বিপন্ন সময়ঃ পঢ়ক প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া শিতান
সৰ্প উদ্ধাৰকাৰী নে উৎপীড়ক
প্ৰসংগ কেৰেলাৰ সৰ্পমানৱ খ্যাত বাবা সুৰেশ
— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী৷
কেৰেলাৰ জনপ্ৰিয় সৰ্প উদ্ধাৰকাৰী বাবা সুৰেশক ২০২২ চনৰ ৩১ জানুৱাৰী তাৰিখে ফেটী সাপে দংশন কৰাত জটিল অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি হৈ আছে৷ চিকিৎসকে বিপদমুক্ত বুলি ক’লেও এতিয়াও জটিল অৱস্থাৰ পৰা সম্পূৰ্ণকৈ মুক্ত হোৱা নাই৷ কেৰালাৰ কট্যায়াম জিলাৰ কুৰিচি গাঁৱৰ এঘৰ মানুহৰ ঘৰৰ ভিতৰৰ পৰা ফেটী সাপডাল উদ্ধাৰ কৰিবলৈ, এহাতেৰে সাপডালৰ নেজত ধৰি গিউনী বেগত ভৰাব বিচাৰোতে সাপডালে অকস্মাৎ তেওঁৰ তপিনাত দংশন কৰে৷
বাবা সুৰেশে বৰ্তমানলৈকে ৩৮০০০ সাপ ধৰিছে, বিনিময়ত ৩০০০ বাৰ সাপৰ দংশন লাভ কৰিছে৷ তদুপৰি বৰ্তমানলৈকে ১৯০ ডাল ৰাজফেটী King Cobra উদ্ধাৰ কৰিছে৷ তেওঁকলৈ নেচনেল জিঅ’গ্ৰাফি আৰু এনিমেল প্লেনেট চেনেল আদিত একাধিক ডকুমেণ্টেৰীয়ো প্ৰদৰ্শন হৈছে৷ উল্লেখযোগ্য যে বাবা সুৰেশে সাপ ধৰা কাৰ্যটোক প্ৰফেচন হিচাপে লোৱা নাই, সমাজ আৰু সাপৰ প্ৰতি দায়িত্বশীল হৈয়ে তেওঁ সাপ ধৰা কাৰ্যত নিজকে স্বইচ্ছাই নিয়োজিত কৰিছে৷ ইতিমধ্যে তেওঁ এখন হাতৰ তৰ্জনী আঙুলিটো ভাইপাৰ নামৰ বিষাক্ত এবিধ সাপৰ দংশনত হেৰুৱাব লগা হৈছিল আনকি ভাইপাৰৰ দংশনত তেওঁ ভেণ্টিলেছনতো থাকিব লগা হৈছিল৷ তেখেতে এক সাক্ষাৎকাৰত কৈছিল — ১২ বছৰ বয়সতে তেওঁ প্ৰথমডাল সাপ ধৰিছিল, তাকো ফেটী সাপ৷
কিন্ত ২০২২ চনৰ ৩১ জানুৱাৰী তাৰিখে বেগত ভৰাব খোজোতেই তেওঁৰ তপিনাত দংশন কৰিয়েই শিলৰ ফাঁকত সোমাই পৰে, সেই অৱস্থাতো সুৰেশে সাপডাল উদ্ধাৰ কৰি বেগত ভৰাই বনবিভাগৰ হাতত তুলি দিয়ে আৰু তাৰপিছতেই তেওঁ অজ্ঞান হৈ বাগৰি পৰে৷তাৎক্ষণিকভাৱে তেওঁক হস্পিতালত ভৰ্ত্তি কৰাৰ পিছতে, চছিয়েল মিডিয়াত বিশেষকৈ তিনিটা বিষয়ত বিতৰ্ক আৰম্ভ হোৱা দেখা যায়৷
প্ৰথমটো বিষয় হ'ল - বিজ্ঞানসন্মতভাৱে সৰ্প ধৰা কৌশল বনাম বাবা সুৰেশৰ সাপ ধৰা নিজস্ব কৌশল৷ দ্বিতীয়তো বিষয় আছিল - তেখেতৰ এই সংকটকালত তেখেতক মানসিকভাৱে উৎপীড়ন উচিত হৈছেনে আৰু তৃতীয় বিষয়টো হ'ল বাবা সুৰেশ ফেন ক্লাৱৰ যুক্তি - ৩৮০০০ সাপ ধৰা অভিজ্ঞ এজন ব্যক্তিক সাপ ধৰিবলৈ শিকোৱাটো কিমান যুক্তিসংগত?
কেৰেলাৰ সৰ্প মানৱ খ্যাত বাবা সুৰেশ
( ফটো সংগ্ৰহঃ লেখকৰ )
নিৰাপত্তা(Safety) সুনিশ্চিত কৰাই বিজ্ঞানসন্মত কৌশলঃ
কেৰেলাৰ ফৰেষ্ট ট্ৰেনিং চেণ্টাৰৰ উপ সঞ্চালকৰ মতে – বিজ্ঞানসন্মতভাৱে সৰ্প ধৰাৰ কৌশল বা লক্ষ্য হ’ল – সাপ ধৰোতাজনৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰা লগতে সাপডালৰ কোনো বিঘিনি নোহোৱৰ আৰু সাপডালৰ চাৰিওপাশে থকা আন সাপবোৰৰ নিৰাপত্তাও সুনিশ্চিত কৰা৷
এই কৌশল আয়ত্ত কৰিব নোৱাৰিলে – তিনিটা অনাকাংক্ষিত ঘটনা ঘটিব পাৰে – ১/বিষাক্তসাপ ধৰোতাজনৰ প্ৰাণ যাব পাৰে, ২/ সাপডাল আঘাতপ্ৰাপ্ত হ’ব পাৰে আৰু ৩/ ধৰোতাজনৰ সাপৰ আৱাসস্থলীৰ জ্ঞান নাথাকিলে বা আন যিকোনো ঠাইত সাপডাল এৰি দিলে, সাপডালে নতুন পৰিবেশত টিকি নাথাকিবও পাৰে আৰু ৰাজফেটীৰ ক্ষেত্ৰত অন্য সাপৰ বংশবৃদ্ধিত প্ৰভাৱ পৰিব পাৰে৷ সেয়ে এটা অঞ্চলৰ সাপ আন এটা অঞ্চলত এৰি দিয়া কামটো বৰ স্পৰ্শকাতৰ৷ কেৰেলাৰ বনবিভাগে বেগ আৰু পাইপেৰে সাপ ধৰা কৌশলক স্বীকৃতি দিছে৷ কাৰণ সাপ এডালে মুকলি ঠাই এটুকুৰাত মেৰ খাই পৰি থকাতকৈ গাত বা চুক এটাত সোমাই থাকিবলৈ নিৰাপদ অনুভৱ কৰে৷ সেয়ে সহজতে সাপধৰোতাই পাইপেৰে সাপডাল বেগত সুমুৱাই ল’ব পাৰে৷ তৎক্ষণাত বেগটোৰ মুখখন ষ্টিকৰ সহায়েৰে হেঁচা মাৰি,বিশেষ কৌশলেৰে ষ্টিকেৰে সাপডালৰ বেগটো উলমাই লয় – বিশ্বৰ প্ৰসিদ্ধ সৰ্পবিদ ৰমুলাছ হোৱাইটেকাৰে এই কৌশেলেৰে সাপ ধৰিছিল৷
সাপৰ শৰীৰত খুৱ সাৱধানে হাত দিয়া উচিতঃ
সাধাৰণতে সাপৰ মূৰটো বা ডিঙিটোত এনেকৈ ধৰিব লাগে যাতে, সাপডালে মূৰটো ঘূৰাই দংশন কৰিব নোৱাৰে৷মনত ৰখা দৰকাৰ মানুহৰ দৰে সাপৰ ৰাজহাড় শক্তিশালী নহয়৷ সেয়ে সাপক নেজত ধৰি উদ্ধাৰ কৰিব খোজেতে, খুৱ সাৱধান হ’ব লাগে, সাপডালৰ বিপৰীত দিশে ঘূৰাবলৈ যাওঁতে বহু সময়ত সাপৰ ৰাজহাড়ৰ গাঠি বা হাড়ৰৰ অংশবিশেষ ভাগি যাব পাৰে বা হানি ঘটিব পাৰে৷ সিয়ে মূৰত মজবুতকৈ ধৰিব পাৰিলে সাপডালে আঘাত পোৱাৰ সম্ভাৱনা কম থাকে৷ কিন্ত লক্ষ্য ৰাখিব লাগিব সাপডালে যাতে ডিঙিত আঘাত নাপাই, কাৰণ সাপে ডিঙিত আঘাত পালে খাদ্য গিলিব নোৱাৰে৷ সেয়ে সাপ উদ্ধাৰৰ ক্ষেত্ৰত প্ৰশিক্ষণপ্ৰাপ্ত বা অভিজ্ঞতা অবিহনে সাপ ধৰিবলৈ চেষ্টা কৰিলে আপোনাক সাপ উদ্ধাৰকাৰী বুলি নকৈ উৎপীড়ক বুলিহে স্বীকৃতি দিব৷
এঠাইৰ সাপ আন এঠাইত মুকলি কৰি দিয়া উচিতনে?
এই প্ৰশ্নৰ খুৱ সাধাৰণ উত্তৰটো দিয়াটো বহুসময়ত জটিল হয়৷ বহু প্ৰকৃতিবিদে দৃঢ়ভাৱে ক’ব বিচাৰে সাপক ধৰিবই নেলাগে বা আন জংঘলত এৰিব নালাগে৷ অন্যথা সাপক সিঁহতৰ সুবিধাজনক প্ৰাকৃতিক আৱাসস্থলীৰ পৰা বিচ্ছিন্ন কৰা হ’ব৷ অন্য এটা নতুন পৰিবেশত সাপডালে কেনেকৈ নিজকে খাপ খোৱাব?তদুপৰি আন বহুতো নেতিবাচক প্ৰভাৱ আৰু কাৰক আহি পৰিব পাৰে৷ সেয়ে সাপক অন্যথা ধৰিব লগা হ’লেও তাৰ আৱাসস্থলীৰ পৰা এক কিলোমিটাৰৰ ভিতৰত এৰিব পাৰে৷ তেতিয়া সাপডালে তাৰ পুৰণি আৱাসস্থলীলৈ ঘূৰি যাব পাৰে৷ য’ত সাপডালে পানী,খাদ্য আদি ক’ত আছে, তাৰ পূৰ্বৰ জ্ঞান থাকে৷সাপৰ প্ৰজাতি অনুসৰি আৱাসস্থলী ভিন্ন৷শুকান অঞ্চলত বাস কৰা ভাইপাৰ সাপ এডালক গভীৰ অৰণ্যত এৰিব বিচাৰিলে, হিতে বিপৰীত হ’ব পাৰে৷ সেয়ে সৰ্পৰ আৱাসস্থলীৰ সম্পৰ্কে সজাগতা শিৱিৰ অনুষ্ঠিত কৰা দৰকাৰ৷