অৰ্ধ আকাশঃ প্ৰতি মংগলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া লেখা
ভাৰতত নাৰীৰ শ্ৰমৰ মৰ্যাদা আৰু মূল্যায়ন সঠিকনে?
— অজন্তা তালুকদাৰ, বোকাখাত।
চৰকাৰী, বে-চৰকাৰী বিভিন্ন বিভাগত কৰ্মৰত নাৰী, পুৰুষৰ যোগ্যতা আৰু পদ অনুসৰি বেতন নাভ হয়। আমাৰ দেশত পুৰুষতকৈ নাৰীৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু ধ্যান ধাৰণা সলনি হোৱা দেখা নগ’ল। একেটা কামতে নাৰী আৰু পুৰুষ শ্ৰমিকৰ উপাৰ্জন আজিও সমান নহয়। অৰ্থাৎ ইয়াতো নাৰীৰ মৰ্যদাৰ সঠিক মূল্যায়ন নহয়। কৰ্মক্ষেত্ৰত নাৰী-পুৰুষৰ বৈষম্য ভাৰতত আজিও আছে।
ভাৰতৰ দৰে উন্নয়নশীল দেশত উদ্যোগ, কৃষি, চৰকাৰী বা বে-চৰকাৰী খণ্ডৰ আঁচনি, প্ৰকল্প আদিৰ ৰূপায়ণত শাৰিৰীক শ্ৰমৰ নিয়োগ, অনানুষ্ঠানিক ঘৰুৱা কাম আদিকে ধৰি মহিলা শ্ৰমিকৰ নিয়োগ লেখত ল’ব লগীয়া। ভাৰতত মুঠ জনসংখ্যাৰ ৮৪% মহিলা শ্ৰমিক, কৰ্মচাৰী বুলি তথ্য আছে। ভাৰতৰ কৃষি খণ্ডত মহিলা শ্ৰমিকৰ নিয়োগ দুই তৃতীয়াংশ। তথাপি মহিলা শ্ৰমিকে উপযুক্ত স্বীকৃতি আৰু পাৰিশ্ৰমিক পোৱাত ব্যৰ্থ হৈছে।
শিক্ষিতা চাকৰিজীৱী মহিলাক বাদ দি সৰ্বসাধাৰণ মহিলাৰ দায়িত্ব শিশু পালন বা আন ঘৰুৱা কৰ্মতে সীমাবদ্ধ। তথাপি জীৱিকাৰ তাৰণাত তেনে বহু মহিলা শ্ৰমত নিয়োজিত হৈছে। বিশেষকৈ কৃষি খণ্ডত মহিলা শ্ৰমিক এতিয়া যথেষ্ট। ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি কেৱল ৩২.৮% ভাৰতীয় মহিলাই আনুষ্ঠানিকভাৱে শ্ৰমিক বাহিনীত অংশগ্ৰহণ কৰে। তাৰ তুলনাত পুৰুষৰ সংখ্যা ৮১.১%। অসমৰ অন্যান্য খণ্ডৰ লগতে কৃষি কৰ্মত ৰোৱনী, দাৱনীৰ কাম মহিলাই কৰে, বিশেষকৈ উজনি অসমত। পূৰ্বতে নামনি অসমৰ মহিলা কৃষি কৰ্মত যোৱাৰ প্ৰথা নাছিল যদিও বৰ্তমান শ্ৰমিক হিচাবে পাৰিশ্ৰমিকৰ বিনিময়ত কাম কৰা দেখা যায়। অসমৰ ক্ষুদ্ৰ উদ্যোগ, যেনে বয়ন উদ্যোগ মহিলাৰ ওপৰতে নিৰ্ভৰশীল বুলিলেও ভুল নহয়। অৱশ্যে ব্যৱসায়িক উদ্দ্যেশ্যত অসমৰ বয়ন উদ্যোগত এতিয়া পুৰুষ শ্ৰমিকও নিয়োজিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি অসমৰ চাহ উদ্যোগত নিয়োজিত প্ৰায় ১.২ মিলিয়ন স্থায়ী শ্ৰমিকৰ অধিকাংশই মহিলা শ্ৰমিক। এই সকল মহিলা চাহ শ্ৰমিকৰ পাত তোলাত অপূৰ্ব দক্ষতা স্বত্তেও অতি নিম্ন মজুৰিপ্ৰাপ্ত কৃষি খণ্ডৰ শ্ৰমিক বুলি পৰিগণিত। (উৎসঃ Online article Empowering Women in Tea, posted in the page “Teaorb, Tea for Everyone” on: 08/03/2023)
কুৰি শতিকাৰ আগভাগত ইউৰোপত বাছ আৰু ট্ৰাম পৰিবহণ স্থাপনত মহিলা শ্ৰমিকক পুৰুষ শ্ৰমিকৰ সমানে বেতন দিয়াৰ ব্যৱস্থা কৰাৰ সংকল্প লোৱা হৈছিল যদিও যুদ্ধৰ বাবে শ্ৰম কৰা মহিলা শ্ৰমিকে কম বেতন লাভ কৰিছিল। সেয়েহে কাৰ্যক্ষেত্ৰত সফল হ’বলৈ ১৯১৮ চনত The War Men Commission Act গঠন কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মহিলা শ্ৰমিকৰ উচিত বেতন লাভত আৰু কেতবোৰ কথাৰ প্ৰভাৱ পৰিছিল। যুদ্ধৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুতকে ধৰি বিভিন্ন কাৰ্যত মহিলা শ্ৰমিক নিয়োজিত হৈছিল। পুৰুষৰ তুলনাত মহিলা শ্ৰমিকৰ কামৰ ক্ষীপ্ৰতৰ গতি আৰু দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা শ্ৰমিকৰ বেতন বৃদ্ধি কৰা হৈছিল। যিসকল মহিলাই “পুৰুষৰ শ্ৰম” কৰিছিল, “মহিলাৰ শ্ৰম” কৰা মহিলাতকৈ তেওঁলোকক বেতন বঢ়াই দিয়া হৈছিল। যুদ্ধৰ আগতে যি যিবোৰ বস্ত্ৰ উদ্যোগত মহিলাৰ আধিপত্য আছিল, তাতো মহিলাৰ বেতন বাঢ়িছিল। যুদ্ধৰ পৰিপ্ৰেক্ষিতত বেতনৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। পুৰুষ শ্ৰমিকৰ তুলনাত মহিলা শ্ৰমিকে দুইৰ পৰা তিনি ঘণ্টা অতিৰিক্ত সময় (overtime) কাম কৰিছিল। পোনপটীয়াকৈ পুৰুষ শ্ৰমিকৰ স্থানত কৰ্মৰত মহিলা শ্ৰমিকক পুৰুষৰ সমানে বেতন দিয়াবলৈ সেই সময়ত National War Labour Board-এ বিভিন্ন আঁচনি হাতত লৈছিল।
ভাৰতৰ সংবিধানৰ ৩৯ নং অনুচ্ছেদত নিৰ্দেশাত্মক নীতিৰ অংশ হিচাবে সকলো ৰাজ্যকে পুৰুষ আৰু মহিলাক একে কামৰ বাবে সমান বেতন নিৰ্ধাৰণ কৰিবলৈ আৰু জীৱন ধাৰণৰ উপযুক্ত অধিকাৰ পাব পৰাকৈ আঁচনি গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ আছে। ভাৰতত ১৯৭৬ চনত গৃহিত হোৱা Equal Remuneration Act বা “সমান পাৰিশ্ৰমিক আইন” মহিলা শ্ৰমিকৰ সম মৰ্যদা প্ৰদানৰ প্ৰথম আইন। এই আইনে ভাৰতত পুৰুষ আৰু মহিলা শ্ৰমিকৰ ক্ষেত্ৰত একে কামৰ বাবে সমান বেতনৰ পোষকতা কৰিছে। এই আইনে পুৰুষ আৰু মহিলা উভয় শ্ৰমিক আৰু কৰ্মচাৰীৰ শ্ৰম, প্ৰশিক্ষণ, পদোন্নতি আদিত বৈষম্য ৰক্ষা কৰাত নিষেধাজ্ঞা দিছে। ২০১৯ চনৰ Code on Wages আইনে ভাৰতত শ্ৰমিকৰ লিংগ বৈষম্য (in hiring)ত নিষেধাজ্ঞা দিছে। এই আইনৰ মতে একে কামৰ বাবে পুৰুষ, মহিলা উভয়ে সমান বেতন লাভ কৰিব (মহিলাৰ বাবে আইনগত বাধা নোহোৱা কামতহে)। ২০১৩ চনৰ Companies Act মতে প্ৰতি ব্যৱসায়িক প্ৰতিষ্ঠান (company)ৰ board of directors ত এগৰাকী হ’লেও মহিলা থাকিবই লাগিব।
১৯৬১ ৰ প্ৰসূতি লাভালাভ আইন আৰু ১৯৪৮ ৰ কাৰখানা আইনে সমান কামৰ বাবে সমান দৰমহাৰ বিষয়টো পোনপটীয়াকৈ সমাধান নকৰে যদিও এগৰাকী মহিলাই দাবী কৰিব পৰা কিছুমান অতিৰিক্ত সুবিধা প্ৰদান কৰি ভাৰতত মহিলা শ্ৰমিকক কিছু পৰিমাণে হ’লেও সুৰক্ষা প্ৰদান কৰে।
“১৯২২ চনৰ পৰা ভাৰত আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ পৰিচালনা সমিতিৰ স্থায়ী সদস্য। ১৯৫৮ চনৰ ছেপ্টেম্বৰত ভাৰতে চি১০০ সমান পাৰিশ্ৰমিক সন্মিলন, ১৯৫১ (নং ১০০) অনুমোদন কৰিছিল। ই সমান মূল্যৰ কামৰ বাবে পুৰুষ আৰু মহিলাৰ মাজত সমান বেতনৰ বিষয়টো সমাধান কৰে” (সংগৃহিত)।
ভাৰতত বৰ্তমানেও শ্ৰমিকৰ লিংগ বৈষম্য চিন্তনীয় পৰ্যায়ত। সংগ্ৰহিত তথ্য অনুসৰি মজুৰি ব্যৱধান সৰ্বাধিক হোৱা ৰাজ্যকেইখন হ’ল বিহাৰ (৬৩%), ছত্তীছগড় আৰু অসম (৪৮%), হিমাচল প্ৰদেশ (৪৫%) আৰু ৰাজস্থান (৪৪%)। মজুৰিত কম লিংগ বৈষম্য থকা ৰাজ্যকেইখন হ’ল উত্তৰাখণ্ড, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ।
একে কামৰ বাবে পুৰুষ শ্ৰমিকতকৈ কম পাৰিশ্ৰমিক পোৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ প্ৰৱণতাও মহিলা শ্ৰমিকৰ নাই। “চলি আছোঁ , চলি যাম” মনোবৃত্তিৰে কাম কৰি থকাৰ পক্ষপাতী। দক্ষতা থকা স্বত্বেও শিক্ষা, সজাগতা, সক্ষমতাৰ অভাৱৰ বাবে দেশৰ সকলো প্ৰান্তৰ মহিলা শ্ৰমিক ঐক্যবদ্ধ নহয়। অৱশ্যে ভাৰতত শ্ৰমিক সংঘৰ শক্তিশালী মহিলা নেতৃ নোহোৱা নহয়। ১৮৯৮ চনত জন্মগ্ৰহণ কৰা ঊষাবাই দাংগে, ১৯৩৮ আৰু ‘২৯ চনত দুটাকৈ গুৰুত্বপূৰ্ণ ধৰ্মঘট আন্দোলনৰ গুৰি ধৰা প্ৰভাৱতী দেৱী, ১৯২০ ত আহমদাবাদ টেক্সটাইল লেবাৰ সংস্থা (মজদুৰ মহাজন সংঘ)ৰ প্ৰতিষ্ঠাপক অনুসূয়া বেন চাৰাভাই আদি এই ক্ষেত্ৰত বাটকটীয়া। আহমদাবাদ টেক্সটাইল লেবাৰ সংস্থা হৈছে ভাৰতৰ বস্ত্ৰ উদ্যোগ শ্ৰমিকৰ আটাইতকৈ পুৰণি সংঘ। কাপোৰ উৎপাদন কাৰখানাৰ ছোৱালীৰ শিক্ষাৰ বাবে অনুসূয়াই কাম কৰি গৈছে। মহিলা বিক্ৰীকৰ্মী (sales woman) সকলৰ প্ৰাথমিক অধিকাৰ জিনা নেতৃ হৈছে কেৰেলাৰ ভিজি পালিথ’ড়ী। ১৯৬৮ চনত জন্মগ্ৰহণ কৰা পালিথ’ড়ীয়ে কামৰ সময় সূচীৰ ভিতৰত মহিলা শ্ৰমিকৰ জিৰণিৰ অধিকাৰ প্ৰাপ্তিতো সফল হয়। অমৰজিৎ কৌৰ হৈছে স্বাধীন ভাৰতৰ শ্ৰমিক সংঘক কেন্দ্ৰীয়ভাৱে নেতৃত্ব দিয়া প্ৰথম গৰাকী মহিলা। ১৯৯৪ ৰ পৰা ২০১৭লৈ All India Trade Union Congress ৰ কৌৰ সাধাৰণ সম্পাদক আছিল। ভাৰতৰ অনানুষ্ঠানিক খণ্ডৰ মহিলা শ্ৰমিকৰ উন্নয়নৰ বাবে ইলা ভট্টই ১৯৭২ চনত Self-Employed Women’s Association (SEWA)ৰ প্ৰতিষ্ঠা কৰিছিল। ১৯৫৭ চনত National Federation of Indian Women (NFIW) ৰ সভাপতিৰ আসনত থকা পুষ্পাময়ী বসুৰো এইক্ষেত্ৰত অৱদান আছে।
কিন্তু চৰকাৰ, দল-সংগঠন, ব্যক্তিৰ ইমান প্ৰচেষ্টাৰ পাছতো ভাৰতত শ্ৰমৰ লিংগ বৈষম্য কিয় দূৰ হোৱা নাই? ভাৰতত মহিলা শ্ৰমিকৰ মৰ্যদাৰ অৱমূল্যায়নৰ বহুকেইটা কাৰণ আছে। সৰ্বপ্ৰথম কাৰণ হ’ল লিংগ বৈষম্য। ভাৰতীয় সমাজত নাৰীক মাতৃৰ স্থানত ৰাখি পূজা কৰিলেও বাস্তৱত নাৰীক তলৰ শ্ৰেণীৰ বুলিয়েই গণ্য কৰা হয়। পুৰুষৰ প্ৰতি থকা সমাজৰ পক্ষপাতিত্ব আৰু নাৰীৰ প্ৰাপ্য, ন্যায্য অধিকাৰ বিচৰাৰ সংকোচও ইয়াৰ কাৰণ। ভাৰতীয় সমাজ প্ৰধানতঃ পুৰুষ তান্ত্ৰিক। ইও নাৰীক প্ৰাপ্য মৰ্যদাৰ পৰা আঁতৰাই ৰাখে। ভাৰতীয় সমাজত থকা জাতিভেদ প্ৰথা অন্যতম কাৰণ। সৰ্বসাধাৰণ মহিলাৰ শিক্ষাগত অৰ্হতা কম (নিৰক্ষৰ মহিলা আজিও আছে) বাবে এই সকল মহিলা অজ্ঞ, অসচেতন; সমতাৰ অধিকাৰ, প্ৰাপ্যৰ বিষয়ে সজাগ নহয়। তদুপৰি শ্ৰম বাহিনীত মহিলাৰ সংখ্যা পুৰুষতকৈ তুলনামূলকভাৱে যথেষ্ট কম। শ্ৰম বাহিনীত নাৰীৰ নেতৃত্বও পুৰুষৰ তুলনাত যথেষ্ট কম দেখা যায়। লগতে মহিলাক দমন কৰি ৰখা বিভিন্ন সামাজিক প্ৰথাবোৰ আছেই। সকলোতকৈ ডাঙৰ কথাটো হ’ল মহিলা শ্ৰমিক নিজেই সচেতন নহয়।
মহিলা শ্ৰমিকৰ সচেতনতা অতি প্ৰয়োজনীয়। সময়ে সময়ে বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল, বে-চৰকাৰী সংস্থা, সংগঠন আদিয়ে সামাজিক ক্ষেত্ৰত প্ৰত্যক্ষভাৱে ইয়াৰ বাবে সজাগতা অভিযান চলাই আহিছে। এই অভিযান ফলপ্ৰসূ নোহোৱাও নহয়, কিন্তু সামগ্ৰিকভাৱে হোৱা নাই। সৰ্বসাধাৰণ মহিলা সকল নিজৰ অধিকাৰৰক লৈ সজাগ আৰু সচেতন হোৱাৰ মূল আহিলা হ’ল শিক্ষা। শিক্ষাৰ প্ৰসাৰৰ ফলত অধ্যয়নৰ জৰিয়তে মহিলা সকলে নিজৰ অধিকাৰৰ বিষয়ে জানিব পাৰিব। চৰকাৰৰ আঁচনি সমূহো নিৰ্বাচন কেন্দ্ৰিক নহৈ প্ৰকৃতাৰ্থত জন কল্যাণমুখী হোৱাত গুৰুত্ব দিব লাগিব। বে-চৰকাৰী সংস্থা, সংগঠন সমূহে কেৱল নিজৰ কাৰ্য তালিকাৰ টোকাবহী বঢ়োৱা ধৰণৰ উদ্দেশ্যৰ পৰা আঁতৰি স্বৰূপাৰ্থত ফলৱৰ্তী হোৱাকৈ কাম কৰক। মহিলা শ্ৰমিকক নিয়োগ কৰা কৰ্তৃপক্ষ বা মালিক পক্ষইও মহিলা শ্ৰমিকৰ অজ্ঞানতা আৰু দুৰ্বলতাৰ সুযোগ নলৈ শোষণ, বঞ্চনা এৰি বাস্তৱিকত বিবেচনা কৰক। সমাজে লিংগ বৈষম্য আৰু পক্ষপাতিত্ব এৰি মহিলাক সমান দৃষ্টিৰে চোৱাৰ ধাৰণা পোষণ কৰক। শ্ৰমৰ দ্বাৰা নাৰীয়ে আৰ্থিক, সামাজিক মৰ্যাদা পাওক।
(তথ্য সমূহ বিভিন্ন ৱেবচাইট, লেখাৰ পৰা সংগৃহীত)