বোকাখাতত প্ৰবীণ বাওঁপন্থী নেতা অৱনী বৰঠাকুৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি
বোকাখাত, ৰাইজৰ খবৰ ডিজিটেলঃ অসমৰ সুযোগ্য চিন্তাবিদ, শিক্ষাবিদ তথা প্ৰবীণ বাওঁপন্থী নেতা অৱনী বৰঠাকুৰৰ বিয়োগ অসমৰ বাবে এক অপুৰণীয় ক্ষতি। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে গুৱাহাটীৰ গীতানগৰস্থিত কে জি এম টি হাস্পতালত ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ সুযোগ্য চিন্তাবিদ গৰাকীৰ।
চৰকাৰৰ জন বিৰোধী নীতি, জাতি বিৰোধী স্থিতি, শাসকৰ শোষণৰ বিৰুদ্ধে বাৰে বাৰে ৰাজপথত নামি প্ৰতিবাদী মিচিলক সন্মূখৰ পৰা নেতৃত্ব দিয়া সেই গৰাকী মহান চিন্তাবিদ গৰাকীলৈ বুধবাৰে বোকাখাতত জীপাল কৃষক-শ্ৰমিক সংঘ আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত গভীৰ শ্ৰদ্ধাঞ্জলি তথা ৰক্তিম অভিবাদন অনুষ্ঠান আয়োজন কৰা হয়।
বোকাখাত নাট্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত প্ৰবীণ বাওঁপন্থী নেতা গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ হৈ বলো বৰা, প্ৰনৱ দলে, ভাৰতীয় গণনাট্য সংঘৰ হৈ গণশিল্পী ধনেশ্বৰ শইকীয়া, সোণেশ্বৰ নৰহ, ৰাজ্যিক সাংবাদিক সন্থাৰ হৈ জিতু শৰ্মা ৰাজখোৱা,প্ৰয়াস অধ্যয়ন চক্ৰৰ হৈ অমৰ কাকতি নিজৰা বৰঠাকুৰ আৰু পল্লৱ হাজৰিকা, জীপাল কৃষক শ্ৰমিক সংঘৰ হৈ প্ৰবিন পেগু, বিজু চাওতাল ,বুদেন পেগু, বোকাখাত সাংবাদিক সন্থা আৰু নাট্য মন্দিৰ সমিতিৰ হৈ নিলু আচাৰ্য, বাৰ এছচিয়েছন আৰু ৰাইজৰ দলৰ হৈ মৃত্যুঞ্জয় পেগু, ভূমি অধিকাৰ সমিতি, ৰিক্সাচালক সন্থা, বাওঁপন্থী নেতা প্ৰয়াত কমলেশ্বৰ ৰাজখোৱাৰ পৰিয়ালৰ হৈ দিগন্ত ৰাজখোৱা, বাওঁপন্থী প্ৰয়াত চিদানন্দ শইকীয়াৰ পৰিয়ালৰ হৈ গোপিকানন্দ শইকীয়া, সাংবাদিক উত্তম শৰ্মা, ধ্ৰুৱজ্যোতি সাহা, ৰাজীৱ বৰা,প্ৰদীপ হাজৰিকাকে প্ৰমূখ্য কৰি ,ৰাজ্যিক সাংবাদিক সন্থা আদি কৰি কেইবাটাও প্ৰতিষ্ঠান আৰু বিশিষ্ট ব্যক্তি দল-সংগঠনে।
আনহাতে বোকাখাত জাতীয় বিদ্যালয়ৰ হৈ ইঞ্জু আহমেদ আৰু ৰাতুল ফুকনৰ তত্বাৱধানত গোমৰাগ আবুৰ ভায়লীনত কল্যান খৰমান ৰাগ বাদনৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহান চিন্তাবিদ গৰাকীলৈ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আঁত ধৰি কৃষক নেতা সোনেশ্বৰ নৰহে মহান চিন্তাবিদ তথা ৰাজনৈতিক পুৰুধা ব্যক্তি গৰাকীৰ আদৰ্শৰে নতুন প্ৰজন্মক যাতে উদ্বুদ্ধ আৰু ৰাজনৈতিক ভাৱে সচেতন কৰি ৰাখিব পাৰি তাৰ উদেশ্য আগত ৰাখিয়েই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আয়োজন কৰা হ’ল বুলি ব্যক্ত কৰাৰ লগতে কয় এই ক্ষণটোৰ সাক্ষীহৈ বোকাখাত বাসী নিজেও ধন্য হ’ল।
উল্লেখযোগ্য যে, ১৯২৯ চনত জন্মগ্ৰহণ কৰা অৱনী বৰঠাকুৰ কটন কলেজত অধ্যয়ন কৰি থকাৰ সময়তে দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল আৰু ছাত্ৰ অৱস্থাতেই গ্ৰহণ কৰিছিল কমিউনিষ্ট পাৰ্টিৰ সদস্য পদ।
অনবৰতে সমাজমুখী চিন্তা আৰু সমাজ সংস্কাৰৰ স্বপ্নৰ পিছে পিছে দৌৰা বৰঠাকুৰে ১৯৪৫ চনতে শিৱসাগৰ জিলাৰ ছাত্ৰ ফেডাৰেচনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ১৯৫০ চনৰে পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বক্ষণৰ কৰ্মী হৈ তেওঁ ১৯৭০ চনৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সহকাৰী সম্পাদক, দলৰ সম্পাদক মণ্ডলীৰ সদস্যও হৈছিল। ১৯৪৮ ৰ পৰা ১৯৫৮ চনলৈ তেওঁ আছিল অসম ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত।
ৰাজনৈতিক, সামাজিকভাৱে এনেদৰে সক্ৰিয় হৈ থকাৰ মাজতেই তেওঁ ১৯৫৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত ১৯৬৩ চনত গ্ৰহণ কৰে বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী। অবিভক্ত শিৱসাগৰৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান নাজিৰা কলেজৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰা বৰঠাকুৰে পৰৱৰ্তী সময়ত ১৯৮২ চনত মহাবিদ্যালয়খনৰ গ্ৰহণ কৰিছিল অধ্যক্ষৰো দায়িত্ব।