বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান
বুবুল দত্ত, ৰাইজৰ খবৰ ডিজিটেলঃ ১৯৬৪ চনতে স্থাপন হৈছিল বোকাখাতৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান শ্ৰী শ্ৰী যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়৷ এই মহাবিদ্যালয়ে সম্প্ৰতি ভৰি দিছে গৌৰৱোজ্বল হীৰক জয়ন্তী বৰ্ষত৷ শনিবাৰে জে ডি এচ জি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়৷ পুৱা প্ৰথমখন পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই৷ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে৷ ইয়াৰ সমান্তৰালকৈ আন ৬০ খন পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে৷ বোকাখাতৰ গৌৰৱ এই ঐতিহাসিক মহাবিদ্যালয়খনৰ শৈক্ষিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক, কেবিনেট মন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি অতুল বৰাই হীৰক জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠানত সাধ্যানুসাৰে সকলো কৰি যাব বুলি মন্তব্য প্ৰদান কৰে৷ ইয়াৰ পাছতে দাতাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে দাতা পৰিয়ালৰ পৰিয়ালবৰ্গই৷ পৰৱৰ্তী কাৰ্যসূচী অনুসৰি স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়৷ উল্লেখ্য যে বনাপানীৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয় চৌহদৰ ভিতৰতে এই সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন হয়৷ বিয়লি ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ অন্তৰঙ্গ অনুষ্ঠান অনুষ্ঠিত হয়৷ হীৰক জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীত মহাবিদ্যালয়ৰ লগতে প্ৰাক্তন ছাত্ৰ মঞ্চই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা বৰ্ষত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে৷