“কৃতি ছাত্ৰ-ছাত্ৰীসকল জাতিটোৰ গুৰি ধৰোতা হওক, শিপাডাল শক্তিশালী হ’লেহে জাতিটো শক্তিশালী হ’ব” — শংকৰ প্ৰসাদ বৰুৱা
“পৃথিৱীৰ দুৱাৰ খুলি আগবাঢ়ি যোৱাৰ সময়” — মনোজ কুমাৰ গোস্বামী
গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে গোলাঘাটত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন
মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ প্ৰতিযোগিতাৰ পৃথিৱীখনত নিজকে উপযুক্ত ভাৱে প্ৰতিষ্ঠা কৰি যাতে আগবাঢ়িব পাৰে,আমাৰ উঠি অহা প্ৰজন্মক সুৰক্ষিত ভৱিষ্যতৰ সঠিক বাটেৰে আগবঢ়াই নিব লাগিব । বিশেষকৈ নিজৰ জাতিটোৰ প্ৰতি,নিজৰ ভাষাটোৰ প্ৰতি ,নিজৰ সমাজখনৰ প্ৰতি ,নিজৰ গাঁওখনৰ প্ৰতি আৰু নিজৰ স্বত্তাটোৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব। শিপাডালৰ লগত খামুচি যাতে জীয়াই থাকিব পাৰে আৰু আমাৰ শিপাডালক যাতে শক্তিশালী কৰিব পাৰে ,তাৰ বাবে নৱ-প্ৰজন্মৰ পৰা আমি বহুখিনি আশা কৰোঁ ।” সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাট মহকুমা ছাত্ৰ সন্থা আৰু গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি গোলাঘাটত আয়োজিত কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এনেদৰে মন্তব্য কৰে ।
গোলাঘাট এমেচাৰ থিয়েটাৰ ছছাইটিৰ প্ৰেক্ষাগৃহত জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈৰ পৌৰাহিত্যত জিলাখনৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, কৃতি ছাত্ৰ-ছাত্ৰীৰ বিপুল সমাবেশত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ আৰু কয় যে,কৃতি ছাত্ৰ-ছাত্ৰীসকল নতুন প্ৰজন্মৰ বাবে পাথেয় হওক। আমাৰ জাতিটোৰ গুৰি ধৰোতা হওক। শিপাডাল শক্তিশালী কৰাৰ উদ্দেশ্যে এনেদৰে একত্ৰিত কৰি কৃতিমানৰ কান্ধত জাতিটোৰ ভাৰ অৰ্পণ কৰিব বিচাৰিছোঁ। শিপাডাল শক্তিশালী হ’লেহে জাতিটো শক্তিশালী হ’ব বুলি তেওঁ মন্তব্য কৰি কৃতি ছাত্ৰ-ছাত্ৰী সকলক দেশ, মাটি আৰু জাতিৰ স্বাৰ্থত দায়বদ্ধ ভূমিকা পালন কৰাৰ আহ্বান জনায়। নতুন শিক্ষানীতিয়ে আমূল পৰিবৰ্তন আনিছে যদিও ইয়াক সঠিকভাৱে পৰ্যালোচনা কৰি বহুখিনি কৰিবলগীয়া আছে বুলিও মুখ্য অতিথিৰ ভাষণত আৰু নেতা বৰুৱাই উল্লেখ কৰে। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাই আঁত ধৰা অনুষ্ঠান শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে।
বিশিষ্ট সাংবাদিক,গল্পকাৰ, সাহিত্য অকাডেমী বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে, বিজ্ঞান আৰু প্ৰযূক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তন আৰু প্ৰতিযোগিতামূলক যুগত আমি জীৱনৰ মান বঢ়াব লাগিব। পৃথিৱীৰ দুৱাৰ খুলি এতিয়া আগবাঢ়ি যোৱাৰ সময়। মাতৃভাষাৰ চৰ্চা আৰু উৎকৰ্ষ সাধনত তেওঁ অধিক গুৰুত্ব আৰোপ কৰি মাতৃভাষাত সৰ্বশ্ৰেষ্ঠ চিন্তা, সৰ্বশ্ৰেষ্ঠ উদ্ভাৱনা আৰু মাতৃভাষাতহে সৰ্বশ্ৰেষ্ঠ সৃষ্টি কৰিব পাৰে। কোনেও বেলেগ ভাষাত সৃষ্টি কৰি প্ৰখ্যাত হোৱা নাই বুলি মন্তব্য কৰি মাতৃভাষাক বাদ দি এটা জাতিৰ ভাষা-সংস্কৃতি কেতিয়াও স-গৌৰৱেৰে জিলিকি নাথাকে বুলি উল্লেখ কৰে। অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সৃষ্টিশীলতাৰ গতি বহু পৰিমাণে স্তিমিত হৈ অহা বুলিও বিশিষ্ট সাংবাদিক, গল্পকাৰ গোস্বামীয়ে ভাষণত প্ৰকাশ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে জিলা ছাত্ৰ সন্থাৰ হৈ আদৰণি ভাষণ প্ৰদান কৰে শিক্ষা সম্পাদক মিলন কৈৰীয়ে। গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ হৈ সাধাৰণ সম্পাদক দীপক গগৈয়ে আৰু গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ সাধাৰণ সম্পাদক হিমাংশু শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰে। অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বীপেন দত্ত, জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰিঞ্চ দলে, কনক গগৈ, অসম উন্নতি সভাৰ দেৱজিৎ বৰুৱা, প্ৰাক্তন আছু নেতা ৰঞ্জিত বৰা, সাংবাদিক মোস্তাক হুছেইন, আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত হাইস্কুল শেষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গোলাঘাট জিলাৰ ৪০৪ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন জনোৱা হয়। জিলাখনৰ ৮০ খন শিক্ষানুষ্ঠানৰ অধ্যক্ষ, অধ্যক্ষাকো ছাত্ৰ সন্থাই আজি বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।