কাজিৰঙাত পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

হাতত Drive slow প্লে-কাৰ্ড লৈ কাজিৰঙাৰ ৰাজপথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ আহ্বান

পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ বান বিভীষিকাৰ মাজতে কাজিৰঙাৰ ৰাজপথত হাতত Drive slow প্লে-কাৰ্ড লৈ বাহনৰ চালকক যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে আজি আহ্বান জনায় পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷

মন্ত্ৰীগৰাকীয়ে লগতে কাজিৰঙা অঞ্চলত বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে বন, পৰ্যটন আৰু পৰিবহণ বিভাগৰ কৰ্মীৰ লগতে এন. এছ. এছ. (NSS)-ৰ দৰে অনুষ্ঠানসমূহৰ স্বেচ্ছাসেৱক সকলে অতি নিষ্ঠাৰে চলাই নিয়া সজাগতা বৃদ্ধি কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ লগতে উৎসাহ যোগায়। অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনক লগত লৈ কাজিৰঙাৰ পূৱ হালধিবাৰী বনশিবিৰত উপস্থিত হৈ বান পৰিস্থিতিৰো বুজ লয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। উল্লেখ্য যে শেহতীয়া বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা। এই বানৰ কবলত পৰি জীৱ-জন্তুসমূহৰ বিলাই-বিপত্তি নোহোৱা হৈছে।

বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন লোকৰ ঘৰ-বাৰীৰ ক্ষতিসাধন কৰিছে৷ ইপিনে, বানৰ পৰা পৰিত্ৰাণ বিচাৰি উদ্যানখনৰ বিভিন্ন বন্যপ্ৰাণী নিৰাপদ আশ্ৰয়ৰ সন্ধানত উদ্যানৰ বাহিৰলৈ ওলাই আহিছে৷ ফলত, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে বিভিন্ন জন্তুৰ প্ৰায়ে যান-বাহনৰ খুন্দাত মৃত্যু ঘটে৷ কিন্তু, এইবাৰ যেন কিছু ব্যতিক্ৰম৷ চৰকাৰ আৰু স্থানীয় ৰাইজৰ তৎপৰতাত চলিত বানত যান-বাহনৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা যথেষ্ট কম৷ ইপিনে, এই বান পৰিস্থিতিৰ মাজতেই আজি দুপৰীয়া কাজিৰঙাৰ ৰাজপথত হাতত Drive slow প্লেকাৰ্ড লৈ বাহনৰ চালকক লাহে-লাহে বাহন চলাবলৈ অনুৰোধ জনালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।

Related Posts

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

“অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস