বিবিধাঃ প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা
প্ৰসংগঃ গ্ৰাম্য পুথিভঁৰাল
— কুমাৰ বিভূতি, নগাঁও৷
আধুনিক অসমত পুথিভঁৰাল আন্দোলনৰ নেতৃত্ব দিছিল কুমুদেশ্বৰ বৰঠাকুৰে৷ তেওঁৰ যত্নতে গুৱাহাটীত গ্ৰন্থপ্ৰেমিকসকলৰ মাজত অধিৱেশন পাতি ১৯৩৮ চনত অসম পুথিভঁৰাল সংঘ প্ৰতিষ্ঠা কৰা হয়৷ তেওঁৰ যত্নতে কুৰি শতিকাৰ পঞ্চাশৰ পৰা সত্তৰৰ দশকলৈকে অসমৰ গাঁও অঞ্চলত “গ্ৰাম্য পুথিভঁৰাল’’ স্থাপনৰ জোৱাৰ৷ উঠে৷ ১৯৮৫ চনৰ ২৭ জানুৱাৰীত অসমৰ গ্ৰাম্য পুথিভঁৰালসমূহক একত্ৰিত কৰি “সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সংস্থা’’ গঠন কৰা হয়৷ এই সংস্থাই ’পঠন’ জনপ্ৰিয় কৰাৰ উদ্দেশ্যে ২০০৮ চনৰ পৰা কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিনত “পঢ়ুৱৈ দিৱস’’ পালন কৰাৰ উপৰি “পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ বঁটা’’ প্ৰদান কৰি আহিছে৷
একালত অসমৰ গাঁৱে-ভূঞে সহজে দেখিবলৈ পোৱা গৈছিল একোটাকৈ পুথিভঁৰাল ৷ গাঁৱৰ যুৱক-যুৱতী তথা উদ্যোমী ব্যক্তি সকলৰ নেতৃত্বত গঢ় লৈ উঠা এই পুথিভঁৰাল সমূহেই বহু লোকৰ জীৱন সলনি কৰি দিছিল ৷ এক কথাত অসমীয়া জাতিয়ে সুদৃঢ়ভাৱে চলাই ৰখা অধ্যয়নৰ আন্দোলনৰ এক উদাহৰণ আছিল এই গ্ৰাম্য পুথিভঁৰাল সমূহ ৷ পিছে সময়ৰ সোঁতত একালৰ আপোনাৰ মোৰ অতিকৈ আদৰৰ এই গ্ৰাম্য পুথিভঁড়াল সমূহ হেৰাই যাবলৈ ধৰিলে ৷বিশ্বায়নৰ প্ৰভাৱত অসমৰ সমাজ জীৱনতো সংপৃক্ত হৈ পৰিল চেটেলাইট টেলিভিছন কিম্বা চছিয়েল নেটওৱৰ্কিং চাইট সমূহ ৷ হাতৰ টিপতে উপলব্ধ বিশ্বৰ খবৰ অথবা সীমাহীন মনোৰঞ্জনৰ দুৱাৰ খোল খালে অসম মুলুকৰ চহা ৰাইজৰ বাবেও ৷ লগে লগে যেন এক কথাত গুৰুত্বহীন হৈ পৰিল গ্ৰাম্য পুথিভঁৰাল সমূহ ৷
গ্ৰন্থ অধ্যয়নৰ পৰিবেশ যেন ক্ৰমাগত ভাৱে হেৰাই গৈছে আমাৰ চৌপাশৰ পৰা। সমাজ এখনৰ বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত গ্ৰন্থৰ অৰিহণা অপৰিসীম। ৰাজ্যৰ পুথিভঁৰালসমূহে গ্রন্থ অধ্যয়নৰ সজাগতাৰ জৰিয়তে পঢ়ুৱৈ সৃষ্টি কৰি বৌদ্ধিক জাগৰণ সৃষ্টি কৰি আহিছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লাইব্ৰেৰী ছাৰ্ভিচ সঞ্চালকালয়ৰ অধীনৰ অসমৰ প্ৰতিখন জিলাতে থকা পুথিভঁৰালসমূহে পঢ়ুৱৈসকলক গ্রন্থ-অধ্যয়নৰ সোৱাদ দিছে। ৰাজ্যৰ বৌদ্ধিক জাগৰণৰ অন্যতম থলী জিলা লাইব্ৰেৰী আৰু গ্রাম্য পুথিভঁৰালসমূহৰ শোচনীয় অৱস্থাই পঢ়ুৱৈসকলৰ জ্ঞান অন্বেষণত, বিধি-পথালি দিয়া দেখা গৈছে। লাখ লাখ গ্রন্থৰে পৰিপূৰ্ণ ৰাজ্যৰ প্ৰতিখন জিলাতে থকা জিলা পুথিভঁৰালসমূহৰ এতিয়া বহু ঠাইত পঢ়াৰ পৰিৱেশ নাই। কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যখনৰ সাতটা জিলা পুথিভঁৰালত বর্তমানে নাই স্থায়ী লাইব্রেৰিয়ান। মন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ শিক্ষা বিভাগৰ অধীনত থকা পুথিভঁৰালসমূহৰ স্থায়ী লাইব্রেৰিয়ান নথকাত অসুবিধাৰ সন্মুখীন হৈছে। একোজন লাইব্রেৰিয়ানে কেবাখনো জিলাত ভাৰপ্ৰাপ্ত হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছে। উজনিৰ শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, নলবাৰী, গুৱাহাটী, শিলচৰ আদি জিলা পুথিভঁৰালৰ স্থায়ী লাইব্রেৰিয়ান নাই। জানিব পৰা মতে, বিভাগটোৰ পদোন্নতি সময় অনুসৰি নোহোৱাৰ বাবে স্থায়ী লাইব্রেৰিয়ান নিযুক্তি দিয়াত অসমৰ্থ হৈছে। জানিব পৰা মতে, লাইব্রেৰিয়ান পদত স্থায়ী নিযুক্তি নহয়, সহকাৰী লাইব্রেৰিয়ান পদৰ পৰা পদোন্নতি হৈ লাইব্রেৰিয়ান হিচাপে নিযুক্তি হয় যদিও বিভাগটোৰ পদোন্নতিৰ লেহেম হোৱাৰ বাবে বছৰ বছৰ ধৰি ভাৰপ্ৰাপ্তভাবে চলাই আহিছে। লক্ষণীয় যে ৰাজ্যখনত জিলা পুথিভঁৰালসমূহৰ উপৰি প্ৰায় ২০০টা গ্রাম্য পুথিভঁৰাল আছে। এই গ্রাম্য পুথিভঁৰালসমূহে গাঁওসমূহত বৌদ্ধিকভাবে উত্তৰণত অৰিহণা আগবঢ়াই আহিছে। অসম চৰকাৰ তথা ৰাজা ৰামমোহন ৰায় ফাউণ্ডেশ্যনৰ জৰিয়তে পুথিভঁৰালসমূহে বিভিন্ন সময়ত বহু গ্রন্থ লাভ কৰিছে যদিও বহু পুথিভঁৰালৰে অৱস্থা অতি শোচনীয়। বহু গ্রাম্য পুথিভঁৰালত পঢ়ুৱৈৰ পঢ়াৰ পৰিৱেশেই নাই। বাতৰি কাকতত প্ৰকাশিত খবৰ অনুসৰি ১৯৫৪ চনতে স্থাপন হোৱা যোৰহাট জিলা পুথিভঁৰালটো এতিয়া যোৰহাটবাসীৰ বাবে সমাজ উত্তৰণৰ সম্পদ। আপুৰুগীয়া গ্ৰন্থকে ধৰি বিভিন্নধৰণৰ প্ৰায় ৮০ হাজাৰ গ্ৰন্থৰ সমাহাৰে জিলা পুথিভঁৰালটোৰ প্ৰতিখন গ্ৰন্থৰ সোৱাদ লৈছে গ্রন্থপ্রেমীয়ে। দশকজুৰি পঢ়ুৱৈৰ সংখ্যা কিছু কমিছিল যদিও এতিয়া নিতৌ বাঢ়িছে যোৰহাটৰ পঢ়ুৱৈৰ সংখ্যা। প্রতিদিনে গড়ে ৭০ গৰাকী ব্যক্তি বিভিন্ন কাৰণত আহে পুথিভঁৰালটোলৈ। বাতৰি কাকত পঢ়াৰ পৰা প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা যুৱক-যুৱতীয়ে নিতৌ পুথিভঁৰালটোলৈ আহি গ্রন্থৰ সোৱাদ লয়। বিশেষকৈ প্রসংগ পুথি বিচাৰি অহা গৱেষক ছাত্র, মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী, যুবক-যুবতী এতিয়া পুথিভঁৰালটোলৈ অহা দেখা যায়। লক্ষণীয় যে পুথিভঁৰালটোৰ প্ৰায় ২৫ হাজাৰৰো অধিক কিতাপ পঢ়ুৱৈয়ে পঢ়িবলৈ নি পুনৰ ঘূৰাই নিদিলে। পুথিভঁৰালৰ কৰ্তৃপক্ষই বিভিন্ন অৱস্থা গ্রহণ কৰি গ্ৰন্থসমূহ ঘূৰাই আনিবলৈ প্রচেষ্টা চলালে যদিও সেয়া সম্ভৱ নহ'ল। অৱশ্যে প্ৰতি বছৰে ৰাজ্য চৰকাৰ আৰু ৰাজা ৰামমোহন ৰায় ফাউণ্ডেশ্যনৰ অধীনত অসমীয়া, ইংৰাজী আৰু হিন্দীভাষাৰ বিভিন্ন আপুৰুগীয়া গ্রন্থ পুথিভঁৰালসমূহক প্রদান কৰিছে। যোৰহাট জিলা পুথিভঁৰালৰ এই গ্রন্থসমূহ নিয়ম অনুসৰি ৰাখিছে বুলি জানিবলৈ দিয়ে। উল্লেখ কৰিবলগীয়া যে পঢ়ুৱৈসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰসংগ পুথিসমূহকে ধৰি অন্যান্য গ্রন্থসমূহ জেৰক্স কৰি নিবলৈ পুথিভঁৰালটোত দুটা জেৰক্স মেচিন আছিল। কিন্তু বছৰ ধৰি জেৰক্স মেচিনকেইটা বেয়া হৈ থকাত পঢ়ুৱৈসকল অসুবিধাৰ সন্মুখীন হৈছে। কিয়নো পঢ়ুৱৈৰ লাগতিয়াল অংশ পূৰ্বতে জেৰক্স কৰি নিব পাৰিছিল যদিও বর্তমান বাহিৰত জেৰক্স কৰিবলৈ বহু নীতি-নিয়ম মানি চলিবলগীয়া হৈছে। সমস্যাৰে ভাৰাক্ৰান্ত পুথিভঁৰালটোত ১৩জন কর্মচাৰী থাকিব লাগে যদিও বর্তমানে ৬টাকৈ পদ খালী হৈ আছে। সহকাৰী লাইব্রেৰিয়ান, জুনিয়ৰ এছিছটেন্ট, ছিনিয়ৰ এছিছটেন্ট আদি ৬টাকৈ পদ খালী হৈ থকাত পুথিভঁৰালটোৰ বৰ্তমানৰ কৰ্মচাৰীসকলে চলাবলগীয়া হৈছে কামসমূহ। একেদৰে নগাঁও জিলা পুথিভঁৰালত এগৰাকী লাইব্ৰেৰীয়ান, এগৰাকী টেকনিকেল এচিছটেণ্ট, এগৰাকী চি এ, দুগৰাকী পিয়ন আৰু এগৰাকী চকীদাৰ আছে। বিপৰীতে এছিছটেণ্ট লাইব্ৰেৰীয়ানকে ধৰি কেইবাটাও পদ খালি হৈ আছে। নগাঁও জিলা পুথিভঁৰালৰ অধীনত অবিভক্ত নগাঁও হোজাই জিলাত মুঠ নটা গ্ৰাম্য পুথিভঁৰাল আছে। এই পুথিভঁৰালসমূহৰ অৱস্থা বৰ্তমান অতি শোচনীয়। কেৱল যেন কাগজ কলমতে চলি আছে ৰাজ্যৰ গ্ৰাম্য পুথিভঁৰাল সমুহ। নগাঁও জিলা পুথিভঁৰালটোতে বৰ্তমানলৈকে অসম চৰকাৰৰ পৰা যোগান ধৰা কিতাপৰ সংখ্যা ৯৩৯০৯ খন আৰু ৰাজা ৰামমোহন ৰায় ফাউণ্ডেছনে যোগান ধৰা কিতাপৰ সংখ্যা প্ৰায় ত্ৰিশ হাজাৰ। ইফালে ৰাজ্যখনৰ পুথিভঁৰাল ব্যৱস্থাটো ত্বৰান্বিত কৰিবলৈ ৰাজা ৰামমোহন ৰায় ফাউণ্ডেশ্যনে কহা নামৰ ছফটৱেৰ ব্যৱহাৰ কৰিছিল। সেই এপছৰ যোগেদি কিমান কিতাপ পুথিভঁৰালসমূহত আছে, নথকা কিতাপ অন্য পুথিভঁৰালৰ পৰা আনিবলৈও আধুনিক সুবিধা আছিল। কিন্তু ২০২০ চনৰ পৰা এই ছফটৱেৰটো হঠাতে অচল হৈ পৰাত আধুনিক ব্যৱস্থা নথকাত পুথিভঁৰালসমূহত সমস্যাৰ সন্মুখীন হৈছে। ৰাজ্য চৰকাৰে পুথিভঁৰালসমূহ অত্যাধুনিক ব্যৱস্থাৰে সজাই-পৰাই তুলি গ্রন্থসমূহ সংৰক্ষণৰ ব্যৱস্থা নকৰিলে ভৱিষ্যতে সমাজত বৌদ্ধিক জাগৰণ সৃষ্টি কৰাত সহায় কৰা পুথিভঁৰাল ব্যৱস্থাৰ প্রতি পঢ়ুৱৈৰ অনীহা অহাটো স্বাভাবিক। বৰ্তমান পুথিভঁৰাল সমূহত পাঠকৰ সংখ্যা পূৰ্বৰ কিছু বছৰৰ তুলনাত আংশিক ভাবে বৃদ্ধি পাইছে যদিও সেই পাঠকসকলৰ সৰহভাগেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থী। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত পুথিভঁৰাল সমূহ আধুনিকীকৰণ নকৰিলে পাঠকৰ সংখ্যা একেবাৰে নোহোৱা হৈ পৰাৰ সম্ভাৱনা অধিক। গুৰুত্বপূৰ্ণ কথা এয়ে যে এসময়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই জিলা পুথিভঁৰালৰ অধীনত একোখন গাড়ীত চলন্ত পুথিভঁৰালৰ ব্যৱস্থা কৰিছিল। সেই পুথিভঁৰালসমূহ গাঁওসমূহলৈ গৈ এক পঢ়াৰ পৰিবেশ সৃষ্টি কৰিছিল। কিন্তু ৰাজ্য চৰকাৰৰ চৰম অৱহেলাত চলন্ত পুথিভঁৰালসমূহৰ অকাল মৃত্যু ঘটিল। নগাঁও জিলা পুথিভঁৰাল চৌহদত এতিয়াও এখন চলন্ত পুথিভঁৰালৰ গাড়ী অৱহেলিত হৈ পৰি আছে।
গ্ৰাম্য পুথিভঁৰাল সমুহৰ বিপৰ্যয়ৰ এই ধাৰা অব্যাহত থাকিলে কেৱল যে গাওঁ সমূহৰ পৰিবেশেই নষ্ট হ'ব এনে কথা নহয়, সমান্তৰালকৈ হেৰাই যাব অসমীয়া সাহিত্যৰ এক বিশাল গ্ৰন্থৰ ভাণ্ডাৰ আৰু লেখকসকলৰ পৰিচয়। সাহিত্য বিহীন এনে দুৰ্বল জাতি এটা পৃথিৱীৰ বুকুত কিমান দিনলৈ বৰ্তি থাকিব সেয়া হ'ব সন্দেহাতীত।