নীৰৱতাৰ সিপাৰে ৪ঃ পঢ়ক প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া শিতান
লুইতত ভোটোঙাই ওলাল শিহু
আজি বোলে ৰঙালী বিহু বিহু
— মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী৷
সিদিনা আছিল ১৪ অক্টোবৰ, ২০২৩৷
দিনত পু এন ফ’ ৱাইল্ডৰ কৰ্মী বিমান সন্দিকৈৰ পৰামৰ্শ অনুসৰি ধ্ৰুৱজ্যোতি চেতিয়া, ধৰ্মেশ্বৰ নাথ, পৰিৱেশকৰ্মী তথা সাংবাদিক ৰাজীৱ বৰুৱা আৰু মই পক্ষী নিৰীক্ষণ, শগুনৰ আৱাস আৰু খাদ্য গ্ৰহণ ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে যাওঁতে চাৰিকড়ীয়া নদীত প্ৰায় এবছৰীয়া এটা শিহু প্ৰত্যক্ষ কৰোঁ৷ পৰিৱেশকৰ্মী ৰাজীৱ বৰুৱা আৰু ধৰ্মেশ্বৰ নাথে অতি কষ্টেৰে শিহুৱে ওমলা দৃশ্যটো কেমেৰাত আৱদ্ধ কৰে৷
(ছবি সংগ্ৰহঃ লেখকৰ)
বৃহত্তৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত চেলা-চাৰিকড়ীয়াৰ নামনি অঞ্চলত শিহুৰ এটা ৯-১০ জনীয়া দল বাৰ মাহেই থাকে৷ কেৱল চাৰিকড়ীয়া নৈৰে উজাই অহাতোহে সেৰেঙা হয় যদিও চাৰিকড়ীয়া নদীৰ বলাইঘাট অঞ্চলত শিহুটো দেখা পাই স্বাভাৱিকতে আমাৰ লগতে উৎফুল্লিত হৈ পৰিছিল পৰিৱেশকৰ্মীসকল৷
শিহু অসমৰ জাতীয় জলচৰ জীৱ৷ ভূপেন হাজৰিকাই শিহুৱে পানীৰ পৰা ভোটোংকৈ ওলায় আকৌ ডুব মাৰি যোৱাৰ কথাৰে গাইছিল–
লুইতত ভোটোঙাই ওলাল শিহু
আজি বোলে ৰঙালী বিহু বিহু
যেন লেতেকুৰে থোক
এ’ দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই যা ধেমালি চা৷
শিহু আমাৰ দেশৰ থলুৱা জলজ স্তন্যপায়ী প্ৰাণী৷ ইয়াৰ বৈজ্ঞানিক নাম প্লাটানিষ্টা গেংগেটিকা গেংগেটিকা৷ শিহু মূলতঃ গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদী, কুলশী, সোৱণশিৰি, বৰাক [ভাৰতবৰ্ষ], মেঘনা, কৰ্ণফুলি নদী [বাংলাদেশ] আৰু কোশী, গন্ধকি, কৰ্ণালি নদী [নেপাল]ত পোৱা যায়৷ কুলশী নদীত সৰ্বাধিক শিহু থকা বুলি শুনা যায়৷ অৱশ্যে অত্যধিক বালি খনন, প্ৰদূষণৰ কৰালগ্ৰাসত পৰি ইয়াৰ সংখ্যা কমি অহাৰ লগতে ভৱিষ্যতৰ প্ৰতিও ভাবুকি নামি আহিছে৷ শিহুক ১৯৯৬ চনতে IUCNৰ ৰঙা তালিকাৰ বিলুপ্তপ্ৰায় (Endangered) শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে৷
ইহঁত সাধাৰণতে ১.৫-৩ মিটাৰ দীঘল হয়৷ গাত কোনো নোম নাথাকে৷ দৃষ্টিশক্তি নাই বাবে ইহঁতে আলট্ৰাছ’নিক শব্দ নিৰ্গত কৰি চিকাৰ কৰে৷ ইহঁতৰ শৰীৰত ব্লাব্বাৰ নামৰ চৰ্বিৰ তৰপ দেখা পোৱা যায়৷ ১৮০১ চনত আনুষ্ঠানিকভাৱে শিহু আৱিষ্কাৰ হৈছিল৷ ইহঁতক অকলে বা সৰু সৰু গোটত দেখা পোৱা যায়৷ সাধাৰণতে মাক আৰু পোৱালিয়ে একেলগে চলাফুৰা কৰে৷ পোৱালি জন্মৰ সময়ত চকলেট ব্ৰাউন বৰণৰ হয় আৰু প্ৰাপ্তবয়স্ক অৱস্থাত ধূসৰ-বাদামী মসৃণ বৰণৰ হয়৷ মাইকীবোৰ মতাতকৈ ডাঙৰ হয়৷ ২-৩ বছৰৰ মূৰে মূৰে এবাৰত মাত্ৰ এটাকৈ পোৱালি জন্ম দিয়ে৷ নদী দ্বীপ, নদীৰ ভাঁজ বা বালিচৰৰ দৰে নদীৰ অংশসমূহত ইহঁতে চলাচল কৰে৷
শিহু [ভাৰতৰ গংগীয় শিহু]ক ২০০৮ চনত অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে ঘোষণা কৰা হয়৷ ইয়াৰ এটা বছৰ পাছত ২০০৯ চনত কেন্দ্ৰীয় চৰকাৰে ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপেও ঘোষণা কৰিছিল৷
শিহুৱে পানীত উশাহ ল’ব নোৱাৰে৷ ই স্তন্যপায়ী প্ৰাণী হোৱাৰ বাবে প্ৰতি ৩০-১২০ ছেকেণ্ডৰ মূৰে মূৰে পৃষ্ঠলৈ ওলাই আহি উশাহ লয়৷ উশাহ লোৱাৰ সময়ত কৰা শব্দৰ বাবে ইয়াক ‘ছুছু’ বুলিও কোৱা হয়৷
শিহুৰ জনসংখ্যা অতি সম্প্ৰতি ভয়ানকভাৱে কমি অহা পৰিলক্ষিত হৈছে৷ ইয়াৰ মূলতে আছে কিছু অন্ধবিশ্বাস আৰু অজ্ঞতা৷ শিহুৰ তেল ব্যৱহাৰ কৰিলে বিষৰ পৰা উপশম পায় বুলি প্ৰচলিত বিশ্বাসো শিহুৰ সংখ্যা হ্ৰাস পোৱাৰ অন্যতম কাৰণ৷ বান্ধ নিৰ্মাণ, জলসিঞ্চন প্ৰকল্প স্থাপন আৰু মাছ ধৰা ফলতো শিহুৰ জনসংখ্যাক আৰু পৰিসৰ যথেষ্ট হ্ৰাস পাইছে৷ মাংস, চৰ্বি আৰু তেলৰ বাবে চোৰাংচিকাৰীয়ে ইহঁতক হত্যা কৰে৷ কেতিয়াবা পানীত মেচিনৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় বা ভুলবশতঃ মাছ ধৰা জালত আৱদ্ধ হৈয়ো ইহঁতৰ মৃত্যু ঘটে৷