৬ টা গঁড় সহ ১১৪ টা বন্যপ্ৰাণীৰ মৃত্যু

বানে ধোৱা কাজিৰঙাত
৬ টা গঁড় সহ ১১৪ টা বন্যপ্ৰাণীৰ মৃত্যু

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ জলমগ্ন কাজিৰঙাত সম্প্ৰতি বাঢ়নি পানীৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস হৈছে যদিও আলৈ-আথানি যেন হ্ৰাস পোৱা নাই বন্য জীৱকুলৰ৷ ক’ৰবাত যদি আহত-অসহায় বন্যপ্ৰাণী উদ্ধাৰ হৈছে, আন ক’ৰবাত উদ্ধাৰ হৈছে বানৰ স’তে যুঁজি হাৰ মনা বন্যপ্ৰাণীৰ শৱদেহ৷ চলিত বছৰৰ প্ৰথমটো বানৰ কৱলত পৰি জলমগ্ন হৈ পৰা কাজিৰঙাই বানৰ প্ৰকোপত এইপৰ্যন্ত হেৰুৱাইছে গঁড়সহ ১১৪ টা বন্যপ্ৰাণী৷

আজি সন্ধ্যা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি, কাজিৰঙাৰ বিভিন্ন এলেকাত বাঢ়নি পানীত বুৰি মৃত্যুমুখত পৰিছে ৬ টাকৈ গঁড়৷ একেদৰে পানীত ডুবি মৃত্যু হৈছে ৯৪ টা পহুৰ৷ আনহাতে, উদ্ধাৰ কৰা পহুসমূহৰ ভিতৰত ১১ টাকৈ পহুৱে যত্ন লৈ থকাৰ অৱস্থাতে মৃত্যুক সাৱটিছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাৱিত হোৱাৰ লগে-লগে বন্যপ্ৰাণীসমূহে ওখ আশ্ৰয়ৰ সন্ধানত উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰ আৰু ইয়াৰ নামনি অঞ্চলত আশ্ৰয় লোৱাৰ সমান্তৰালকৈ একাংশ বন্যপ্ৰাণীয়ে আশ্ৰয় লয় উদ্যানৰ অন্তৰ্ভাগৰ হাইলেণ্ড সমূহত৷ তাৰ মাজতেই বানৰ প্ৰকোপৰ বাবে সুৰক্ষিত আশ্ৰয়ৰ সন্ধানত ভ্ৰমি ফুৰোঁতেই বানৰ মাজত অসহায়-অলস হৈ মৃত্যুক সাৱটিব লগা হয় একাংশ বন্যপ্ৰাণীয়ে৷ চলিত বানত বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে ভিন্ন ব্যক্তি-সংস্থায়ো বন্যজন্তুলৈ আগবঢ়াইছে সহায়ৰ হাত৷ কিন্তু তাৰ মাজতে ১১৪ টাকৈ বন্যপ্ৰাণীৰ মৃত্যুৰ খবৰে স্বাভাৱিকতেই বেথা দিব প্ৰকৃতিপ্ৰেমীসকলক৷ ইফালে, তথ্য অনুসৰি বৰ্তমানলৈকে ৪৭ টা পহু (hog deer), ২ টা শৰ পহু (sambar) আৰু এটা ইণ্ডিয়ান হেয়াৰ (indian hare) সহ মুঠ ৫০ টা বন্যপ্ৰাণী দু্ৰ্যোগপূৰ্ণ অৱস্থাৰ পৰা উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ অন্তত সফলতাৰে মুকলি কৰা হৈছে৷ আনহাতে, ২৮ টা পহু, ১ টা গঁড় পোৱালি, ১ টা হাতী, ১ টা বনৰীয়া মেকুৰি (jungle cat), ১ টা উদ (otter) আৰু দুটা ফেঁচা (scops owl) সহ মুঠ ৩৪ টা বন্যপ্ৰাণী চিকিৎসাধীন অৱস্থাত আছে৷

প্ৰকাশ কৰা তথ্য অনুসৰি, ৮৬ টা পহু (hog deer), ১ টা গঁড় পোৱালি, ১ টা হাতী, দুটা শৰ পহু (sambar), ১ টা ইণ্ডিয়ান হেয়াৰ (indian hare), ১ টা উদ (otter), দুটা ফেঁচা (scops owl), ১ টা বনৰীয়া মেকুৰি (jungle cat) সহ মুঠ ৯৫ টা বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে৷ শেহতীয়া খবৰ অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মুঠ ২৩৩ টা বনশিৱিৰ এলেকাৰ ৬৬ টা বনশিৱিৰ এলেকা বৰ্তমানেও পানীৰ তলত৷ সেইম’তে, অগৰাতলিত ৯ টা, কহঁৰাত ২৪ টা, বাগৰিত ১৯ টা, বুঢ়াপাহাৰত ৫ টা, বোকাখাতত ২ টা, বিশ্বনাথত ১ টা আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলত ৪ টা বনশিৱিৰ এলেকা পানীত বুৰ গৈ আছে৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস