আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱসৰ চিন্তা

আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱসৰ চিন্তা
কাৰ্বি পাহাৰৰ ধ্বংসই বিপদ মাতিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰলৈ

জয়ন্ত কুমাৰ শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ
২২ মে’। আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস। এই দিনটোতে চৰ্চালৈ আহিছে জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ প্ৰাণীকূলৰ লগতে উদ্ভিদকূলৰ এক গুৰুত্বপূৰ্ণ উৰ্বৰা ভূমি হিচাপে পৰিচিত সেউজ কাৰ্বি পাহাৰৰ বক্ষৰ অকথিত বেদনাৰ ছবিখন। আজিৰ কাৰ্বি পাহাৰখনে যেন ক’ৰবাত হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটিছে ইয়াৰ বুকুত সাৱটি ৰখা জৈৱ বৈচিত্ৰতাৰ অনুপম সমল। নানা জনা-অজানা প্ৰাণী আৰু উদ্ভিদকূলৰ ভূ-স্বৰ্গ হিচাপে পৰিচিত কাৰ্বি পাহাৰত সম্প্ৰতি মানুহৰ লোভৰ আঁচোৰ পৰিছে৷ ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰিছে এই সেউজ পাহাৰৰ বৈচিত্ৰতা। উল্লেখ্য যে এই সুবিশাল কাৰ্বি পাহাৰ মালাৰ গৰ্ভত লুকাই থকা অক্ষয় জৈৱ বৈচিত্ৰৰ ভাণ্ডাৰেই বহুলাংশে জীপাল কৰি ৰাখিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো। কিন্তু, এই পাহাৰ অঞ্চলত মানুহৰ নিৰবিচ্ছন্ন অত্যাচাৰ-আতিশায্যত অতিষ্ঠ প্ৰকৃতিয়েই এদিন নিঃশেষ কৰি দিব নেকি বিনন্দীয়া সেউজ ঐতিহ্যক্ষেত্ৰ কাজিৰঙাকো! ২২ মে’ত সমগ্ৰ পৃথিৱীজুৰি বিশ্ব জৈৱ বৈচিত্ৰ দিৱস উদযাপনৰ দিনটোতে প্ৰকৃতিপ্ৰেমীৰ মনত অৱতাৰণা হৈছে এনে কিছু প্ৰশ্নৰ।

কাৰ্বিপাহাৰৰ পানীৰ লগতে জৈৱ বৈচিত্ৰৰ ভাণ্ডাৰেই বহুলাংশে নিয়ন্ত্ৰণ কৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এদিন এই পাহাৰমালাৰ বাবেই নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছে আজিৰ সময়চোৱাত। কাৰণ হৈছে কাৰ্বি পাহাৰমালাত মাত্ৰাধিক ধ্বংসযজ্ঞ আৰু ইয়াৰ ফলত নামনি অঞ্চলত বাঢ়ি অহা বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ। গুৰুত্বপূৰ্ণ কথাটো হ’ল, জৈৱতন্ত্ৰ ৰক্ষা কৰাৰ উদ্দেশ্যতে ২০০০ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে জৈৱ বৈচিত্ৰ দিৱসৰ আৰম্ভ কৰিছিল। এই দিৱসৰ লক্ষ্য হৈছে জৈৱ বৈচিত্ৰৰ বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে আমাৰ পৃথিৱীৰ উদ্ভিদ আৰু প্ৰাণীসমূহ জীয়াই ৰাখিবলৈ প্ৰয়োজনীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক বুজাবুজিৰ সৃষ্টি কৰা। প্ৰতি বছৰে এই দিৱস পালনৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ লক্ষ্য হৈছে প্ৰাকৃতিক জগতৰ সৈতে মানুহৰ সম্পৰ্ক পুনৰ পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে অধিক কাৰ্যক্ষমভাৱে কাম কৰা। কিন্তু বিশ্বজুৰি এনে সজাগতাৰ সময়তে কাৰ্বি পাহাৰৰ এই ধ্বংসমুখিতাই অশনি সংকেত কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। যাৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পাহাৰৰ জৈৱ বৈচিত্ৰতাৰ সমলসমূহ। এয়াই সাম্প্ৰতিক সময়ৰ আটাইটকৈ চিন্তাৰ কাৰণ। কিন্তু, শুনিবলৈ, বুজিবলৈ যেন ৰজাঘৰ, প্ৰজাঘৰ সকলোৰে সময়ৰ অভাৱ। অত্যাধিক পাহৰ খনন, ঝুমখেতিৰ সঘন স্থান পৰিৱৰ্তনৰ দৰে প্ৰভাৱ, পাহাৰৰ শিলাময় স্তৰৰ খনন, গছ বন ধ্বংসই আজি বোকাময় কৰি তুলিছে ৰাষ্ট্ৰীয় উদ্যানলৈ বৈ অহা নদী-নিজৰা। শুকাই গৈছে পাহাৰৰ বুকু। ক্ৰমাৎ ৰঙামাটিত পোত গৈছে পাহাৰৰ পৰা বৈ অহা জান-জুৰি-নৈ-নিজৰাৰ বুকু। তৰাং হৈ পৰিছে জলস্তৰৰ উৎস। ইয়েই যেন বাৰিষা-খৰালি দুয়োটা বতৰতে ক্ৰমান্বয়ে বিপদঘণ্টা বজাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে। আটাইতকৈ উল্লেখনীয় বিষয়টো এয়ে যে ৰাষ্ট্ৰীয় উদ্যানৰ সম্পূৰ্ণ উৰ্বৰা ভূমিৰ জল উৎস কাৰ্বি পাহাৰ। এই কাৰ্বি পাহাৰৰ পৰাই বৈ অহা নৈ জান-জুৰি, নিজৰাই খৰালি কালতো জীপাল কৰি ৰাখে কাজিৰঙাক। আৰু বাৰিষা এই নৈ জুৰিৰ পানীৰ লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলায় উদ্যান এলেকা। বান ওলাই গ’লেই পৰিষ্কাৰ হৈ পৰে উদ্যানৰ অন্তৰ্ভাগৰ সমগ্ৰ পৰিৱেশ। কিন্তু, কাজিৰঙাৰ এই প্ৰাকৃতিক চৰিত্ৰ ক্ৰমাৎ সলনি হোৱা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া জনাঞ্চলৰ মানুহে এতিয়াৰ এজাক সাধাৰণ বৰষুণৰ সময়তে প্ৰত্যক্ষ কৰিছে পাহাৰৰ নদী নিজৰাৰ পৰা ভৈয়ামলৈ নামি অহা পানীৰ সোঁতত ৰঙা মাটি, শিল-বালিৰ চামনি৷ ই নিতান্তই সেউজ ভূমি কাজিৰঙাৰ জৈৱ বৈচিত্ৰৰ বাবে এক অশনি সংকেত। এনেকৈয়ে ঘটি থাকিলে কাৰ্বি পাহাৰৰ পৰা বৈ অহা শিল, বালি, ৰঙামাটিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পোত যাবলৈ বেছি কাল নালাগে। স্থানীয় সচেতন মহলৰ আহ্বান, ‘কাৰ্বিপাহাৰৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো জৈৱ বৈচিত্ৰ ৰক্ষাৰ স্বাৰ্থতে সুৰক্ষিত কৰক কাৰ্বিপাহাৰ। কাৰ্বি পাহাৰৰ শিল-বালি, গছ-গছনিৰ পৰা লোলুপ দৃষ্টি আঁতৰাওক। ৰক্ষা কৰক কাজিৰঙা-কাৰ্বি পাহাৰ।’

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস