অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া লেখা
নাৰীৰ স্বাস্থ্য ৰক্ষাৰ সকলো পৰম্পৰাই অন্ধবিশ্বাসনে?
— অজন্তা তালুকদাৰ, বোকাখাত।
সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ লগতে আমাৰ সমাজে পালন কৰি অহা এক অঘোষিত গধূৰ দায়িত্ব হৈছে নাৰীৰ স্বাস্থ্য ৰক্ষাৰ পৰম্পৰাগত বিধান সমূহ।
অতীজত আজিৰ দৰে আধুনিক চিকিৎসা বিজ্ঞান, উন্নত প্ৰযুক্তিবিদ্যা নাছিল বাবে সতৰ্কতা অৱলম্বনত মানুহে বেছি গুৰুত্ব দিছিল। কিয়নো স্বাস্থ্যৰ বিঘিনি হোৱাৰ পাছত বা ৰোগে পীড়া কৰাৰ পাছত নিৰাময়ৰ উপায় নাছিল। মানুহ সংকুচিত হৈছিল এই ভয়ত। সেয়েহে সতৰ্কতাই ইমান পৰ্যন্ত শিপাইছিল যে সাৱধান হোৱাৰ নামত অন্ধবিশ্বাসে গা কৰি উঠিছিল। শিক্ষাৰ অভাৱ, প্ৰযুক্তিৰ অভাৱ, বিজ্ঞানসন্মত চিন্তাধাৰাৰ অভাৱত মানুহ চকু থাকিও দৃষ্টিহীন আছিল। সেয়েহে যুক্তিৰো অভাৱ আছিল। প্ৰাচীন কালৰ পৰা আমাৰ দেশত আয়ুৰ্বেদৰ চৰ্চা হৈছিল। আয়ুৰ্বেদৰ চিকিৎসা এটা পৰ্যায়লৈ নিশ্চয় ফলপ্ৰসূ আছিল। ৰোগৰ প্ৰাকৃতিক (কবিৰাজী) চিকিৎসাত মানুহ নিৰ্ভৰশীল আছিল। অৱশ্যে এই বিষয়ত অভিজ্ঞ বা জ্ঞানলব্ধ কবিৰাজ (বিশেষজ্ঞ) আছিল যদিও একাংশ ভুৱা বেজৰ বেজালিয়ে ঠগ-প্ৰৱঞ্চনাৰ লগতে ৰোগীৰ মৃত্যু পৰ্যন্ত ঘটাইছিল। স্বাস্থ্য আৰু চিকিৎসাৰ বিষয়টোত অতি লক্ষ্যণীয়ভাৱে সংপৃক্ত হৈ আছে মহিলাৰ বিশেষ কেতবোৰ সমস্যা।
মহিলাৰ স্বাস্থ্যজনিত বিষয় বুলিলে বিশেষকৈ মহিলাৰ জননেন্দ্ৰীয় সম্পৰ্কীয় (Gynaecology) বিষয়টোৱে প্ৰাধান্য পায়। কিশোৰী প্ৰথম পুষ্পিতা হোৱাৰ পৰা মাহেকীয়া, গৰ্ভৱতী, প্ৰসৱ ইত্যাদিৰ লগতে আৰু ভালেকেইটা দিশ জড়িত হৈ থাকে।
এই বিষয়ত সতৰ্কতা অৱলম্বনত নাৰী সমাজত কিছু ৰীতি-নীতিৰ পৰম্পৰাগতভাৱে প্ৰচলন হৈ আহিছে। এই ক্ষেত্ৰত সকলো পুৰণি ৰীতি-নীতিকে আমি আওকাণ কৰিব নোৱাৰোঁ। কিছু নিয়মৰ আঁৰত বিজ্ঞান সন্মত কাৰণ থাকে। উদাহৰণ স্বৰূপে আমাৰ সমাজত প্ৰথম পুষ্পিতা হোৱা কিশোৰী বা মাহেকীয়া হোৱা যুৱতী, মহিলাক আনৰ স্পৰ্শৰ পৰা দূৰ কৰি আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা বিজ্ঞানসন্মত বুলি ধাৰণা হয়। ইয়াৰ দ্বাৰা তেওঁলোক সংক্ৰমাক ৰোগৰ পৰা ৰক্ষা পায়। প্ৰথম পুষ্পিতাত শাৰীৰিক পৰিৱৰ্তনৰ বাবে ফল-মূলকে ধৰি সহজে হজম হ’ব পৰাকৈ লঘূ আহাৰ খাবলৈ দিয়া হয়। ফল-মূলে শৰীৰত প্ৰয়োজনীয় পুষ্টিসাৰ (protein) যোগান ধৰি শক্তি অটুট ৰাখে। ঋতুচক্ৰৰ ফলত হোৱা ৰক্তক্ষৰণৰ বাবে শৰীৰৰ পুষ্টিৰ নাটনি এনে খাদ্যৰ দ্বাৰা পূৰণ হয়। প্ৰথম পুষ্পিতা, বিবাহৰ দৰা-কইনাক মাহ-হালধিৰে নোৱায়-ধুৱায়; বছৰেকৰ বিহুতও মাহ-হালধিৰ এনে প্ৰথাৰ প্ৰচলন আছে। মাহ-হালধিৰ বিজ্ঞানসন্মত গুণ আছে; মাহ-হালধি চৰ্মৰ সংক্ৰামক ৰোগ বা কঁটা ঘাঁ, পূঁজ আদিৰ প্ৰতিৰোধী (anti-septic) বুলি বিশেষজ্ঞ সকলে মত পোষণ কৰে। পুষ্পিতা কন্যাক নতুন কাপোৰ সাজ পিন্ধোৱাৰ আঁৰতো মানসিক, শাৰীৰিক কাৰণ থাকে বুলি ধাৰণা হয়। মনলৈ নতুনত্ব অহাৰ লগতে পুৰণি ব্যৱহৃত বস্ত্ৰ যদি প্ৰণালীবদ্ধভাৱে পৰিস্কাৰ কৰা নহয়, তাত থকা ভেঁকুৰে বস্ত্ৰ অ-স্বাস্থ্যসন্মত কৰি পৰিধানৰ অনুপযোগী কৰিব পাৰে। এই অৱস্থাত উপযুক্ত চাফ-চিকুনতাৰ অভাৱ বা স্বাস্থ্য বিধি মানি নচলাৰ বাবে নাৰী বিভিন্ন চৰ্মৰোগ, জননেন্দ্ৰীয় ৰোগত ভুগিব লগীয়া হোৱাৰ লগতে ধনুষ্টংকাৰ (tetanus) ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। পুৰণি দিনত আজিৰ দৰে কাপোৰ ধোৱা শক্তিশালী ৰাসায়নিক চাবোন বা পাওদাৰৰ প্ৰচলন নাছিল। পুৰণি কালত এনে সংক্ৰামক ৰোগৰ বিশেষ চিকিৎসাও নাছিল। সেই বাবে পূৰ্বে সতৰ্ক হোৱাৰ নিয়ম সৃষ্টি হৈছিল। এনে অৱস্থাত নাৰী গোহালি, গোঁসাই ঘৰ, আখল, ভঁৰাল ঘৰ আদিৰ লগতে ঘৰৰ সচৰাচৰ আৰু মাংগলিক কামত হাত দিয়া মানা। অৱশ্যে গোহালি, ভঁৰাল ঘৰ আদিৰ পৰা দূৰত থকা কাৰ্য বিজ্ঞানসন্মত। গৰু বা আন জীৱ-জন্তুৰ মল মূত্ৰৰ পৰা ধনুষ্টংকাৰ ৰোগ হয়। সচৰাচৰ আন ঘৰুৱা কামৰ পৰা মহিলা গৰাকীক অব্যাহতি দি মহিলা গৰাকীক শাৰিৰীক জিৰণি দিয়া হয়। এই সময়ত জননেন্দ্ৰীয় অতি স্পৰ্শকাতৰ অৱস্থাত থাকে বাবে এই জিৰণিৰ একান্ত প্ৰয়োজন। কিন্তু কালক্ৰমত সিয়ে গৈ অন্য ৰূপ ধাৰণ কৰিছে। জনবিশ্বাস আৰু পৰম্পৰাগত নিয়মে এনে ৰূপ ধাৰণ কৰিছে যে এই সকল মহিলাৰ স্পৰ্শৰ পৰাহে আনলৈ “চুৱা”ৰ সংক্ৰমণ হয়। অৰ্থাৎ বিজ্ঞানসন্মত ধাৰণা বৰ্জন কৰি মানুহ এইক্ষেত্ৰত “পায়” আৰু “নাপায়” ধাৰণাত নিজক বন্দী কৰি লোৱাতে সীমাবদ্ধ। কেতিয়াবা আকৌ মাহেকীয়াৰ দিনকেইটাতে একাংশ মহিলাই এনেই থকাতকৈ ঘৰ মচা (বিশেষকৈ গ্ৰাম্যাঞ্চলত গোবৰেৰে মজিয়া মচা), চাফাই কৰা ইত্যাদি কাম কৰি পাছৰ দিনকেইটাৰ কামৰ ভিৰৰ পৰা কিছু লাঘৱ হোৱাৰ চেষ্টাত থকা দেখা যায়। এনে অ-স্বাস্থ্যসন্মত কাম কৰি নিজৰ প্ৰতি অৱজ্ঞা কৰা কাৰ্যই স্বাস্থ্যজনিত গোটেই বিধি-বিধানকে অৰ্থহীন কৰি তোলে। আনহাতে গ্ৰাম্য সমাজত এতিয়াও পূজা-পাৰ্বন, বিভিন্ন ধৰ্মীয় অনুষ্ঠানত গোবৰ পানীৰে শুচি বা পৰাচিত কৰাৰ ধাৰণা অতিকে চিন্তনীয় কথা। গোবৰ কেৱল তৃণজগতৰ বাবেহে উপকাৰী সাৰ। স্বাস্থ্য বিধিৰ কোনো কাৰ্যত গোবৰ উপকাৰীতো নহয়েই, বৰং সাংঘাটিক অপকাৰী। বিশেষকৈ নাৰীৰ ঋতুস্ৰাৱৰ সময়ত গোবৰ পানীৰে শুচি হোৱা প্ৰথাই বিপদ মাতি আনিব।
বৰ্তমান উচ্চ প্ৰযুক্তিৰ চিকিৎসা বিজ্ঞানৰ যুগ। চেনিটেৰী নেপকিনৰ পৰা ঔষধ-পাতিলৈকে বহুখিনি বস্তু সুলভ। মানুহ তুলনামূলকভাৱে স্বাস্থ্য সচেতন। সেয়েহে কিছু কু-প্ৰথা এতিয়া এৰিবৰ হ’ল। প্ৰথম পুষ্পিতা হোৱা কিশোৰীৰ লগতে একাংশ মাহেকীয়া হোৱা যুৱতী, মহিলাক এতিয়াও বিশেষ দিনকেইটিত মাটিত বিছনা পাৰি শুবলৈ দিয়াৰ নিয়ম দেখা যায়। এয়া কোনোমতে স্বাস্থ্যবিধিৰ অনুকূলে নহয়। বৰং বিজানু সংক্ৰমণৰ সেয়া সহজ উপায়হে। কোনো কোনো ভিতৰুৱা গ্ৰাম্য সমাজত তেনে যুৱতী, মহিলাক ঘৰখনৰ উমৈহতীয়া স্নানাগাৰ ব্যৱহাৰ কৰিবলৈ নিদি তাৰ পৰিৱৰ্তে সেই দিনকেইটাত ব্যৱহাৰ কৰিবলৈ সুকীয়া (বা কেতিয়াবা অস্থায়ী, কেঁচা) স্নানাগাৰ দিয়া হয়, যিটো একেবাৰে অ-স্বাস্থ্যসন্মত। চেনিটেৰী নেপকিনৰ ব্যৱহাৰৰ সলনি পৰম্পৰাগত বস্ত্ৰ ব্যৱহাৰ কৰিয়েই আছে ভিতৰুৱা অঞ্চলৰ বহু মহিলাই। অৱশ্যে এই সন্দৰ্ভত চৰকাৰী, বে-চৰকাৰী সংস্থা সমূহে সজাগতা সৃষ্টিৰ বাবে বহু আঁচনি, পদক্ষেপ লৈছে। স্বাস্থ্যসন্মত চেনিটেৰী নেপকিন বিনামূলীয়াকৈ অনগ্ৰসৰ, দৰিদ্ৰ মহিলাৰ মাজত বিতৰণ কৰে। শিক্ষানুষ্ঠানতো ছাত্ৰী সকলৰ বিশেষ স্বাস্থ্য-বিধি বিষয়ত সজাগতা বৃদ্ধিৰ বাবে এনে চৰকাৰী, বে-চৰকাৰী বিভাগ, সংস্থা সমূহে বহু পদক্ষেপ লৈ আহিছে। কিন্তু ব্যৱহাৰিক দিশত এতিয়াও পুৰণিকলীয়া ব্যৱস্থাকে লৈ আছে বহু মহিলাই।
মাহেকীয়াৰ প্ৰথম তিনিটা দিন জিৰণিৰ আৱশ্যক বাবেই “নোৱাৰা” শব্দৰ প্ৰয়োগ হৈছিল। কিন্তু বৰ্তমান চাকৰিয়াল মহিলাৰ ক্ষেত্ৰত প্ৰতি মাহত তিনিদিনকৈ ছুটি পোৱা সম্ভৱ নে? বা শিক্ষাৰ্থী সকলেও শিক্ষানুষ্ঠানত প্ৰতি মাহে তিনিটা দিন অনুপস্থিত থকা সম্ভৱ নহয়। বিশেষকৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত। আজিকালি চেনিটৰী নেপকিনৰ লগতে menstrual cup বজাৰত সহজে উপলব্ধ। গতিকে পুৰণি দিনৰ বিপৰীতে শৰীৰক অতিৰিক্ত বোজা নিদিয়াকৈ অনায়াসে নাৰী সমাজে বিশেষ দিনকেইটাত নিজৰ জীৱিকা বা কেৰিয়াৰৰ ক্ষতি নোহোৱাকৈ স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বহু মহিলাই অপৰিহাৰ্য কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে menstrual cup ৰ সহায় লয়। চেনেটেৰী নেপকিনৰ তুলনাত menstrual cup অধিক ভাৰসাযোগ্য বুলি গণ্য কৰা হৈছে।
ঋতুস্ৰাৱৰ সময়ত গ্ৰাম্য সমাজত মহিলা সকল নিয়ম, সংকোচ বা অন্ধবিশ্বাসৰ বাবে প্ৰায়ে ঘৰৰ ভিতৰতে সোমাই থকা দেখা যায়। কিন্তু পাতলীয়া ব্যায়াম, খোজকঢ়া আদিৰ জৰিয়তে মাহেকীয়া সময়ত হোৱা পেটৰ বিষ আৰু অন্যান্য কষ্ট সমূহৰ পৰা পৰিত্ৰাণ পাব পাৰি। আধুনিক যুগত মাহেকীয়া হোৱাক লৈ দৃষ্টিভংগী সলনি কৰিবৰ হ’ল। এতিয়া আৰু এইকেইটা দিনত মহিলা, কিশোৰীসকলে ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ অযুক্তিকৰ নিয়ম মানি থকাৰ যুক্তি নাই। চাফ-চিকুনতা, পুষ্টিকৰ আহাৰ আৰু পাতলীয়া ব্যায়ামৰ দ্বাৰা এই সময়ত হোৱা কষ্ট আৰু অসুবিধা লাঘৱ কৰি কিশোৰী আৰু মহিলাসকলে এটা স্বাস্থ্যকৰ, সুন্দৰ আৰু স্বাভাৱিক জীৱন কটাব কৰিব পাৰে। এই ক্ষেত্ৰত ঘৰখনৰ সহযোগিতা অতি প্ৰয়োজনীয়।
প্ৰসূতি আৰু নৱজাতকক পূৰ্বতে এমাহলৈ ঘৰৰ বাজ নুলিয়াই এটা কোঠালীতে সতৰ্কতা অৱলম্বনেৰে সোমোৱাই ৰখা হৈছিল। জনবিশ্বাস অনুসৰি কোঠালীৰ বেৰত ভূত-প্ৰেত নাহিবলৈ বগৰী গছৰ কাঁইটীয়া জেং আঁৰি থৈছিল। দৰাচলতে এয়াও বিজ্ঞানৰ কথা। বগৰী গছৰ কাঁইটীয়া জেং, ডাল ইত্যাদি বায়ু শোধনকাৰী, কিছু পৰিমাণে বিজানু নাশক বুলি কয় একাংশ বিশেষজ্ঞই। বিজ্ঞানৰ এই কথাৰ গূঢ়াৰ্থ নুবুজি তাক জনবিশ্বাসলৈ ৰূপান্তৰ কৰিছিল পুৰণি চাম মানুহে; উদ্দ্যেশ্য কিন্তু এটাই- স্বাস্থ্য ৰক্ষা। অশৌচজনীত নীতি-নিয়মও দৃঢ়ভাৱে মানি চলা হৈছিল। এয়াও প্ৰসূতি আৰু নৱজাতকক অপকাৰী বহিঃ বিজানুৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰে উপায়। কিন্তু চিকিৎসকৰ মতে নৱজাতকৰ বাবে বিভিন্ন খাদ্যপ্ৰাণ (ভিটামিন) থকা পুৱাৰ কোমল ৰ’দভাগ অতি উপকাৰী।
পিন্ধা সাজপাৰ ৰাতি কেতিয়াও ঘৰৰ বাহিৰত নথৈছিল আগৰ চাম মানুহে। বিশেষকৈ মাহেকীয়া হোৱা মহিলা আৰু প্ৰসূতিৰ লগতে নৱজাতক বা শিশুৰ। জনবিশ্বাস অনুসৰি ৰাতি প্ৰেত শক্তিয়ে সেই সাজপাৰত লম্ভে। ফলত তেনে সাজপাৰ পৰিধান কৰিলে বিভিন্ন অসুখ-অশান্তি হয়। ভাবি চালে এই বিশ্বাসৰ আঁৰত বিজ্ঞানসন্মত কাৰণ নোহোৱা নহয়। ৰাতি ৰ’দৰ উত্তাপ অবিহনে ঘৰৰ বাহিৰত থকা কাপোৰ সেমেকি ভেঁকুৰযুক্ত হৈ পৰাৰ সম্ভাৱনা থাকে। বিশেষকৈ ডাৱৰীয়া বতৰত এই সম্ভাৱনা অধিক। তেনে কাপোৰ পিন্ধিলে চৰ্মৰোগৰ লগতে আন ভাইৰেল ৰোগ বিয়পি স্বাস্থ্য হানি হোৱাৰ সম্ভাৱনা। অথবা ৰাতি মূল্যৱান সাজপাৰ বাহিৰত তেনেদৰে থাকি গ’লে চুৰিও হ’ব পাৰে। গতিকে বিভিন্ন কাৰণত এনে জনবিশ্বাসবোৰ সতৰ্কতা অৱলম্বনৰ উপায় বুলি ধাৰণা হয়।
স্বাস্থ্যৱান শিশুৰ জন্ম দিবলৈ গৰ্ভৱতী মহিলাই পুষ্টিকাৰক খাদ্য খোৱা অতি প্ৰয়োজন। অপকাৰী খাদ্য এই সময়ত গ্ৰহণ কৰা অনুচিত। পুৰণি দিনত চিকিৎসা নাছিল। প্ৰসৱত জটিলতা অহা মানেই প্ৰসূতি, শিশুৰ জীৱনৰ বাবে প্ৰত্যাহ্বান। সেয়েহে সন্তান ধাৰণৰ পৰা প্ৰসৱলৈকে সমগ্ৰ কালছোৱা গৰ্ভৱতী গৰাকীৰ খাদ্য প্ৰণালী, শৰীৰৰ যত্নকে ধৰি সকলো ক্ষেত্ৰত অতি সতৰ্কতা অৱলম্বন কৰা হয়।
পুৰণি দিনত প্ৰসৱত জটিলতা আহিলে উপযুক্ত চিকিৎসা বা অস্ত্ৰোপ্ৰচাৰ (caesarean)ৰ ব্যৱস্থাৰ উদ্ভাৱন নোহোৱাৰ পৰিপ্ৰেক্ষিতত কোনো কোনো সমাজত গৰ্ভৱতী গৰাকীক অতিৰিক্ত খাদ্য গ্ৰহণ কৰিবলৈ নিদিয়াৰ নিয়মও আছিল। অতিৰিক্ত খাদ্য গ্ৰহণ কৰিলে গৰ্ভস্থ সন্তান আকাৰত কেনেবাকৈ বেছি ডাঙৰ হ’লে প্ৰসৱত প্ৰসূতিয়ে নিদাৰুণ কষ্ট পোৱাৰ লগতে জীৱন হানিৰো শংকা আছিল। ডাকৰ বচন : “পুৰুষ যায় ৰণলৈ/তিৰি যায় পিয়নলৈ”। অৰ্থাৎ ৰণলৈ যোৱা ৰণুৱা পুৰুষ আৰু পিয়ন (প্ৰসৱ)লৈ যোৱা মহিলাই স্বাভাৱিকতে জীৱনলৈ উভতি অহাৰ সম্ভাৱনা বৰ কম। আধুনিক চিকিৎসা বিজ্ঞানৰ পদ্ধতি আৱিষ্কাৰ নোহোৱা কালত প্ৰসৱৰ গোটেই কথাবোৰ বেছি জটিল আৰু ভয়লগা আছিল। সেয়েহে গৰ্ভৱতী গৰাকীৰ শৰীৰত পুষ্টিৰ প্ৰয়োজনীয়তা যোগান ধৰাৰ সমান্তৰালকৈ জটিলতা ৰোধৰ স্বাৰ্থতে অতিৰিক্ত খাদ্য গ্ৰহণ নিয়ন্ত্ৰণ কৰা হৈছিল। কিন্তু সেই পৰম্পৰাকে এতিয়াও মানি চলা কথাটো গ্ৰহণযোগ্য নহয়। চিকিৎসকে গৰ্ভৱতী গৰাকীক সকলো দিশতে পৰিপুষ্টি যোগোৱা খাদ্য বা সুষম আহাৰ খাবলৈ পৰামৰ্শ দিয়ে। লগতে সেই সময়ছোৱাৰ বাবে বিশেষ কিছু শাৰিৰীক ব্যায়াম, মানসিক-শাৰিৰীক যত্নৰো পৰামৰ্শ দিয়ে।
সন্তান গৰ্ভত স্থিতি লোৱাৰ পাছত গৰ্ভৱতী মহিলাৰ খোৱা শোৱাকে ধৰি কিছু স্বাভাৱিক অসুস্থতাই দেখা দিয়ে। বহুতৰে ক্ষেত্ৰত অত্যাধিক বমি হয়। আৰম্ভণিৰ সময়ছোৱাত খাদ্যৰ প্ৰতি প্ৰচুৰ অৰুচি হয়। শৰীৰত পুষ্টিসাৰ, খাদ্যপ্ৰাণৰ নাটনি হয়। মাতৃৰ শৰীৰৰ পৰাই গৰ্ভস্থ সন্তানলৈ খাদ্য, শক্তিৰ যোগান পায়। গতিকে মাতৃ গৰাকীৰ এই নাটনি দূৰ কৰি পুষ্টিৰ যোগান ধৰিবলৈকে পঞ্চামৃৎ খোৱাৰ দৰে প্ৰথাৰ সৃষ্টি হৈছে। ঘীঁ, মৌ, দৈ, এঁৱা, চেনি, তুলসী, গুড়- এনেবোৰ উপকৰণেৰে পঞ্চামৃৎ তৈয়াৰী হয়। এয়া মাতৃ, গৰ্ভস্থ সন্তান দুয়োৰে বাবে প্ৰচুৰ শক্তিদায়ক আৰু পুষ্টিকৰ খাদ্য।
গতিকে দেখা যায় যে নাৰীৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত পুৰণি কালৰ পৰা চলি অহা স্বাস্থ্য বিষয়ক ৰীতি, প্ৰথাৰ সকলোখিনি অন্ধবিশ্বাস নহয়। বহুখিনি প্ৰথাৰ বিজ্ঞানসন্মত ভিত্তি আছে। কিন্তু সকলো কথা সময় সাপেক্ষ। যি যি প্ৰথা উচ্চ প্ৰযুক্তি সম্পন্ন চিকিৎসা বিজ্ঞান নথকাৰ বাবে বা জ্ঞানে ঢুকি নোপোৱাৰ বাবে পালন কৰা হৈছিল, বৰ্তমান সময়ত সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়। অজ্ঞতাৰ বাবে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মানি চলা বহু নিয়ম শৰীৰৰ বাবে ক্ষতিকাৰকো।
আধুনিক সমাজ শিক্ষিত আৰু সচেতন। কিন্তু লক্ষ্যণীয় আৰু তাৎপৰ্যপূৰ্ণ কথা যে বৰ্তমানেও কিন্তু একাংশ মহিলা এই ক্ষেত্ৰত অযুক্তিকৰ সাতাম পুৰুষীয়া ৰীতি-নীতিৰ বাহিৰ হ’ব পৰা নাই। অজ্ঞতাক মূল কাৰণ হিচাবে ধৰিব নোৱাৰি। কাৰণ বৰ্তমান যথেষ্ট সংখ্যক মহিলা শিক্ষিতা হোৱাৰ পাছতো পুৰণিকলীয়া পৰম্পৰাগত প্ৰথা খামুচি ধৰি ৰখা দেখা যায় স্বাস্থ্যৰ বিষয়টোত। নাৰীৰ স্বাস্থ্য সচেতনতা বিশ্বত ইমানেই বৃদ্ধি পাইছে যে ২০১৪ চনৰ ২৮ মে’ত সৰ্বপ্ৰথমবাৰৰ বাবে জাৰ্মানীৰ Wash United নামৰ বে-চৰকাৰী সংস্থাটোৱে “বিশ্ব ঋতুস্ৰাৱ পৰিস্কাৰ-পৰিচ্চন্নতা দিৱস” পালন কৰিছিল। ভাৰতবৰ্ষত ২০২১ৰ পৰা এই দিৱস পালন আৰম্ভ হৈছে। ঋতুস্ৰাৱক লৈ বিশ্বই দিৱস পাতিবলৈ লোৱাৰ যুগত আমাৰ সমাজত একাংশ লোকৰ মাজত নাৰীৰ স্বাস্থ্যক লৈ অন্ধবিশ্বাসৰ প্ৰচলন হৈ থকাৰ বিষয়টো অত্যন্ত লজ্জাজনক। স্বাস্থ্য বিধি ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু কেৱল নিয়ম (অপ্ৰয়োজনীয়) পালন কৰিবলৈ গৈ স্বাস্থ্য, জীৱন, সময়, পৰিৱেশৰ ক্ষতি কৰা অনুচিত।