২৫ জুলাইত গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

২৫ জুলাইত গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

প্ৰতিদিন, সাদিন গোষ্ঠীৰ অধ্যক্ষ,ব্ৰেইলী সংস্কৰণৰ প্ৰণেতা জয়ন্ত বৰুৱালৈ ‘জননী গৌৰৱ বঁটা’

জাতীয়-জনগোষ্ঠীয় সমাৰোহ
২৪ জুলাইত মহিলা পৰিষদ,অসমৰ কাৰ্যসূচী

মৃদুস্মিতা শৰ্মা , ৰাইজৰ খবৰ ডিজিটেলঃ অসমৰ অন্যতম শক্তিশালী জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ২৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা ২৫ জুলাইত সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট নগৰত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। উক্ত দিনা দিনৰ প্ৰায় ১ বজাত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সংগঠনটোৱে জাতীয় জীৱনৰ বৰেণ্য ব্যক্তি সাদিন, প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ ,ব্ৰেইলী সংস্কৰণৰ প্ৰণেতা জয়ন্ত বৰুৱাক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ‘জননী গৌৰৱ বঁটা-২০২৪। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰে। বিবৃতিটোত লগতে উল্লেখ কৰে যে,অসমৰ সংবাদ ক্ষেত্ৰখনত এক নতুন ধাৰাৰ সৃষ্টি কৰি সুস্থ সাংবাদিকতাৰ নেতৃত্ব বহন কৰি সমাজ জীৱন আৰু জাতীয় জীৱন সমৃদ্ধ কৰাৰ বাবে পুৰোধা জয়ন্ত বৰুৱালৈ জাতীয় সংগঠনটোৰ এই সন্মান। ইয়াৰ উপৰি ব্ৰেইলী সংস্কৰণৰ প্ৰণেতা হিচাপে বিশ্ব অভিলেখ সৃষ্টিৰে তেখেতে যি অভিলেখ গঢ়িলে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা তেখেতলৈ এই বঁটাৰ জৰিয়তে সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ ই এক সামান্য আন্তৰিক প্ৰয়াস। গোলাঘাট জিলা পুথিভঁৰালত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত এই বঁটা প্ৰদান কৰিব । উল্লেখ্য যে, প্ৰতিষ্ঠা দিৱস উপলক্ষে বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰ উক্ত দিনা পুৱা পতাকা উত্তোলন,শ্বহীদ তৰ্পণ আদি কাৰ্যসূচীৰ পাচত মুকলি সভা আৰু জাতীয়-জনগোষ্ঠীয় সমাৰোহত অসমৰ জাতীয়, জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ,বিশিষ্ট লেখক, সাহিত্যিক, বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ২৪ জুলাইৰ পুৱা সংগঠনটোৰ ভগ্নী সংগঠন জাতীয়তাবাদী মহিলা পৰিষদ,অসমৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী গোলাঘাট পৌৰ সভা সভা কক্ষত অনুষ্ঠিত হ’ব। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ লগতে উক্ত দিনা পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু গোলাঘাট কবি সন্মিলনৰ সহযোগত অনুষ্ঠিত হ’ব আমন্ত্ৰিত কবিৰ দ্বাৰা ‘কবি সন্মিলন’ । উক্ত অনুষ্ঠানতে গোলাঘাটৰ বহুকেইগৰাকী অগ্ৰনী মহিলাক ‘বিশেষ সম্বৰ্দ্ধনা জনোৱা হ’ব। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া,সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ,আদৰণী সমিতিৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, কাৰ্যকৰী সভাপতি বিপুল বৰা আৰু সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰে বিবৃতিযোগে আন্তৰিকতাৰে কামনা কৰিছে।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস