অসম জাতীয়তাবাদী মহিলা পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন

গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে গোলাঘাটত

অসম জাতীয়তাবাদী মহিলা পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন

বিশেষ সম্বৰ্দ্ধনা, কবি সন্মিলন


মৃদুস্মিতা শৰ্মা .ৰাইজৰ খবৰ ডিজিটেলঃ গোলাঘাটত যোৱা ২৫ জুলাইত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জাতীয়তাবাদী মহিলা পৰিষদ,অসমৰ অষ্টম সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত গোলাঘাটৰ বহুকেইগৰাকী অগ্ৰনী মহিলাক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয় ।‌ বিশিষ্ট সাংবাদিক সৌভিক বৰাই আঁত ধৰা অনুষ্ঠানত সামাজিক,সাংস্কৃতিক,শৈক্ষিক, সাহিত্য আদিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা আন্তৰিক অৱদানৰ বাবে সমাজৰ নবীন-প্ৰবীন অগ্ৰনী মহিলাক প্ৰতিষ্ঠা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত বিশেষভাৱে সম্বৰ্দ্ধনা জনায় । গোলাঘাট পৌৰ সভা কাৰ্যালয়ৰ সভাকক্ষত জাতীয়তাবাদী মহিলা পৰিষদ,অসমৰ সভানেত্ৰী ৰ’জলীন গগৈৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা সভাত সাংবাদিক,টাইম 8 ৰ এংকৰ এ’পলীনা শইকীয়া, বিশিষ্ট শিক্ষাবিদ ড° তৰালী গগৈ, গোলাঘাট ৰিলায়েন্স চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ প্ৰিয়ংকা শইকীয়া দাস, সাংস্কৃতিক কৰ্মী ৰেখামণি বৰুৱা বৰা,দীপজ্যোতি ফুকন বৰা, কবি ,লেখক হেমা চৌধুৰী গগৈ , পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰা, বিষয়ববীয়া পল্লৱীকা বৰুৱাক সংগঠনটোৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট লেখিকা অৰুণা বৰদলৈ বৰুৱাই । জাতীয়তা মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা হেমাশ্ৰী বৰাই আদৰণী ভাষণ প্ৰদান কৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী,বিশিষ্ট লেখিকা সূৱৰ্ণ শইকীয়া বৰদলৈয়ে । আনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, প্ৰতিষ্ঠাপক প্ৰদীপ কুমাৰ গোস্বামী, ৰাজমোহন কলিতা,আদৰণী সমিতিৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, বিশিষ্ট ঔপন্যাসিক অপৰাজিতা বৰুৱা, গোলাঘাট জিলা মহিলা সমিতিৰ সভানেত্ৰী জুৰি দাস ৰাজখোৱা, বিশিষ্ট লেখিকা কল্পনা চেতীয়া,জয়ন্তী গায়ন বৰবৰা,পুৱতি শাখা সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা,ইন্দ্ৰানী গোস্বামী, যুৱ পৰিষদৰ জিলা সমিতিৰ সভাপতি বিপুল বৰা, সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰ আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু গোলাঘাট সদৰ কবি সন্মিলনৰ উদ্যোগত আয়োজিত আমন্ত্ৰিত কবিৰ কবি সন্মিলনৰ সঞ্চালনা কৰে বিশিষ্ট কবি ৰাজুমণি বেজবৰুৱাই। উক্ত কবি সন্মিলনত অসমৰ বিভিন্ন ঠাইৰ ৫০ গৰাকীৰো অধিক প্ৰতিষ্ঠিত কবিয়ে অংশগ্ৰহণ কৰে । জাতীয়তাবাদী মহিলা পৰিষদ,অসমৰ কেন্দ্ৰীয় সভানেত্ৰী ৰ’জলীন গগৈয়ে এক প্ৰেছ বিবৃতিযোগে উক্ত কাৰ্যসূচী সফল কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলোকে সংগঠনটোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস