বিবিধাঃ পঢ়ক প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা
শৰত সমান কাল নাহি সুখ কাল
— কুমাৰ বিভূতি, নগাঁও।
অসমীয়া জাতীয় জীৱনক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা মহাপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত আন বহু কবি সাহিত্যিকৰ চিন্তাত সৰ্বাধিক ৰূপত দোলায়িত হোৱা ঋতুৰ নাম শৰৎ। শৰৎ মানেই যেন ঋতুৰ ৰাণী। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে শৰৎ কালক আটাইতকৈ সুখৰ কাল বুলি অভিহিত কৰিছিল। এই কথালৈ লক্ষ্য কৰিলে এনে লাগে যেন শৰতৰ প্ৰতি থকা এনে অনুৰাগ যুগে যুগে মানুহৰ হৃদয়ত ভিন্নৰূপত ভিন্নভাৱে ধৰা দি আহিছে আৰু তাৰ বৰ্হিঃপ্ৰকাশ হিচাপে বিভিন্ন গীত,কবিতাৰ সৃষ্টি হৈছে।
শৰত কালৰ আগমন মানেই গ্ৰীষ্মৰ উত্তাপৰ অৱসান আৰু বৰ্ষাৰ মেঘাচ্ছন্ন আকাশত স্ফটিক জোনাকৰ আগমণ। এই ঋতুৱে যেন চকুৱে মুখে দি যায় আকুল আৱাহন। পৃথিৱীৰ আনঠাইতো শৰত কালৰ বৰ্ণনা থাকিলেও অসমত শৰৎ কালৰ গুৰুত্ব এইকাৰণেই অধিক যে এই ঋতুতেই মহাপুৰুষ গুৰুজনাৰ জন্ম, দুৰ্গাপূজাৰ পয়োভৰ, কাতিবিহু ,লক্ষ্মীপূজা আৰু শেষত ৰাস পূৰ্ণিমাৰে সামৰণি। এই উৎসৱ আটাইকেইটাই অসমীয়াৰ জাতীয় পৰম্পৰাক বাৰুকৈয়ে চুই গৈছে। মহাপুৰুষ শংকৰদেৱৰ জন্ম হোৱা এই ঋতুৰ বৰ্ণনা দিবলৈ গৈ মহাপুৰুষজনাই কৈছে যে শৰৎ কালত আকাশ নিৰ্মল হয়,পানী স্বচ্ছ হয়,সুৰভি শীতল মলয়া বতাহ সৰ্বক্ষণে বয়, সৰোবৰৰ পাৰৰ পুষ্পবন পখীৰ কাকলিৰে মুখৰিত হয়। আকাশত তৰাৰ তিৰবিৰণি, তলৰ পানীত শুভ্ৰ উৎপলৰ জিকমিকনি, পদুমৰ ৰূপশোভা, পথাৰবোৰত শস্যৰ সমৃদ্ধি অনন্য। এই ঋতুত চাৰিটা কাৰ্য সিদ্ধ হোৱাৰ কথাও গুৰুজনাই উল্লেখ কৰিছে। প্ৰথমতে আকাশৰ সমস্ত মেঘ আঁতৰি যায়, দ্বিতীয়তে ঘোৰ বাৰিষাত সংকটাপন্ন সমস্ত জীৱ জন্তুৱে অনুকুল পৰিবেশত আনন্দ মনেৰে বিচৰণ কৰিব পাৰে, তৃতীয়তে বাৰিষাৰ পংকিল বাট পথ সূচল হয় আৰু চতুৰ্থতে শৰতে সমস্ত জলৰাশিৰ মল হৰণ কৰি স্বচ্ছ নিৰ্মল কৰি তোলে। এই চাৰি কাৰ্যত কৃষ্ণ ভকতিৰ চাৰি আশ্ৰমী লোকৰো হিত সাধন কৰে।
শৰত কালক লৈ কবি , সাহিত্যিকৰ যেন বৰ্ণনাৰ অন্ত নাই। অপ্ৰমাদী কবি মাধৱ কন্দলীয়েও চিত্ৰকুট বৰ্ণনত দিয়া বৰ্ণনাত আওপকীয়াকৈ হ’লেও শৰত কালৰ বৰ্ণনাই দিছিল। শৰৎ মানেই যেন শেৱালি , শৰৎ মানেই যেন শেৱালিক গুপুতে চুমা যচা নিশাৰ নিয়ৰ। সেই কাৰণে কবি দেৱকান্তই সাগৰ দেখিছা কবিতা পুথিত লিখিছিল সেই কবিতাঃ ‘ সন্ধিয়া কোমল কৰা শেৱালিৰ মৃদুবাস/মনোৰম/হাঁহি গোলাপৰ/মাৰ গৈ আছে তাত কত শৰতৰ স্মৃতি।’ আকৌ যদি চাওঁ কবি হেম বৰুৱায়ো মমতাৰ চিঠিত লিখা বৰ্ণনাত শৰতেই প্ৰাসংগিক হৈ উঠিছিল। ‘সিদিনা আছিল/ কাতিৰ কুঁৱলী সনা এটি মিঠা পুৱা/পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল।’ শৰত কামনা-বাসনাৰো যেন এটি ঋতু। এই ঋতুৰ সৌন্দৰ্য্যই ব্যাকুল কৰে প্ৰেমিক প্ৰেমিকাৰ মন। এই আকুল মনেৰে গীতিকাৰ, সুৰকাৰ, সুধাকণ্ঠ ভূপেন হাজৰিকাই ৰচনা কৰিলেঃ’ এটুকুৰা আলসুৱা মেঘ ভাহি যায়/ মোৰো বন হংসই বাট হেৰুৱাই/মই আছোঁ শাৰদীয় খিড়িকীমুখত/বুকুৱে বিচৰাজনলৈ বাট চায়।’
শৰতৰ আগমনো বৰ আকৰ্ষণীয়। শৰতক আদৰি আনে কোনে? কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাই ক’লেঃ’ আহিনক কোনে আনে?/নিয়ৰে ক’লে শেৱালিয়ে/আৰু শেৱালিয়ে ক’লে/নিয়ৰে আনে/দুবৰিয়ে ক’লে কোমল হাঁহিৰে/দুয়োজনে দুয়োজনে।’ নিয়ৰ আৰু শেৱালিৰ গোপন আমন্ত্ৰণত শৰৎ আহিল আৰু গীতিকবি পাৰ্বতী প্ৰসাদে ক’লেঃ ‘আজি নীল আকাশত শুকুলা ডাৱৰৰ/ধূলি উৰুৱাই/সৌ পদূলিয়ে আহিছে হ’বলা/শাৰদী লখিমী আই।’ এই লখিমী আই পৃথিৱীলৈ যেন আহিছে শক্তিৰ অধিকাৰীৰূপত। দুষ্টক দমন আৰু শান্তক পালন কৰা দেৱী দুৰ্গাক সেয়ে ভক্তসকলে বন্দনা কৰিছে এনেদৰেঃ’ যা দেৱী সৰ্ব ভূতেষু/শক্তিৰূপেন সংস্থিতা,/নমস্তসৈ নমস্তসৈ নমস্তসৈ/নমো নমঃ।’
শৰত মানে কেৱল দুৰ্গা পূজাই নহয়। শৰতৰ নিৰ্মল আকাশৰ চন্দ্ৰাৱলী ৰাতি যমুনাৰ বালিত ভগৱান শ্ৰীকৃষ্ণই ৰাসক্ৰীড়া কৰিছিল। এই ৰাসক্ৰীড়াক শ্ৰীমন্ত শঙ্কৰদেৱে আকৰ্ষণীয় চিত্ৰময় বৰ্ণনাৰে প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণত সাঁচ বহুৱায় থৈ গৈছে। ‘শৰত কালৰ ৰাত্ৰি অতি বিতোপন, ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।” শৰত ঋতুৰ ইয়াতকৈ অধিক বৰ্ণনাৰ হয়তো আৰু প্ৰয়োজন নাই। তথাপি কবি , সাহিত্যিকসকল ইমানতে ক্ষান্ত হ’ল জানো? শৰত কালক লৈ আটাইতকৈ বেছিকৈ লিখিছে সুধাকণ্ঠ ভূপেন হাজৰিকাই। শৰতক লৈ আশাবাদী ভূপেন হাজৰিকা। সেয়ে এটা গীতত লিখিছেঃ ‘ শৰতৰ সৰাপাত কিয় বুটলিম?/ৰিক্ত ৰিক্ত মন কিয় আদৰিম?/…/মুক্ত মুক্ত কঁহুৱাৰ নাচোনে/হঁহুৱাই নিৰাশাৰ ফাঁকে ফাঁকে।’ শৰতে আশাৰ বতৰা আনে। ইয়াত কোনো সন্দেহ নাই।’ শাৰদী ৰাণী তোমাৰ হেনো নাম/ তুমি মোৰ নিচেই আপোন/সদ্য স্নাতা ৰূপহী মোৰ/পুৱতি নিশাৰ সপোন।’ শৰতক ৰাণীৰ শাৰীত অধিষ্ঠিত কৰা ভূপেন হাজৰিকাই কেইবাটাও গীতত শৰতক ভিন্নৰূপত উপস্থাপন কৰিছে। প্ৰতিটো গীতৰ বৰ্ণনাই আকৰ্ষণীয় আৰু অনুভূতিৰ তীব্ৰতা মনকৰিবলগীয়া। আন এটা গীতত ভূপেন হাজৰিকাই লিখিলেঃ’শৰতৰ শেৱালিৰ নতুন নিয়ৰে/শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে/শুকুলা ডাৱৰৰ পতাকা উৰুৱাই/মুকুতিৰ গীত গায় শৰালি জাকে।’ এই মুকুতিৰ গীত কেৱল শৰালিতে আৱদ্ধ হৈ থকা নাই, ই সকলো জীৱৰ ফৰকাল মনৰ ইংগিত বহন কৰিছে। সেইকাৰণে শৰত বিতোপন, শৰত নান্দনিক।
ৰূপ আৰু প্ৰাচুৰ্যৰে মনোৰম শৰতক লৈ অসমীয়া কবি সাহিত্যিক, গীতিকাৰৰ উৎসাহৰ অন্ত নাই। অসমীয়া কথা-কবিতা -গীতত শৰতৰ স্নিগ্ধতা ইমানেই বেছি যে ই বহুখিনিলৈকে ব্যাপ্ত হৈ আছে। প্ৰকৃতিবাদী কবি ৰঘুনাথ চৌধাৰীৰ চিন্তা-চেতনাত যিদৰে শৰতে দোলা দিছে জুইৰ ফিৰিঙতিৰে কবিতা লিখা অম্বিকাগিৰী ৰায়চৌধুৰীয়েও শৰতৰ মোহত বন্দী হৈ লিখিলেঃ ‘ তুমি শৰতৰ কপালত/সুৱদি সন্ধিয়া নিৰমল/তুমি চাৰিফালে ভাহি ফুৰা/এফেৰি সুষমা সুবিমল।’ শৰতৰ ৰাতি জোন-তৰা জিলিকা আকাশৰ মোহনীয় ৰূপে পাপৰি কবি গণেশ গগৈ, চন্দ্ৰধৰ বৰুৱা, শৈলধৰ ৰাজখোৱা, লক্ষ্মীনাথ ফুকন, অতুলচন্দ্ৰ হাজৰিকা, নলিনীবালা দেৱী, মহেশ্বৰ নেওগ, বীৰেন বৰকটকী, নিৰ্মলপ্ৰভা বৰদলৈ, হীৰেন ভট্টাচাৰ্য, হীৰেন্দ্ৰ নাথ দত্ত, কেশৱ মহন্তকে ধৰি প্ৰায় সকলো কবিৰ কবিতাত স্পষ্টভাবে ধৰা দিছে । পথাৰ কবি ৰাম গগৈৰ ‘আকাশৰ প্ৰতি প্ৰাৰ্থনা’ কবিতাত শৰত বিৰিঙিছে এনেকৈঃ ‘ এদিন শাৰদী ৰাতি আকৌ দেখিলোঁ/কেঁচা হালধীয়া ৰঙ এটি জোন/আকাশত ওলমি আছিল/ অনেক নক্ষত্ৰ স্বপ্ন, স্বপ্নৰ শিখাই পুৰি/ সোণালী উজ্জ্বল হৈ ফুলিছিল তাত/ য’ত মোৰ হৃদয় আকাশ হৈ গ’ল সেইদিনা।”
শৰতৰ গীত-কবিতাসমূহ পঢ়ি থাকিলে যেন অন্তই নপৰে। ইটোতকৈ সিটো চ’ৰা। প্ৰতিটো গীত কবিতাতে শৰতৰ বৰ্ণনা এনেদৰে ফুটি উঠিছে যে শৰত যুগে যুগে বন্দিত আৰু চৰ্চিত এক ঋতু। মুঠৰ ওপৰত গুৰুজনাই কৈ যোৱা শৰতৰ সমান নাহি সুখ কাল কাব্যাংশৰ গুৰুত্ব অপৰিসীম।