আমাক অন্তত চলিব পৰাকৈ পাৰিশ্ৰমিক দিয়ক

মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধঃ আমাক অন্তত চলিব পৰাকৈ পাৰিশ্ৰমিক দিয়ক

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙা, ১৬ জুনঃ “আমি কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে স্থায়ী বনকৰ্মী, ফ’ৰেষ্ট বেটেলিয়নৰ সমানেই কাম কৰো৷ বন্যপ্ৰাণীৰ সুৰক্ষাত থাকি আমাৰ লগৰে বহু ঘূণীয়া হ’ল, বহুতে চকু মুদিলে৷ আমাক অন্তত চলিব পৰাকৈ পাৰিশ্ৰমিক দিয়ক৷”— এইদৰেই আজি সংবাদ মাধ্যমৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্থায়ী বনকৰ্মীসকলে৷ উল্লেখ্য, কালি বনবিভাগ আৰু আৰক্ষীৰ স’তে এক পৰ্যালোচনা সভাত অংশ ল’বলৈ কাজিৰঙালৈ আহিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবাটাও প্ৰস্তাৱ ঘোষণা কৰাৰ বিপৰীতে কাজিৰঙাৰ অস্থায়ী বনকৰ্মীসকলৰ নিয়মীয়াকৰণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰসংগেৰে চৰকাৰৰ হাতত কোনো ব্যৱস্থা নাই বুলি মন্তব্য কৰে৷ ইয়াৰ পাছতে আজি তাৎপৰ্যপূৰ্ণভাৱে উদ্যানৰ কেউটা বনাঞ্চলৰ পৰা অস্থায়ী বনকৰ্মীসকলৰ অৰ্ধ শতাধিক প্ৰতিনিধিৰ দল কহঁৰাত উপস্থিত হয়৷ দলটোৱে কহঁৰাস্থ বনবিভাগৰ হেৰিটেজ আই বিত ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰি অস্থায়ী বনকৰ্মীসকলৰ ওজৰ-আপত্তি অৱগত কৰাৰ লগতে তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে অনুৰোধ জনায়৷ অস্থায়ী বনকৰ্মী সকলে জানিব দিয়া ম’তে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত ২৫৩ গৰাকী অস্থায়ী বনকৰ্মীয়ে বিগত বছৰ বছৰ ধৰি বন্যপ্ৰাণীৰ বাবে সেৱা আগবঢ়াই আহিছে৷ তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে অতিশয় দুখিত আৰু শংকিত হোৱা বুলি প্ৰকাশ কৰি অস্থায়ী বনকৰ্মীসকলে কয় যে, ৰাজ্যৰ অন্যান্য প্ৰান্তত ফিক্স পে হ’ল, কিন্তু কাজিৰঙাত এজনো অস্থায়ী বনকৰ্মীৰ বৰ্তমানলৈকে হোৱা নাই৷ অথচ ১৯৯৩ চনৰ পৰা খাটি থকা অস্থায়ী বনকৰ্মীও কাজিৰঙাত আছে৷ অন্যান্যসকলে ২৫ হেজাৰ টকাকৈ পাৰিশ্ৰমিক পোৱাৰ বিপৰীতে কাজিৰঙাৰ এই অস্থায়ী বনকৰ্মীসকলে মাত্ৰ দহহেজাৰ টকাৰ বিনিময়তে খাটি থাকিব লগা হৈছে৷ গতিকে চাকৰি নিয়মীয়া নকৰিলেও মুখ্যমন্ত্ৰীগৰাকীক কাজিৰঙাৰ এই অস্থায়ী বনকৰ্মীসকলৰ বাবে ফিক্স পে’ বিষয়টিত হস্তক্ষেপ কৰি সমাধান কৰিবলৈ অনুৰোধ জনাই প্ৰতিনিধি দলটোৱে৷ দিনে-নিশাই নিজৰ জীৱনকো তুচ্ছ কৰি কৰ্তব্যত নিয়োজিত এইসকল বনকৰ্মীৰ মনোবল টুটি পৰা বুলি প্ৰকাশ কৰি কয়, অৱসৰ গ্ৰহণ কৰিবলৈ দুই-তিনি বছৰ থকা একাংশ অস্থায়ী বনকৰ্মীয়ে এই ফিক্স পে’টো পালে অন্তত তেওঁৰ পৰিয়ালটোৱে কিছু সকাহ পাব৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস