আপোনাৰ চুবুৰীত আছেনে এওঁলোক

আপোনাৰ চুবুৰীত আছেনে এওঁলোক

বুবুল দত্তৰ বিশেষ প্ৰতিবেদনঃ আমাৰ চকুৰ আগতে থকা চুবুৰীটোত চলে বিশেষ পৰম্পৰা।চুবুৰীৰে কইনা, চুবুৰীৰে দৰা।কইনাৰ সংখ্যা বেছি,দৰাৰ সংখ্যা কম। এজন দৰাই পত্নীৰ মৰ্যদা দিব লাগে বহু গৰাকীক। কইনা সৰহ যদিও কিন্তু দৰা যোগ্য, দক্ষ, অভিযন্তা আৰু সুন্দৰ সুকন্ঠী হ’ব লাগিব। কইনাক সংগী কৰি লোৱাৰ আগতে দৰাই সাজিব লাগিব দৰা কইনা পৃথকে থাকিব পৰা আটোম টোকাৰী ঘৰ। ঘৰ সাজি থকা দৰাক পৰ্যবেক্ষণ কৰি থাকিব বহু গৰাকী কইনাৰ কেইবা যুৰি চকুৱে। ঘৰ সজা শেষ হ’লে আগ্ৰহী কইনা সোমাই চাব ঘৰত।যদিহে মনপুত নহয়, দৰাই কষ্টৰে সজা সেই ঘৰ, তেনে দৰাক প্ৰত্যাখ্যান কৰি আঁতৰি যাব কইনা।

আপোনাৰ কাষতে থকা এই চুবুৰীটো আপোনৰো চিনাকি। চৰাইৰ চুবুৰী এইটো। টোকোৰাই চৰাইৰ চুবুৰী।

আমাৰ বাৰীৰ তামোল, নাৰিকল গছত মসৃন দীঘল পাতৰ আঁহেৰে সজা টোকোৰা চৰাইৰ বাহ। ফাগুনৰ পাছতে বাহ সাজে টোকোৰাই। কিন্তু ক্ৰমশঃ নোহোৱা হৈছে টোকোৰা চৰাই। মানুহৰ আশ্ৰয়ত থাকি প্ৰকৃতিৰ বায়ু পানী সেৱন কৰি নিৰ্দিষ্ট গছৰ নিৰাপদ উচ্চতাত বাহ সাজি জীৱন যৌৱন পাৰকৰা টোকোৰা এতিয়া নোহোৱা হ’ল। ইহঁতৰ মতা মাইকীৰ চিন ওলাই প্ৰজননৰ সময়ত। টিট টিটকৈ মাতি, অবিৰত ভাৱে বাহ সাজি ব্যস্ত থকা, খাবলৈ-জিৰাবলৈ সময় নথকাটোৱেই মতা টোকোৰা। বেচেৰাই অতবোৰ মাইকী টোকোৰাৰ কেৱল এজনীক সংগ সুখ দিবলৈ সজা বাহটোৰ বাবে আঁহ গোটাবলৈ ৫০০ বাৰ অহা যোৱা কৰিব লাগে।

মানুহৰ মগজুতকৈয়ো অধিক অভিযান্ত্ৰিক কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰে এই বাহ। মূল গছৰ পূৱ ফালে সাজে বাহ । ফাগুনৰ পাছতে হোৱা মৌচুমী বতাহত বাহটো নষ্ট নহ’বলৈকে সাজে এনেদৰে। মতা টোকোৰাৰ কষ্টৰ সীমা নাই।এগৰাকীক সংগ সুখ দিয়াৰ পাছতে আন এজনীৰ বাবে সাজিব লাগে বাহ। মানুহে সৃষ্টি কৰা কৃত্ৰিম পৃথিৱীক বেয়া পোৱা টোকোৰা চৰাই এতিয়া নোহোৱা হ’ল। ক’ৰবাত দুই এটাহে দেখি।সময়ে সকীয়াইছে,টোকোৰা চৰাই সংৰক্ষণৰ বাবে ল’ব লাগে বিশেষ ব্যৱস্থা।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা