সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ
— কুমাৰ বিভূতি, নগাঁও।
অসমৰ সোঁ মাজেদি বৈ যোৱা প্ৰধান নদীখনেই ব্ৰহ্মপুত্ৰ। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, বুঢ়ালুইত, লৌহিত্য আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। অসমৰ সংস্কৃতি, সভ্যতাৰ লগতে সামাজিক, অৰ্থনৈতিক, ভৌগোলিক আদি সকলো দিশৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰকেন্দ্ৰিক সভ্যতা আখ্যা দিব পাৰি। এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে। এই অসমীয়া জাতিৰ এগৰাকী পুৰোধা ব্যক্তি, যাৰ ওচৰত অসমীয়া জাতি চিৰকাললৈ ঋণী হৈ থাকিব সেইগৰাকী মহান ব্যক্তি সুধাকণ্ঠ ভূপেন হাজৰিকা। ভূপেন হাজৰিকা ব্ৰক্ষ্মপুত্ৰৰ তেনেই কাষতেই জন্ম হোৱাৰ সুবাদতে তেওঁৰ গীতসমূহত ব্ৰক্ষ্মপুত্ৰই ন ন ৰূপত উদ্ভাসী উঠিছে।
সূৰ্য হাজৰিকাৰ ভাষাৰে অসমৰ সঙ্গীত জগতত সূৰ্য্যসম শক্তিৰে পৰিব্যাপ্ত, যাৰ কিৰণ সমগ্ৰ ভাৰতবৰ্ষসহ পৃথিৱীৰ চৌপ্ৰান্তৰলৈকে বিকশিত হৈছে, সেইজন বিশ্ববিশ্রুত শিল্পী, গীতিকাৰ, সুৰকাৰ, গায়ক, সঙ্গীত-পৰিচালক, চলচ্চিত্ৰ পৰিচালক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা সভাৰ দ্বাৰা ‘সাহিত্যাচার্য’ সন্মানেৰে সন্মানিত সাহিত্যৰ সাধক, ‘সঙ্গীত সূৰ্য্য’ বিভূষণেৰে স্বীকৃত সংস্কৃতিৰ সাধক, ভাৰতীয় চলচ্চিত্র জগতৰ সৰ্ব্বোচ্চ সম্মান ‘দাদা চাহেব ফাঙ্কে’ বঁটা লৈ সন্মানিত ভাৰতীয় বোলছবি জগতৰ প্ৰবাদপুৰুষ ৰূপে মান্য, ভাৰত চৰকাৰৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্রী’ আৰু ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত, ভাৰতীয় সঙ্গীত নাটক একাডেমী বঁটাৰে সন্মানিত তথা একাডেমীৰ প্ৰাক্তন অধ্যক্ষ, দেশ-বিদেশৰ বিভিন্ন মঞ্চত বিশ্ববিশ্রুত শিল্পী ৰূপে সর্ব্বজনমান্য, অসমৰ গৌৰৱ, অসম চৰকাৰৰ সৰ্ব্বোচ্চ সম্মান ‘শ্রীমন্ত শঙ্কৰদেৱ বঁটা’ আৰু ‘অসম ৰত্ন’ বঁটাৰে বিভূষিত ড° ভূপেন হাজৰিকা অসমীয়া গীতৰ জগতত এক অকল্পনীয় ৰূপ।
ব্ৰক্ষ্মপুত্ৰ অসমীয়া জাতিৰ সাহস। ব্ৰক্ষ্মপুত্ৰ অসমীয়া সংস্কৃতিৰ বাহক। এই ব্ৰক্ষ্মপুত্ৰক লৈ যেন কোনেও উপহাস নকৰে তাকেই সোঁৱৰাই ভূপেন দাই লিখিছিলঃ
আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান।
মনৰ দিগন্তত ধোঁৱা উৰে
আকাশত পপীয়া তৰা ঘূৰে
পদে পদে কৰে কাক অপমান?
আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান।
এই বহ্নি নহয় শ্যামলী বনৰ
এই বহ্নি ক্ৰোধান্বিত লক্ষ মনৰ
পুঞ্জীভূত নোপোৱাৰ বেদনা
আগ্নেয়গিৰি সমান।
ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰে গঢ় লৈ উঠা বিশাল সাংস্কৃতিক অৱদানৰ মাজতে অসংখ্য জনৰ আৰ্তনাদো আছে। সমাজত চলি থকা দুৰ্নীতি, অবিচাৰ, অসাম্য, স্বাৰ্থপৰতা আদিৰ ফলত চৌপাশৰ অসংখ্যজনৰ হাহাকাৰে যাক ক্ষোভিত কৰিছে। নিৰক্ষৰ, জ্ঞানহীন নাগৰিকৰ খাদ্যাভাৱৰ সমাধান বিচাৰিবলৈ নেতৃত্বৰ অভাৱ তেওঁ অনুভৱ কৰিছে। আৰু এই নেতৃত্বক লুইতক বীৰৰ ৰূপত তেওঁ বিচাৰিছে। হেৰোৱা শৌৰ্যক উদ্বুদ্ধ কৰি অজস্ৰ বীৰক জগাই তুলিবলৈ বুঢ়া লুইতক জনোৱা আহ্বান অতি তাৎপৰ্যপূৰ্ণ।
বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
হাহাকাৰ শুনিও
নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱাঁ কিয়?
একেটা গীতৰ আন এঠাইত গীতিকাৰে বুঢ়া লুইত অসমীয়া জনজীৱনৰ এক শক্তি ৰূপত অধিষ্ঠিত কৰিছে।
তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ
সেই পিতৃত্ব তেনে নাম মাত্ৰ
নহʼলে প্ৰেৰণা নিদিয়া কিয়?
আন এটা গীত —
এন্ধাৰৰ ভেঁটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতী নিজৰাৰে ধাৰ,
শত শত বন্তিৰে
জ্ঞানৰে দিপালীয়ে,
জিলিকাব লুইতৰে পাৰ….
বুলি ভূপেন হাজৰিকাই গভীৰভাৱে বিশ্বাস কৰিছিল যে লুইতৰ পাৰত অৱস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ে উচ্চ শিক্ষাৰ জৰিয়তে সমগ্ৰ অসমখনকে বহুদূৰলৈ আগুৱাই নিব। জ্ঞান বিজ্ঞানৰ আধুনিক দুৱাৰ মুকলি কৰা এই স্থানতেই জন্ম হ’ব অলেখ গুণী জ্ঞানীৰ। যি প্ৰকৃততে এন্ধাৰ ফালি পোহৰলৈ ধাৱমান হ’ব আৰু লুইতৰ দুয়োপাৰ উজলাই তুলিব।
ভূপেন দা মানেই যেন ব্ৰহ্মপুত্ৰৰ লগত ইপিঠি সিপিঠি এক ৰূপ। কাৰণ ব্ৰক্ষ্মপুত্ৰই যিদৰে অসমীয়াৰ ধ্বজাবাহক হিচাপে অনন্তকাললৈ বৈ আছে একেদৰে ভূপেন দাৰ গীত মাতবোৰেও অসমীয়া জনজীৱনক বোৱাই তুলিছে। আকাশী যানেৰে আহি থাকোতে দেখা ব্ৰক্ষ্মপুত্ৰক ভূপেন দাই বালিত পাৰি থোৱা অকোৱা পকোৱা গামোচা এখনৰ লগত তুলনা কৰিছে। অসমৰ সৌন্দৰ্যক আকাশীমানেৰে লক্ষ্য কৰোঁতে দেখা পোৱা দৃশ্য বৰ্ণনা কৰিবলৈ যাওঁতেও স্বদেশ অনুৰাগত ডুবি থকা ভূপেন হাজৰিকাই লিখিলে —
অকোৱা পকোৱা গামোচা এখন
যেন বালিত মেলি থোৱা আছে
সেইখন গামোচা বৰহমপুত্ৰ
শীতত ৰ’দহে পুৱাইছে।
ওপজা মাটিৰ পৰা বিশ্বখনৰ য'লৈকে ভূপেন হাজৰিকা গৈছিল তাৰেই আকাশ-বতাহ, সমাজ, সভ্যতা, সংস্কৃতি সকলোকে আকোঁৱালি লৈ গীত ৰচি মৃত্যুপৰ্যন্ত গাই গৈছিল। তেওঁৰ গীত সমূহত দেশ-জাতিৰ মানুহক ভালপোৱাৰ কথা, বৰলুইতৰ দুয়োপাৰ উজ্জ্বলাই তোলাৰ কথা, খাটি খোৱা মানুহৰ জীৱনৰ সংগ্ৰামৰ কথা, প্ৰেম তথা একতাৰ এনাজৰীৰে জাতি-জনগোষ্ঠীক বান্ধি ৰখাৰ কথা জানিব পাৰি। ইতিহাস, বিজ্ঞান, ভূগোল, ৰাজনীতি, সমাজনীতি প্ৰতিটো বিষয় তেওঁৰ গীতত মূৰ্তমান।[2] জীৱন যুঁজত ভাগৰি নপৰা সঁচা মানুহৰ কাহিনী যিদৰে তেওঁৰ গীতত বৰ্ণিত হৈছে, একেদৰে প্ৰতিধ্বনিত হৈছে সকলোধৰণৰ সামাজিক বৈষম্য, গাতপাতৰ সংকীৰ্ণতা, অন্যায়-অবিচাৰৰ বিৰুদ্ধে, অন্যায় অবিচাৰৰ বিৰুদ্ধে জাগি উঠাৰ উদত্ত আহ্বান। ড॰ হাজৰিকাই জীৱন আৰু জগতক অতি সূক্ষ্মৰূপত অধ্যয়ন আৰু নিৰীক্ষণ কৰিছিল। তেখেতৰ গীতবোৰ বিষয়বিহীন কল্পনা নহয়, প্ৰতিটো গীতৰ মাজতে আছে একো একোটা বাৰ্তা। বিষয়বস্তুৰ এনে বিশালতা আৰু বৈচিত্ৰ্য অনুসৰি সুধাকণ্ঠজনৰ গীতসমূহক এনেদৰে শ্ৰেণীবিভাগ কৰিব পাৰি: অসমপ্ৰেম বা জাতীয়প্ৰেম পৰিস্ফুট গীত, মানৱতাবাদৰ জয়গান, প্ৰেমৰ বিচিত্ৰ বৰ্ণালীৰ চিত্ৰায়ন, বিদ্ৰোহী অন্তৰৰ উচ্ছাস প্ৰকাশক গীত, সমসাময়িক প্ৰসংগৰ মূৰ্ত প্ৰকাশ, জনগোষ্ঠীয় জীৱনৰ প্ৰতিচ্ছবি, লোকগীত আধাৰিত গীতৰ শৰাই, শিশুবিষয়ক গীত।
ভূপেন হাজৰিকাৰ গীতৰ চিত্ৰকল্প মন কৰিবলগীয়া। কেতিয়াবা যদি এই চিত্ৰকল্পবোৰত প্ৰাকৃতিক সৌন্দৰ্য, সময় সচেতনতা,নিঃসংগতাবোধ, ইন্দ্ৰিয়জ প্ৰেম আদি মূৰ্ত হৈছে আন কেতিয়াবা আকৌ সামাজিক ব্যথা, সাম্যবাদ প্ৰতিষ্ঠা আদিও ঘনীভূত হৈছে। লুইতৰ সৈতে ভূপেন হাজৰিকাৰ গীতৰ এক এৰাব নোৱাৰা সম্পৰ্ক। লুইতেই ভাঙে গঢ়ে অলেখজনৰ সপোন। সেই কাৰণে লিখিছিল —
লুইততে মোৰ ঘৰ
লুইতেই মোৰ পৰ
লুইতেই যে ভাঙে গঢ়
সপোন মৰমৰ।
ভূপেন হাজৰিকাৰ গীতৰ চিত্ৰকল্প মন কৰিবলগীয়া। কেতিয়াবা যদি এই চিত্ৰকল্পবোৰত প্ৰাকৃতিক সৌন্দৰ্য, সময় সচেতনতা,নিঃসংগতাবোধ, ইন্দ্ৰিয়জ প্ৰেম আদি মূৰ্ত হৈছে আন কেতিয়াবা আকৌ সামাজিক ব্যথা, সাম্যবাদ প্ৰতিষ্ঠা আদিও ঘনীভূত হৈছে। লুইতৰ সৈতে ভূপেন হাজৰিকাৰ গীতৰ এক এৰাব নোৱাৰা সম্পৰ্ক। লুইতেই ভাঙে গঢ়ে অলেখজনৰ সপোন। সেই কাৰণে লিখিছিলঃ
লুইততে মোৰ ঘৰ
লুইতেই মোৰ পৰ
লুইতেই যে ভাঙে গঢ়
সপোন মৰমৰ।
লুইতক লৈ আন এটা গীত লুইতপৰীয়া ডেকা বন্ধু। ১৯৭৯ চনৰ পৰা অসমৰ এচাম নতুন পুৰুষে এটা জাতিক, জাতিৰ অস্তিত্বক জীৱন্ত কৰি ৰাখিবৰকাৰণে যিঅহিংস সংগ্ৰাম আৰম্ভ কৰিছিল সেই সংগ্ৰামক সন্মান জনাই ভূপেন হাজৰিকাই গাইছিল —
লুইত পাৰৰ ডেকা বন্ধু
তোমাৰ তুলনা নাই
লুইতপৰীয়া ডেকা বন্ধু
তোমাৰ তুলনা নাই
জীয়াই থকাৰ যুজঁত নামিছা
মৃত্যু শপত খাই।
লুইত ওপৰে ওপৰে যিমান শান্ত সমাহিত ভিতৰি কিন্তু সিমানেই ভয়াবহ। লুইতৰ ভয়ংকৰ বান যিয়ে দেখিছে সিহে বুজিব লুইতৰ ভয়াবহতা কিমান। কাল ৰূপ ধাৰণ কৰা বলিয়া বানে তচনচ কৰা ঘৰবোৰৰ আৰ্তনাদো দুপাৰৰ জনসাধাৰণে বাৰুকৈয়ে বুজে । ভূপেন হাজৰিকাই লুইতৰ বলিয়া বান নিচেই কাষৰ পৰা দেখিছে আৰু সেয়ে গাইছে —
লুইতৰ বলিয়া বান
তই কলৈনো ঢাপলি মেলিছ?
হিৰ হিৰ শৱদে কালৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ?
জুয়ে পোৰা তিৰাশীত বহুত অসমীয়া যুৱক ছহিদ হ’ল। কাৰ কি লাভ হ’ল লোকচান হ’ল সেই কথা ভবাৰ অৱকাশ নাই। কিন্তু ভূপেন হাজৰিকাই লুইতপৰীয়া তেজাল ডেকাৰ অদম্য সাহসক গীতৰ মাজেৰে সজাইছে এনেদৰে —
লুইতপৰীয়া তেজাল ডেকা
তুমি আজি অমৰ হলা
তুমি আজি শ্বহীদ হলা।
এই লুইত বৰ ৰহস্যময়। কেতিয়াবা যদি লুইতৰ পাৰত ক্ষুধাতুৰ জনতাৰ আৰ্তনাদ, কেতিয়াবা আকৌ লুইতেই ভৰসা অসম আৰু অসমীয়াৰ। এই লুইতৰ পাৰেই উজ্জ্বল কৰিছিল শংকৰ মাধৱৰ পৰা পদ্মনাথ গোহাঞিবৰুৱালৈ। সৰু সৰু ভাষিক সমন্বয়ৰ সাঁকো গঢ়া লুইতৰ পাৰতেই আছে অনেক ইতিহাস। শ্বহীদ অনিল মোজাম্মিলৰ পৰা খৰ্গেশ্বৰৰ কোমল বুকুত শোষকৰ শাণিত অস্ত্ৰও বহিল লুইতৰ পাৰতেই। নিজৰ জন্মভূমিক ভালপোৱা, নিজৰ জীৱনধাৰাক সন্মান জনাম জনাব জনা ভূপেন হাজৰিকাৰ দৰে শিল্পী খুব কমেইহে আছে। লুইতৰ পাৰত গঢ়ি উঠা সমন্বয়ৰ ইতিহাসক লিখিছিল —
শংকৰ মাধৱৰ মহা মহা সৃষ্টিৰে
উজ্জ্বল লুইতৰে পাৰ
কতজনে শলাগিলে অসমীয়া লিখনি
পদ্ম গোহাঞিবৰুৱাৰ।।
লূইতপৰীয়া অসমীয়াৰ সাহসৰ পৰিচয় দিবলৈ গৈ একেটা গীতৰ এঠাইত লিখিলে —
আৰু যদি কোনোবাই উচাত্মিকা মন লৈ
অসমীক জোকায় এবাৰ
লক্ষ লক্ষ নৱ ডেকা গাভৰুৱে
তেজ দিব ৰঙা কলিজাৰ।
নিজৰ আইক কিমান ভালপালে সন্তানে এনেদৰে ক’ব পাৰে সেয়া কিন্তু চিন্তনীয়। জাতিক জগোৱা, ভাষাক জগোৱা ভূপেন হাজৰিকাৰ প্ৰতিটো গীতৰ চিত্ৰকল্প বেলেগ হ’লেও প্ৰায় সকলোতেই যেন একেই সুৰ বিৰাজমান।
লুইতত ভোটোঙাই ওলাল শিহু বুলি যিটো ৰচনা কৰিছিল সেই গীতটো বিহুগীতৰ কেইবাটাও বৈচিত্ৰপূৰ্ণ সুৰৰ লগত সংগতি থকা বৈচিত্ৰময় ছন্দসজ্জাৰ ঐক্যতান। লুইতৰ বোৱতী সুঁতিয়েদি বৈ অহা সংস্কৃতিয়ে গীতটোত প্ৰাধান্য লাভ কৰে।
লুইতৰ বেলি লহিওৱাৰ সৌন্দৰ্যইও সকীয়াই দিয়ে মানৱ ইতিহাসৰ দিগন্তৰ কথা। এইখনেই লুইত। লুইতৰ দুয়োপাৰে কত মানুহ, কত ইতিহাস। কোনে পাহৰিব পাৰে?
অস্ত আকাশৰে সপোন ৰহন সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়।
সঁচাকৈয়ে লুইত ক্লান্ত হয়নে! নে ভূপেন হাজৰিকাৰ এই চিত্ৰকল্পই আমাক ষাঠিৰ দশকৰ অসমৰ ভয়াবহতাৰ কথা উনুকিয়াই যায়?
ভূপেন হাজৰিকাই নিজে কৈ গৈছে যে মোৰ বুকুৰ আপোন ব্ৰহ্মপুত্ৰ। মহামিলনৰ তীৰ্থ এই ব্ৰক্ষ্মপুত্ৰ। সকলোকে সমানে আদৰি লোৱা ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ জনসাধাৰণে আশীৰ দশকত নিজৰ প্ৰাপ্য হেৰুওৱাৰ ক্ষোভত বজ্ৰনিনাদ কৰাটো গুৰুত্বপূৰ্ণ। অসমীয়া ডেকাৰ সাহসৰ তুলনা নাই। সেই সাহসৰ সংগ্ৰামী সত্তাক ভূপেন হাজৰিকাই গাইছিল —
সমদলৰ প্ৰতিধ্বনি
আৱালবৃদ্ধ বনিতাৰ
স্ব নিৰাপত্তা লক্ষ্য
আৰু আনকো জীয়াই ৰখাৰ
সহস্ৰ জনৰ সাহস দেখি পৃথিৱী কম্পমান
আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান।
এনেধৰণেৰে সুধাকণ্ঠ ভূপেন হাজৰিকাই ব্ৰক্ষ্মপুত্ৰ বা লুইতক গীতৰ মাজেৰে সাঙুৰি লৈ বৃহত্তৰ অসমীয়া জাতি গঠনত ব্ৰক্ষ্মপুত্ৰৰ ভূমিকা দেখুৱাই গৈছে। লুইত বৈ থকালৈকে জাতিটোও থাকিব বুলি বিশ্বাস কৰা ভূপেন হাজৰিকাৰ গীতত ব্ৰক্ষ্মপুত্ৰৰ স্থান অতি তাৎপৰ্যপূৰ্ণ। অসমীয়া গীত-মাত, সাহিত্য, সংস্কৃতিৰ সকলো ক্ষেত্ৰতে অনবদ্য অৱদান আগবঢ়াই যোৱা ভূপেন হাজৰিকাৰ গীতে অসমীয়া জাতিক চিৰকাললৈ জগাই থাকিব। যিদিনাই ভূপেন হাজৰিকাৰ গীত মাতৰ চৰ্চাৰ ওৰ পৰিব সেইদিনাই অসমীয়া জাতিও চিৰদিনলৈ নিৰ্বাপিত হৈ পৰিব। সেয়েহে শেষত ক’বলৈ মন যায় ভূপেন হাজৰিকাৰ গীত মাতৰ চৰ্চা মানেই অসমীয়া ভাষা, অসমীয়া জাতি, অসমীয়া সংস্কৃতিৰ চৰ্চা।
লেখকৰ ঠিকনা —
গাওঁ/ডাকঃ তুলসীমুখ
জিলাঃ নগাঁও (অসম)
ম’বাইলঃ ৯৪০১৭২৩৯৬৬