বিবিধাঃ প্ৰতি শুকুৰবাৰে লেখক, সাংবাদিক কুমাৰ বিভূতিৰ নিয়মীয়া লেখা
শংকৰদেৱৰ শৰৎ বৰ্ণনাত প্ৰাকৃতিক সৌন্দৰ্য
— কুমাৰ বিভূতি, নগাঁও, ম’বাইলঃ ৯৪০১৭২৩৯৬৬।
মহাপুৰুষ শংকৰদেৱৰ বিপুল সাহিত্য প্ৰধানতঃ ভাগৱতৰ ওপৰত আধাৰিত। মধ্যযুগীয় ভাৰতীয় ভক্তি আন্দোলনৰ পৰিপ্ৰেক্ষিতত সংস্কৃতত ৰচিত বৈষ্ণৱ সাহিত্যৰ বিপুল অধ্যয়নে থলুৱা মাত কথাৰ প্ৰতি তেখেতৰ নিভাঁজ প্ৰেমে সাহিত্য সাধনাৰ পথ নিৰ্দিষ্ট কৰিছিল। তেখেতৰ বিস্তৃত ৰচনাৱলী বহুমুখী প্ৰতিভাৰ দান। ড° কৃষ্ণ নাৰায়ণ প্ৰসাদ ‘মাগধে’ শংকৰদেৱৰ বহুমুখী সাহিত্যিক অৱদানৰ প্ৰসঙ্গত আগবঢ়োৱা মন্তব্য প্ৰণিধানযোগ্য —‘ৰচনাৱলীত তেখেতৰ ব্যক্তিত্ব কবি আৰু নাট্যকাৰ, গীতি আৰু প্ৰৱন্ধকাৰ, পদ্য আৰু গদ্যকাৰ, সঙ্গীত আৰু কীৰ্তন গায়ক, ভক্ত আৰু চিন্তাবিদ, উপদেশকৰ্তা আৰু অভিনেতা, সম্পাদক আৰু অনুবাদকৰ বিভিন্ন ৰূপত অভিব্যক্ত হৈছে। শংকৰদেৱৰ ৰচনাৱলীক ৰচনাক্ৰমৰ আধাৰত বৰ্গীকৃত কৰা সহজ নহয়। তথাপি এই ৰচনাৱলীৰ ৰচনা ক্ৰমৰ বিষয়ে ড° বাণীকান্ত কাকতিৰ এক সূত্ৰ হৈছে -‘শংকৰদেৱৰ নামৰ আগত পহিলা জীৱনত ৰচিত পুথিত কায়স্থ শব্দ আৰু শেহৰফালে ৰচিত পুথিত ‘কৃষ্ণৰ কিঙ্কৰ’ কথা ফাঁকি থাকে। কিন্তু এই সূত্ৰ নিৰ্ভৰযোগ্য বুলিও ক’ব পৰা নাযায়। কাৰণ জীৱনৰ প্ৰায় অন্তিম কালৰ ৰচনা কুৰুক্ষেত্ৰ আৰু ভাগৱতৰ দশম স্কন্ধৰ ভনিতাত কবিয়ে নিজৰ নাম উল্লেখ কৰা নাই। যি কি নহওক মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা আদি দশম অসমৰ বৈষ্ণৱ সাহিত্যৰ এক মহৎ গ্ৰন্থ। এই গ্ৰন্থ মহৰ্ষি বেদব্যাস ৰচিত ভাগৱত পুৰাণৰ আদিচোৱাৰ প্ৰাঞ্জল ভাঙনি। কথিত আছে যে মহাপুৰুষ শংকৰদেৱে ছাত্ৰকালতে গুৰু গৃহত ভাগৱতৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈ পৰিছিল। গুৰুগৃহৰ পৰা আহি পোনতে কিছুদিন যোগাভ্যাস কৰি ভাগৱত চৰ্চা আৰু ভাগৱত ৰচনাত আত্মনিয়োগ কৰে।
ভাগৱত পুৰাণৰ দশম স্কন্ধৰ নব্বৈটা অধ্যায়ৰ ভিতৰত সাতচল্লিছ অধ্যায়লৈকে শংকৰদেৱে আদি দশমত অনুবাদ কৰিছে। আমাৰ প্ৰাচীন অসমীয়া কবিসকলে আদি, মধ্য আৰু শেষ এই তিনি ছোৱাত ভাগ কৰি দশমৰ পদ কৰিছে। ভাগৱত পুৰাণৰ বাৰটা স্কন্ধৰ ভিতৰত আদি দশমৰ এক সুকীয়া আবেদন আছে। আদি দশমৰ শৰৎ বৰ্ণনাত শংকৰদেৱৰ কবি প্ৰতিভা উজলি উঠিছে। বৃন্দাবনৰ বুকুলৈ শৰৎ ঋতুৱে নমাই অনা সৌন্দৰ্য্য ৰাশি কবিয়ে প্ৰাঞ্জল বৰ্ণনাৰে ধৰি ৰাখিছে। শৰৎ ঋতুত আকাশ নিৰ্মল হয়, পানী স্বচ্ছ হয়, সুৰভি শীতল মলয়া বতাহ সৰ্বক্ষণে বয়, সৰোবৰৰ পাৰৰ পুষ্পবন পখীৰ কাকলিৰে মুখৰ হয়। আকাশত তৰাৰ তিৰবিৰণি, তলৰ পানীত শুভ্ৰ উৎপলৰ জিকমিকনি, পদুমৰ ৰূপশোভা, পথাৰবোৰত সোণালী শস্যৰ সমৃদ্ধি, প্ৰকৃতিয়ে অকৃপণভাৱে দান দি বৃন্দাবনক ‘আঢ্য’ কৰি তোলে।
এহিমতে সিটো শৰতৰ গুণে
আমোদিত বৃন্দাবন।
গৰু গোপগন সম ভ্ৰমে তাত
আনন্দ নন্দ নন্দন।।
ভূঞ্জি স্বচ্ছ জল সুৰভি শীতল
বায়ুৰ পৰশ পাই।
সখিসবে সমে কৰিলন্ত ক্ৰীড়া
আনন্দৰ পাৰ নাই।।
ৰূপকধৰ্মী বৰ্ণনাৰে আদি দশমৰ এই অধ্যায়টো অতি তাৎপৰ্যপূৰ্ণ অধ্যায়। শৰতৰ ৰৌদ্ৰোজ্বল বতৰৰ বৰ্ণনাই দশম কাব্য অতি ৰমনীয় কৰিছে। শংকৰদেৱৰ দশমৰ অনুবাদ অতি উচ্চ পৰ্যায়ৰ। ভাষাৰ সুসংগত প্ৰয়োগৰ মাজেদি শংকৰদেৱৰ কাব্যিক সৌন্দৰ্য্যই বিকাশ লাভ কৰিছে। ভাগৱতৰ কাব্যিক সৌন্দৰ্য্যৰ অন্যতম বিশেষত্ব হৈছে শংকৰদেৱৰ বৰ্ণনা শক্তি। শংকৰদেৱে ভাগৱত অনুবাদ কৰিছিল জনসাধাৰণৰ কাৰণে। তেওঁ জটিল দাৰ্শনিক তত্বসমূহ নিৰক্ষৰ ভক্ত সমাজৰ আগত উপস্থাপন কৰাৰ প্ৰয়োজনবোধ কৰা নাছিল, সেয়ে তেওঁ পাৰ্যমানে দাৰ্শনিক তত্বৰে গধুৰ শ্লোকবোৰ বাদ দি গৈছে অথবা তাৰ ভাবাৰ্থখিনি সৰল ৰূপত প্ৰকাশ কৰিছে। দশমৰ বিষয়বস্তু শিশু আৰু কিশোৰ কৃষ্ণৰ মনোহৰ ব্ৰজলীলা। এই ব্ৰজলীলা আছিল বৃন্দাবন। মথুৰাৰ পৰা তিনি ক্ৰোশ আঁতৰত যমুনা নদীৰ পাৰত বৃন্দাবন, গোকুল বা ব্ৰজৰ নিচেই কাষতে। প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য্য ভূমি এই বৃন্দাবনৰ পটভূমিতে কৃষ্ণৰ কৈশোৰ লীলা ভাগৱত পুৰাণে বৰ্ণনা কৰিছে। বৃন্দাবন শ্যামল কদম্ব বৃক্ষৰে পৰিপূৰ্ণ। বৃন্দাবনৰ প্ৰান্তভূমি গছ বিৰিখৰ শ্যামশ্ৰীৰে মনোৰম। বৃন্দাবনৰ জল, স্থল সকলোতে প্ৰফুল্লিত পুষ্পৰ প্ৰকাশ। সৰোবৰ আৰু তটিনীসমূহ উৎপল আৰু পদ্মফুলেৰে বিকশিত। বন প্ৰান্তৰ কুন্দ, কদম, ৰাজচম্পা , মল্লিকা আৰু অনেক নাম নজনা ফুলৰ গোন্ধেৰে আমোদিত। বতাহত ফুলৰ সুৰভি, নীল আকাশ, নিৰ্জ নদী-তীৰ, কদম্ব বৃক্ষৰ সুশীতল ছায়া, স্নিগ্ধ ছায়াঘন বনপথ, কৃষ্ণসাৰ হৰিণৰ বিহাৰ, ময়ুৰৰ মনোলোভা নৃত্য , সাৰস চৰাইৰ পাখিৰ শবদ , মধুপৰ গুঞ্জন আৰু কোকিলৰ মৌ মিঠা গীত বৃন্দাবনৰ সম্পদ। এই সৌন্দৰ্য্যক্ষেত্ৰ বৃন্দাবনৰ বৰ্ণনা শংকৰদেৱৰ দশম কাব্যৰ উজ্জ্বল দিশ। প্ৰকৃতিয়ে জড় আৰু অৱচেতন ৰূপ পৰিত্যাগ কৰি এই বৰ্ণনা বোৰত এক সজীৱ আৰু সচেতন ভূমিকাত অৱতীৰ্ণ হৈছে।
মহাপুৰুষ শংকৰদেৱে শৰৎ বৰ্ণনৰ মাজেৰে প্ৰকাশ কৰা বৰ্ণনা শক্তি বিশেষভাৱে লক্ষ্য কৰিবলগীয়া। এই বৰ্ণনাত শক্তিৰ সামগ্ৰিক স্বৰূপ সংযত, ঠাইবিশেষে বঢ়া-টুটা থাকিলেও অতিৰঞ্জনৰ আতিশয্য নাই। বৰ্ণনাৰ মাজত মূলৰ ভাৱ বা চিত্ৰ যাতে পাঠকৰ মনৰ পৰা আঁতৰি নাযায়, সেই কথালৈ লক্ষ্য ৰাখিছিল।ভাগৱতৰ দশম স্কন্ধৰ দ্বাবিংশ অধ্যায়ত থকা শৰৎ বৰ্ণনত শংকৰদেৱে শৰৎ কালৰ প্ৰাকৃতিক পৰিৱৰ্তনৰ এনে মনোমোহা বৰ্ণনা দিছে যে শৰৎৰ আগমনত যেন বাৰিষাৰ সকলো পৰিৱেশ ম্লান পৰিল। ফলস্বৰূপে পক্ষীৰ কলৰোলত সৰোবৰ পুষ্পবনে ছানি ধৰিছে। মনবোৰ নিৰ্মল হৈছে আৰু আকাশৰ সকলো ডাৱৰ আঁতৰি গৈছে।শৰতত চাৰিটা বিশেষ কাৰ্য সিদ্ধ হোৱাৰ কথাও উল্লেখ কৰিছে। বৰ্ষা ঋতুৰ অন্তত শৰতৰ আগমন হোৱাৰ লগে লগে নিসৰ্গ প্ৰকৃতিয়ে শান্ত শুদ্ধ ৰূপ ধাৰণ কৰে যেন যোগভ্ৰষ্ট মুনিয়ে যোগ অভ্যাসৰ যোগেদি অশান্ত চিত্ত পুন: শান্ত শুদ্ধ কৰে। শৰতকালত প্ৰধানতঃ চাৰিটা কাৰ্য সম্পাদিত হয়। প্ৰথমতে আকাশৰ সমস্ত মেঘ আঁতৰি যায়,দ্বিতীয়তে ঘোৰ বাৰিষাত সঙ্কটাপন্ন সমস্ত জীৱ-জন্তু শৰতকালিৰ অনুকুল পৰিবেশত সুখেৰে বিচৰণ কৰে , তৃতীয়তে বাৰিষাৰ পঙ্কিল বাট-পথ সুচল হয় আৰু চতুৰ্থতে শৰতে সমস্ত জলৰাশিৰ মল হৰণ কৰি স্বচ্ছ নিৰ্মল কৰে। শৰতে এই চাৰি কাৰ্য সাধন কৰাৰ দৰে কৃষ্ণ ভকতিয়ে চৰি আশ্ৰমী লোকৰ দুখ হৰণ কৰে।
‘শৰত সমান নাহি সুখকাল
হৰৈ দুখ অনুক্ৰমে।
আকাশত মেঘ যতেক আছিল
গুচাইল তাক প্ৰথমে।।
যত জীৱ জন্তু সঙ্কটে আছিল
ঘোৰ বাৰিষাৰ পদে।
শৰত কালত তৰল বিৰল
বঞ্চিল ইচ্ছা সুখদে।।
পৃথিৱীতো সবে কৰ্দ্দম গুছিল
ভৈ গৈল পথ সুচল।
যত জলমানে সবে স্বচ্ছ ভৈল
শৰতে হৰিল মল।।
চাৰি ঠাইৰ চাৰি কাৰ্য সাধিলেক
শুনা তাৰ পটন্তৰ।
কৃষ্ণৰ ভকতি যেন চাৰি দু:খ
হৰৈ চাৰি আশ্ৰমৰ।।’
আকাশ, বতাহ,জল আৰু স্থল এই সকলোতেই যেন শৰতত পৰিৱৰ্তন। ঘোৰ বাৰিষাকালত জীৱ জন্তু বিলাকৰ বিলাই বিপত্তি নোহোৱা হয়। কিন্তু শৰতৰ আগমনে সকলোৰে মনলৈ সুখ আৰু আনন্দ কঢ়িয়াই আনে। চাৰি ঠাইৰ চাৰি কাৰ্যৰ কথা উল্লেখ কৰোঁতে চাৰি আশ্ৰমৰ প্ৰসংগইও গুৰুত্ব পাইছে। শৰতে সাধন কৰা চাৰি কাৰ্যৰ দাৰ্শনিক তাৎপৰ্য বিদ্যমান। ব্ৰহ্মচাৰ্য,গাৰ্হস্থ্য, বাণপ্ৰস্থ আৰু সন্ন্যাস এই চাৰি আশ্ৰভৰ লোকৰ বাবে স্বতন্ত্ৰ কাৰ্যপন্থা নিৰ্দিষ্ট কৰা আছে।শংকৰদেৱে দশমৰ ভাঙনিত শৰতৰ প্ৰকৃত চিত্ৰ অংকন কৰিছে। এই চিত্ৰণ আধ্যাত্মিক উপমা ব্যৱহাৰৰ ফলত অধিক প্ৰাণৱন্ত হৈ উঠিছে। বৰ্ষাঋতুৰ অন্তত শৰতৰ আগমন ঘটিল আৰু’শৰত কালৰ যত মহাগুণ সবেয়ো বিদিত ভৈল।’ নিৰ্মল গগন , স্বচ্ছ জলধাৰা, মেঘৰাজি দূৰীকৰণ, মহাসুখকৰ সুৰভি শীতল বায়ু-প্ৰবাহ এইবোৰ শৰতৰ গুণ ৰাশি আৰু শৰতৰ এই সমস্ত গুণাৱলী আধ্যাত্মিক উপমাৰ যোগেদি অতিশয় চিত্তাকৰ্ষক ৰূপত প্ৰকাশ পাইছে।শৰতকালত উদ্ভাসিত হোৱা বিভিন্ন নৈসৰ্গিক দৃশ্যাৱলী উপমিতৰূপে আৰু আধ্যাত্মিক তত্ত্ব সম্বলিত বিভিন্ন তথ্য উপমানৰূপে ব্যৱহাৰ কৰা হৈছে। আধ্যাত্মিক উপমাৰাজিৰ সাৰ্থক প্ৰয়োগৰ ফলত দশমৰ ভাঙনিৰ শৰত বৰ্ণনত শংকৰদেৱৰ এক স্বকীয় কাব্যিক বৈশিষ্ট্য বিকশিত হৈছে। গোটেই বৰ্ণনাটোত বৃন্দাবনৰ প্ৰাকৃতিক সৌন্দৰ্য অতি সুন্দৰ ৰূপত ফুটি উঠিছে।
মহাপুৰুষ শংকৰদেৱে বিভিন্ন ঋতুৰ বৰ্ণনা দিছে যদিও শৰত ঋতুৰ বৰ্ণনা সৰ্বাধিক । শৰত বৰ্ণন কবিতাত যিদৰে বৃন্দাবনৰ সৌন্দৰ্য্য বৰ্ণনা কৰিছে তদ্ৰুপ ভাগৱতৰ দশম স্কন্ধৰ অন্তৰ্গত উনত্ৰিশ নম্বৰ অধ্যায়ৰ পৰা তেত্ৰিশ নম্বৰ অধ্যায়ত অন্তৰ্ভুক্ত কৰা ৰাসক্ৰীড়া বা ৰাসলীলাৰ বৰ্ণনাটো শৰত ঋতুৰ অনুপম সৌন্দৰ্য্য বৰ্ণনা কৰিছে। ৰাসক্ৰীড়াতো কবিয়ে স্বকীয় বৈশিষ্ট্যৰে শৰতৰ প্ৰাকৃতিক সৌন্দৰ্য্যক ফুটাই তুলিছে। মূল ভাগৱতৰ ৰাসলীলা খণ্ডৰ একত্ৰিশ অধ্যায়ত কৃষ্ণ অন্বেষণৰ বিৱৰণ আছে। শংকৰদেৱৰ আদি দশমত তাৰ হৃদয় সংবেদী বৰ্ণনাই পাঠকক অনাবিল আনন্দ দিয়ে।
শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন।।
অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি।
কুঙ্কুমে অৰুণ লক্ষ্মী মুখপদ্ম সৰি।।
বনকো দেখিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত।।
শৰত কালৰ পূৰ্ণিমা ৰাতি কৃষ্ণ যেতিয়া বৃন্দাবনত গোপবধুসকলৰ মাজৰ পৰা অন্তৰ্ধান হল তেতিয়া কৃষ্ণ বিৰহত আকুল গোপবধুসকলে গছ লতিকাৰ মাজে মাজে কৃষ্ণক বিচাৰি ফুৰা কৰুণ ৰসসিক্ত বৰ্ণনা অতি বিতোপন হৈছে। এই গছ লতিকাৰ বৰ্ণনাত শংকৰদেৱে দিয়া স্থানীয় গছ বন চৰাই চিৰিকতিৰ বৰ্ণনা অতি তাৎপৰ্যপূৰ্ণ। গোপবধুসকলে কপিত্থ, অশ্বত্থ, কাঞ্চন আদি ওখ গছ, ৰাজচম্পা, সেউতী, জাঁই,যুতি,মালতী আদি ফুলগছ, আম, জাম, বেল আদি ফলৰ গছ, চাকৈ চকোৱা, ৰাজহংস,কপৌ, সাৰস আদি চৰাই চিৰিকতিক কৃষ্ণৰ বাতৰি সুধি ফুৰিছে।কোকিলৰ মধুসনা স্বৰত কৃষ্ণৰ কণ্ঠস্বৰৰ মাধুৰ্য্য বিচাৰি পাইছে। বৃন্দাবনৰ ৰূপ শোভা বৃদ্ধি কৰা সৰসীৰ নীলোৎপল, শুভ্ৰ কুন্দফুলৰ কলি, সজল মেঘৰ চপৰা, পুৱাৰ ৰাঙলী সুৰুয, গছৰ নৱ কিশলয় আদি নানা উপমানৰূপে প্ৰকাশ হৈছে। চন্দ্ৰৰ জ্যোতিত সেউজীয়া বনপ্ৰান্তৰত ফুলা অসংখ্য ফুলে সুৰভিত কৰি ৰখা পূৰ্ণিমা ৰাতিৰ ৰাসলীলাৰ বিতোপন বৰ্ণনাই শৰতৰ সৌন্দৰ্য্যকে উজ্জ্বলাই তুলিছে। প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যত মোহিত মহাপুৰুষ শংকৰদেৱে দিব্য উপবনৰ বৰ্ণনাত তেওঁৰ কল্পনা শক্তিৰ প্ৰকাশ কৰিছে। শৰতকালৰ নিৰ্মল স্বচ্ছ ৰূপক শংকৰদেৱে উপযুক্ত উপমাৰে সৈতে জীৱন্ত কৰি তোলাৰ উপৰিও বসন্তোধিক বুলি যে প্ৰশংসা কৰিছে তাৰো আঁৰত আছে পৰিবেশ সৃষ্টিৰ লক্ষ্য। শৰতকালৰ চন্দ্ৰাৱলী নিশা, পুষ্প শোভিত বৃন্দাবন, যমুনাৰ ধৱল বলুকাৰাশি, কৃষ্ণৰ বাঁহীৰ সুস্বৰ মধুৰ গীত এই সকলোৰে সমাবেশত সৃষ্টি হৈছে ৰাসক্ৰীড়াৰ বাবে এক মোহনীয় আবেশ। কল্পনাবিলাসী উচ্চাসৰ অভিব্যক্তিত শংকৰদেৱে থলুৱা ফুল ফল, গছ বিৰিখ আৰু চৰাই চিৰিকতিৰ বৰ্ণনা দিয়া কাৰ্যই পাঠক শ্ৰোতাৰ আগ্ৰহ জন্মাইছে। মহাপুৰুষ শংকৰদেৱৰ শৰতৰ বৰ্ণনাসমূহ বাস্তৱ আৰু প্ৰাণস্পৰ্শী। শংকৰদেৱৰ ৰচনাই শৰতকালৰ বৰ্ণনাৰ মাজেদি প্ৰাকৃতিক সৌন্দৰ্য্য ফুটাই তুলি জনসাধাৰণক আধ্যাত্মিক জগতখনলৈও গতি কৰাইছে।