অৰ্ধ আকাশঃ পঢ়ক প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া লেখা
নাৰীয়ে নিজক ব্যক্তি হিচাবেও ভাবক
— অজন্তা তালুকদাৰ, বোকাখাত।
(যি সকল নাৰী আজিৰ আলোচনাৰ বিষয় নহয়, সেই সকললৈ ক্ষমা প্ৰাৰ্থনাৰে)
Simone de Beauvoir হওক বা আপুনি, মই। নাৰীবাদৰ প্ৰথম ঢৌ হওক কিম্বা দ্বিতীয় ঢৌ। নাৰীৰ সমতা, অধিকাৰ, সবলীকৰণ আদিৰ বিষয়ে কুৰি শতিকাৰ ভৰ সংগ্ৰামৰ পৰা আজি পৰ্যন্ত অলেখ দৰ্শন, অলেখ সংগ্ৰাম পাৰ হৈ গৈছে। অনঃস্বীকাৰ্য যে পুৰুষৰ সমান্তৰালকৈ নাৰী এতিয়া বহুলাংশে সবল। বিশেষকৈ শিক্ষাই দিয়া আৰ্থিক স্বাৱলম্বীতাই নাৰীক এক স্বাধীন জীৱনৰ গৰাকী কৰি তুলিছে। বৌদ্ধিক, সাংস্কৃতিক, শৈক্ষিক, ৰাজনৈতিক, সামাজিক ক্ষেত্ৰকে সামৰি ভিন্ন ক্ষেত্ৰত, আনকি ব্যৱসায়ৰ ক্ষেত্ৰখনতো পুৰুষৰ সতে সমানে খোজ পেলাইছে আধুনিক নাৰীয়ে। বিশ্বৰ পৰিধি অতিক্ৰমি মহাকাশতো এতিয়া নাৰীৰ অবাধ বিচৰণ।
তথাপি এটা প্ৰশ্ন জাগে মনত- নাৰী প্ৰকৃততে স্বাধীন নে? জীৱন পথৰ যিকোনো সিদ্ধান্ত লোৱাত পুৰুষৰ অনুমতি ল’ব লগীয়া সাতাম পুৰুষীয়া সমাজ ব্যৱস্থাৰ পৰা উত্তৰণ ঘটাই নিজেই সকলো সিদ্ধান্ত ল’ব পৰাতেই নাৰীৰ স্বাধীনতা নে? পৰ্দা বা ওৰণীৰ তলৰ পৰা ওলাই অহাই নাৰীৰ স্বাধীনতা? অথবা আৰ্থিক স্বাৱলম্বিতা মানেই নাৰীৰ স্বাধীনতা? নে বিশ্ববিদ্যালয়ৰ এখন গধূৰ মাৰ্কশ্বিট মানে নাৰীৰ স্বাধীনতা!
নিশ্চয় নাৰীৰ পৰাধীনতাৰ কাৰণ সকলো সময়ত পুৰুষ নহয়। যিদৰে নাৰীবাদ মানে কিন্তু পুৰুষ বিদ্বেষবাদ নহয়! ক’বলৈ বা শুনিবলৈ বেয়া হ’লেও কঠোৰ সত্যটো হ’ল যে এতিয়াও প্ৰতি এশ গৰাকী নাৰীৰ অধিক সংখ্যকেই পৰাধীন। এই পৰাধীনতাৰ শিকলিৰ প্ৰতিটো গাঁঠিৰ ভিন্ন কাৰণ নাৰী নিজেই। ঈৰ্ষা, প্ৰতিহিংসা, নিচাত্মিকাবোধ, হতাশা, ৰক্ষণশীলতা, অদূৰদৰ্শিতা, স্বাৰ্থপৰতা, প্ৰতিশোধ পৰায়নতা, নিষ্ঠুৰতা (যদিও নাৰী মমতাৰ প্ৰতীক), নিৰ্বোধতা, চিন্তাৰ সংকীৰ্ণতা আৰু বহু বিষয় ওলাব য’ত নাৰীয়ে চূড়ান্তভাৱে এই চাৰিত্ৰিক বৈশিষ্ট (দোষ?)ৰে নিজক আজিও পৰাধীন কৰি ৰাখিছে। আমনিদায়ক অতিৰিক্ত সস্তীয়া অলংকাৰৰ বোজা সদৃশ এই সমস্ত স্বভাৱেৰে নিজ ব্যক্তিত্বৰ অধ:পতন ঘটাই আহিছে একাংশ নাৰীয়ে; নাৰীৰ সৃষ্টিশীল আৰু স্বভাৱলব্ধ সৌন্দৰ্যৰ বিপৰীতে নিম্নগামী মানসিকতাৰ প্ৰতিফলন। পুৰুষ সকল যে এইবোৰ চাৰিত্ৰিক দোষৰ পৰা একেবাৰে মুক্ত তেনে নহয়। এই লেখাত পুৰুষক আলোচনাৰ বিষয় হিচাবে লোৱা হোৱা নাই অৱশ্যে। কিন্তু তুলনামূলকভাৱে পুৰুষতকৈ নাৰী এতিয়াও এনেবোৰ চাৰিত্ৰিক বৈশিষ্টৰ পৰিধিত বন্দী, পৰাধীন। সামগ্ৰিকভাৱে নাৰীৰ বাবে কেতিয়া, কিদৰে আহিব প্ৰকৃত মুক্তিৰ পথ? কেতিয়া সমস্ত পেলনীয়া চাৰিত্ৰিক বৈশিষ্ট্য বাদ দি নাৰীৰ উত্তৰণ ঘটিব “ব্যক্তি”লৈ?
এনেবোৰ কথাৰ বাবে নাৰীৰ প্ৰগতিৰ বাটত প্ৰধান অন্তৰায় বহু ক্ষেত্ৰত নাৰী নিজেই বুলি কোৱা হয়। ক’ৰবাত যদি শহুৰ পক্ষৰ (শাহু বিশেষ) কঠোৰ শোষন-দমনমূলক নীতিত বোৱাৰীৰ প্ৰতিভা বা জীৱন বিপন্ন হৈছে, ক’ৰবাত বোৱাৰীয়েই শাহু-শহুৰক নিৰ্যাতন দিয়াই নহয় হত্যা পৰ্যন্ত কৰিছে। পুৰুষ সহকৰ্মীৰ হাতত কৰ্মৰত নাৰী লাঞ্চিতা হোৱাৰ সমস্যা উত্থাপনৰ সমান্তৰালকৈ সমলিংগ সহকৰ্মীৰ ঈৰ্ষা, প্ৰতিহিংসাৰ দ্বাৰাও নাৰী জৰ্জৰিত হৈছে। নাৰীৰ বিবেকহীন স্বাৰ্থপৰতাই জন্ম দিলে “ৰামায়ণ” মহাকাব্যৰ (বিষয় : কৈকেয়ী), “তেজীমলা” সাধুকথাৰ প্ৰতীকী চৰিত্ৰ “মাহী আই” অথবা আন বহু উদাহৰণৰ।
একেটা যৌথ পৰিয়ালৰ মহিলা সদস্যৰ মাজত থকা শিক্ষাগত, আৰ্থিক পাৰ্থক্য তেওঁবিলাকৰ মাজত বিভেদৰ কাৰণ হৈছে। আৰ্থিকভাৱে অ-সচ্চল এনে বহু পৰিয়াল দেখা যায় য’ত ল’ৰা সন্তান আৰু কন্যা সন্তানক শিক্ষা, প্ৰতিপালনত বিভেদ আহে আৰু মাতৃ গৰাকী সজাগ নোহোৱাৰ বাবেই কন্যা সন্তানলৈ সুযোগ সুবিধা ল’ৰা সন্তানৰ তুলনাত কম হোৱা দেখা যায়। অৱশ্যে সাম্প্ৰতিক সময়ত পৰিয়ালত সীমিত সন্তান জন্মৰ বাবে এই সমস্যা বহুলাংশে কমি গৈছে।
একেষাৰতে ক’ব বিচাৰিছোঁ যে সাধাৰণতে নাৰীয়ে পোনতে নিজক নাৰী বুলিয়েই স্বীকৃতি দিয়ে, অথচ আধুনিক চিন্তা চেতনাৰেও বহু নাৰীয়ে লিংগৰ পৰিধি অতিক্ৰমি নিজক ব্যক্তি বুলি ভাবিবলৈ শিকা নাই। পোচাক, আৱ-ভাবেৰে এগৰাকী ব্যক্তি আধুনিক হৈ নপৰে। ব্যক্তিত্ব, জ্ঞান, যুক্তিবাদী চিন্তা-চেতনাৰ বহল পৰিধি আৰু কাৰ্যত তাৰ প্ৰয়োগেৰেহে এগৰাকী ব্যক্তি আধুনিক হয়। তেওঁ পুৰুষ অথবা নাৰী যিয়েই নহওক কিয়। নিজক নাৰী বুলি ভবাটো সমিচীন, কিন্তু “নাৰী”ৰ কিছু আপত্তিজনক বিচিত্ৰ লিংগ বৈশিষ্ট্যৰ আঁৰত ৰৈ “ব্যক্তি”ৰ সলনি কেৱল নাৰী হৈয়ে ৰৈ যায় সহস্ৰ গৰাকী ! এয়াই দুখৰ কথা। তুলনামূলকভাৱে পুৰুষৰ অধিকাংশই এনে বহু বিতৰ্কিত লিংগ বৈশিষ্ট্যৰ পৰা নিজক মুক্ত কৰি “পুৰুষ”ৰ পৰা “ব্যক্তি”লৈ পৰ্যবসিত হৈছে ইতিপূৰ্বেই।
সমাজত দেখা বিভিন্ন পাৰিবাৰিক সমস্যাৰ মূলতে কিন্তু মহিলাৰ ভূমিকাও কম নহয়। পৰিয়ালৰ মূল মহিলা সদস্য গৰাকীৰ বহল পৰিসৰৰ চিন্তা আৰু কাৰ্যই বহুত ভাঙোনমুখী পৰিয়ালক পুনৰ সুন্দৰকৈ সজাই তোলাৰ অৱকাশ থাকে। এই ক্ষেত্ৰত উত্তৰ পুৰুষক আদৰ্শৱান কৰি তোলাত নাৰীৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব আছে।
নাৰীৰ অন্য নাৰীৰ প্ৰতি সহজাত আক্ৰোশে প্ৰায়ে সমাজ আৰু পৰিয়ালৰ বিশৃংখল আৰু বিভেদমুখী পৰিৱেশৰ জন্ম দিয়ে। এগৰাকী বান্ধৱীৰ প্ৰগতিত নলেগলে লগা গৰাকীৰ গুপুতে থকা আক্ৰোশ কাৰ্যত: পৰিণত হোৱা দেখিলে আচৰিত নহৈ নোৱাৰি। পুনৰ উল্লেখ কৰিছোঁ যে এই লেখাত সকলো নাৰীক সামৰি লোৱা হোৱা নাই। সেয়েহে নাৰী মাত্ৰেই কথাবোৰ একে নহয়। তথাপি এই বৈশিষ্ট্যৰ প্ৰতিফলন ঘটা নাৰী কিন্তু অধিক আছে।
ৰক্ষণশীলতা নাৰীৰ ব্যক্তিত্ব বিকাশত পৰিপন্থী আন এক বৈশিষ্ট্য। ৰক্ষণশীল সমাজ বুলি যে আমি আস্ফালন কৰি উঠোঁ, দৰাচলতে কাক দোষোঁ? আধুনিক নাৰী যদি সবল আৰু মুক্ত, তেন্তে নাৰীয়ে ৰক্ষণশীলতাক সমাজৰ পৰা আজিও দূৰ কৰিব নোৱাৰাৰ কাৰণ কি? আজিও একাংশ নাৰীয়ে যান্ত্ৰিকভাৱে এক অৰ্থহীন ৰক্ষণশীল সমাজ ব্যৱস্থাত নিজকে বন্দী কৰি ৰখাৰ সমান্তৰালকৈ পাছৰ প্ৰজন্মৰ নাৰীকো হাৰাশাস্তি কৰিছে। বহু উচ্চ শিক্ষিতা নাৰীও ইয়াৰ ব্যতিক্ৰম নহয়। কিছু অবান্তৰ প্ৰচলিত সামাজিক ৰীতি-নীতিক সাৱটি ৰাখি নতুন চিন্তাধাৰাৰ নাৰীক মানসিক শাৰীৰিক নিৰ্যাতন দি পৰিমণ্ডল বিষাক্ত কৰি তোলা সততে দেখা যায়। অপ্ৰিয় সত্য যে সামাজিক ৰক্ষণশীলতা বৰ্তাই ৰখাত পুৰুষতকৈ নাৰীৰ ভূমিকা অধিক। ই একপ্ৰকাৰ সামাজিক rigging । প্ৰজন্মৰ পাছত প্ৰজন্মলৈ এক নিৰ্দিষ্ট সমাজ ব্যৱস্থাত পিষ্ট নাৰীয়ে পাছৰ প্ৰজন্মৰ নাৰীক সেই ৰক্ষণশীলতাৰ পৰা মুক্ত হোৱাটো নিবিচাৰে, ই সহজাত- “আমি এনেকেই চলি আহিছোঁ, গতিকে তোমালোকেও পাৰিব লাগিব”। এয়াই গূঢ় কথা। দুৰ্ভাগ্যজনকভাৱে সেই নাৰীয়ে পাহৰি যায় generation gap ত থকা বিবিধ পাৰ্থক্যৰ কথা। জীয়ৰীৰ ক্ষেত্ৰত এই সকল নাৰী আচৰিত ধৰণে নমনীয়, কিন্তু বোৱাৰীৰ নিস্তাৰ নাই। নতুন প্ৰজন্মৰ নাৰীৰ প্ৰতি তেওঁলোকৰ কোনো অনুকম্পা নাই, নাই নাৰী হিচাবে সহমৰ্মিতা। বোৱাৰী গৰাকীও যে কাৰোবাৰ জীয়ৰী, সেয়া একেবাৰে বিচাৰ্য নহয়। ফলস্বৰূপে একে পৰিয়ালৰ/সমাজৰ দুই প্ৰজন্মৰ নাৰীৰ মাজত ফলা বাঁহ জোৰা নলগা অৱস্থা। ইয়ে গৈ গোটেই পৰিয়ালটোক জুৰুলা কৰে।
এটা প্ৰজন্মৰ নাৰীয়ে মুক্ত মন আৰু যুক্তিশীলতাৰে শক্তিশালী ভূমিকা গ্ৰহণ কৰিলেই ৰক্ষণশীলতাৰ অন্ত পৰিব। তেনে নাৰীয়ে উপলব্ধি কৰিব পৰাই নাই যে ৰক্ষণশীলতাই সমাজক আগবাঢ়ি যোৱাৰ বিপৰীতে কেনে ভয়াবহভাৱে পিছলৈ টানি আছে।
পৰচৰ্চা (টুটকীয়া-লগনীয়া) একাংশ নাৰীৰ অন্য ভয়ংকৰ ব্যাধি। নাৰীৰ পেটত কথা নাথাকে বুলি শাস্ত্ৰইও যুগে যুগে মানিবলৈ বাধ্য হৈ আহিছে। নিজ ভাৱমূৰ্তি আৰু ব্যক্তিত্বৰ প্ৰতি অসজাগ, অসংবেদনশীল আৰু চিন্তাৰ তৰলতাৰ বাবেই একাংশ নাৰী এনে ব্যাধিত ভুক্তভোগী। অতিকে আচৰিত কথা যে এই ব্যাধিৰ পৰা কোনো কোনো উচ্চ শিক্ষিতা আৰু সম্ভ্ৰান্ত মহিলাও বাচি যোৱা নাই। ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি বিভাগ সমূহৰ বিয়াগোম বিষয়া সকলক দুৰ্নীতিৰ কবলৰ পৰা আঁতৰাই আনিব পাৰে পত্নীৰ ভূমিকাত থকা নাৰী গৰাকীয়েই। স্বামীক সততাৰে কৰ্তব্য পালনৰ প্ৰতি অনুপ্ৰেৰণা দি সমাজত নিকা ভাৱমূৰ্তিৰে মূৰ তুলি সসন্মানে জী থকা আৰু চানেকি গঢ়ি নতুন সমাজ গঢ়াৰ গধূৰ দায়িত্ব নাৰী গৰাকীৰেই।
লেখাটোক অতি দীঘলীয়া হোৱাৰ পৰা ৰক্ষা কৰিবলৈ অলেখ কথা মনতে অলিখিত ৰূপত সামৰিলোঁ। পৰৱৰ্তী সময়ত প্ৰকাশ কৰাৰ সংকল্প থাকিল।
এই লেখাৰ উদ্দ্যেশ্য কোনো কাৰণতে নাৰী-বিদ্বেষ নহয়। নাৰী অৰ্ধ আকাশ; সৃষ্টিৰ উৎস। প্ৰসৱৰ অসহনীয় বেদনা সহ্য কৰিব পৰা চৰম সাহসী নাৰীয়ে ধৈহ্য আৰু সহনশীলতাৰে নিজ ব্যক্তিত্বৰ গঢ় দি প্ৰকৃততে স্বাধীন হওক, সেয়াই কামনা। সেয়েহে মলীনতা গুচাই নাৰী কিদৰে “নাৰী”ৰ পৰা “ব্যক্তি”লৈ পৰ্যবসিত হ’ব তাৰ প্ৰচেষ্টাত এই লেখা এক নিৰ্মোহ আত্মসমালোচনা মাথো! নাৰীৰ আত্মসমালোচনাই অনাগত প্ৰতিটো যুগত দুৰ্নীতি বিহীন, ব্যভিচাৰ বিহীন সমাজ গঢ়ি তোলাৰ এক বিৰাট পথ প্ৰশস্ত কৰিব।