দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰাখিব কেনেকৈ
— ডাঃ দীপক ভূঞা, জ্যেষ্ঠ চকুৰোগ বিশেষজ্ঞ৷
দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰাখিবলৈ চকুজুৰি সুস্থ হৈ থাকিব লাগিব। দৃষ্টিশক্তি সঠিকভাৱে থাকিলেহে এইখন বিনন্দীয়া পৃথিবীৰ সৌন্দর্য উপভোগ কৰিব পাৰি। সেয়েহে সকলোৱে সৰুৰে পৰাই চকুজুৰি নিৰোগী কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত। কেতিয়াবা সৰুতে চকুত আঘাত পালেও প্রথমতে বিশেষ গুৰুত্ব প্রদান কৰিব নোখোজে। ফলত পৰৱৰ্তী সময়ত এনে অৱহেলাৰ বাবে দৃষ্টিশক্তি লোপ তথা অন্ধ পর্যন্ত হোৱাৰ আশংকা থাকে। সেইবাবে সকলোৱে চকুজুৰি সুস্থ আৰু দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰাখিবলৈ যিবোৰ বিষয়ত সতর্কতা অৱলম্বন কৰিব লাগে সেইবোৰ উল্লেখ কৰা হ’ল —
- চকুৰ বিষ হোৱা অথবা ৰঙা পৰাৰ লগে লগে বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে। কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ চকু ৰঙা পৰিব পাৰে। এনে হ’লে চিকিৎসকৰ পৰামর্শ সময়মতে গ্রহণ কৰিলে ৰোগে জটিল ৰূপ লোৱাৰ পৰা চকুজুৰিক ৰক্ষা কৰিব পাৰে ।
- হঠাতে চকু ফুলি উঠিলে অবহেলা কৰিব নালাগে। কিয়নো কোনো ৰোগৰ বাবেও এনেদৰে ফুলি উঠাৰ সম্ভাবনা থাকে।
- ছানি পৰা ৰোগ বয়সৰ বাবে হোৱা ৰোগ বুলি ভাবি বহুতেই অবহেলা কৰে। এনে অবহেলাৰ ফলত লাহে লাহে দৃষ্টিশক্তি হ্রাস পায় অৱশেষত অন্ধত্বৰ চিকাৰ হয়। এনে নহ’বলৈ ছানি পৰাৰ লগে লগে অস্ত্রোপচাৰ কৰিবই লাগে। অস্ত্রোপচাৰ অবিহনে ছানি পৰা ৰোগৰ চিকিৎসা সম্ভব নহয়।
- গ্লু’কমাত আক্রান্ত হোৱা মানে দৃষ্টিশক্তি একেবাৰে লোপ পোৱা। চকুৰ প্ৰেছাৰ বা চাপ বৃদ্ধি হোৱা মানেই গ্লু’কমা হোৱাৰ লগে লগে অপ্টিক নার্ভডাল নষ্ট হয়। এই নার্ভডাল চকুৰ বাবে সবাটোকৈ গুৰুত্বপূর্ণ নার্ভ। চকুৰ প্ৰেছাৰ বৃদ্ধিৰ লগে লগে অপ্টিক নার্ভডাল দুর্বল হৈ পৰে। এনে হ’লে দেখাত অসুবিধা হয়। চকুৰ লগতে চকুৰ আশে-পাশে আৰু মুৰৰ বিষ হ’বলৈ ধৰে। চকু ৰঙা পৰিবলৈ আৰম্ভ কৰে । যিকোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও বয়স্ক লোকৰহে বেছি হয়।
- শিশুৰ চকুৰ কেন্সাৰ ৰোগ ভয়াবহ হিচাপে গণ্য কৰা হয়। পাঁচ বছৰৰ তলৰ শিশুৰ এনে ৰোগ বেছি হোবা দেখা যায়। প্রতি ১৫,০০০ শিশুৰ ভিতৰত এটি শিশুৰ এনে ৰোগ হ’ব পাৰে। এই চকুৰ কেন্সাৰক চিকিৎসা শাস্ত্রত ‘ৰেটিনোব্লাস্টোমা’ বুলি কয়। যিহেতু শিশুসকলে একো ক’ব নোৱাৰে সেয়েহে পাঁচ বছৰৰ পূর্বে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত।
- ডায়েবেটিছত আক্রান্তসকলে সদায় শৰ্কৰা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিব লাগে। নহ’লে দীর্ঘদিন ধৰি শৰ্কৰা অনিয়ন্ত্রিত হৈ থাকিলে কিডনী, হৃদৰোগৰ লগতে চকুৰ ৰোগ বা ডায়েবেটিক ৰেটিনোপেথী হোৱাৰ আশংকা থাকে। আজিকালি কম বয়সতে এনে ৰোগে গা কৰি উঠে বাবে সতর্কতা অবলম্বন কৰিবই লাগিব।
- ‘ৰেটিনোপেথী অব্ প্রি-মেচিউৰিটি’ ৰোগ বিধ সম্পর্কে প্রায়ভাগ লোকেই জ্ঞাত নহয়। নির্দিষ্ট সময়ৰ পূর্বে জন্মগ্রহণ কৰা শিশু বা ‘প্রি-মেচিউৰ চাইল্ড’ৰ ক্ষেত্রত এনে ৰোগ হোৱাৰ আশংকা থাকে। গর্ভাবস্থাত ৩৬ সপ্তাহ বা তাৰ পূর্বে জন্মগ্রহণ কৰা ১০ শতাংশ শিশুৰেই ৰেটিনোপেথী অব্ প্রি-মেচিউৰিটি হোৱাৰ আশংকা থাকে। ভাৰতত প্ৰতিবছৰে ৩০ হেজাৰ সদ্যোজাতৰ এনে কাৰণত অন্ধত্বৰ চিকাৰ হয়।
- প্রতিটো অপৰিণত শিশুৰ (প্রি-মেচিউৰ চাইল্ড) ৰ জন্মৰ এমাহৰ ভিতৰতেই চকুৰ পৰীক্ষা কৰিলে অন্ধত্বৰ পৰা ভালেখিনি হাত সাৰিব পাৰি।
- প্ৰদূষণৰ বাবেও আজিকালি পৰোক্ষভাৱে চকুৰ সমস্যাৰ সৃষ্টি হয়। বিভিন্ন ধৰণৰ ৰাসায়নিকৰ বাবে ৰোগে গা কৰি উঠে। ইয়াৰ পৰা পৰিত্ৰান পাবলৈ হ’লে বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত চকুজুৰি ভালদৰে পৰিষ্কাৰ কৰা উচিত।
- প্ৰখৰ ৰ’দত বাহিৰলৈ ওলালে গগলছ আদি ব্যৱহাৰ কৰিলেও ধূলি আদিৰপৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ। সূর্যৰ ৰশ্মি যাতে চকুত পোনপটীয়াকৈ পৰিব নোৱাৰে তাৰ বাবে গগলছ আদি পিন্ধিব লাগে।
- কম পোহৰত পঢ়িব নালাগে। এনে কৰিলে চকুৰ ওপৰত চাপ পৰে।
- টিভি চাওঁতে কমেও ১০ ফুট আঁতৰত বহিব লাগে। টিভি থকা কমত বেছি পোহৰ থাকিলেও মাজে মাজে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
- বেছি সময় ম’বাইল চাই থাকিব নালাগে। কাৰণ সৰু স্ক্রীণত বেছি সময় আখৰ পঢ়া বা ছবি চালে ইয়াৰ পৰোক্ষ প্রভাৱ চকুৰ ওপৰত পৰে। দীর্ঘদিন এনে সমস্যাৰ সৃষ্টি হৈ থাকিলে দৃষ্টিশক্তি ক্ষীণ হোৱাৰ আশংকাই নুই কৰিব নোৱাৰি।
- আজিকালি প্রসাধনী সামগ্রী ব্যৱহাৰ কৰোতেও সাৱ ধান নহ’লে বিপদত পৰাতো নিশ্চিত। কিয়নো কিছুমান প্রসাধনত ব্যৱহাৰ কৰা ৰাসায়নিকে চকুত প্রভাব পেলাব পাৰে ।
- কেতিয়াবা যদি প্রসাধন ব্যৱহাৰৰ ফলত চকুত এলার্জি আদিৰ সৃষ্টি হয় তেতিয়া হ’লে শীঘ্রেই চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰিব লাগে।