প্ৰতি মংগলবাৰে পঢ়ক অজন্তা তালুকদাৰৰ অৰ্ধ আকাশ

প্ৰতি মংগলবাৰে পঢ়ক অজন্তা তালুকদাৰৰ অৰ্ধ আকাশ


শক্তিপীঠৰ দেশত ধৰ্ষণৰ কোবাল বতাহ

— অজন্তা তালুকদাৰ

পুনৰবাৰ সভ্যতাৰ ভেঁটি তচ্ নচ্ কৰি দেশ কঁপাই গ’ল কলকাতাৰ ধৰ্ষণ কাণ্ডই। অদ্ভূত পাশৱিক বৰ্বৰতা! শুনিলেই গা শিয়ৰাই তোলা কি বিকৃত কামনা! আৰু গাৰ কাষতে এতিয়া ধিং কাণ্ড! ইয়াৰ পাছত কোনো সুস্থ সমাজে স্বস্তিৰ নিশ্বাস এৰিব পাৰেনে? নিচিন্ত হ’ব পাৰে নে কন্যা সন্তানৰ পিতৃ-মাতৃসকলে!

নাৰী যেন ব্যক্তি নহয়, নাৰী কোনো মানৱীয় সত্তা নহয়। নাৰী মানে যেন ভোগ.. যেন পিশাচক উন্মাদ কৰি তোলা কেৱল কিছু কায়িক কথা! হয়, যুগ শ্ৰেষ্ঠ মানুহৰ মাজতে সোমাই আছে অকল্পনীয় পৈশাচিক উন্মাদনা। তাকো এইখন দেশত, য’ত যুগে যুগে নাৰীক শক্তিৰ আধাৰ ৰূপে, সৃষ্টিৰ প্ৰতীক ৰূপে বন্দনা কৰা হয়।

ভাৰতীয় সভ্যতা আৰু সংস্কৃতি বিশ্বৰ অন্যতম আদি আৰু শ্ৰেষ্ঠ। এই সভ্যতাত প্ৰাক্‌ ঐতিহাসিক কালৰ পৰাই নাৰী সৃষ্টি আৰু শক্তিৰ আধাৰ ৰূপে, মাতৃ ৰূপে পূজিতা। অথচ আধুনিক যুগত, সভ্যতাৰ চূড়ান্ত শিখৰত এইখন দেশতে কি দৰে নাৰী চৰম নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে।

তুলনামূলকভাৱে সাম্প্ৰতিক সময়ত ভাৰতত ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ উদাহৰণ বৃদ্ধি হৈছে। কেৱল কলকাতা অথবা ধিং কাণ্ডই নহয়। ইয়াৰ পূৰ্বে দিল্লীৰ নিৰ্ভয়া কাণ্ড, ১৯৯০ত অসমত আৰু ১৯৯১ত কাশ্মীৰত ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা হোৱা জঘন্য ধৰ্ষণ কাণ্ড, ১৯৭২ত মথুৰাত আৰক্ষীৰ দ্বাৰা হোৱা বিভৎস ধৰ্ষণ কাণ্ড, ২০১৯ৰ হাইদৰাবাদৰ দলবদ্ধ ধৰ্ষণ, ২০১৭ ৰ উত্তৰ প্ৰদেশৰ উন্নাও ধৰ্ষণ কাণ্ড, ২০১৩ ৰ মুম্বাইৰ শক্তি মিলচ্ দলবদ্ধ ধৰ্ষণ কাণ্ড, ২০১৮ ৰ জম্মু আৰু কাশ্মীৰৰ ৮ বছৰীয়া কিশোৰীৰ জঘন্য কাঠুৱা ধৰ্ষণ কাণ্ড.. আৰু কত কি যে উদাহৰণ নোলাব এইখন ভাৰতবৰ্ষতে!

২০১৯ৰ প্ৰাপ্ত এক তথ্য অনুসৰি ভাৰতবৰ্ষত প্ৰতি ১৬ মিনিটত এটাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হয়। National Crime Records Bureauৰ প্ৰতিবেদনত প্ৰকাশ যে ২০১৭ আৰু ২০২২ৰ মাজৰ কালচোৱাত ভাৰতত ১.৮৯ লাখ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। ব্যুৰোৰ ২০২১ৰ আন এক প্ৰতিবেদনত দেশৰ আটাইতকৈ বেছি ধৰ্ষণ কাণ্ড ৰাজস্থানত হোৱা বুলিও প্ৰকাশ পাইছে। নিকৃষ্ট অপৰাধীৰ পৰা আৰক্ষী, সেনা বাহিনীৰ জোৱান, উচ্চ পদস্থ বিষয়াৰ পৰা নিকট আত্মীয়, আনকি লজ্জাজনকভাৱে নিজ জন্মদাতা পিতৃও হৈ পৰিছে একো একোজন বলাৎকাৰী। চিন্তনীয় কথা।

ধৰ্ষণ সভ্য সমাজৰ বিকৃত ৰোগ, কলংক। সাম্প্ৰতিক সময়ত পাঁচমহীয়া কন্যা সন্তানৰ পৰা সত্তৰোৰ্দ্ধা মহিলাও আমাৰ অসমতে ধৰ্ষণৰ বলি হোৱাৰ উদাহৰণ আছে।

ধৰ্ষণৰ মূল কাৰণ হিচাপে ধৰ্ষণকাৰীৰ বিকৃত মানসিকতা বুলি ক’বই লাগিব। সাম্প্ৰতিক সময়ত ইণ্টাৰনেটত অতি সহজলভ্য যৌনগন্ধী চিনেমা আৰু অবাধ পৰ্ণ ৱেবচাইটবোৰে একাংশ তৰুণ প্ৰজন্মৰ মানসিকতা বিকৃত কৰাৰ সম্ভাৱনা অধিক। প্ৰতিহিংসা, ঈৰ্ষা, প্ৰতিশোধ আদিও ধৰ্ষণৰ কাৰণ হৈ পৰে। সমাজত নাৰীৰ মাংসলোভী বিকৃত মানসিকতাৰ এচামে বহু ৰাজহুৱা স্থানত ভীৰ কৰি থকা দেখা যায়। মহানগৰীৰ চিটি বাছ সমূহত সঘনে যাত্ৰা কৰা মহিলাৰ লগতে গ্ৰাম্য আৰু মফচলীয়া বাচত অকলশৰে যাত্ৰা কৰা বহু মহিলা দিন দুপৰতে এনে বিকৃত মানসিকতাৰ পুৰুষৰ আক্ৰমণৰ সততে বলি হোৱাৰ অভিজ্ঞতা অনেক। যাত্ৰীৰ ৰূপত থকা এই সকলে বিভিন্ন কৌশলেৰে মহিলাক অপদস্থ কৰিবলৈ পিছ নোহোঁহকে। তাতে চাকৰি কালতো কিছু মহিলাই পুৰুষ সহকৰ্মী, উচ্চ পদস্থ বিষয়াৰ হাতত লাঞ্ছিত হোৱাৰ কথাও এই সমাজতে চৰ্চিত হয়। নাৰী নিজ গৃহতে পৰিয়ালৰ পুৰুষ সদস্যৰ বিকৃত কামনাৰ বলি হোৱাৰো তথ্য আছে চৰকাৰৰ ঘৰত। ধৰ্ষণ কেৱল শাৰীৰিক নহয়। বহু ক্ষেত্ৰত পুৰুষৰ নাৰীৰ প্ৰতি অশালীন ইংগিতো ধৰ্ষণ সদৃশ এক যৌন নিৰ্যাতন, য’ত চিন্তা চেতনাৰে এগৰাকী নাৰী বিধ্বস্ত হয়। নিৰ্যাতিতা হয়।

আমাৰ সমাজত নাৰীয়ে সন্মুখীন হোৱা শোষণ, ধৰ্ষণ আদি অন্যায়ৰ বাবে সমাজত বহুলাংশে একপক্ষীয়ভাৱে জগৰীয়া হয় নাৰী। ধৰ্ষণ কৰি হত্যা কৰা হয় আধুনিক সভ্য সমাজৰ ‘অৰ্দ্ধ আকাশ’ নাৰীক।
ধৰ্ষণ ঘটি যায়, বাতৰি কাকতত বৰ বৰ শিৰোনামেৰে বাতৰি প্ৰচাৰ হয়। বৈদ্যুতিণ বাতৰি চেনেলৰ টি আৰ পি বৃদ্ধি হয়। পিছে কিমান বলাৎকাৰী ধৰা পৰে আৰু কিমানৰ শাস্তি হয়? আদালতত কেচ চলি গৈ থাকোঁতে বহু ভুক্তভোগীয়ে বাধ্যত পৰি কেচ উঠাই লোৱাৰো উদাহৰণ ওলাব।

ধৰ্ষণ কাণ্ডৰ ভুক্তভোগীৰ অৱস্থা পৰৱৰ্তী সময়ত কি হয় কিমানে খবৰ ৰাখোঁ! ধৰ্ষণকাৰী ক’ৰবাতে থাকে, পাছৰ পৰ্যায়ত জীৱিত ধৰ্ষিতা নাৰী গৰাকীহে সমাজত অধিক লাঞ্ছিতা হৈ মৃত্যুসম জীৱন কটোৱা দেখা যায়। কেতিয়াবা অবৈধ মাতৃত্বৰ বোজাও তেনে ধৰ্ষিতা মাতৃয়ে জীৱন ভৰ অকলেই কঢ়িয়াব লগা হয়। আনকি বহু সময়ত পৰিয়াল আৰু সমাজৰ পৰা পোৱা লাঞ্চনা, অপমান, তিক্ততা আৰু দহনৰ পৰা ৰক্ষা পাবলৈ নাৰীয়ে আত্মহননৰ দৰে পথো বাছি লোৱা দেখা যায়। এইবোৰ অতি দুৰ্ভাগ্যজনক। ধৰ্ষিতা নাৰীৰ প্ৰতি সমাজে দৃষ্টি ভংগী সলনি কৰিক। ধৰ্ষিতাক নহয়, ধৰ্ষণকাৰীক শাস্তি দিয়ক। ধৰ্ষণকাৰীক সমাজৰ কোনো পক্ষই প্ৰশ্ৰয় দিয়া অনুচিত। ধৰ্ষণকাৰী অতি নিকৃষ্ট; ইহঁতৰ কোনো জাতি নাই, ধৰ্ম নাই। আৰু বহুতো কথা আছে, পৰ্যায়ক্ৰমে পাতিম।

মুঠতে ধৰ্ষণ ৰোধ কৰি নাৰীক নিৰাপত্তা দিবৰ বাবে দেশত এখন বিশেষ শক্তিশালী আইন লাগে, বলাৎকাৰীক নিদৰ্শনমূলক শাস্তি দিব লাগে যাতে ধৰ্ষণ কিয় নাৰীৰ প্ৰতি অশালীন দৃষ্টি দিবলৈকো কঁপি যায়।

  • Related Posts

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান

    অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান শ্ৰেষ্ঠা অভিনেত্ৰী —অজন্তা তালুকদাৰ। (অৰ্পণঃ পৰম্পৰা, ৰীতি, বান্ধোন, দায়বদ্ধতাৰ কটকটীয়া অন্তৰকৰ মাজত জীৱন পাৰ কৰি নিজৰ সপোন জলাঞ্জলি দিয়া এখিনি নিষ্পেষিতা, অসহায়…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস