প্ৰাপ্তবয়স্ক যক্ষ্মা প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীলৈ জনসাধাৰণৰ সহযোগিতা
মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰ,ৰাইজৰ খবৰ ডিজিটেলঃ অসমৰ মাত্ৰ দুখন জিলা লখিমপুৰ আৰু শিৱসাগৰত কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰণালয়ে যোৱা ১১ জুনৰ পৰা আৰম্ভ কৰা প্ৰাপ্তবয়স্ক যক্ষ্মা প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীলৈ জনসাধাৰণ সহযোগিতা সন্তোষজনক। লখিমপুৰ জিলাত ২ লাখ ৩৫ হাজাৰ লোকক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে লখিমপুৰ স্বাস্থ্য বিভাগে। ৩৪২ গৰাকী নাৰ্চে ৭ টা ব্লকত এই প্ৰতিষেধক বেজী প্ৰদান কৰিছে। সমগ্ৰ লখিমপুৰ জিলাৰ স্বাস্থ্য কেন্দ্রত প্ৰাপ্তবয়স্ক যক্ষ্মা প্ৰতিষেধক বেজী বৰ্তমান উপলব্ধ।
তলত উল্লেখ কৰা ব্যক্তিসকলে এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিবঃ
(১) যোৱা ৫ বছৰত যক্ষ্মা হোৱা ৰোগীসকল আৰু যক্ষ্মা চিকিৎসা সম্পূৰ্ণ হোৱাৰ কমেও ১ মাহ সম্পূর্ণ হোৱা,
(২) ৩ বছৰত সক্ৰিয় যক্ষ্মা ৰোগীৰ সম্পৰ্কত অহা ব্যক্তিসকল,
(৩) ৬০ বছৰ উৰ্দ্ধৰ সকলো প্ৰাপ্তবয়স্ক,
(৪) শৰীৰ ভৰ সূচাংক(বি.এম.আই)১৮ কিল’ গ্ৰামতকৈ কম,
(৫) নিজে অৱগত কৰা মধুমেহ ৰোগী,
(৬) নিজে অৱগত কৰা ধূম্ৰপায়ী ইত্যাদি।
অৱশ্যে ১৮ বছৰৰ তলৰ, গুৰুতৰভাৱে অসুস্থ, গৰ্ভৱতী মহিলা তথা দুগ্ধপান কৰাই থকা মহিলা ইত্যাদিক এই আওতাৰ পৰা বাহিৰত ৰখা হৈছে। ১১ জুনত লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সভাকক্ষত লখিমপুৰ জিলাৰ আয়ুক্ত গায়ত্ৰী হ্যায়লিংগে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা যক্ষ্মা প্ৰতিষেধক প্ৰদানৰ কাৰ্য্যসূচীত বৰ্তমানলৈকে ৩৮৮০০ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি লখিমপুৰ জিলা স্বাস্থ্য বিভাগে অৱগত কৰিছে। উল্লেখযোগ্য যে নৱজাতক সকলক ইতিমধ্যে এই প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে আৰু বৰ্তমান মাত্ৰ দুখন জিলাত প্ৰাপ্তবয়স্ক সকলৰ বাবে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰণালয়ে আৰম্ভ কৰিছে। শিশু সকলক বাওঁহাতত আৰু প্ৰাপ্তবয়স্ক সকলক সোঁহাতত এই প্ৰতিষেধক প্ৰদান কৰা হয়। যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ দিশত এই প্ৰতিষেধকৰ ইতিবাচক কাৰ্যক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি এই সমগ্ৰ অভিযানত সকলো পক্ষৰ সহযোগিতা আগন্তুক দিনত লখিমপুৰ স্বাস্থ্য বিভাগে অন্ত:কৰণেৰে কামনা কৰিছে।