে,পুখুৰী সিঁচোতে,পথাৰত বোকা দিওঁতে কেঁকোৰাৰ সৈতে মুখামুখি নোহোৱাকৈ থকা মানুহৰ সংখ্যা হয়তো বিৰল৷ গাতৰ ওপৰত আৰু কাষত কোমল বোকা থাকিলে গম পোৱা যায় – গাতত কেঁকোৰা আছে গতিকে গাতত সাপ নাথাকে৷ সেই গাতত হাত সুমুৱাই হয়তো কেঁকোৰাৰ চেপা খোৱাৰ অভিজ্ঞতাও আমাৰ সৰহ ভাগৰে আছে৷ মাছৰ লোভতো বহুতে কেঁকোৰা গাতত সাপ নাথাকে বুলি সাহসেৰে হাতখন ভৰাই দিয়ে৷
কেঁকোৰা (Crab ) বুলিলে আমি অসমীয়া মানুহে পানীৰ দাঁতিত বাস কৰা এবিধ দহঠেঙীয়া প্ৰাণীৰ কথাকে বুজোঁ৷ কেঁকোৰা সন্ধিপদ ( Arthropode ) বৰ্গৰ ক্ৰেস্টাসিয়া প্ৰাণী৷ যাৰ সম্পূৰ্ণ শৰীৰটো বহিঃকংকাল ( exoskeltone) ৰে আবৃত্ত৷ পৃথিৱীত কেঁকোৰাক দুটা ভাগত ভাগ কৰিছে – 1) Brachyuha( এইবিধক আচল কেঁকোৰা বুলি কোৱা হয়) আৰু 2) Anomura ( ভূৱা কেঁকোৰা৷ শামুকৰ খোলা এটা লৈ ফূৰে) অসমত দ্বিতীয় বিধ কেঁকোৰা নাই৷
প্ৰথমবিধ কেঁকোৰাৰ ৬৭৯৩ টা প্ৰজাতি জীৱ বিজ্ঞানীসকলে চিনাক্ত কৰিছে৷ অসমীয়াত মতাটোক কেঁকোৰা আৰু মাইকীজনীক কেঁকুৰী নামেৰে আখ্যা দিয়া হয়৷ কিন্ত কোনটো মতা বা কোনজনী মাইকী কেনেকৈ চিনাক্ত কৰিব? এইকথা বুজিবলৈ কেঁকোৰাৰ বুকুখন বা পেটৰ পিনে দৃষ্টি নিক্ষেপ কৰক৷ দেখিব মতা কেঁকোৰাৰ পেটত সৰু আকৃতিৰ এটা ত্ৰিভুজ আকৃতিৰ চিন আছে আৰু মাইকীজনীৰ পেটত বহল তথা গোলাকাৰ চিন এটা আছে৷
কেঁকোৰা সৰ্বভোজী কেঁচু,শেলাই,ভেঁকুৰ,মাছ সকলোবোৰ ভক্ষণ কৰে৷ কেঁকোৰাৰ খাদ্যাভাস নিৰ্ভৰ কৰে ই ক’ত বাস কৰে তাৰ ওপৰত৷
কেঁকোৰাই মাটিৰ ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰ লগতে ভূগৰ্ভৰ পানীৰ স্তৰ আৰু পুষ্টিৰ গতিবিধিৰ মাজত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে পথাৰ,জলাশয়ৰ লগতে মেনগ্ৰভ আদি অৰণ্যৰ ক্ষেত্ৰত৷ কেঁকোৰা গাতৰ দ্বাৰাই পৰিৱেশৰ কিমান ডাঙৰ উপকাৰ হৈ আছে,সি সঁচাকৈ গৱেষণাৰ বিষয়৷
আমাৰ গাঁওখনত যিহেতু পূৰ্বৰ পৰাই মজদুৰ মানুহৰ সংখ্যা বেছি আছিল৷ সেয়ে পথাৰ ,বিলৰ মাছৰ লগতে কেঁকোৰাও আছিল তেওঁলোকৰ প্ৰিয় খাদ্য৷ এতিয়া এই গাঁৱৰ চাহ মজদুৰ সকল,তেওঁলোকৰ শিশুবোৰে প্ৰাকৃতিকভাৱে সহজলভ্য কেঁকোৰাৰ উৎকৃষ্ট সোৱাদ পোৱাৰ পৰা বঞ্চিত ৷ এতিয়া গাঁওবোৰত কেঁকোৰা পাব ক’ত? পথাৰবোৰ হেৰাল! পথাৰত অট্টালিকা গজিল, ঘৰ হ’ল৷পথাৰৰ আলিবোৰৰ সৈতে মানুহৰ মনবোৰো সৰু হৈ পৰিল! কেঁকোৰাবোৰে এতিয়া ক’ত বাস কৰিব? কেৱল সাহিত্যৰ মাজত- কেঁকোৰা চেপা,কেঁকোৰা নাঙল আদি শব্দবোৰ থাকিলেই জানো হ’ব, যদি আমাৰ চৌদিশৰ পথাৰ,পুখুৰী, নদী-বিলবোৰ কুশলে নাথাকে?
পৃথিৱীত হেনো বছৰি ১.৫ মিলিয়ন টন কেঁকোৰা মানুহে খায়,ইয়াৰে সংখ্যাগৰিষ্ঠ সাগৰীয় কেঁকোৰা৷ বাংলাদেশত কেঁকোৰাৰ খেতি কৰি এক সফল উদ্যোগ হিচাপে গঢ় দিব পাৰিছে৷ বাংলাদেশত কেঁকোৰা ৰপ্তানিত ৫ লাখ মানুহ হেনো নিয়োজিত৷ কেঁকোৰাবোৰ প্ৰধানত চিংগাপুৰ,হংকং,টাইৱান,চীন,জাপানলৈ ৰপ্তানি কৰে৷