বিপন্ন সময়ঃ পঢ়ক প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী
বুবুল শৰ্মাৰ নিয়মীয়া শিতান
শৈশৱতে দেখা পতংগবোৰ কেনি হেৰাল?
— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী
“ঘৰখনৰ যেন ইহঁতবোৰহে মালিক” আইতাই সদাই ঝাৰুৰে পৰুৱা, বিছা, কেঁছু আদি কোবাই কোবাই ভোৰভোৰাই৷ ঝাৰুত পৰুৱাবোৰ ফাঁকত সোমাই আইতাৰ হাতে-ভৰিয়ে উঠে৷ আইতাৰ পুনৰ গালিবৰ্ষণ – “জহনিত যোৱাহঁত৷ তহঁতসোপা এই বুঢ়ীৰ সাতশতৰু৷”
“হেৰৌ তেন্তে তোৰ দেখুন শতৰুৰ সংখ্যা ষাঠি হেজাৰমান!” দেউতাই আইতাক “মানে এই পৰুৱা, কেঁছু, বৰল, মৌমাখি আদি প্ৰায় ষাঠি হেজাৰ প্ৰজাতিৰ পতংগ আমাৰ দেশত আছে৷ সিহঁতৰ কথাই কৈছোঁ৷”
“পেংলাই কৰিবলৈ আহিছ৷ ইহঁত গোটেই সোপা মোৰেই নহয়, গোটেই মানুহ জাতিটোৰে শত্ৰু৷”
-“তই খঙেই কৰিলি৷ নহয় অ৷ ইহঁতৰ কেৱল কেইশমান প্ৰজাতিয়েহে শস্য অনিষ্টকাৰী৷ কিন্ত সৰহভাগেই আমাৰ বাবে উপকাৰী৷ চা এইযে তই বাৰীত লগোৱা আম, বগৰী, পনিয়ল, লেটেকু, চোতালৰ ঢাপত লগোৱা ফুলবোৰ, তেনে ৮৫০০ বিধ সপুষ্পক উদ্ভিদ এই পতংগবোৰ নোহোৱাহেঁতেন নগজিলহেঁতেন বুজিছ মা৷”
“হওক দে” – আইতাই ভোৰভোৰাই ভোৰভোৰাই পাকঘৰত সোমালগৈ৷
মই পদূলিলৈ ওলাই আহিলোঁ৷ মোৰ গাঁও বগৰিজুৰিৰ বাটেৰে পাহাৰটোৰ ফালে আগবাঢ়িলোঁ৷ আস মোৰ সোণোৱালী শৈশৱৰ গাঁওখন,পথাৰবোৰ, জুৰিবোৰ,দূৰৈৰ পাহাৰটো! দেউতাই কোৱা ষাঠি হেজাৰ পতংগৰ কথাবোৰ মনলৈ আহিল৷
বৰষুণ দিলেই বাৰান্দালৈ উঠি অহা পৰুৱাবোৰ, কেতিয়াবা দুপৰীয়াবোৰ ,কেতিয়াবা সন্ধিয়াবোৰ
কোৰাছ সংগীতেৰে মুখৰ কৰি তোলা জিলিবোৰ, কণমান পোহৰ কঢ়িয়াই অন্ধকাৰ আঁতৰাব খোজা জোনাকী পৰুৱাবোৰ, ফুলৰ মৌ চুহি উৰি ফুৰা ৰং-বিৰঙী পখিলা…বাহ! আমাৰ গ্ৰাম্য সমাজখন! গোটেই পৰিৱেশটোকে বৈশিষ্ট্যময় কৰি নোতোলেনে?
ফটো সংগ্ৰহঃ ইন্টাৰনেট
পতংগবোৰলৈ আজি মোৰ বৰকৈ মনত পৰিছে৷
স্কুলতে ছাৰহঁতে শিকাইছিল – কীট-পতংগবোৰ অমেৰুদণ্ডী সন্ধিপদী প্ৰাণী৷ ইহঁতৰ মূল বৈশিষ্ট হৈছে, তিনিটা অংশত বিভক্ত দেহ (মূৰ, বক্ষ আৰু পেট), তিনিযোৰ ঠেং আৰু এযোৰ এন্টিনা (antennae)৷ বৈচিত্ৰ্যতাৰ ফালৰ পৰা সমগ্ৰ বিশ্বৰে মুঠ জীৱৰ আধাতকৈ অধিক প্ৰজাতি কীট-পতংগ৷ আমাৰ দেশত আৱিষ্কৃত ৮১ হাজাৰ জীৱৰ প্ৰায় ষাঠি হাজাৰেই কীট-পতংগ৷ ইহঁতৰ ২৪ টা বৰ্গৰ ভিতৰত আটাইতকৈ বেছি প্ৰজাতি থকা বৰ্গসমূহ হৈছে- গুবৰুৱাজাতীয় পতংগ (Beetles, বৰ্গ- Coleoptera), মাখিজাতীয় পতংগ (Fly, বৰ্গ-Diptera) , বৰল (wasps), মৌমাখি (bees) আৰু পৰুৱা (ants) (বৰ্গ-Hymenoptera) আৰু সকলো পখিলা ( বৰ্গ- Lepidoptera) ৷
১৯৯১ চনৰ জুল’জিকেল চাৰ্ভে অব ইণ্ডিয়াৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ ৯৮,৩৭৪৪ টা কীট-পতংগৰ প্ৰজাতিৰ ভিতৰত ভাৰতত ৬০,৩৮৩ টা প্ৰজাতি অৰ্থাৎ বিশ্বৰ প্ৰায় ৬.১৩% বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে৷ ইয়াৰে কিমান সংখ্যক অসমত পোৱা যায় সেয়া সঠিককৈ ক’ব পৰা নাযায়৷
তাহানিতে দেখা কিছুমান পতংগ দেখুন আজিকালি নেদেখাই হ’লোঁ৷কাজিৰঙাৰ ক’ত নাছিল সিঁহত? কাজিৰঙাৰ বতাহে,পানীয়ে, মাটিয়ে,গছে গছে,শিলৰ ফাঁকে ফাঁকে,বাঁহনীয়ে,ঘাঁহনিয়ে ক’ত ৰকমৰ বিচিত্ৰ পোক-পতংগ৷ ফূটকলা গছত ফেন সৃষ্টি কৰা গাগিনী ফৰিঙৰ পৰা বাটুল গুটিৰ সমান ৰাম বাটুললৈ!গাঁৱৰ বাঁহৰ মূধচত বাঁহীৰ ফূটাৰ সমান ফূটা কৰি বাস কৰা ভোমোৰাবোৰ(Xlocpa fenesthata) আৰু ভৰাঁলৰ কাঠ ফূটা কৰা ভোমোৰা (Xlocpa luceothorax)লৈ, হৰিণৰ দৰে শিঙাল বিটলৰ পৰা,হাতী বিটল,গঁড় বিটলৰ দৰে গুবৰুৱা জাতীয় পোকবোৰ৷
কেনি হেৰাল গছে-মাটিয়ে বাস কৰা মৌমাখিবোৰ৷ কাজিৰঙাত আগতে হেনো উত্তৰ-পূৰ্বাঞ্চলত পোৱা মৌমাখিৰ পাঁচটা প্ৰজাতিয়েই পোৱা গৈছিল৷ কেতিয়াবা কাণৰ কাষেদিয়েই কাড় যোৱা দি অকলশৰীয়া মৌমাখি এটা, কাহানিবা আকৌ গৰু চৰাবলৈ গৈ পথাৰৰ মাজত থিয় হৈ দেখিছিলোঁ ওপৰেদি উৰি যোৱা মৌমাখিৰ জাক এটা৷ কলৈ বাৰু গ’ল সিঁহত?
ফটো সংগ্ৰহঃ ইন্টাৰনেট
বৰলবোৰ কেনে হেৰাল? কুদু বৰলৰ বাঁহ আগৰ দৰে আপুনি দেখেনে? আপোনাৰ সন্তানে চিনি পায়নে কদুৰ বৰলৰ বাঁহ? মাটিত টেকেলি সাজি বাস কৰা বৰল(Potter wasp),পইঁতাচোৰা, ফৰিঙক ধৰি নিয়া বৰলবোৰ! আপোনাৰ বাৰু অভিজ্ঞতা আছেনে বৰলৰ কামোৰ খোৱা৷ দেউতাহঁতে কৈছিল কদুৱে খেদিলে হেনো পানীৰ তলত লুকাইহে সাৰিব পাৰি৷ গাঁৱত দুই এক দুসাহসী মানুহে ডিঙিলৈকে বস্তা এটা পিন্ধি ঘৰৰ ভিতৰত বাঁহ সজা বা গছত বাঁহ সজা বৰলবোৰক বৰশীৰ টোপৰ বাবে কম লটিঘটি কৰিছিলনে? শৈশৱত গৰু চৰাবলৈ যাওঁতে দেহৰ কৰবাত নহলেও কৰবাত বৰলে বিন্ধাৰ আঘাত. জোকে খোৱা,বিচাই ডকা এইবোৰ থাকেই৷ ঘৰৰ মানুহে বেছিভাগ ঘটনা গমেই পোৱা নাছিল নহয়নে? বৰষুণ দিলেই বাৰীত সোমাব নোৱাৰি চেলাপটি জোকবোৰ যেনেকৈহে আহে! কাজিৰঙা বিলৰ দলনি ভাঙি ভাঙি পথাৰলৈ যাওঁতে কলাফুলত লাগি ধৰা মস্ত ম’হ জোকডালক পাহৰিব নোৱাৰি দেই! ক’ত হেৰাল? কিয় হেৰাল? ভাৱিলে কেৱল হুমুনিয়াহ এটা ওলাই আহিব খোজে! কেতিয়াবা নিজানত বহি আপুনিও ভাৱিবচোন৷
আজি মোৰ আপোনালোকক ক’বলৈ মন গৈছে মোৰ শৈশৱটোক জীপাল কৰি ৰখা এবিধ বিশেষ পতংগৰ কথা৷ পিছে কিমান বছৰ সেই পতংগটোক দেখাই পোৱা নাই৷
আপুনিও হয়তো দেখিছে সেই বিশেষ পতংগবিধক৷আমাৰ অঞ্চলত এই পতংগবিধক ৰাম বাটুল বুলি কোৱা হয়৷ ৰাবাৰ গছৰ গুটিবোৰ দেখিছেনে? ৰংটো আৰু আকৃতিত সেই ধৰণৰ৷ বাটুল গুটিৰ দৰে গোল হৈ থকা দেখা পাইছিলোঁ৷ হাততো ভয়ে ভয়ে তুলি লৈছিলোঁ৷ ই হেনো Milleped পৰিয়ালৰ পতংগ৷ ইংৰাজীত ইয়াক Pill millepedes বুলি কোৱা হয়৷বৈজ্ঞানিক নাম Glomeris marginats৷ শৰীৰটো যেন কঠীন বৰ্মৰে আৱৰা৷ জীৱবিদ সকলৰ মতে ইয়াৰ কেইবাটাও প্ৰজাতি আছে৷ সৰু সৰু ঠেং ইহঁতৰ ২৪-৭৫০ টা পৰ্যন্ত থাকে৷ কাজিৰঙাৰ কাঠনি অঞ্চলত এই বিচিত্ৰ প্ৰাণীটোক দেখা পাইছিলোঁ৷
পিছত জানিব পাৰিলোঁ এই ৰাম বাটুলে পঁচা পাত আদি খায়৷ দেখাত ভয়ংকৰ হলেও ই নাকামোৰে বা নুফুটে৷ ই শত্ৰুৰ পৰা বাচিবলৈ হেনো গোলাকৃতিৰ ৰূপ লয়৷ তদুপৰি ই এবিধ ৰস নিঃসৰণ কৰিও শত্ৰুৰ পৰা আত্মৰক্ষা কৰে৷ ইয়াৰ আন এটা নিকট পৰিয়ালৰ পতংগকো আপুনি চিনি পায়৷ মা-দেউতাহঁতে ইহঁতক সাপৰ মাহীয়েক বুলি কোৱা মনত আছে৷ সিহঁতক ইংৰাজীত Pill bugs বা Roly polies বুলি কোৱা হয়৷ ৰাম বাতুল বা সাপৰ মাহীয়েক এই নামবোৰ আমাৰ গঞা সমাজে কিয় দিছিল সিও নিশ্চয় এক মনোৰঞ্জনৰ বিষয় হ’ব চাগে৷ সাপ বুলিলেই আমাৰ সমাজত যেনেকৈ বিষাক্ত বুলি ভৱা হয়, সেয়ে সাপৰ মাহীয়েকজনীও নিশ্চয় বিষাক্ত হ’ব বুলিয়েই সমাজত এক সহজাত ধাৰণা আছে৷
ফটো সংগ্ৰহঃ লেখকৰ
অ আপুনি পথাৰত বা খালত বা জুৰিৰ পানীত দেখা পতংগবিধৰ কথা পাহৰিলেই নেকি! অসমীয়াত মেজাংকৰি নামৰ Water scorpionটোৰ কথা৷ পুখুৰী সিঁচিলেই এই পোক বিধক আমি দেখা পাইছিলোঁ৷ মানুহে এইবিধ পোক আহাৰ হিচাপে গ্ৰহণ কৰে৷ মই কিন্ত কেঁকোৰা,কুচিয়া খাইছোঁ,পিছে এইবিধ পতংগ খোৱা নাই৷ এতিয়া অৱশ্যে মাছৰ বাহিৰে বন্যজীৱ পতংগ এইবোৰ একেবাৰেই নাখাওঁ৷ খোৱাও অনুচিত৷
আজি মই আৰু এবিধ পতংগৰ কথা কৈ সামৰিব বিচাৰিম৷ আপুনি মন কৰিছিলেনে গছৰ পাতত বা ঘাহঁনিত বা ঘৰৰ বেৰাত সৰু আকৃতিৰ ফুটুকী পাখিমেলা পতংগ এযোৰাক লগ লাগি থকা৷ ই আচলতে এবিধ মথ৷ ইংৰাজীত ইয়াক Amata cyssea বুলি কোৱা হয়৷ মথ আৰু পখিলাৰে ভৰি আছে আমাৰ চৌদিশে৷ সেইবিষয়ে বেলেগ এদিন কথা পাতিম৷
বুজিছে আধুনিক জীৱনৰ অভিশাপ বুলিয়েই কৈছোঁ, সেই অভিশাপ লৈ যেন আমি চহৰত বাস কৰিছোঁ৷ য’ত কীট-পতংগৰে ভৰা চহা জীৱন এটা,সজীৱ গাঁও এখন ক’ত বিচাৰি পাব? মোৰ কাজিৰঙাৰ গাঁওবোৰ সজীৱ হৈ ৰওক৷