বিবিধাঃ পঢ়ক প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা
বিশিষ্ট কবি অনুভৱ তুলসীৰ সৈতে এক কথোপকথন
— কুমাৰ বিভূতি, নগাঁও৷
ব্যতিক্ৰমী কাব্যগ্ৰন্থ নাজমাৰ জৰিয়তে সুকীয়া পৰিচয় লাভ কৰা বিশিষ্ট কবি অনুভৱ তুলসীয়ে বহু আগতেই ৰচনা কৰিছিল কেইবাখনো একাংকিকা নাটক। বেজবৰুৱাৰ ভদৰী গল্পটো নাট্যৰূপ দিয়া কবিগৰাকীৰ আছিল চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কে অধ্যয়নৰ এক গভীৰ হেঁপাহ। কিন্তু সময়ে সৃষ্টি কৰিলে এগৰাকী বিশিষ্ট কবি ৰূপে। অসমীয়া কাব্য সাহিত্যত এক সুকীয়া ধাৰাৰে নিজস্ব এক স্থান ল’বলৈ সক্ষম হৈছে কবিগৰাকীয়ে।এনে কিছুমান নজনা কথা জানিবলৈ তেখেতৰ কাষ চাপিছিলোঁ। আৰু এয়া যেন তাৰেই এক প্ৰতিফলন —
১) যদিও আমি একে গাঁৱৰ , তথাপি এই গাঁওখনৰ পৰিবেশ আমাৰ বাবে ভিন্ন ৰূপত ধৰা দিছে। আপোনাৰ কাব্য পৰিক্ৰমাত ওপজা ঠাইখনৰ প্ৰভাৱ কেনেকুৱা?
অনুভৱ তুলসীঃ বৰ ভাল কথা এটা সুধিছা। ইতিমধ্যে এই কথাখিনি মই ক’ৰবাত লিখিত ৰূপতে ৰাখিছোঁ যদিও মোৰ এৱাঁ কথা আখি কাব্যত বহুসংখ্যক কথা সোমাইছে। গাওঁখনে মোক কবিতা লিখাইছে, তেনে কথা নহয়। সেইটো একপ্ৰকাৰৰ সাংস্কৃতিক পটভূমি হিচাপে আছিল। গাওঁখন আৱহ এক পটভূমি, সামাজিক আৰু সাংস্কৃতিক ভাৱে সমৃদ্ধ হোৱাৰ লগতে আছিল এটা মুক্ত জীৱনৰ থলী আছিল। এইকেইটা বস্তু গাঁৱত পোৱা গৈছিল। পঢ়া শুনাৰ ক্ষেত্ৰতো আমাৰ ওপৰত কোনো চাপ নাছিল। পৰীক্ষাত কি ৰিজাল্ট হ’ব নহ’ব, কি পঢ়িছোঁ নপঢ়িছোঁ এইবোৰৰ হিচাপ ঘৰতো নাছিল, স্কুলতো নাছিল। গাঁৱৰ মানুহৰ বিপদে আপদে একগোট হোৱা, কিছুমান ৰাজহুৱা কাম কৰিবলৈ একেলগ হৈ কামটো সম্পন্ন কৰি দিহা দিহি যোৱা এইবোৰে গাঁওখনত এক যোগাত্মক প্ৰভাৱ পেলাইছিল। হয়তো এইবোৰ কাৰণতেই তেতিয়া ৰাজহুৱা বিদ্যালয়, ৰাজহুৱা অনুষ্ঠানৰ জন্ম হৈছিল। আজিৰ তাৰিখত তেনেবোৰ কথা হেৰাই গ’ল। ৰাজহুৱা অনুষ্ঠান বা ৰাইজৰ কথা বুলি কোনো কথাই নাথাকিল। এতিয়া কেৱল সকলোতে চৰকাৰী কথাটোহে খাটে। প্ৰতিটো কাম, প্ৰতিটো চিন্তা নিজৰ পৰা চৰকাৰলৈ গতি কৰিলে। গতিকে এনেকৈয়ে বাহিৰৰ সত্তা এটাই ভিতৰৰ সত্তাটোক গিলি পেলাইছে। এইটোৰ জৰিয়তেই আমাৰ দিনৰ আৰু এতিয়াৰ দিনৰ পাৰ্থক্য বুজিবলৈ সহজ কৰি দিয়ে। ঘৰ চোৱাবৰ কাৰণে শণ খেৰ কটাটোও এক ৰাজহুৱা উচৱ আছিল। বিলত মাছ মৰা, ৰাজহুৱা অনুষ্ঠানৰ উন্নয়ণৰ কাৰণে ৰাজহুৱাকৈ খেতি কৰা, পতিত মাটিত ৰাজহুৱাকৈ খেতি কৰা ধৰণৰ কামবোৰৰ মাজত থকা আত্মিক সম্পৰ্কবোৰ যেন লাহে লাহে নোহোৱা হৈ পৰিল। ফলত গ্ৰাম্য অৰ্থনীতি কিন্তু ভাগি পৰিল। গাওঁখনত আজিৰ তাৰিখত দুই-এজনে চাকৰি বা ব্যৱসায় কৰি অৰ্থনৈতিক ভাৱে টনকিয়াল হোৱা বুলি ক’ব খুজিলেও সৰহভাগ মানুহেই কিন্তু অৰ্থনৈতিক ভাৱে পিছপৰি ৰ’ল। আমি গাঁৱৰ পৰা পঢ়িবলৈ ওলাই অহাৰ সময়ত গাঁওখনৰ ছবিখন এনেধৰণৰ নাছিল। গাঁৱত থকাৰ সময়ত ৰাস্তা-পদূলি সকলো বোকাময় আছিল। এনে বোকাময় পৰিবেশতে বিচাৰি পোৱা সৌন্দৰ্যই কবিতাত কিদৰে প্ৰভাৱ পেলাইছে সেইটো কব নোৱাৰোঁ, কিন্তু জীৱনটো সমৃদ্ধ যে হৈছিল সেইটো নিশ্চিতকৈ ক’ব পাৰি।
২) বঙলা আৰু ইংৰাজী সাহিত্যৰ অধ্যয়নে আপোনাৰ কবিতাক কিদৰে প্ৰভাৱিত কৰা বুলি ভাবে বাৰু?
অনুভৱ তুলসীঃ প্ৰথম গুৱাহাটীত যেতিয়া আহিছিলোঁ তেতিয়া কটনত মই বিজ্ঞান পঢ়িছিলোঁ। ইংৰাজী পঢ়িছিলোঁ যদিও বঙলা ভাষাৰ কোনো কিতাপ তেতিয়া পঢ়া নাছিলোঁ। ইংৰাজী আৰু অসমীয়া ভাষাৰ পাঠ্যক্ৰমৰ কিতাপবোৰহে পঢ়িছিলোঁ। বেজবৰুৱাৰ কেহুঁকলিখন পঢ়িছিলোঁ যদিও ইংৰাজীৰ পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপ পঢ়া নাছিলোঁ। কটনত পঢ়া শেষ হোৱাৰ পাছত দুই এখন ইংৰাজীৰ কিতাপ কিনিছিলো আৰু পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। এম এ পঢ়িবলৈ আহোতে ইংৰাজী বিভাগৰ প্ৰদীপ চক্ৰৱৰ্তী নামৰ মোৰ এজন বন্ধু আছিল। তেওঁ বঙালী ল’ৰা আছিল। তেওঁৰ পৰা মই প্ৰথম ৰবীন্দ্ৰনাথৰ কিবা এখন বঙালী কিতাপ আনি পঢ়াৰ কথা মনত পৰে। ইয়াৰ পাছত আন বহুতো কবিতা পঢ়াৰ সুযোগ হৈছিল। এই কিতাপবোৰৰ অধ্যয়নে অৱশ্যে মোক নতুন দুৱাৰ এখন মুকলি কৰি দিছিল।
৩) এগৰাকী কবি হিচাপে আপুনি পাঠকৰ যিমান পৰিচিত, চলচ্চিত্ৰ সমালোচক হিচাপেও কিন্তু তাৰ ব্যতিক্ৰম নহয়। চলচ্চিত্ৰ অধ্যয়নৰ প্ৰতি আপোনাৰ এই আগ্ৰহ কেনেদৰে আহিল? কবিতা ৰচনাত চলচ্চিত্ৰ অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে ক’ব নেকি?
অনুভৱ তুলসীঃ প্ৰথমতে গাঁৱে ভূঞে বায়’স্কোপ দেখুৱাইছিল। তাতেই আমি ভদৰী নাটকো চোৱা মনত পৰে। তেতিয়া পথাৰৰ মাজত যে পৰ্দাখন আঁৰি দিয়ে। ‘Love in Tokyo’ বুলি চিনেমাখন মোৰ ককাইদেউ এজনৰ লগত গৈ কৃষ্ণা হলত প্ৰথম চাইছিলো। আশা পাৰেখ আৰু জয় মুখাৰ্জীৰ চিনেমা বোধহয়। চিনেমাখনত জাপানী সাজপাৰ আৰু সেই ধৰণৰ গানে মোক আকৃষ্ট কৰিছিল। কটন কলেজত পঢ়ি উঠাৰ পাছত চিনেমা নিৰ্মাণৰ সম্পৰ্কে পঢ়াৰ হেঁপাহ এটা জাগিছিল। দুই এক মানুহক সেই হেঁপাহৰ কথা সুধিছিলো যদিও বৰ উৎসাহজনক মন্তব্য নোপোৱাত সেই ইচ্ছা সিমানতে মাৰ গ’ল। অৱশ্যে চিনেমা চোৱাৰ হেঁপাহ দিনে দিনে বাঢ়ি গ’ল। গুৱাহাটী চিনে ক্লাৱত বিশ্ব চিনেমাৰ শ্ব’বোৰ চাবলৈ ললো। বিদেশৰ চিনেমাৰ লগতে সেই সময়ত পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি , মৃণাল সেনৰ দুই এখন চিনেমা , শ্বেইক্সপীয়েৰৰ নাটকৰ ওপৰত হোৱা দুই এখন চিনেমা চাইছিলো। এই চিনেমাবিলাক চোৱাৰ পাছত চিনেমা চোৱাৰ মনটো অলপ বেলেগ ফালে গুচি গৈছিল। কাহিনী প্ৰধান হিন্দী চিনেমাৰ বাহিৰেও যে আন ধৰণেও চিনেমা হ’ব পাৰে সেই কথা তেতিয়া অনুভৱ কৰিছিলোঁ আৰু চিনেমাৰ ৰসাস্বাদন লবলৈ সমৰ্থ হৈছিলোঁ।
৪) Democracy of umbrella আপোনাৰ এখন অনুদিত কবিতাৰ কিতাপৰ কথা শুনিছোঁ। আপোনাৰ কবিতাৰ ইংৰাজী অনুবাদৰ ইতিহাস সম্পৰ্কে অলপ ক’ব নেকি?
অনুভৱ তুলসীঃ এই কিতাপখন ২০১০ চনত প্ৰকাশ পাইছিল। কিতাপখন উলিওৱাৰ বিশেষ এটা কাৰণ আছিল। সেইবাৰ মই ষ্টানবুলৰ এখন লেখক সভালৈ আমন্ত্ৰিত হৈছিলোঁ। তাতে যিহেতুকে বিভিন্ন দেশৰ মানুহ লগ পাম, গতিকে ইংৰাজীত কিতাপ এখন কৰি নিয়াৰ কথা ভাবিলোঁ। এই কথাটো বন্ধু নীৰেন ঠাকুৰীয়াক কোৱাত প্ৰকাশক বসন্ত ডেকাক তেওঁ অৱগত কৰে আৰু কিতাপখন প্ৰকাশৰ বাট দেখে। বসন্ত ডেকাৰ প্ৰকাশনৰ পৰা সেই সময়ত ভাল ভাল কিতাপ প্ৰকাশ পাইছিল।মোৰ কিতাপখন বৰ বিশেষ ডাঙৰ কিতাপ নহ’লেও একেবাৰে সৰুও নাছিল। এই কিতাপখনত ড° হীৰেণ গোঁহাই, নীৰেন ঠাকুৰীয়া, কৃষ্ণ দুলাল বৰুৱা, আনন্দ বৰমুদৈকে ধৰি বিভিন্ন জনৰ অনুবাদ আছিল। এই কিতাপখন তালৈ লৈ গৈছিলো। ২০১৩ চনত আমেৰিকাৰ টেক্সাছ চহৰৰ অষ্টিন বিশ্ব কবিতালৈ গৈছিলোঁ। তাত দুই এজনে মোৰ এই কিতাপখন দেখি আগ্ৰহ প্ৰকাশ কৰি কিনিছিলেও।সেইখনৰ পৰা কোনে কিমান আন ভাষালৈ অনুবাদ কৰিলে সেইটো গম নাপালোঁ। ইয়াৰ পাছতো ঠিক ২০১৮ চন মানত উৰিষ্যাৰ এগৰাকী প্ৰকাশকে মোৰ আন এখন কিতাপ ইংৰাজী ভাষাত প্ৰকাশ কৰিছিল।
৫) আপোনাৰ Formative years ত পঢ়া, যাৰ দ্বাৰা আপোনাৰ কবি সত্তাটো প্ৰভাৱিত হৈছিল সেই বিশেষ কিতাপ কেইখন বা সংকলন কেইখনৰ সম্পৰ্কত কিছু কথা ক’ব নেকি?
অনুভৱ তুলসীঃ কবিতা লিখাত প্ৰধানকৈ কবিতা পঢ়া, তাহানিৰ পদ্য পঢ়াৰ পৰাহে আৰম্ভ হৈছে। তৃতীয় মানত পঢ়ি থকাৰ পৰাহে এনে চিন্তা মনলৈ আহিছিল। পদ্য এটা পঢ়ি পদ্যটো ভাললগা কথাটো মনলৈ যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰাই এক সুকীয়া আনন্দ লাভ কৰিছিলোঁ। ফণী শৰ্মাৰ ভোগজৰা নাটক তাহানিতেই আমাৰ গাঁৱত মঞ্চস্থ হোৱাটো আমাৰ বাবে পৰম সৌভাগ্য আছিল। অৱশ্যে কবিতা লিখিবলৈ যেতিয়া মই আয়োজন কৰিছিলোঁ তেতিয়া কিন্তু এই কথাটো মোৰ মনৰ পৰা হেৰাই গৈছিল। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে বেজবৰুৱাৰ ভদৰী গল্পটো মই আৰু মোৰ বন্ধু থানেশ্বৰ বৰাই নাট্যৰূপ দিছিলোঁ। হাইস্কুলত থাকোঁতে প্ৰায়খিনিতে কিবা এটা লিখিছিলোঁ। নৱম শ্ৰেণীত গল্প আৰু কবিতা লিখিছিলোঁ। এখন হাতে লিখা আলোচনী উলিওৱাৰ কথা ভাবিছিলো যদিও সেয়া হৈ নুঠিল। দশম শ্ৰেণীত আমাৰ গাঁৱৰ পটভূমিত এখন নাটক লিখিছিলোঁ। যেতিয়া নাজমা লিখিছিলোঁ তেতিয়া গাঁৱৰ এনে কিছু অভিজ্ঞতাৰ চাপ তাত পৰিছিল। অৱশ্যে বৰ্তমান প্ৰকাশ পোৱা ৰামধেনু ডকাইতিত কিন্তু সেই প্ৰভাৱ মুক্ত হৈ পৰিছে। দুই এখন অসমীয়া উপন্যাস পঢ়াৰ কথা মনত আছে কটন কলেজৰ লাইব্ৰেৰীত। ছৈয়দ আব্দুল মালিকৰ দুই এখন উপন্যাস, কাঞ্চন বৰুৱাৰ দুই এখন উপন্যাস, হিতেশ ডেকাৰ এয়েতো জীৱন আদি পঢ়িছিলোঁ।কলেজত পঢ়ি থকা সময়ত যজ্ঞেশ্বৰ শৰ্মাই সম্পাদনা কৰা শতপত্ৰই মোক কিছু খোৰাক যোগালে। সেইখন পঢ়াৰ পাছত কবিতাৰ প্ৰতি মোৰ বেলেগ এটা অনুৰাগ আহিল। তাত সন্নিৱিষ্ট ৰঘুনাথ চৌধাৰীৰ কবিতাকেইটা মোৰ খুবেই ভাল লাগিছিল। নবীন চন্দ্ৰ বৰদলৈ, মিত্ৰদেৱ মহন্ত আদি কবিৰ কবিতা (তেতিয়া পদ্য)ই প্ৰাথমিক বিদ্যালয়তে মোক বৰকৈ চুই গৈছিল। এই কথাবোৰে ভিতৰৰ সত্তাটোক প্ৰভাৱিত নকৰাকৈ থকা নাছিল।
৬) আপোনাক যদি নিৰ্বাসিত জীৱন এটা যাপনৰ বাবে দিয়া হয়, তেতিয়া আপুনি বাৰু কোন দহখন কিতাপক প্ৰাধান্য দিব?
অনুভৱ তুলসীঃ এই কথাটো মই বৰকৈ ভবা নাই। ৰামায়ণ, মহাভাৰত বা মোৰ কিতাপবোৰ নিম নে আন কিবা নিম সেই কথা ভবাই নাই। তথাপি নিৰ্বাসিত জীৱন এটা কটাব লগা হ’লে মোৰ ভাষাটোকে চৰ্চা কৰি থাকিবৰ কাৰণে বিশেষভাবে মোৰ লগত এখন অভিধান যে নিম সেই কথা নিশ্চিত। সংগী হিচাপে অভিধান এখনে যথেষ্ট উপকৃত কৰিব। দহখন কিতাপ নিৰ্বাচন কৰিবলৈ অসুবিধা হ’ব। ইংৰাজী সাহিত্যৰ কিতাপ অধ্যয়ন বৰ্তমান কমি গলেও বিশ্ব সাহিত্যৰ আন আন কিতাপ ইংৰাজী ভাষাতে পঢ়ি আছোঁ। তাহানিৰ হিউৱেন চাঙে কিতাপৰ আলমিৰা এটা লগত কঢ়িয়াই ফুৰাৰ দৰে এতিয়া আৰু কিতাপৰ টোপোলা কঢ়িয়াই ফুৰাৰ দিন নাই। মৃত্যুদণ্ড দিয়া মানুহকো শেষ ইচ্ছা সোধাৰ দৰে মোৰ নিৰ্বাসিত জীৱনৰ আগমূহুৰ্তত মোক শেষ ইচ্ছাৰ সুবিধা দিব লাগিব। তেতিয়া মোৰ শেষ ইচ্ছাৰ চৰ্ত হ’ব নিৰ্বাসিত জীৱনত মোক আন একো নহ’লেও ইন্টাৰনেটৰ সুবিধা দিব লাগিব। কাৰণ ম’বাইলটোতেই মোৰ আৰম্ভ নিৰ্বাসিত জীৱনৰ নতুন অধ্যায় ebook অধ্যয়ন। গতিকে এনে এক জীৱনত অসমীয়া ভাষাৰ দুই এখন কিতাপ লগত নিয়াৰ বাহিৰে আন সকলো কিতাপৰ সুবিধা কিন্ড’ল এপে যোগান ধৰিব। বৰ্তমানৰ প্ৰযুক্তিৰ ই হ’ব একপ্ৰকাৰৰ আশীৰ্বাদ।
৭) বিশিষ্ট কবি নীলিম কুমাৰে সামাজিক মাধ্যমত অকপটে কৈছে়ঃ মোক যদি সোধা হয় যে মোৰ প্ৰিয় চাৰিজন অসমীয়া কবিৰ নাম, সেই চাৰিজন প্ৰিয় কবিৰ ভিতৰত অনুভৱ তুলসীও অন্যতম বুলি উল্লেখ কৰিম। কাৰণ অনুভৱ তুলসীৰ সমান বিষয় বৈচিত্ৰ্য আন কোনো অসমীয়া কবিৰেই নাই৷ অনুভৱ তুলসীৰ আংগিকৰ বৈচিত্ৰ্য , শব্দৰ যি বহুমাত্ৰিকতা , ভাষাৰ গাঁঠি , কল্পনাৰ বিচৰণ এইবোৰে মোক তেওঁৰ প্ৰথম কাব্য সংকলন “নাজমা“ প্ৰকাশৰ পৰাই মুগ্ধ কৰি ৰাখিছে ৷ আমি সতীৰ্থ৷ একে সময়তে লিখিবলৈ আৰম্ভ কৰিছিলোঁ৷ কিন্তু তেওঁৰ বহুত উত্তৰণ ঘটিল। মইতো তাতেই পৰি থাকিলোঁ, মোৰ সীমাবদ্ধতাৰ আকাশৰ তলত আৰু তেওঁৰ আকাশ বিশাল হৈ গৈ থাকিল।” এই সম্পৰ্কত আপুনি কি ক’ব? নীলিম কুমাৰ সম্পৰ্কত আপোনাৰ ধাৰণা কেনেধৰণৰ?
অনুভৱ তুলসীঃ কাব্যপীঠ (১৯৯৭) নামৰ কবিতাৰ সংকলনখনত সেই নামৰ এটা কবিতাও আছিল; কবিতাৰ ‘জীৱন্ত বিগ্রহ’ বুলি কবিতাটোত এক অভিধাৰে সতীৰ্থ কবি এজনৰ কথাকে লিখিছিলোঁ ১৯৯৪/৯৫ মানত। সেইজন কবিৰ হাতত মোৰ শেহতীয়া কবিতা সংকলন “জনাযখিনী” উছৰ্গা কৰিছোঁ। তেওঁ হ’ল বহুপঠিত, বহুচর্চিত, বহুজন-সমাদৃত কবি নীলিম কুমাৰ৷ নীলিম কুমাৰে যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিল সেয়া তেওঁৰ পৰিয়ালৰ পৰম্পৰাৰ পৰা পোৱা এক অনুশীলন আছিল। বৌদ্ধিক ভাৱে চহকী পৰিয়াল এটাৰ স্তৰে স্তৰে উত্তৰণ ঘটি হোৱা এক ফচলৰ লগত আমাৰ দৰে কৃষিজীৱী পৰিয়ালৰ কথা নিমিলে। বৰপেটা, নলবাৰী, পাটাছাৰকুছি, পাঠশালা এইবোৰ ঠাই পণ্ডিত মানুহৰ ঠাই। এই ঠাইসমূহত আন ভাষাৰ লগতে সংস্কৃত ভাষাৰো ব্যাপক চৰ্চা চলে। পাঠশালাত ভ্ৰাম্যমান থিয়েটাৰৰ এটা কেন্দ্ৰ আছিল। এনে সাংস্কৃতিক পৰিবেশ এটাত নীলিম কুমাৰে সমৃদ্ধ জীৱন এটা লাভ কৰিছিল। ফলত আমাতকৈ তেওঁ আগবঢ়া আৰু সাহিত্যিক পৰিবেশটো সম্পৰ্কে জানিছিল। তেওঁ স্কুলত পঢ়ি থকা কালতে নীলমণি ফুকনৰ লগত পৰিচিত হৈছিল, ঘনিষ্ঠ হৈছিল কিন্তু মই বহু পলমকৈহে নীলমণি ফুকনৰ কাষ পাইছিলোগৈ। নীলিম কুমাৰৰ প্ৰতিভা ভিন্ন ধৰণৰ। তেওঁ এনে কিছুমান বিষয়ত কবিতা লিখিছে যিবোৰ বিষয় আমাৰ পূৰ্বজ বা পৰৱৰ্তীকালৰ কোনো কবিয়ে সেই বিষয়বোৰক লৈ চিন্তা কৰা নাই। বৰ্তমান তেনে কবিতাৰ সংখ্যা কমিলেও যিখিনি সময়ত তেওঁৰ সৃজনীশীল কামৰ ভৰ হৈ আছিল সেইখিনি সময়ৰ কবিতাবোৰৰ বিষয়বস্তু সঁচাকৈয়ে ভিন্ন আছিল। বিশ্ববিদ্যালয়ত থকা সময়ত নীলিম কুমাৰ, মই, অনুপমা বসুমতাৰী, লুটফা হানুম ছেলিমা বেগম একেটা চক্ৰতে থাকি কবিতা লিখিছিলোঁ। নীলিম কুমাৰৰ কবিতাৰ যিটো যাদু গুণ সেইটো আনতকৈ পৃথক। নীলিম কুমাৰে ছবি আঁকিবও জানিছিল যদিও পাছলৈ সেইটো বৰ বিশেষ চকুত লগাকৈ লাগি নাথাকিল। নীলিম কুমাৰ অসমীয়া সাহিত্যৰ এক অদ্বিতীয় প্ৰতিভা বুলি নৱকান্ত বৰুৱা আৰু নীলমণি ফুকনে স্বীকাৰ কৰি গৈছে।
৮) তৰুণ প্ৰজন্মৰ কবি সকলৰ প্ৰতি আপোনাৰ ক’ব লগীয়া কিবা আছেনেকি?
অনুভৱ তুলসীঃ তৰুণ প্ৰজন্মৰ প্ৰতি ক’ব লগা কি থাকিব পাৰে বুলি মই নাভাবো এই কাৰণেই যে সাহিত্যৰ বুৰঞ্জীত ই বৰ জটিল প্ৰশ্ন। সাহিত্যৰথী বেজবৰুৱাই জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনক কিবা পৰামৰ্শ দিব নেকি? সাহিত্য বুৰঞ্জীৰ একেখন গ্ৰন্থতে বেজবৰুৱাও আছে নীলমণি ফুকনো আছে। গতিকে এইধৰণৰ পৰামৰ্শ দিয়াৰ কথাটো মই পচন্দ নকৰোঁ। তেওঁলোকৰ যি কল্পনাশক্তি আৰু জগত পৰ্যবেক্ষণ শক্তি তাৰ লগতে নিজৰ ভাষা সাহিত্যৰ প্ৰতি যি প্ৰীতি আৰু শ্ৰদ্ধা সেয়া অত্যন্ত জৰুৰী। কাৰো উপদেশ, পৰামৰ্শ তেওঁলোকৰ পাথেয় হ’ব নালাগে। আত্মবিশ্বাস আৰু সাহিত্যৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা থাকিলে কৌতুহলী মনেৰে সাহিত্যৰ ন ন সৃষ্টি সম্ভৱ। লেখক এজন হ’বলৈ হ’লে জিজ্ঞাসু মন এটাৰ লগতে ভাষাৰ কালিকা সম্পৰ্কে জ্ঞান থকাটো জৰুৰী। এয়া পৰামৰ্শ নহয়, এক বাস্তৱ অভিব্যক্তিহে।